______________________________
উত্তৰ দিছে শেইখ ইবেন উষাইমিন (ৰহ:)
______________________________
#উত্তৰ: সকলো প্রশংসা একমাত্র আল্লাহ্ৰ।
এইটো শ্বৰীয়ত সন্মত নহয়। এজন মুছলিম বা অমুছলিমক সম্ভাষণ (Greet) অথবা অভিনন্দন জনোৱা তেওঁলোকৰ বৰদিনত, নৱবর্ষত অথবা অন্য কোনো বিশেষ উৎসৱৰ দিনত আৰু তেওঁলোকৰ অভিনন্দনৰ উত্তৰ দিয়াটোও শ্বৰীয়ত সন্মত নহয়। কাৰণ সেইবোৰ আমাৰ উৎসৱ নহয় আৰু তেওঁলোকৰ অভিনন্দনৰ উত্তৰ দিয়া মানেই হৈছে তেওঁলোকৰ উৎসৱত সন্মতি আৰু অনুমোদন দিয়া। এজন মুছলিমে তাৰ ধর্মৰ প্রতি আৰু ইয়াৰ নিয়ম-নীতিক লৈ গর্ব কৰা উচিত আৰু তেওঁ আগ্রহী হ’ব আনসকলে আল্লাহ্ৰ ধর্মৰ ফালে মাতাৰ কাৰণে, কাৰণ সকলো ভক্তি আৰু প্রশংসা কেৱল-মাত্র আল্লাহ্ৰ কাৰণে।
(আৰব) আলিমসকলৰ ঐক্য মতত, বৰদিন বা অন্যান্য বিজাতীয় উৎসৱ উপলক্ষে তেওঁলোকক অভিনন্দন জনোৱা হাৰাম। ইবেন আল-কাই’ইমৰ কিতাব ‘আহকাম আহ্ল আল-ধিমাহ্’,ত কোৱা হৈছে: বিধর্মীয় অনুষ্ঠানত অভিনন্দন জনোৱা হাৰাম, ইয়াৰ কাৰণ হৈছে, যিয়ে এনেকুৱা কৰে তেওঁ মুশ্বৰিকসকলৰ ৰীতি-নীতিক অনুমোদন বা সমর্থন কৰে, যদিও তেওঁ সেইবোৰ ৰীতি-নীতি নিজৰ কাৰণে বৈধ বুলি নাভাৱে।
তেওঁলোকৰ হৈও কোনো মুছলিম বা মুশ্বৰিক ব্যক্তিক¸ এজন মুছলিমে কোনো মুশ্বৰিকৰ ৰীতি-নীতিৰ অনুমোদন বা অভিনন্দন নজনাব, কাৰণ আল্লাহে এইবোৰৰ কোনো এটাও গ্রহণ নকৰে, সেয়ে আল্লাহে কুৰআনত কৈছে:
إِنْ تَكْفُرُوا فَإِنَّ اللَّهَ غَنِيٌّ عَنْكُمْ ۖ وَلَا يَرْضَىٰ لِعِبَادِهِ الْكُفْرَ ۖ وَإِنْ تَشْكُرُوا يَرْضَهُ لَكُمْ ۗ وَلَا تَزِرُ وَازِرَةٌ وِزْرَ أُخْرَىٰ ۗ ثُمَّ إِلَىٰ رَبِّكُمْ مَرْجِعُكُمْ فَيُنَبِّئُكُمْ بِمَا كُنْتُمْ تَعْمَلُونَ ۚ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
”তোমালোকে যদি কুফৰী কৰা¸ তেনেহ’লে (জানি থোৱা) আল্লাহ তোমালোকতকৈ অমুখাপেক্ষী; আৰু তেওঁ তেওঁৰ বান্দাসকলৰ কাৰণে কুফৰী পছন্দ নকৰে আৰু তোমালোকে যদি কৃতজ্ঞতা প্ৰকাশ কৰা¸ তেনেহ’লে তোমালোকৰ কাৰণে তেওঁ তাক পছন্দ কৰে; আৰু কোনো বোজা বহনকাৰীয়ে আনৰ বোজা বহন নকৰে। তাৰ পিছত তোমালোকৰ ৰবৰ ফালেই তোমালোকৰ প্রত্যাৱর্তন হ’ব। তেতিয়া তোমালোকে যি আমল কৰিছিলা তেওঁ তাক তোমালোকক জনাই দিব। নিশ্চয় অন্তৰত যি আছে তাৰ বিষয়ে তেওঁ সম্যক অৱগত।’…[ছূৰা-যুমাৰ-৭]
٣:٥
تَسْتَقْسِمُوا بِالْأَزْلَامِ ۚ ذَٰلِكُمْ فِسْقٌ ۗ الْيَوْمَ يَئِسَ الَّذِينَ كَفَرُوا مِنْ دِينِكُمْ فَلَا تَخْشَوْهُمْ وَاخْشَوْنِ ۚ الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الْإِسْلَامَ دِينًا ۚ
…আজি কাফিৰসকল তোমালোকৰ বিৰুদ্ধাচৰণত হতাশ হৈছে, সেয়ে সিহঁতক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা। আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ…। [ছূৰা আল-মায়ি’দা- ৩]
সেয়ে বিজাতীয় ও বিধর্মীসকলৰ উৎসৱত অভিনন্দন জনোৱা নিষিদ্ধ, যদিও তেওঁ সহকর্মী হয় বা অন্য কোনোবা হয়।
তেওঁলোকে যদি তেওঁলোকৰ উৎসৱত আমাক অভিনন্দন জনায়, তেন্তে আমি নিৰৱ হৈ থাকিব লাগিব, কাৰণ সেইবোৰ আমাৰ উৎসৱ নহয় আৰু সেইবোৰ উৎসৱ আল্লাহৰ ওচৰত গ্রহণযোগ্য নহয়।
একেদৰে এইদিনত তেওঁলোকৰ অনুকৰণ কৰা, তেওঁলোকৰ উৎসৱৰ দিনত উৎসৱ কৰা অথবা উপহাৰ আদান-প্রদান কৰা অথবা খাদ্য বা মিষ্টি আদান-প্রদান কৰা অথবা কামৰ পৰা ছুটি লোৱা ইত্যাদি মুছলিমসকলৰ কাৰণে নিষিদ্ধ। কাৰণ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে:
‘যিয়ে যি দলক অনুকৰণ কৰে সি তেওঁলোকৰেই অন্তুৰ্ভুক্ত’…
আহক! বিধৰ্মীসকলৰ উৎসৱ, নৱবর্ষ উদযাপন ও তাত অভিনন্দন জনোৱাৰ পৰা নিজে আৰু নিজৰ পৰিবাৰক বিৰত ৰাখোঁ।
“ওৱামা তাওফিক ইল্লা বিল্লাহ। আমিন”।