প্রশ্ন- কুৰবানী কৰাৰ সময়ত ৭ জনৰ নাম দিয়াৰ প্রথাটো সঠিক নে?

*প্রশ্ন- কুৰবানী কৰাৰ সময়ত ৭ জনৰ নাম দিয়াৰ প্রথাটো সঠিক নে?*

উত্তৰ- আপুনি যি কুৰবানী কৰিব সেইটো এটা উট হওঁক বা গৰু নাইবা ছাগলী অথবা গৰু আৰ উটৰ কোনো অংশ সেইটো আপুনি নিজৰ ও আপোনাৰ পৰিয়ালৰ সকলোৰে পক্ষৰ পৰা দিব। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ছাগলী কুৰবানী দিয়াৰ সমযত় এনেকুৱাই কৰিছিল। তেখেতে পৰিয়ালৰ সকলোৰে পক্ষৰ পৰা পৃথকে পৃথকে কুৰবানী দিয়া নাছিল।

মানুহে ভাৱে যিমানজনৰ নাম দিয়া হয় সিমানজনৰ পক্ষৰ পৰা কুৰবানী হ’ব, বাকীসকলে ছওৱাব নাপাব। অথচ যিয়ে অভিভাৱক হ’ব তেওঁ যি কুৰবানী কৰিব তাতে বিশেষ নাম দিব নালাগে; বৰং তেওঁ নিয়ত কৰিব সেই কুৰবানীটো তেওঁৰ আৰু তেওঁৰ পৰিয়ালৰ সকলোৰে পক্ষৰ পৰা, সেইটো এটা ছাগলীও হ’ব পাৰে। ছাগলী এজনৰ পক্ষৰ পৰা হয় এইটো ভুল ধাৰণা।  বৰং ইয়াতে কুৰবানীদাতাৰ পৰিবাৰৰ সকলোৱেই ছওৱাবত শ্বৰীক হৈ যাব।

*—শাইখ আব্দুৰ ৰাকিব বুখাৰী*

Leave a comment