#প্রশ্নঃ ৰোগ মুক্তিৰ আশাত তাবিজ, অষ্ট ধাতু আঙুঠি, মাদলী বালা ইত্যাদি ব্যৱহাৰ কৰিব পাৰিনে?
-চাইফুজ্জামান, দিনাজপুৰ
.
#উত্তৰঃ নোৱাৰি। তাবিজ ব্যৱহাৰ কৰা শ্বিৰ্ক। আল্লাহে কৈছে, যদি আল্লাহে তোমাক কষ্ট দিয়ে, তেনেহ’লে তেওঁৰ বাহিৰে তাক অপসাৰণকাৰী আন কোনো নাই, পক্ষান্তৰে যদি তোমাৰ কল্যাণ দান কৰে তেনহ’লে তেওঁ তো সর্ববিষয়ে ক্ষমতাৱান (ছূৰা আন’আম/১৭; ছূৰা ইউনুচ/ ১০৭; ছূৰা যুমাৰ/৩৮)।
অর্থাৎ আল্লাহে যাক ৰোগ দিয়ে সেই ৰোগৰ চিফাদানকাৰী একমাত্র তেওঁ। তেনেহ’লে অন্য কাৰোঁ কেৰামতি নাখাটে।
.
উক্কবাহ ইবনু আমিৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে তাবিজ ব্যৱহাৰ কৰিব আল্লাহে তাক পূৰ্ণতা নিদিয়ে। আকৌ যিয়ে কড়ি ব্যৱহাৰ কৰিব আল্লাহে তাক মঙ্গল দান নকৰে। (আহমাদ ১৬৭৬৩, হাদীছ ছহীহ)।
.
ৰুওৱাইফা ইবনু ছাবিত ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে¸ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে¸ হে ৰুওৱাইফা! হয়তো তুমি মোৰ পিছতো বহুদিন বাঁচি থাকিবা। গতিকে তুমি মানুহক এই কথা কৈ দিবা যে, যি ব্যক্তিয়ে দাঁড়িত গিট দিলে অথবা তাবিজ জাতীয় বেল্ট বা সুতা (সন্তানৰ বা প্রাণীৰ গলত) পিন্ধালে নাইবা চতুষ্পদ জন্তুৰ গোবৰ অথবা হাড়ৰ দ্বাৰা ইস্তেঞ্জা কৰিলে¸ নিশ্চয় তাৰ সৈতে মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কোনো সর্ম্পক নাই (আবু দাউদ, মিশকাত ৩৫১ চনদ ছহীহ ,বাংলা মিশকাত ২য় খণ্ড ৩২৪, পেচাব পায়খানা শিষ্টাচাৰ অনুচ্ছেদ)।
.
উক্কবাহ ইবনু আমিৰ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে এটি দলৰ ৯জনক বায়াত কৰালে¸ কিন্তু ১জনক নকৰিলে। কাৰণ তাৰ শৰীৰত তাবিজ আছে। মানুহজনে তাবিজ ছিঙি পেলালে। তাৰ পিছত তাকো বায়াত কৰালে আৰু ক’লে- যি ব্যক্তিয়ে তাবিজ ব্যৱহাৰ কৰিলে সি শ্বিৰ্ক কৰিলে। (আহমাদ ১৬৭৭১/হাদীছ ছহীহ)
.
তেনেহ’লে চিন্তা কৰক তাবিজ, আঙুঠি, বালা এইবোৰ ব্যৱহাৰ কৰা কিমান ডাঙৰ গুনাহ! গতিকে আজিয়েই তাবিজ আঙুঠি মাদলী খুলি পেলাই আল্লাহৰ ওচৰত তওবাহ কৰক। ইন শ্বা আল্লাহ ক্ষমা কৰিব।