প্রশ্নঃ কোন কোন সময় স্ত্রী সহবাস নিসিদ্ধ? শুনা যায় যে অমাৱস্যা আৰু পূর্ণিমাৰ ৰাতিত সহবাস কৰিব পৰা নাযাব। এই কথাটো ঠিকনে?

  1. বিষয়/প্রশ্নঃ কোন কোন সময় স্ত্রী সহবাস নিসিদ্ধ? শুনা যায় যে অমাৱস্যা আৰু পূর্ণিমাৰ ৰাতিত সহবাস কৰিব পৰা নাযাব। এই কথাটো ঠিকনে?

 

বিবৰণ/উত্তৰঃ
দিবাৰাত্রিত স্বামী স্ত্রীৰ যেতিয়াই সুযোগ হয়, তেতিয়াই সহবাস বৈধ। কিন্তু শ্বৰীয়তত কেইটামান নির্ধাৰিত নিষিদ্ধ সময় আছে, য’ত স্ত্রী সম্ভোগ বৈধ নহয়।

১। স্ত্রীৰ মাহেকীয়া অথবা প্রসবোত্তৰ তেজ থকা অৱস্থাতঃ
মহান আল্লাহে কৈছে, “ আৰু সিহঁতে তোমাক হায়েজ সম্পৰ্কে প্ৰশ্ন কৰে, কোৱা, ‘ই এবিধ অশুচি’। এতেকে তোমালোকে হায়েজ অৱস্থাত স্ত্ৰী-সংগমৰ পৰা বিৰত থকা আৰু পৱিত্ৰ নোহোৱালৈকে (সংগমৰ বাবে) সিহঁতৰ নিকটবৰ্তী নহ’বা। তাৰ পিছত সিহঁতে যেতিয়া উত্তমৰূপে পৰিশুদ্ধ হ’ব তেতিয়া সিহঁতৰ ওচৰত ঠিক তেনেকৈ গমন কৰিবা যেনেকৈ আল্লাহে তোমালোকক আদেশ দিছে। নিশ্চয় আল্লাহ তাওবাকাৰীসকলক ভাল পায় আৰু সিহঁতকো ভাল পায় যিসকলে অধিক পৱিত্ৰতা অৰ্জন কৰে।” (কোৰআনঃ বাকাৰাহঃ ২২২)

আল্লাহ্‌ৰ ৰাছুল (ছাঃ)য়ে কৈছে, “যিজন ব্যক্তিয়ে তেওঁৰ ঋতুমতী স্ত্রী (মাহেকীয়া অৱস্থাত) সঙ্গম কৰে অথবা কোনো স্ত্রীৰ গুহ্যদ্বাৰেৰে সহবাস কৰে, অথবা কোনো গনকৰ ওচৰত উপস্থিত হৈ (সি যি কয় সেয়া) বিশ্বাস কৰে, সেইজন ব্যক্তি মুহাম্মাদ (ছাঃ)ৰ অৱতীৰ্ণ কোৰআনৰ সৈতে কুফৰী কৰে।” (অর্থাৎ কোৰআনক সি অবিশ্বাস ও অমান্য কৰে। কাৰণ, কোৰআনত এই সকলো কুকর্মক নিসিদ্ধ ঘোষণা কৰা হৈছে।)  (হাদিছঃ আহমাদ ২/৪০৮, ৪৭৬, তিৰমিযী, ছহীহ ইবনে মাজাহ ৫২২ নং)

২। ৰমাদ্বানৰ দিনৰ সময়ত ছিয়াম (ৰোজা) অৱস্থাতঃ
মহান আল্লাহে কৈছে, “ছিয়ামৰ ৰাতিত তোমালোকৰ বাবে স্ত্রী সম্ভোগ বৈধ কৰা হৈছে। সিহঁত তোমালোকৰ পোচাক আৰু তোমালোকো সিহঁতৰ পোচাক।” (কোৰআনঃ বাকাৰাহঃ ১৮৭)

আৰু বিদিত যে, ৰমাদ্বানৰ ছিয়াম অৱস্থাত সঙ্গম কৰিলে যথাৰীতি তাৰ কাফফাৰা আছে। একে লেথাৰিয়ে দুইমাহ ছিয়াম (ৰোজা) ৰাখিব লাগিব, যদি অক্ষম হয় তেন্তে ৬০ জন মিচকীন(দুখীয়া)ক খোৱাব লাগিব।

প্রশ্ন : স্বামীৰ কি কি অধিকাৰ পালন কৰিলে স্ত্রী জান্নাতত যাব পাৰিব?

 

৩। হজ্জ বা উমৰাৰ ইহৰাম অৱস্থাতঃ
মহান আল্লাহে কৈছে, “সুবিদিত মাহত (যথাঃ শ্বাওয়াল, যিলক্বদ আৰু যিলহজ্জ) হজ্জ হয়। যিয়ে এই মাহ সমূহত হজ্জ কৰাৰ সংকল্প কৰে, সি যাতে হজ্জৰ সময়ত স্ত্রী সহবাস (কোনো প্রকাৰৰ যৌনাচাৰ), অন্যায় আচৰণ আৰু কলহ-বিবাদ নকৰে।” (কোৰআনঃ বাকাৰাহঃ ১৯৭)

ইয়াৰ উপৰি অন্য সময়ত দিবাৰাত্ৰীৰ যি কোনো অংশত সহবাস বৈধ।

(উত্তৰ দিছেঃ শ্বেইখ মুহাম্মাদ স্বালেহ আল-মুনাজ্জিদ)

 

Leave a comment