#উত্তৰ :- ফি আমানিল্লাহৰ অর্থ:- আপোনাক আল্লাহৰ নিৰাপত্তাত অৰ্পন কৰিলো, তেওঁ যেন আপোনাক নিৰাপদে ৰাখে।
এইটো এটি সুন্দৰ দু’আ। কিন্তু এয়া হাদীছৰ দু’আ নহয়। তথাপি অর্থটো যিহেতু ভাল সেয়ে দু’আ হিচাপে কোৱাত কোনো আপত্তি নাই। ইয়াক বিদআত বোলা উচিত নহয়।
অৱশ্যে ছফৰত বিদায়ৰ প্রাক্কালত বিদায় দাতা ও বিদায় গ্রহীতাৰ পৃথক দু’আ আছে আৰু সেইটো পঢ়াৰ চেষ্টা কৰা উচিত।
===========
#প্রশ্ন :- কোনোৱে যদি দু’আ বিচাৰে তেওঁৰ কাৰণে কি বুলি দু’আ কৰা উচিত? বহুতে ফি আমানিল্লাহ বুলি কয়। এইটো সঠিক নে?
#উত্তৰ :- কোনোৱে যদি বিশেষ একো উল্লেখ নকৰি সাধাৰণভাবে দু’আ বিচাৰে তেনেহ’লে তেওঁৰ কাৰণে যিকোনো দু’আ কৰা জায়েয়। যেনে, আল্লাহে আপোনাক ঈমানৰ ওপৰত অটল ৰাখক, কল্যাণৰ ওপৰত ৰাখক, আপোনাৰ ইল্ম ও আমলত বৰকত দান কৰক, আল্লাহে আপোনাক হিফাজত কৰক ইত্যাদি।
‘ফি আমানিল্লাহ’ৰ অর্থ:-
আপোনাক আল্লাহৰ নিৰাপত্তাত অৰ্পন কৰিছো বা আল্লাহে যেন আপোনাক নিৰাপদে ৰাখে। এইটোও কোৱাত কোনো আপত্তি নাই ইনশ্বা আল্লাহ।
——————-
উত্তৰ প্রদানত:
আব্দুল্লাহিল হাদী বিন আব্দুল জলীল মাদানী
জুবাইল দাওৱাহ এণ্ড গাইডেন্স চেন্টাৰ, ছৌদি আৰব।।
মই আপোনাৰ সৈতে যোগাযোগ হ’বলৈ বিচাৰো আপোনাৰ যোগাযোগ নম্বৰটো দিব পাৰিব জানো?