প্রশ্ন: আমাৰ গুনাহসমূহ এই ৰমজানত মাফ কৰাব পাৰিলো নে নাই তাক বুজি পোৱাৰ কিবা উপায় আছেনে?

#প্রশ্ন: আমাৰ গুনাহসমূহ এই ৰমজানত মাফ কৰাব পাৰিলো নে নাই তাক বুজি পোৱাৰ কিবা উপায় আছেনে?
~~~
#উত্তৰ দিছে শায়খ আব্দুল হামিদ আল ফাইজি আল মাদানিঃ

যিসকলে ৰমযান পাইও গুনাহ মাফ কৰাব নোৱাৰিলে তেওঁলোকৰ ওপৰত সর্বশ্রেষ্ঠ ফিৰিস্তাৰ অভিশাপ আৰু সর্বশ্রেষ্ঠ নবীৰ আমিন আছে।

গুনাহ মাফ হ’ল নে নাই তাক বুজিব পৰা যাব এনেদৰে-

আপোনাৰ মন প্রশান্ত হ’ব,  ভাল কাম কৰিব পাৰিব,  তেতিয়াই বুজিব পাৰিব আল্লাহে আপোনাৰ গুনাহ মাফ কৰি দিছে।

যিসকলে হজ্জ্ব কৰাৰ পিছতো আগৰ দৰেই থাকে তেতিয়াই বুজিব হজ্জ্ব কবুল হোৱা নাই, তেনেকৈ ৰোযাৰ পিছতো যদি আগৰ দৰেই থাকে তেনেহ’লে বুজিব ৰোযা কবুল হোৱা নাই, গুনাহ মাফ হোৱা নাই, পৰিৱর্তন নিশ্চয় আহিব।

আল্লাহে তাকওৱাৰ কাৰণে ৰমযান ফৰয কৰিছে। সেই তাকওৱাৰ আলামত যদি নিজৰ মাজত অনুভৱ কৰিব নোৱাৰে, আপোনাৰ আমলত কোনো বৃদ্ধি নাহিল, চৰিত্রত কোনো পৰিৱর্তন নহ’ল তেনেহ’লে নিশ্চয় সেইটো কামত অহা নাই।

আল্লাহু আলম।

Leave a comment