প্রশ্নঃ– ইছলামত পীৰ প্রথাৰ প্রয়োজন আছেনে?

👇👇👇❌পীৰ❌ 👇

প্রশ্নঃ– ইছলামত পীৰ প্রথাৰ প্রয়োজন আছেনে?
উঃ– নাই, ৪০০ হিজৰী পর্যন্ত ইছলামত কোনো পীৰ প্ৰথা নাছিল। এতিয়াও প্রয়োজন নাই। “আল্লাহক পাবলৈ কোনো পীৰৰ প্ৰয়োজন নাই”(ছুৰা ফাতিহা:৪,ছুৰা বাকাৰা:১৮৬, ইউনুচ:১০৬, আনকাবুত:১৭, মুমিন:৬০)
===========================
আল্লাহে কৈছে, তোমালোকে ভয় কৰা সেই দিনক, যিদিনা কোনেও কাৰো উপকাৰত নাহিব (ছুৰা বাকাৰাঃ৪৮)
আমাৰ এই উপমহাদেশত মুলত পীৰ, বুজুর্গসকলেই বেছিভাগ ইছলাম ধর্ম প্রচাৰ কৰিছে। তেওঁলোকে ধর্ম প্রচাৰৰ সৈতে নিজৰ ব্যৱসায়িক দিশটোক অগ্ৰাধিকাৰ দিবলৈ গৈ অন্য ধর্মৰ কিছু সুবিধাজনক নিয়ম সংযোজন কৰি বিভিন্ন তৰিকা (১২৬) ৰচনা আৰু মুৰিদী প্রথা (বিদাআত,শ্বির্ক) চালু কৰে। মাঝাৰ নির্মাণ কৰি ব্যৱসায়টোক স্থায়ী ৰূপ দিয়ে। তেওঁলোকে নিজা উদ্যোগত প্রতিষ্ঠিত মাদ্রাছাত এই শ্বির্ক আৰু বিদাআত মিশ্রিত শিক্ষা দি কিছুমান আলিম(?) তৈয়াৰ কৰি সুদীর্ঘ ৬০০-৭০০বছৰ ধৰি ধর্মৰ সৈতে মাঝাৰ/মুৰিদৰ সফল ব্যৱসায় চলাই আহিছে। প্ৰচলিত এই পদ্ধতিয়ে সাধাৰণ মুছলিমসকলক প্ৰত্যক্ষভাৱে কুৰআন আৰু ছহীহ হাদীছ অধ্যয়নৰ পৰা বিৰত ৰাখি আহিছিল।
আলহামদুলিল্লাহ, আজিকালি বহুতো শিক্ষিত মুছলিমে সকলো নতুন (বিদাআতী) দল ত্যাগ কৰি নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ নির্দেশিত কুৰআন-ছুন্নাহ ভিত্তিক সেই প্রথম/একক দললৈ উভতি আহিবলৈ আৰম্ভ কৰিছে।
উভতি চাওঁ আহক >>>>>>>
ইছলাম ধর্ম আৰম্ভণিৰ পৰা ৪২৮ হিজৰী পর্যন্ত অনুসৰণযোগ্য একমাত্র নবী চাল্লাল্লাহু আলাইহি অছাল্লামেই আছিল। ঈমাম আবু হানিফা(ৰহঃ)ৰ মৃত্যুৰ ২৭৮বছৰলৈকে ঈমামসকলৰ সময়ত সকলো ছহীহ হাদীছ সংৰক্ষিত নোহোৱাৰ কাৰণে কিছু ইজমা-কিয়াচৰ ভিন্ন মতামত পাই কিছুসংখ্যক ভ্রান্ত আলিমৰ মাজত ধর্মীয় বিষয়ত মতানৈক্য হোৱাত তাক সমাধানৰ কাৰণে ছুৰা আন-নিচাঃ৪:৫৯ অনুসৰণ নকৰি ইছলামত নতুন ৪টা দল (মাঝহাব) তৈয়াৰ কৰে। য’ত ঈমামসকলৰো সন্মতি নাছিল। বিদাআত আৰু শ্বির্ক মিহলি হৈ বর্তমান ইছলাম বহুদলত (৭৩) বিভক্ত।
=>অলি কোন?
আল্লাহে কৈছে, সকলো পৰহেজগাৰ মুমিনেই আল্লাহৰ অলী (ছুৰা নামলঃ৮০)
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, আমাৰ অলী (বন্ধু) একমাত্র আল্লাহ আৰু মুমিনসকলৰ মাজত সৎকর্মশীলসকল (ছহীহ বুখাৰী আৰু মুছলিম)
→ আহক আমি, কুৰআন আৰু চুন্নাহ অনুসৰণ কৰো আৰু ঈমানদাৰ ভাইসকলক আমলৰ দাওৱাত দিওঁ। হে আল্লাহ্‌ তুমি সঠিক পথত চলাৰ তৌফিক দান কৰা। আমীন।
মানুহে সজা গল্পঃ– বড় পীৰ আব্দুল কাদিৰ জিলানী (ৰহঃ)এ মাকৰ পেটৰ পৰা ১৮ পাৰা কুৰআন মুখস্ত কৰি আহিছিল। এইটো কুৰআন বিৰোধী কথা। আল্লাহে কৈছে, ছুৰা নাহল:78 – আল্লাহে তোমালোকক তোমালোকৰ মাৰ গর্ভৰ পৰা বাহিৰ কৰিছে। তোমালোকে একোৱেই জনা নাছিলা।

☝🏾☝🏾✅👆👆

🅾🅾⛔⛔🅾🅾

Leave a comment