প্রশ্ন: কিয়ামত / ক্বিয়ামত ৰ সৰু ডাঙৰ আলামত সমূহ কি কি ⁉

💢 প্রশ্ন: কিয়ামতৰ সৰু ডাঙৰ  আলামত সমূহ কি কি  ⁉


সকলো  প্রশংসা একমাত্র  আল্লাহৰ।

কিয়ামতৰ পূর্বে কিয়ামতৰ  নিকটবর্তিতাৰ প্রমাণস্বৰূপ যি আলামত সমূহ প্রকাশ পাব সেইবিলাকক সৰু আলামত আৰু ডাঙৰ আলামত এই পৰিভাষাত আখ্যায়িত কৰা হয়। অধিকাংশ ক্ষেত্রত সৰু  আলামতসমূহ কিয়ামত   সংঘটিত হোৱাৰ বহু আগতেই  প্রকাশিত হব। ইয়াৰ মাজত  কোনো কোনো  আলামত ইতিমধ্যেই প্রকাশ পাই নিঃশেষ হৈ গৈছে । কোনো কোনো আলামত নিঃশেষ হৈ আকৌ  পুনঃপ্রকাশ পাইছে । কিছু আলামত প্রকাশিত হৈছে আৰু  অব্যাহতভাবে প্রকাশিত হৈয়েই আছে। আৰু কিছু আলামত এতিয়াও প্রকাশ পোৱা নাই । কিন্তু নবী চাল্লাল্লাহু আলাইহি ওৱাচাল্লামৰ সংবাদ অনুযায়ী সেইবিলাক সোনকালেই  প্রকাশ পাব।

 কিয়ামতৰ ডাঙৰ ডাঙৰ  আলামত:

এইবিলাক হৈছে বহু ডাঙৰ ডাঙৰ বিষয়। এইবোৰৰ  প্রকাশ পোৱা  প্রমাণ কৰিব যে, কেয়ামত অতি ওচৰত ; কিয়ামত  সংঘটিত হোৱাৰ সামান্য কিছু সময় বাকী আছে।

 আৰু সৰু সৰু  আলামত:

কিয়ামতৰ সৰু আলামতৰ  সংখ্যা বহুত । এই বিষয়ে বহু চহিহ হাদিচ উদ্ধৃত হৈছে । ইয়াত আমি সম্পূর্ণ হাদিচ  উল্লেখ নকৰি  কেৱল প্রাসঙ্গিক অংশটো উল্লেখ কৰিম । কাৰণ  হাদিছসমূহ উল্লেখ কৰিবলৈ গ’লে উত্তৰ বহুত দীঘলীয়া হৈ যাব । যিয়ে আৰু বেছি জানিব বিচাৰে তেওঁ এই বিষয়ে ৰচিত গ্রন্থাবলী পঢ়িব পাৰে । যেনে – শ্বেখ উমৰ চুলাইমান আল-আশ্বকাৰৰ  “আলকিয়ামতুচ চুগৰা”, শ্বেখ ইউচুফ আলওৱাবেলৰ  “আশ্বৰাতুচ চা’আ”  ইত্যাদি।

 কিয়ামতৰ সৰু সৰু  আলামতৰ মাজত আছে-

১. নবী চাল্লাল্লাহু আলাইহি ওৱাচাল্লামৰ  নবুয়ত লাভ।

২. নবী চাল্লাল্লাহু আলাইহি ওৱাচাল্লামৰ মৃত্যু।

৩. বায়তুল মোকাদ্দাছ বিজয়।

৪.  পেলেষ্টাইনৰ  “আমওৱাচ ” নামৰ স্থানত প্লেগ ৰোগ দেখা দিয়া ।

৫. প্রচুৰ ধন-সম্পদ হোৱা  আৰু  যাকাত খোৱাৰ  লোক নথকা।

৬. নানা ধৰণৰ বিশৃংখলতাৰ (ফিতনা) সৃষ্টি হোৱা । যেনে  ইছলামৰ আৰম্ভণি সময়ত   উচমান (ৰা:) ৰ হত্যাকাণ্ড সংঘটিত হোৱা , জঙ্গে জামাল আৰু চিফ্ফিনৰ যুদ্ধ, খাৰেজিসকলৰ  আবির্ভাব, হাৰ্ৰাৰ যুদ্ধ, কুৰআন আল্লাহৰ এটি সৃষ্টি এই মতবাদৰ  বহিঃপ্রকাশ ইত্যাদি।

৭. নবুয়তৰ মিথ্যা দাবিদাৰসকলৰ  আত্মপ্রকাশ। যেনে – মুচাইলামাতুল কাজ্জাব আৰু  আচওৱাদ আনচি।

৮. হেজাযত অগ্নি বাহিৰ হোৱা । সপ্তম শতাব্দীৰ মধ্যভাগত  ৬৫৪ হিঃ ত এই অগ্নি প্রকাশিত হৈছে । এইটো আছিল মহাঅগ্নি। তৎকালীন আৰু  তৎপৰবর্তী আলিমসকলে এই অগ্নিৰ বিবৰণ দি বিস্তাৰিত আলোচনা কৰিছিল । যেনে ইমাম নববীয়ে  লিখিছিল – “আমালোকৰ জামানাত  ৬৫৪ হিজৰীত মদিনাত অগ্নি বাহিৰ হৈছিল। মদিনাৰ পূর্ব প্ৰান্তত শিলাময় এলেকাত প্রকাশিত হোৱা এই অগ্নি  আছিল এক মহাঅগ্নি। সকলো চিৰিয়াবাসী আৰু  অন্য সকলো চহৰৰ  মানুহ তাওৱাতুৰ সংবাদৰ ভিত্তিত সেইটো অবহিত হৈছে । মদিনাবাসীসকলৰ মাজত   এক ব্যক্তিয়ে মোক এই বিষয়টি নিশ্চিত কৰিছিল, যিয়ে নিজে সেই অগ্নি প্রত্যক্ষ কৰিছিল ।”

৯.   আমানতদাৰিতা নথকা । আমানতদাৰিতা ক্ষুণ্ণ হোৱাৰ এটা উদাহৰণ হৈছে – যি ব্যক্তি যি দায়িত্ব পালনৰ যোগ্য নহয় তাক সেই দায়িত্ব প্রদান কৰা।

১০. ইল্ম (বিদ্যা) উঠাই লোৱা আৰু  অজ্ঞতাৰ  বিস্তাৰ লাভ কৰা । বিদ্যা উঠাই লোৱা হব আলিমসকলৰ মৃত্যু হোৱাৰ মাধ্যমেৰে । চহিহ বুখাৰী আৰু চহিহ মুছলিমৰ সপক্ষে হাদিছ আহিছে।

১১. ব্যভিচাৰ (যিনা) বাঢ়ি যোৱা।

১২. সুতৰ লেনদেন অবাধ হোৱা ।

১৩. বাদ্য যন্ত্রৰ ব্যাপকতা পোৱা ।

১৪. মদ্যপান বাঢ়ি যোৱা  খোৱা।

১৫. ছাগলীৰ ৰখীয়াসকলে ওখ ওখ অট্টালিকা নির্মাণ কৰা ।

১৬. কৃতদাসী কর্তৃক স্বীয় মনিবক প্রসব কৰা । এই মর্মে চহিহ বুখাৰী আৰু  চহিহ মুছলিমৰ হাদিছ সাব্যস্ত হৈছে । এই হাদিছৰ অর্থৰ বিষয়ে আলিমসকলৰ একাধিক অভিমত পোৱা যায়। ইবনে হাজাৰে যি অর্থটি নির্বাচন কৰিছে সেইটো হৈছে – সন্তানসকলৰ মাজত  পিতৃ মাতৃৰ  অবাধ্যতা ব্যাপকভাবে দেখা দিয়া । সন্তানে তাৰ মাকৰ সৈতে এনে অবমাননাকৰ অসম্মানজনক আচৰণ কৰা যি এজন মনিব তাৰ দাসীৰ সৈতে কৰি থাকে।

১৭. মানুহ হত্যা বৃদ্ধি হোৱা।

১৮. অধিকহাৰত  ভূমিকম্প হোৱা ।

১৯. মানুহৰ আকৃতি ৰূপান্তৰ, ভূমি ধ্বস আৰু  আকাশৰ পৰা পাথৰ বা শিল পৰা ।

২০. কাপোৰ পৰিধান কৰা   সত্ত্বেও উলঙ্গ নাৰীসকলৰ বহিঃপ্রকাশ ঘটা।

২১. মুমিনৰ স্বপ্ন সত্য হোৱা ।

২২. মিথ্যা সাক্ষ্য দিয়া বাঢ়ি যোৱা ; সত্য সাক্ষ্য লোপ পোৱা ।

২৩. নাৰীৰ  সংখ্যা বাঢ়ি  যোৱা ।

২৪. আৰব ভূখণ্ড আগৰ দৰে তৃণভূমি আৰু  নদনদীৰে ভৰি যোৱা।

২৫. এটি স্বর্ণৰ পাহাৰৰ পৰা ফোৰাত (ইউফ্রেটিচ) নদীৰ উৎস আবিষ্কৃত হোৱা ।

২৬. হিংস্র জীবজন্তু আৰু  জড় পদার্থই মানুহৰ লগত কথা কোৱা ।

২৭. ৰোমানসকলৰ সংখ্যা বৃদ্ধি পোৱা  আৰু মুছলিমসকলৰ সৈতে সিহঁতৰ যুদ্ধ হোৱা ।

২৮. কনস্টান্টিনোপল বিজয় হোৱা ।

পক্ষান্তৰে কিয়ামতৰ ডাঙৰ ডাঙৰ আলামত হৈছে সেইবিলাক যিবিলাক নবী চাল্লাল্লাহু আলাইহি ওৱাচাল্লামে হুযাইফা বিন আচিদ (ৰা:) ৰ হাদিছত উল্লেখ কৰিছে । সেই হাদিছত সকলো মিলাই  ১০টি আলামত উল্লেখ কৰা হৈছে  : দাজ্জাল, ঈছা বিন মৰিয়ম (আঃ) ৰ  নাযিল হোৱা , ইয়াজুজ আৰু  মাজুজ বাহিৰ হোৱা , পূর্বে পশ্চিমে আৰু  আৰব উপদ্বীপত তিনটা  ভূমিধ্বস হোৱা, ধোঁয়া, সূর্যাস্তৰ স্থানৰ পৰা সূর্যোদয়, বিশেষ জন্তু, এনে অগ্নিৰ বহিঃপ্রকাশ যিয়ে মানুহক হচৰৰ মাঠৰ পিনে লৈ যাব । এই আলামতসমূহ এটাৰ পিছত এটা প্রকাশ হৈয়েই  থাকিব । প্রথমটো  প্রকাশিত হোৱাৰ অব্যবহিত পিছতেই পিছৰটো প্রকাশ পাব।

 ইমাম মুছলিম হুযাইফা বিন আচিদ (ৰা:) ৰ পৰা  বর্ণনা কৰিছে যে, এবাৰ ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাচাল্লামে আমালোকক কথা পাতি থকা দেখি ক’লে : তোমালোকে কি বিষয় লৈ  আলাপ-আলোচনা কৰি আছা ?

চাহাবাসকলে ক’লে : আমালোকে কিয়ামতৰ বিষয় লৈ আলোচনা কৰি আছোঁ। তেতিয়া তেওঁ ক’লে : নিশ্চয় দহটা  আলামত সংঘটিত হোৱাৰ আগতে কিয়ামত নহব । তেতিয়া তেওঁ ধোঁৱা , দাজ্জাল, বিশেষ জন্তু, সূর্যাস্তৰ স্থানৰ পৰা  সূর্যোদয়, ঈছা বিন মৰিয়ম (আ:) ৰ  অবতৰণ, ইয়াজুজ-মাজুজ, পূর্ব-পশ্চিম আৰু  আৰব উপদ্বীপত তিনটা ভূমি ধ্বস আৰু  সর্বশেষত  ইয়েমেনত অগ্নি বা জুই যিয়ে মানুহক হাচৰৰ পিনে খেদি লৈ যাব উল্লেখ কৰিলে ।  

 এই আলামতসমূহৰ  ধাৰবাহিকতা কি হব সেই বিষয়ে সুস্পষ্ট কোনো চহিহ দলীল পোৱা নাযায় । তথাপিও  বিভিন্ন দলিলক একত্ৰিত কৰি এইবিলাকৰ ধাৰাবাহিকতা নির্ধাৰণ কৰা হৈ থাকে।

 শ্বেখ উছাইমীনক প্রশ্ন কৰা হৈছিল কিয়ামতৰ ডাঙৰ ডাঙৰ আলামতসমূহ কি ধাৰাবাহিকভাবে আহিব ?

উত্তৰ দিবলৈ গৈ তেওঁ কৈছে  : কিয়ামতৰ আলামতসমূহৰ মাজত কোনো কোনোটোৰ ধাৰাবাহিকতা জনা গৈছে ; আৰু  কোনো কোনোটোৰ  ধাৰাবাহিকতা জনা নাযায়। ধাৰাবাহিক আলামতসমূহ হৈছে , ঈছা বিন মৰিয়মৰ (আ:) অবতৰণ, ইয়াজুজ-মাজুজৰ  বহিঃপ্রকাশ, দাজ্জালৰ  আত্মপ্রকাশ।

 প্রথমে দাজ্জালক পঠোৱা হব। তাৰপিছত ঈছা বিন মৰিয়ম (আ:) আহি  দাজ্জালক হত্যা কৰিব । তাৰপাছত ইয়াজুজ-মাজুজ বাহিৰ  হব।

 চাফফাৰিনী (ৰহঃ) তেওঁৰ ৰচিত আকিদাৰ গ্রন্থত এই আলামতসমূহৰ  ধাৰাবাহিকতা নির্ধাৰণ কৰিছে । কিন্তু তাঁৰ নির্ণয়কৃত এই ধাৰাবাহিকতাৰ কোনো কোনো অংশৰ প্রতি মন স্বীকৃতি দিলেও সকলো অংশৰ প্রতি মনে স্বীকৃতি নিদিয়ে। গতিকে এই আলামতসমূহৰ  ধাৰাবাহিকতা আমালোকৰ ওচৰত গুৰুত্বপূৰ্ণ নহয়। আমালোকৰ ওচৰত গুৰুত্বপূৰ্ণ হৈছে – কিয়ামতৰ ডাঙৰ ডাঙৰ  কিছু আলামত আছে। এইবিলাকৰ কোনো এটি প্রকাশ পালে জনা যাব, কিয়ামত অতি ওচৰত। কিয়ামত হৈছে – অনেক ডাঙৰ এটি  ঘটনা। এই মহা ঘটনাৰ নিকটবর্তিতা সম্পর্কে মানুহক আগেভাগে সতর্ক কৰা  প্রয়োজন বিধায় আল্লাহ তাআলা কিয়ামতৰ বাবে বেছি কিছু আলামত সৃষ্টি কৰিছে ।[মাজমুউ ফাতোৱা, খণ্ড-২, ফতোৱা নং- ১৩৭]

 আল্লাহই ভাল জানে।
( মূল : বাংলা )
[কেয়ামতের ছোট ও বড় আলামতসমূহ – islamqa.info] is good,have a look at it! https://islamqa.info/bn/78329]

( ✍✍.. অসমীয়া অনুবাদ :- আফজল হুছেইন )

Leave a comment