প্রশ্ন:-ইছলামত কি ভিক্ষা কৰা বৈধ?

প্রশ্ন:-ইছলামত কি ভিক্ষা কৰা বৈধ?
উত্তৰ :ভিক্ষাবৃত্তি ইছলামত পছন্দ নকৰে| ইছলামত কর্ম পছন্দ কৰে| কিন্তু একান্ত নিৰুপায় অৱস্থাৰ বাহিৰে আনৰ ওচৰত হাত পতা বৈধ নহয় ইছলামত|
☆তিনি ব্যক্তিৰ বাহিৰে ভিক্ষা কৰা বৈধ নহয়;
1- যি ব্যক্তি ঋণগ্রস্থ| কিন্তু ঋণ পৰিশোধ কৰা হৈ গ’লেই খোজা হাৰাম|
2- যি ব্যক্তি দুর্যোগগ্রস্ত হব, কিন্তু সচ্ছল অৱস্থা ঘূৰি আহিলেই খোজা হাৰাম|
3- যি ব্যক্তি অভাৱী অৰ্থাৎ দুবেলাৰ খোৱাবস্তু নাই|
(সহীহ তাৰগীব-৮১৭,মুছলিম)
☆ৰাছুল(ছাঃ) কৈছে ; “অভাৱ মুক্ত হৈ যি ব্যক্তি ভিক্ষা কৰে, কিয়ামত দিৱসত তাৰ মুখত কোনো মাংস নাথাকে”| (বুখাৰী-১৪৭৪,মুছলিম-১০১৪)
☆ৰাছুল(ছাঃ) কৈছে; “যি ব্যক্তি অভাৱ নথকা সত্ত্বেও ভিক্ষা কৰি খালে, সেই ব্যক্তি যেন জুইৰ এঙাৰ খালে”|
(সহীহ তাৰগীব-৭৯৩,বায়হাকি)
☆ৰাছুল(ছাঃ) কৈছে,”যি ব্যক্তি নিজৰ মাল বৃদ্ধি কৰাৰ বাবে মানুহৰ ওচৰত ভিক্ষা কৰে, প্রকৃতপক্ষে তেওঁ জাহান্নামৰ জুইৰ এঙাৰ ভিক্ষা কৰে| তেওঁ কম কৰক অথবা বেছি”| (মুছলিম-১০৪১,ইবনে মাজাহ)
অৰ্থাৎ যিসকল অভাৱী, কিন্তু কাম কৰাৰ দৰে কিছু ক্ষমতা আছে সিহঁতৰ বাবে কাম কৰাই উত্তম|
☆ৰাছুল(ছাঃ)কৈছে; “তোমালোকৰ কাৰো পক্ষে এক বোজা কাঠ সংগ্রহ কৰি পিঠিত বহন কৰি নিয়া কাৰোবাৰ ওচৰত খোজাতকৈ উত্তম। কোনোবাই দিবও পাৰে, নিদিবও পাৰে”। (বুখাৰী-২০৭৪,মুছলিম-১০৪২

Leave a comment