প্রশ্নঃ আমাৰ দেশত দেখা যায় বহুতৰ মাক-বাপেকে তেওঁলোকৰ শিশুৰ কপালৰ এফালে ক’লা ফোঁট দিয়ে যাতে শিশুটোৰ ওপৰত কাৰো বদনজৰ নালাগে। এনেকৈ ফোঁট দিয়া শ্বিৰ্ক নে?

প্রশ্নঃ আমাৰ দেশত দেখা যায় বহুতৰ মাক-বাপেকে তেওঁলোকৰ শিশুৰ কপালৰ এফালে ক’লা ফোঁট দিয়ে যাতে শিশুটোৰ ওপৰত কাৰো বদনজৰ নালাগে। এনেকৈ ফোঁট দিয়া শ্বিৰ্ক নে?
=====================================
উত্তরঃ হয়¸ এই কামটো শ্বিৰ্কৰ অন্তর্ভুক্ত। কাৰণ এই ক’লা ফোঁটৰ কোনো ক্ষমতা নাই যে শিশুটিক বদ নজৰৰ পৰা হিফাজতে ৰাখিব। আনহাতে শ্বিৰ্ক কৰিলে সকলো আমল আল্লাহে নষ্ট কৰি দিব। শ্বিৰ্কৰ পৰিণাম চিৰ জাহান্নাম।
আল্লাহৰ ওপৰত তাওৱাক্কুল:- 
সকলো প্রকাৰ বালা-মুছিবতৰ পৰা নিৰাপদে থকা আৰু যাৱতীয় উদ্দেশ্য পূৰণৰ কাৰণে সকলোতকৈ ডাঙৰ মাধ্যম হ’ল আল্লাহৰ প্রতি ভৰষা। আল্লাহ্ কৈছে,
(وَمَنْ يَتَوَكَّلْ عَلىَ اللهِ فَهُوَ حَسْبُهُ)
“যি ব্যক্তিয়ে আল্লাহৰ ওপৰত ভৰষা কৰিব, আল্লাহেই তাৰ কাৰণে যথেষ্ট হব।” (ছূৰা ত্বালাক- ৩)
বদ নজৰৰ পৰা বাচি থকাৰ কাৰণে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে দোৱা শিক্ষা দিছে সেই দোৱা পঢ়ি শিশুৰ গাত ফুঁক দিলে আল্লাহে সেই শিশুক বেয়াৰ পৰা নিৰাপদ ৰাখিব। দোৱাটি হ’ল-
(১) শিশুসকলক জৰা-ফুঁকা কৰা। যেনে- ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে হাছান ও হুছাইন ৰাদ্বিয়াল্লাহু আনহুক জৰা-ফুঁকা কৰিছিল। তেওঁ কৈছে,
أُعِيْذُكُماَ بِكَلِماَتِ اللهِ التاَّمَّةِ مِنْ كُلِّ شَيْطاَنٍ وَهاَمَّةٍ وَمِنْ كُلِّ عَيْنٍ لاَمَّةٍ
“আল্লাহৰ পৰিপূর্ণ বাণীসমূহৰ মাধ্যমত মই তোমালোকৰ আশ্রয় প্রার্থনা কৰিছোঁ সকলো প্রকাৰ শ্বয়তানৰ পৰা, বিষধৰ প্রাণীৰ অনিষ্টৰ পৰা আৰু সকলো প্রকাৰ বদ নজৰৰ পৰা।” (বুখাৰী)
২) আল্লাহৰ নির্দেশৰ বাস্তৱায়ন ও নিষেধৰ পৰা দূৰত থকা:- যি ব্যক্তিয়ে আল্লাহৰ আদেশ-নিষেধৰ হিফাজত কৰিব, তদানুযায়ী চলিব আল্লাহে তাক দ্বীন, দুনিয়া, পৰিবাৰ, সম্পদ সকলো ফালৰ পৰা হিফাজত কৰিব। ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-
“তুমি আল্লাহৰ আদেশ-নিষেধ মানি চলা আল্লাহে তোমাক হিফাজত কৰিব।” (তিৰমিজী)
৩) অধিক হাৰত আল্লাহৰ জিকিৰ কৰা:- যেনে- কুৰআন তিলাওৱাত, চুবহানাল্লাহ্, আল হামদুলিল্লাহ্, লা-ইলাহা ইল্লাল্লাহ্, আল্লাহু আকবাৰ ইত্যাদি বেছিকৈ কোৱা, অধিক হাৰত ইস্তেগফাৰ কৰা, নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত বেছিকৈ দৰূদ পাঠ… ইত্যাদি কামৰ মাধ্যমত বান্দাই নিজকে সুৰক্ষিত কৰিব পাৰে।
নির্দিষ্টভাৱে যিবোৰ দু’আ কালামৰ মাধ্যমত যাদু, বান, টোনা, বদ নজৰ, জ্বিন, শ্বয়তান ইত্যাদিৰ পৰা ৰক্ষা পোৱা যায়, তম্মধ্যে উল্লেখযোগ্য ও গুৰুত্বপূর্ণ কেইটিমান নিম্নৰূপ-
ক) শোৱাৰ আগত আয়াতাল কুৰছী (ছূৰা বাক্কাৰাৰ ২৫৫ নং আয়াত) পাঠ কৰা। যি ব্যক্তিয়ে নিশা এইটো পাঠ কৰে, তাৰ কাৰণে ফজৰ পর্যন্ত আল্লাহৰ পক্ষৰ পৰা এজন হিফাজতকাৰী ফিৰিস্তা নিয়োগ কৰা হয়, ফলত শ্বয়তানে তাৰ নিকটৱর্তী হব নোৱাৰে। (ছহীহ বুখাৰী)
খ) ছূৰা বাক্কাৰাা পাঠ কৰা। যি ঘৰত এই ছূৰা পাঠ কৰা হয় তাৰ পৰা শ্বয়তান পলায়ন কৰে। (মুছলিম)
গ) ছূৰা বাক্কাৰাৰ শেষৰ দু’আয়াত পাঠ কৰা। যি ব্যক্তিয়ে নিশা ছূৰা বাক্কাৰাৰ শেষৰ দুটি আয়াত পাঠ কৰিব, তাৰ কাৰণে এই দুটিয়েই যথেষ্ট হব। অর্থাৎ- সকলো প্রকাৰ অনিষ্টৰ পৰা মুক্তি পোৱাৰ কাৰণে যথেষ্ট হব। (ছহীহ বুখাৰী)
ঘ) ৰাতিপুৱা আৰু সন্ধিয়াৰ নির্ধাৰিত দু’আসমূহ পাঠ কৰা। ঘৰত প্রৱেশ, ঘৰৰ পৰা বাহিৰ হোৱা, বাহনত আৰোহণ কৰা আদিৰ সময়ত নির্দিষ্ট দু’আ পাঠ কৰা।
চ) সূর্যাস্তৰ সমযত় শিশুসকলক ঘৰৰ বাহিৰত যাবলৈ বাধা দিয়া। নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “যেতিয়া সন্ধিয়া হয় তেতিয়া তোমালোকৰ শিশুসকলক বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত ৰাখা। কিয়নো এই সময়ত শ্বয়তানৰ দল বাহিৰত বিয়পি ফুৰে। যেতিয়া ৰাতিৰ এক প্রহৰ অতিবাহিত হব তেতিয়া (শিশুসকলক) এৰি দিয়াত বাধা নাই।” (বুখাৰী ও মুছলিম)

Leave a comment