প্রশ্ন : ওৱাহদাতুল উজূদত বিশ্বাসী ইমামৰ পিছত ছালাত আদায় কৰিব পৰা যাবনে?

#প্রশ্ন : ওৱাহদাতুল উজূদত বিশ্বাসী ইমামৰ পিছত ছালাত আদায় কৰিব পৰা যাবনে?

#উত্তৰ : জানি-শুনি ওৱাহদাতুল উজূদত বিশ্বাসী কোনো ইমামৰ পিছত ছালাত বৈধ নহয়। কিয়নো এইটো সম্পূর্ণ কুফৰী আক্কীদা।
ওৱাহদাতুল উজূদ বুলিলে অদ্বৈতবাদী দর্শন বুজায়, যিয়ে বান্দাৰ সত্ত্বাক আল্লাহৰ সত্ত্বাত বিলীন কৰি দিয়ে। এই আক্কীদাৰ অনুসাৰী ছূফীসকলে স্রষ্টা আৰু সৃষ্টিত কোনো পার্থক্য নকৰে। তেওঁলোকৰ দৃষ্টিত সকলোৱেই আল্লাহ আৰু সকলো সৃষ্টিয়েই আল্লাহৰ অংশ। তেওঁলোকৰ মতে, আল্লাহ নিৰাকাৰ তেওঁ আৰশ্বত নহয়, বৰং সর্বত্র বিৰাজমান। এতেকে যি ব্যক্তিয়ে মূর্তিপূজা কৰে নাইবা গছ, পাথৰ, মানুহ, তাৰকা ইত্যাদি পূজা কৰে, সি মূলতঃ আল্লাহকেই পূজা কৰে সকলোবোৰৰ মাজতে আল্লাহৰ নূৰ বা জ্যোতিৰ প্রকাশ আছে। গতিকে মানুহৰ মাজত মুমিন আৰু কাফিৰ-মুশ্বৰিক বুলি কোনো পার্থক্য নাই। তেওঁলোকৰ ধাৰণাত খ্ৰীষ্টানসকল কাফিৰ এইকাৰণে যে, তেওঁলোকে কেৱল ঈছা
(আঃ)-কেই প্রভু বুলি কৈছে। যদি তেওঁলোকে সকলো সৃষ্টিকেই আল্লাহ বুলিলেহেঁতেন, তেনেহ’লে তেওঁলোক কাফিৰ নহ’লহেঁতেন। কোৱা বাহুল্য এইটোৱেই হ‘ল হিন্দুসকলৰ ‘সর্বেশ্বৰবাদ’। বর্তমানে এই আক্কীদাই মা‘ৰিফাতপন্থী ছূফীসকলৰ মাজত ব্যাপকভাৱে প্রচলিত। এতেকে জানি-শুনি এনেকুৱা নষ্ট আক্কীদাসম্পন্ন ইমামৰ পিছত ছালাত আদায় কৰিব পৰা নাযাব। কিন্তু নাজানি যদি কোনোৱে তেওঁলোকৰ ইক্তেদা কৰে, তেনেহ’লে তেওঁৰ ছালাত হৈ যাব ইন শ্বা আল্লাহ।

Leave a comment