প্রশ্নঃ আমি ইমানদিনে তাশ্বাহ্হুদত বহি শ্বাহাদাৎ আঙুলিৰ দ্বাৰা মাত্ৰ এবাৰ
ইছাৰা কৰা শিকি আহিছোঁ। আপনালোকে দেখোন আঙুলি লৰাই থাকে, লৰাই থাকে! ইয়াৰ দলিল কি ?
———————————————————–
উত্তৰঃ–
তাশ্বাহ্হুদত বহি শ্বাহাদাৎ আঙুলিৰ দ্বাৰা এবাৰ ইছাৰা কৰা আমিও ইমান দিনে শিকি আহিছোঁ। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ এবাৰ ইছাৰা কৰাৰ কোনো দলিল নাই। আনকি ইয়াৰ পক্ষে কোনো জাল হাদীছো নাই। আঙুলি কেতিয়া উঠাব লাগে এই লৈও আমি ইমানদিনে ভুলৰ মাজত আছিলোঁ। প্রচলিত নামাজ শিক্ষাৰ কিতাপসমূহত উল্লেখ আছে ‘লা ইলাহা’ কোৱাৰ সময়ত আঙুলি উঠাব লাগে। কিছুমান কিতাপত আছে ‘ইল্লাল্লাহ’ কোৱাৰ সময়ত আঙুলি উঠাব লাগে। এই সকলোবোৰেই
ব্যক্তিগত মতামত। ছহীহ হাদীছত এইবোৰৰ কোনো দলিল নাই। ছহীহ চনদ
তো দূৰৰ কথা জঈফ বা জাল চনদতো নাই। অনুৰূপভাৱে আঙুলি উঠাই পুনৰ নমোৱাৰ কোনো ভিত্তি নাই। বৰং ছহীহ
হাদীছৰ দ্বাৰা প্রমাণিত যে, ছালাম পর্যন্ত আঙুলি লৰাই থাকিব লাগিব।
[১] উল্লেখ্য বহুতে আঙুলি উঠাই ৰাখে, কিন্তু ইছাৰা নকৰে। এইটোও সঠিক নহয়। কাৰণ উক্ত মর্মে যিটো হাদীছ আছে সেইটো জঈফ। আব্দুল্লাহ বিন যুবাইৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,
“ৰাছুলুল্লাহ ﷺ-এ যেতিয়া দু’আ কৰে তেতিয়া আঙুলিৰ দ্বাৰা ইছাৰা কৰিছিল, কিন্তু লৰাই থকা
নাছিল।”
[২]→তাহক্বীকঃ বৰ্ণনাটি জঈফ।
[৩] ‘আঙুলি লৰাই থকা নাছিল’ এই অংশখিনি ছহীহ হাদীছত নাই। বৰং আঙুলি লৰাই থকাৰ পক্ষেই ছহীহ হাদীছ আছে। ৰাবী ওৱাইল বিন হুজুৰে কৈছে, মই দেখিছোঁ তেওঁ আঙুলি লৰাই দু’আ কৰিছিল।
[৪] ইবনু আবযা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাহ ﷺ-এ
চালাতত শ্বাহাদাৎ আঙুলিৰ দ্বাৰা ইছাৰা কৰিছিল।
[৫] ►গতিকে তাশ্বাহ্হুদ পঢ়াৰ সময়ত
কৰণীয়সমূহ হ’ল-
√ৰাছুলুল্লাহﷺ -এ যেতিয়া তাশ্বাহ্হুদত বহিছিল, তেতিয়া দু’আ কৰিছিল। তেওঁ সোঁ-হাত সোঁ-উৰুৰ ওপৰত আৰু বাওঁ-হাত বাওঁ-উৰুৰ ওপৰত ৰাখিছিল। শ্বাহাদাৎ আঙুলিৰ দ্বাৰা ইছাৰা কৰিছিল আৰু বৃদ্ধা আঙুলি মধ্যমা আঙুলিৰ ওপৰত ৰাখিছিল। আৰু বাওঁ-হাতৰ পাতাৰ দ্বাৰা বাওঁ-আঁঠু চেপি ধৰিছিল।
[৬] √আৰম্ভণিৰ পৰা শেষ পর্যন্ত
নাইবা দু’আ পর্যন্ত সোঁ-হাতৰ শ্বাহাদাৎ আঙুলিৰ দ্বাৰা সর্বদা ইছাৰা কৰিব লাগিব।
√ এই সময়ত দৃষ্টি থাকিব আঙুলিৰ মূৰত।
[৭] √দুই তাশ্বাহ্হুদতেই ইছাৰা কৰিব লাগিব।
[৮] √আৰবী তেৱান্নৰ দৰে সোঁ-হাত মুষ্টিবদ্ধ কৰি শ্বাহাদাৎ আঙুলিৰ দ্বাৰা ইছাৰা কৰা।
[৯] √হাতৰ সকলো অঙুলি মুষ্টিবদ্ধ কৰি তর্জনী আঙুলিৰ দ্বাৰা কিবলাৰ
দিশে ইঙ্গিত কৰা আৰু সেইফালে দৃষ্টি নিক্ষেপ কৰা।
[১০] “ৰাছুলুল্লাহ ﷺ-এ বাওঁ-হাতৰ তলুৱা বাওঁ-আঁঠুৰ ওপৰত মেলি দিছিল, আৰু সোঁ-হাতৰ
সকলো অঙুলি মুষ্টিবদ্ধ কৰি তর্জনী আঙুলিৰ দ্বাৰা কিবলাৰ ফালে ইঙ্গিত
কৰিছিল আৰু সেইফালে দৃষ্টি নিক্ষেপ
কৰিছিল।” [ছহীহ মুছলিম হা/১৩৩৮,
১১৮৬]
—————————————————–
[১] তাহক্বীক মিশকাত হা/৯০৬ ৰ টোকা দ্রষ্টব্য।
[২] আবু দাউদ হা/৯৮৯, ১/১২৪ পৃঃ; নাচাঈ আল-কুবৰা ১/৩৭২; বায়হাকী ২/১৩২; মিশকাত হা/৯১২
[৩] জঈফ আবুদউদ হা/৯৮৯
[৪] নাচাঈ হা/৮৮৯, ১/১০৩ পৃঃ ও ১২৬৮, ১/১৪২ পৃঃ চনদ ছহীহ।
[৫] আহমাদ হা/১৫৪০৫, চনদ ছহীহ, চিলচিলা ছহীহহা হা/৩১৮১
[৬] ছহীহ মুছলিম হা/১১৯৫, ১১৮৪
[৭] নাচাঈ হা/১২৭৫, ১/১৪২ পৃঃ হা/১১৬০, ১/১৩০ পৃঃ
[৮] বায়হাকী চুনানুল কুবৰা হা/২৯০৩; চনদ ছহীহ, চিফাতু চালাতিন নবী, পৃঃ১৫৯
[৯] ছহীহ মুছলিম হা/১১৯৭, ১১৮৬
[১০] ছহীহ মুছলিম হা/১৩৯৮, ১১৮৭