#প্যাৰাডক্সিক্যাল_ছাজিদ
*************************
( #গল্প_নং_২)
#তকদীৰ_বনাম_স্বাধীন_ইচ্ছাঃ_স্ৰষ্টা_ইয়াত_বিতৰ্কিত_নে?
_________________________
🖋মূল লিখকঃ #আৰিফ_আজাদ
🖌ভাষান্তৰঃ #মুখলিছুৰ_ৰহমান
_ছাজিদৰ_ বেগত অলপ মোটা ধৰণৰ ডায়েৰী এখন সদায় থাকে৷ ডায়েৰীখন প্ৰাগৈতিহাসিক যুগৰ নিদৰ্শনতকৈ কোনোগুনে কম নহয় ৷ ওপৰৰ ৰঙটো কেতিয়াবা বগাই আছিল ৷ ঠায়ে ঠায়ে ছিঙা৷ ছিঙা ঠাইৰ কৰ’বাত সুঁতাৰে চিলাই কৰা, কোনোবাটোত কাগজৰ টুকুৰা এটা আঁঠাৰে লিপিট খাই আছে৷ আকৌ ক’ৰবাত টেপ লগোৱা৷ এই ডায়েৰীখনতেই তেওঁ নিজৰ জীৱনৰ নানান উল্লেখযোগ্য ঘটনসমূহ লিখি ৰাখে ৷ কৈ থৈছোঁ যে, ছাজিদৰ ব্যক্তিগত ডায়েৰী পঢ়িবলৈ মোৰ এক্সেছ অনুমতি আছে৷ এই ডায়েৰীৰ মাজৰ কোনো এটা পৃষ্ঠাত ছাজিদে মোৰ লগত হোৱা প্ৰথম সাক্ষাতৰ বিৱৰণটোও লিখি ৰাখিছে৷ ছাজিদক মই প্ৰথম লগ পাও টিএচছিত৷
তেওঁ মোৰ বিষয়ে লিখিছে–
‘ভ্যাবলা টাইপৰ এজন ল’ৰাৰ লগত আজি পৰিচয় হ’ল৷ দেখিলেই অনুমান হ’ব যেন পৃথিৱীৰ কঠিন কোনো বিষয় তেওঁৰ মগজুত সুমুৱা অসম্ভৱ৷ কিন্তু কথা পতাৰ পিছতহে গম পালোঁ, ল’ৰাটো অত্যন্ত বুধিয়ক যদিও হোজা৷ ল’ৰাটোৰ নাম– আৰিফ৷’
তলত এটা তাৰিখ লিখা-৫/৩/২০০৯
এই ডায়েৰীত নানান বিখ্যাত ব্যক্তি সকলৰ উক্তিও লিখা আছে৷ এবাৰ ছাজিদ তেওঁৰ দেউতাৰ লগত কানাডাৰ টৰেন্টোলৈ গৈছিল এটা অফিচিয়েল ট্যুৰত৷ তাত বহুতো চেলিব্ৰেটিৰ লগতে বিলগেটছো আমন্ত্ৰিত আছিল৷ বিলগেটছে তেতিয়া দহ মিনিটৰ যি ভাষণ দিছিল, সেয়াও লিখা আছে৷
ছিলেট শাহজালাল বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ ছাইন্স ডিপাৰমেন্টৰ প্ৰফেচাৰ ড° জাফৰ ইকবালৰ লগত ছাজিদৰ এবাৰ গ্ৰন্থমেলাত সাক্ষাতৰ সৌভাগ্য হয়৷ সেই বছৰ গ্ৰন্থমেলাত জাফৰ ছাৰৰ কিতাপ ‘একটুখানি বিজ্ঞান’ ৰ দ্বিতীয় অংশ ‘আরো একটুখানি বিজ্ঞান’ প্ৰকাশিত হয়৷ ছাজিদে কিতাপ কিনি দোকানৰ বাহিৰ হোৱাৰ পথত জাফৰ ছাৰক লগ পায়৷ ছাজিদে অট’গ্ৰাফ লৈ হাঁহি মুখেৰে ছাৰক সুধিলে__’ছাৰ, ‘একটুখানি বিজ্ঞান’ পালোঁ ৷ ইয়াৰ পিছত পাইছোঁ ‘আরো একটুখানি বিজ্ঞান’৷ ইয়াৰ পিছত আকৌ ‘আর আর একটুখানি বিজ্ঞান’ কেতিয়া পাম?’
সিদিনা জাফৰ ছাৰে মিঠা হাঁহি মুখত লৈ কৈছিল বুলে–‘ পাবা,পাবা৷ নিশ্চয় পাবা৷’
নিজৰ লগত ঘটি যোৱা এনেকোৱা বহুতো ঘটনাই ঠাই পাইছে ছাজিদৰ ডায়েৰীত৷ ডায়েৰীখনৰ এ টো যেড মই পঢ়িছিলোঁ৷ কিন্তু ছেমিষ্টাৰ ফাইনাল অধিক কাষ চাপি অহাৰ কাৰণে যোৱা কিছুদিন ধৰি আৰু পঢ়া নহ’ল৷
সিদিনা থাৰ্ড ছেমিষ্টাৰৰ শেষ পৰীক্ষাটো দি ৰোমত আহিলোঁ৷ আহি দেখো ছাজিদ ৰোমত নাই৷ তেওঁৰ ডায়েৰীখন টেবুলৰ ওপৰত খোলা অৱস্থাত পৰি আছে৷
ঘৰ্মাক্ত শৰীৰ৷ শাওন মহীয়া ৰ’দত কেম্পাছৰ পৰা খোজকাঢ়িয়ে ৰোমত আহিছোঁ৷ এই মূহুৰ্তত ডায়েৰীখন হাতত ল’ম, সেই শক্তি বা ইচ্ছা এটাও নাই৷ কিন্তু ডায়েৰীখন বন্ধ কৰিবলৈ লওতেই এটা শিৰোনামৰ ওপৰত মোৰ দৃষ্টি আৱদ্ধ হৈ ৰ’ল৷ মই ছাজিদৰ টেবুলতেই বহি ল’লোঁ৷ লেখাটোপ শিৰোনাম আছিল__’ ভাগ্য বনাম স্বাধীন ইচ্ছাশক্তি: স্ৰষ্টা ইয়াত বিতৰ্কিত নে?’
বৰ লোভনীয় শিৰোনাম৷ কিছু সময়ৰ বাবে শাৰীৰিক ক্লান্তি পাহৰি মই ঘটনাটো প্ৰথমৰ পৰাই পঢ়িবলৈ ল’লো৷ ঘটনাটো ছাজিদৰ ডায়েৰিত যেনেকৈ লিখা, মই ঠিক তেনেকৈয়ে তুলি ধৰিছোঁ__
” কিছুদিন আগত ক্লাচৰ থাৰ্ড পিৰিয়ডত মফিজুৰ ৰহমান ছাৰে মোক থিয় কৰালে৷
তেওঁ কলে__ “তুমি কি ভাগ্য, আই মিন তকদীৰৰ ওপৰত বিশ্বাস কৰা?’
মই হঠাৎ অবাক হলোঁ৷ আচলতে এই কথাবোৰ হৈছে ধৰ্মসংক্ৰান্তীয়৷ মাইক্ৰ’বায়লজিৰ এজন শিক্ষকে যেতিয়া ক্লাচত সোমাই এইবোৰ কথা সোধে, তেতিয়া অলপ বিব্ৰতবোধ কৰাটোৱে স্বাভাৱিক৷ ছাৰে মোৰ উত্তৰৰ আশাত মোৰ মুখৰ পিনে চাই আছে৷
মই ক’লোঁ__ ‘হয় ছাৰ৷ এ্যজ এ মুছলিম, মই তকদীৰত বিশ্বাস কৰোঁ৷ এইটো মোৰ ঈমানৰ মূল সাতোটা বিষয়ৰ মাজৰ এটা৷’
ছাৰে ক’লে___’তুমি বিশ্বাস কৰানে, মানুহে তেওঁৰ জীৱনত যি যি কৰিব বা ঘটিব তেওঁৰ জন্মৰ বহু বছৰ আগতেই তেওঁৰ তকদীৰত লিখি দিয়া হৈছে?’
___’য়েচ্ ছাৰ ৷’ মই উত্তৰ দিলোঁ৷
___’কোৱা হয়,স্ৰষ্টাৰ ইচ্ছা অবিহনে গছৰ এটা ক্ষুদ্ৰ পাতো লৰচৰ কৰিব নোৱাৰে, হয় নে??
___’য়েচ্ ছাৰ৷’
___’ ধৰি লোৱা, আজি ৰাতিপোৱা মই এজন মানুহক হত্যা কৰিলোঁ৷ এয়া কি মোৰ তকদীৰত আগতেই নিৰ্ধাৰিত নাছিল নেকি?
___’হয়, আছিল৷’
___’মোৰ তকদীৰ যেতিয়া লিখা হৈছিল, তেতিয়া কি মই জীৱিত আছিলো নেকি?’
___’নাই, নাছিলে৷’
___’মোৰ তকদীৰ কোনে লিখিছে? কাৰ নিৰ্দেশত লিখা হৈছে?
___’স্ৰষ্টাৰ৷”
___’তেনেহ’লে চিধা আৰু সৰল লজিক মতে– আজি পুৱা যিটো হত্যা মই কৰিছোঁ, সেইটো মূলত মই কৰা নাই৷ মই ইয়াত এটা ৰবটহে মাথোন৷ মোৰ ভিতৰত স্ৰষ্টাই এটা প্ৰগ্ৰাম ছেট কৰি দিছে৷ সেই প্ৰগ্ৰামত লিখা আছিল যে, আজি পুৱা মই এজন মানুহক হত্যা কৰিম৷ অতএব, মই তাকেই কৰিছোঁ, যি মোৰ বাবে স্ৰষ্টাই পূৰ্বে নিৰ্ধাৰণ কৰি থৈছে৷ ইয়াত মোৰ কোনো হাত নাই৷ ডু ইউ এগ্ৰি, ছাজিদ?’
___’অলপ, অলপ৷’ _মই উত্তৰ দিলোঁ৷_
ছাৰ হাঁহিবলৈ ধৰিলে৷ হাঁহি হাঁহিয়ে ক’লে___’মই জানো,তুমি সম্পূৰ্ন একমত নোহোৱা৷ এতিয়া তুমি মোক যুক্তি দেখুৱাবলৈ নিশ্চয় ক’বা__ ছাৰ! স্ৰষ্টাই আমাক এটা স্বাধীন ইচ্ছা শক্তি দিছে৷ আমি ইয়াৰ সহায়ত ভাল-বেয়া বিচাৰ কৰি চলোঁ, ৰাইট?’
___’য়েচ্ ছাৰ৷’
___’কিন্তু ছাজিদ, এইটো খুবেই লেইম লজিক, ইউ ন’? ধৰা, মই তোমাৰ হাতত বজাৰৰ এটা লিষ্ট দিলোঁ৷ লিষ্টত কিনিবলগীয়া সকলো সামগ্ৰীৰ নাম লিখা আছে৷ এতিয়া তুমি বজাৰ কৰি আহিলা ৷ ঠিক সেইবোৰ পদকে কিনিলা যি যি লিখা আছিল আৰু তুমি এয়া কৰিবলৈ বাধ্য৷’
এইখিনি কোৱাৰ পিছত ছাৰে মোৰ পৰা জানিব বিচাৰিলে_’বুইছানে?’
মই লাহেকৈ ক’লোঁ__’হয়, ছাৰ৷’
___’ভেৰি গুড! ধৰা, তুমি বজাৰ কৰি অহাৰ পিছত এজনে সুধিলে, ছাজিদ! কি কি আনিছা? তেতিয়া মই ক’লোঁ– তেওঁৰ যিবোৰ খাবলৈ ভাল লাগিছে, সেইবোৰেই কিনিছে৷ কোৱাচোন, মই সঁচা কৈছোঁ নে নাই?’
মই কলো–‘নাই, আপুনি মিছা কৈছে৷’
ছাৰ চিঁঞৰি উঠিল— ‘এক্সাক্টলি৷ ইউ হ্যাভ গট দ্য পয়েন্ট, মাই ডিয়াৰ৷ মই মিছা কৈছোঁ৷ মই লিষ্টত লিখিয়েই দিছোঁ তোমাৰ কি কিনিব লাগিব৷ তুমিও সেয়াই কৰিছা৷যি কিনিছা সেয়া মোৰ পছন্দৰ৷ এতিয়া যদি কও যে, ‘ছাজিদৰ যি খাবলৈ ভাল লাগিছে তাকেই কিনিছে৷’_ তেতিয়াহ’লে ই এটা ডাঙৰ মিছা কথা হ’ব, নে কি কোৱা?’
___’য়েচ্ ছাৰ৷’
—-‘ ঠিক স্ৰষ্টাও এনেকৈ মিছা কথা কৈছে৷ দুই নম্বৰি কৰিছে ৷ তেওঁ বহুত আগতেই আমাৰ তকদিৰ লিখি আমাৰ ডিঙিত ওলমাই দিছে৷ এতিয়া আমি সেইটোৱেই কৰোঁ, যিটো সৃষ্টিকৰ্তাই তাত লিখি ৰাখিছে৷ আকৌ এট দ্যা এণ্ড অফ দ্যা ডে, ইয়াৰ বাবেই কোনোজন জান্নাতত যাব আৰু কোনোবাজন জাহান্নামত৷ কিন্তু কিয় *?* ইয়াত মানুহৰতো কোনো হাত নাই ৷ মেনুৱেলটো স্ৰষ্টাই বনাইছে ৷ আমি জাষ্ট পাৰফৰমাৰহে৷ স্ক্ৰিপ্ট ৰাইটাৰতো স্ৰষ্টা৷ সেইবাবে সৃষ্টিই কাৰোবাক জান্নাতত, কাৰোবাক জাহান্নামত দিব নোৱাৰে৷ যুক্তিয়ে অন্তত ইয়াকেই কয়, নে কি কোৱা?
মই কোনো কথা নকলোঁ ৷ গোটেই ক্লাছৰোমত তেতিয়া পিনড্ৰপ ছাইলেন্ট৷
ছাৰে ক’লে–‘হ্যাভ ইউ এনি প্ৰ’পাৰ লজিক অন দ্যাট টিপিক্যাল কোয়েশ্চন, ডিয়াৰ?
মই আৰু অলপ নিৰৱে থাকিলোঁ৷
ছাৰে মিচিকিয়াই হাঁহিলে৷ এনেকোৱা লাগিল যেন_তেওঁ ধৰি লৈছে যে সচাকৈয়ে মোক হৰুৱাই দিলে৷ বিজয়ৰ হাঁহি৷
মোক যিসকলে চিনি পায়, সিহঁতে জানে যে, মই কেতিয়াও কোনো প্ৰশ্নৰ উত্তৰ দিয়ালৈ সময় নলওঁ৷ আজি যিহেতু ইয়াৰ ব্যতিক্ৰম হ’ল, সেয়ে বন্ধুসকলে ডাঙৰ ডাঙৰ চকুঁৰে মোৰ ফালে চাই থাকিল৷ সিহঁতৰ চাওনি দেখি এনেকোৱা লাগিছিল যেন এই ছাজিদক সিহঁতে চিনিয়ে নাপায়৷কেতিয়াও দেখা নাই৷
কিন্তু ক্লাছত যিসকল মোৰ বিৰোধী মতৰ, সিহঁতৰ চেহেৰা মূহুৰ্তৰ ভিতৰতেই উজ্বল হৈ পৰিল৷ সিহঁতে হয়তো মনে মনে কবলৈ ধৰিলে ” মোল্লাৰ দৌৰ সৌ মছজিদলৈকেই৷ হাঃহাঃহাঃ৷”
মই মূৰ তুলি ছাৰৰ ফালে চালোঁ৷ মিচিকিয়া হাঁহিটো ছাৰৰ ওঠত তেতিয়াও বিৰাজমান৷
মই ক’লোঁ__ ‘ছাৰ! এই ক্লাচত আপোনাৰ কাৰ সম্বন্ধে কি অভিমত?
ছাৰে হঠাৎ বিচূৰ্তি খালে৷ ছাৰে সুধিছিল কি আৰু মই কৈ আছো কি!
ছাৰে ক’লে—‘বুজা নাই৷’
—–‘মানে আমাৰ ক্লাচৰ কাৰ মেধাশক্তি কেনেকুৱা, সেই বিষয়ে আপুনাৰ কি ধাৰণা?
—–‘আ–ও! ভাল ধাৰণা আকৌ৷ছাত্ৰ-ছাত্ৰী সকলৰ বিষয়ে এজন শিক্ষকতকৈ কোনে বেছি জানিব!’
—-‘ ছাৰ!আপুনি কওকচোন, এই ক্লাচৰ কোনে কোনে ফাৰ্ষ্ট ক্লাচ পাব আৰু কোনে কোনে ছেকেণ্ড ক্লাচ?’
ছাৰ অলপ বিস্মিত হ’ল৷ ছাৰে ক’লে—‘মই তুমাক অন্য বিষয়তহে প্ৰশ্ন কৰিছোঁ৷ তুমি আউট অৱ কন্টেক্সটত গৈ উলটাই মোকে প্ৰশ্ন কৰিছা! ‘
— ‘নাই ছাৰ, মই কন্টেক্সটতেই আছোঁ৷ আপুনি উত্তৰ দিয়ক৷’
—-‘এই ক্লাচৰ পৰা ৰাইহান, মমতাজ, ফাৰহানা, সঞ্জীৱ, ওৱাৰিচ, ইফতি, সুমন, জাবেদ আৰু তুমি ফাৰ্ষ্ট ক্লাচ পাবা৷ আৰু বাকীসকলে ছেকেণ্ড ক্লাচ পাব৷
ছাৰে যি সকলৰ নাম উল্লেখ কৰিছে, সিহঁত সকলোৱে ব্ৰিলিয়েন্ট ষ্টুডেন্ট৷ সেয়ে ছাৰৰ অনুমান মুটামুটি ঠিকেই আছে৷
মই ক’লোঁ—‘ছাৰ, আপুনি এইটো লিখি দিব পাৰিব?’
—- ‘Why not’–ছাৰে কৈ উঠিল৷ আৰু লগে লগে এটুকুৰা কাগজত খচখচ্ কৈ এফালে ফাৰ্ষ্টক্লাচ পাব পৰা সকলৰ নাম আৰু আনফালে ছেকেণ্ড ক্লাচ সম্ভৱা সকলৰ নাম লিখি মোৰ হাতত দিলে৷
মই কলোঁ—‘ছাৰ, ধৰি ল’লোঁ যে, আপুনাৰ ভৱিষ্যদ্বাণী আখৰে আখৰে সত্য বুলি প্ৰমানিত হৈছে৷ আপুনি ফাৰ্ষ্ট ক্লাচ পাব বুলি যি সকলৰ
নাম লিখিছে, সিহঁতে সকলোৱেই ফাৰ্ষ্ট ক্লাচ পাইছে, আৰু যি সকলৰ নাম ছেকেণ্ড ক্লাচৰ ঘৰত লিখিছে, সিহঁতেও সেই মতেই উত্তীৰ্ণ হৈছে ৷’
— ‘হুম, তাতে কি হ’ল?’
—‘এতিয়া কওকচোন ছাৰ, যি সকলে ফাৰ্ষ্ট ক্লাচ পাইছে, সিহঁতে কি আপুনি সিহঁতৰ নাম কাগজত লিখি দিয়াৰ কাৰণেই ফাৰ্ষ্ট ক্লাচ পাইছে?’
—-‘নহয়তো!’
—-‘আৰু যি সকলে ছেকেণ্ড ক্লাচ পাইছে, সিহঁতেও কি……………………
____ ‘নাই, একদম নহয়৷’
——‘তোনেহ’লে আচল কথাটো কি ছাৰ?’
ছাৰে ক’লে—‘আচল কথাটো হ’ল, মই তোমালোকৰ শিক্ষক৷ মই খুওব ভালকৈ জানো পঢ়াশুনাত তোমালোকৰ কোন কেনেকোৱা৷ মই ভালদৰে জানো, কাৰ মেধাশক্তি কেনেকোৱা৷ সেয়ে মই চকু বন্ধ কৰিয়ে কৈ দিব পাৰোঁ কোনে কেনেকোৱা ৰিজাল্ট কৰিব৷’
মই হাঁহিলোঁ৷ কলোঁ–‘ছাৰ, যি সকলে ছেকেণ্ড ক্লাচ পাইছে, সিহঁতে যদি আপোনাৰ গাত দোষ জাপি দিয়ে? যদি কয় যে, আপুনি সিহঁতৰ নাম ছেকেণ্ড ক্যাটেগৰীত লিখিছে বাবেই সিহঁতে ছেকেণ্ড ক্লাচ পাইছে?’
ছাৰে কপালৰ ৰেখা প্ৰশস্ত কৰি ক’লে—‘ইউ উড বি টোট্যালি ৰং লিষ্ট৷ ইয়াৰ বাবে মই কিয় দায়ী হ’ম? ইয়াৰ বাবেতো সম্পূৰ্ণ সিহঁতেই দায়ী৷ সিহঁতৰ মেধা আৰু যোগ্যতা সম্পৰ্কে মোৰ ধাৰণা আছে বাবেই আগতেই লিখি দিব পাৰিছোঁ যে, কোনে কি ৰিজাল্ট কৰিব৷’
মই আগতকৈ জোৰে জোৰে হাঁহিবলৈ ধৰিলোঁ৷ গোটেই ক্লাচৰোমৰ চকুঁ মোৰ ফালে থৰ৷
মই কোনোমতে হাঁহি দমাই ক’লোঁ—‘ছাৰ, তকদীৰ তথা ভাগ্যটোও ঠিক এনেকোৱাই৷ আপুনি যেনেকৈ আমাৰ মেধা, যোগ্যতা, ক্ষমতা সম্পৰ্কে ভলকৈ জানে, স্ৰষ্টাও তেনেকৈ সৃষ্টি সম্পৰ্কে ভালকৈ অৱগত৷ আপোনাৰ ধাৰণা কেতিয়াবা ভুল হ’ব পাৰে, কিন্তু সৃষ্টিকৰ্তাৰ ধাৰণাত কেতিয়াও ভুল নহয়৷ স্ৰষ্টা হৈছে আ-লিমুল গাইব৷ তেওঁ অতীত-বৰ্তমান-ভৱিষ্যত সকলো সমানে জানে৷
আপুনি যেনেকৈ আমাৰ সম্পৰ্কে পূৰ্বানুমান কৰি লিখি দিছে যে, আমাৰ মাজত কোনে ফাৰ্ষ্ট ক্লাচ পাব, কোনে ছেকেণ্ড ক্লাচ৷ ইয়াৰ মানে কিন্তু এইটো নহয় যে, আপুনি কৈ দিছে বাবেই আমাৰ কোনোবাই ফাৰ্ষ্ট ক্লাচ পাইছে, আৰু কোনোবাই ছেকেণ্ড ক্লাচ পাইছে৷ আমাৰ যিয়ে যি ৰিজাল্ট কৰিছে সেয়া আমাৰ মেধা, যোগ্যতা আৰু পৰিশ্ৰমৰ আল্টিমেট পৰিণতি ৷
স্ৰষ্টাও তেনেকৈ পূৰ্বানুমান কৰি আমাৰ তকদীৰ লিখি ৰাখিছে৷ তাত লিখা আছে যে, পৃথিৱীত আহি আমাৰ কোনে কি কৰিব৷ ইয়াৰ অৰ্থও কিন্তু এইটো নহয় যে, তেওঁ লিখি দিছে বুলিয়েই আমি কামবোৰ কৰি আছোঁ৷ বৰঞ্চ ইয়াৰ অৰ্থ হৈছে, তেওঁ জানে যে, পৃথিৱীত আহি আমি এই কামবোৰ কৰিম৷ সেয়ে তেওঁ তকদীৰ হিচাপে আগতীয়াকৈ এইবোৰ লিখি থৈছে৷
আমাৰ মাজৰ পৰা কোনোবাই ফাৰ্ষ্ট ক্লাচ আৰু কোনোবাই ছেকেণ্ড ক্লাচ পোৱাৰ বাবে যেনেকৈ আপুনি কেতিয়াও দায়ী নহয়৷ ঠিক তেনেকৈ মানুহৰ মাজত কোনোবাই ভাল কাম কৰি জান্নাতত আৰু কোনোবাই বেয়া কাম কৰি জাহান্নামত যোৱাৰ কাৰণেও স্ৰষ্টা দায়ী নহয়৷ স্ৰষ্টাই জানে যে, আজি ৰাতিপোৱা আপুনি এজন মানুহক হত্যা কৰিব৷ সেয়ে সেইটোক স্ৰষ্টাই আগতেই আপুনাৰ তকদীৰত লিখি ৰাখিছে৷ ইয়াৰ মানে এইটো নহয় যে স্ৰষ্টাই লিখি ৰাখিছে বুলিয়েই আপুনি হত্যাটো কৰিবলৈ পাইছে৷ বৰঞ্চ ইয়াৰ অৰ্থ হ’ল–স্ৰষ্টাই জানে যে আপুনি আজি হত্যাটো কৰিব৷ সেয়ে সেইটো আপোনাৰ তকদীৰ হিচাপে আগতেই লিখি ৰাখিছে৷
ছাৰ, বিষয়টো এতিয়া পৰিষ্কাৰ হ’লনে?
ছাৰৰ মুখমণ্ডল শেঁতা পৰি নিষ্প্ৰভ যেন লাগিল৷ কোনোমতে সেপঢুকি ক’লে—‘হুম৷’
ছাৰ কিছু সময় নিৰৱে থাকিল৷ অলপ পিছত গল খেকাৰি মাৰি সুধিলে—-‘মই শুনিছিলোঁ, তুমি কিছুদিন আগতেও নাস্তিক আছিলা৷ এতিয়া আকৌ আস্তিক কেতিয়া হ’লা?’
মই হা হা হা কৈ হাঁহিলোঁ৷ মই ক’লোঁ—–‘ এই প্ৰশ্নটো কিন্তু ছাৰ, আউট অৱ কন্টেক্সট৷’
গোটেই ক্লাচৰোমত তেতিয়া হাঁহিৰ জোৱাৰ-ভাটা চলি আছে৷ ছাৰে এতিয়া একাডেমিক লেকচাৰ আৰম্ভ কৰিলে৷
ক্লাচৰ শেষৰফালে ছাৰে মোক আকৌ থিয় কৰালে৷’ বুজিলোঁ, স্ৰষ্টা আগৰ পৰাই অৱগত বাবে লিখি ৰাখিছে৷ তেওঁ যিহেতু আগৰ পৰাই জানে কোনে ভাল কাম কৰিব, কোনে বেয়া কাম কৰিব, তেনেহ’লে পৰীক্ষা লোৱাৰ প্ৰয়োজন ক’ত? যি সকল জান্নাতত যাব সিহতক জান্নাতত, আৰু যিসকল জাহান্নামত যাব সিহঁতক জাহান্নামত পঠিয়ই দিলেইতো হ’লহেতেন, নেকি?’—ছাৰৰ প্ৰশ্ন৷
মই আকৌ হাঁহিলো৷ মোৰ আঙুলিৰ চেপত ছাৰে লিখি দিয়া কাগজ টুকুৰা তেতিয়াও আছিল৷ মই সেইটো ছাৰক দেখুৱাই ক’লোঁ—-‘ছাৰ, এই কাগজত কোনে কোনে ফাৰ্ষ্ট ক্লাচ পাব আৰু কোনে কোনে ছেকেণ্ড ক্লাচ পাব লিখা আছে৷ তেনেহ’লে এই কাগজৰ ভিত্তিতেই ৰিজাল্ট দি দিয়ক৷ উপৰিঞ্চি পৰীক্ষা কিয় ল’ব?’
ছাৰে ক’লে—‘পৰীক্ষা নাপাতিলে কোনোবাই হয়তো অভিযোগ কৰিব পাৰে যে, ছাৰে মোক ইচ্ছা কৰিয়েই ছেকেণ্ড ক্লাছ দিছে, পৰীক্ষা দিলে নিশ্চয় মই ফাৰ্ষ্ট ক্লাচ পালোঁ হয়৷’
মই ক’লোঁ—-‘একেবাৰে ঠিক ছাৰ৷ স্ৰষ্টাও এইবাবে পৰীক্ষা লয়, যাতে কোনেও কব নোৱাৰে– দুনীয়াত পৰীক্ষাৰ ব্যৱস্থা থাকিলে মই নিশ্চিতভাৱে আজি জান্নাতত থাকিলসো হয়৷ স্ৰষ্টাই নিজৰ ইচ্ছামতেই মোক জাহান্নামত নিক্ষেপ কৰিছে৷’
ক্লাচৰ সকলোৱে হাততালি বজাবলৈ ধৰিলে ৷ ছাৰে ক’লে–‘ছাজিদ, আই হ্যাভ এ লাষ্ট কোয়েশ্চন৷’
—-‘ডেফিনেইটলি, ছাৰ৷’–মই ক’লোঁ৷
—-‘আচ্ছা, যিজন মানুহে জীৱনত বেয়া কাম বেছি কৰে,তেওঁ অন্তত অলপ হ’লেও ভাল কামতো কৰেই, নে কি কোৱা?’
—-‘হয়, ছাৰ৷’
—-‘তেনেহ’লে এই ভাল কামবোৰৰ বাবেওতো তেওৰ জান্নাতত যাব লাগে৷ নে কি?
মই ক’লোঁ___ ‘ছাৰ, পানী কেনেকৈ প্ৰস্তুত হয়?
ছাৰে আকৌ বিষ্ময়বোধ কৰিলে৷ হয়তো কব বিচাৰিছিল যে, এই প্ৰশ্নটোও আউট অৱ কন্টেক্সট৷ কিন্তু কিবা এটা ভাবি লেউসেউ হৈ পৰিল৷ ছাৰে ক’লে—‘দুভাগ হাইড্ৰজেন আৰু এভাগ অক্সিজেনৰ সংমিশ্ৰণত৷’
—-‘আপুনি এভাগ হাইড্ৰজেন আৰু এভাগ অক্সিজেন দি পানি প্ৰস্তুত কৰিব পাৰিবনে?
—-‘ কেতিয়াও নোৱাৰোঁ৷’
—–‘ঠিক তেনেকৈয়ে, এভাগ ভাল কাম আৰু এভাগ বেয়া কামৰ দ্বাৰা জান্নাতৰ সৌভাগ্য নহয়৷ জান্নাত পাবলৈ হ’লে তিনিভাগেই ভাল কাম কৰিব লাগিব , নাইবা দুভাগ ভাল কাম, এভাগ বেয়া কাম৷ অৰ্থাৎ ভাল কামৰ দিশটো টনকীয়াল হোৱা আৱশ্যক৷
সিদিনা ছাৰে আৰু মোক কোনো প্ৰশ্নই নকৰিলে৷’
*একে* উশাহতে গোটেইখিনি পঢ়ি পেলালোঁ৷ পঢ়ি উঠি যেতিয়া মই ডায়েৰীখন বন্ধ কৰিবলৈ লৈছো, তেতিয়াই দেখিলোঁ, পিছফালৰ পৰা ছাজিদ আহি মোৰ কানত লাহে লাহে পিহি আছে৷
সি কলে–‘তইতো সাংঘাতিক লেভেলৰ চুৰ৷ চুৰ কৰি মোৰ ডায়েৰী পঢ়ি আছ৷’
মই হাঁহি মাৰি কলোঁ— “হাঃহাঃহাঃ, পাহৰি গৈছ যে, এই ডায়েৰী পঢ়াৰ এক্সেজ তই নিজেই মোক দিছিলি!’
ছাজিদে জিভাত কামুৰি ক’লে–‘সেইটো মোৰ উপস্থিতিত, কিন্তু!’
মই প্ৰসংগ সলনি কৰিবলৈ ক’লোঁ— ‘ ছাৰক তো সিদিনা ভালকৈ পাঙত পেলাইছিলি বে!
কথাটোত তেওঁ কৰ্ণপাত কৰিল বুলি মনে নধৰিল৷ নিজৰ সম্পৰ্কে কোনো কমপ্লিমেন্টক তেও পাত্তাই নিদিয়ে৷ গামোচাত মুখ মচি মচি সি বিছনাত ওঠিলগৈ৷
মই তেওঁৰ কান্ধতত হাত ৰাখি কলোঁ—‘ছাজিদ!………’
—-‘হু’
—-‘এটা কথা ক’ব বিচাৰোঁ’
—-‘ক’
—–‘জাননে, এসময়ত যুৱ প্ৰজন্ম হিমু হ’ব বিচাৰিছিল, হালধীয়া পাঞ্জাৱী পিন্ধি, মৰুভুমিত গাঁত খান্দি জোন দেখাৰ সপোন ৰচিছিল৷ দেখিবি, এনেকুৱা দিন আহিব, যিদিনা যুৱক সকল ছাজিদ হ’ব বিচাৰিব৷ ঠিক তোৰ দৰে……’
এইখিনি কৈ মই ছাজিদৰ ফালে চালোঁ৷ ছাজিদ ইতিমধ্যে টুপনিত লাল-কাল হৈ পৰিছে৷ অঘোৰ টুপনি……এক প্ৰশান্ত মুখৰ পৰা মই চকুঁ আঁতৰাব পৰা নাছিলোঁ৷
*******★********★******
_________________________