প্যাৰাডক্সিক্যাল ছাজিদ [ গল্প নং–৩ – সৃষ্টিকৰ্তাই আমাৰ বেয়া কামৰ দায়-দোষ নিজৰ উপৰত নলয় কিয়? ]

( _নাস্তিক পুৰাণ_ )

       [গল্প নং–৩]

*সৃষ্টিকৰ্তাই আমাৰ বেয়া কামৰ দায়-দোষ নিজৰ উপৰত  নলয় কিয়?*
★★★★★★★★★★★★
________________________
🖋মূল লিখকঃ _*আৰিফ আজাদ*_
🖌ভাষান্তৰঃ _*মুখলিছুৰ ৰহমান*_
________________________

       মফিজুৰ ৰহমান ছাৰৰ ক্লাচ৷ ক্ষীণকায় চেহেৰাৰে নাৰিকল গছৰ দৰে উখ ছাৰৰ দৈহিক গঠন৷ ফাগুন মাহৰ পচুৱা বতাহটো ছাৰৰ বাবে আটাইতকৈ বিপদজনক৷ জানোচা খালি হাতে উৰি গৈ শশুৰৰ ঘৰত পৰে৷ চকুঁযুৰি চেহেৰাতকৈ অস্বাভাৱিক ডাঙৰ৷ যেন ডাঙৰ ছাইজৰ দুটা জলপাইগুটি কোনোবাই গাত খান্দি একাংশ পুতি থৈ দিছে৷ মুঠতে ছাৰৰ স্বাস্থ্যৰ কথা আৰু নকলেও চলে৷ কিন্তু ভদ্ৰলোকজন বহুত ভাল মানুহ৷ মাৰ্জিত ব্যৱহাৰৰ বাবে এশত এশই পাব৷ তেওঁৰ সমস্যা এটাই–ক্লাচত তেওঁ যিমানখিনি বায়লজি পঢ়ায়, তাতোকৈ বেচি দৰ্শন চৰ্চাহে কৰে৷ ধৰ্ম ক’ৰ পৰা আহিল, কেতিয়াৰ পৰা মানুহৰ ধাৰ্মিক হোৱা আৰম্ভ হ’ল, ধৰ্ম আচলতে কি, ইত্যাদি বিষয়েই তেওঁৰ আগ্ৰহৰ আৰু আলোচনাৰ কেন্দ্ৰবিন্দু৷

আজি তেওঁৰ চতুৰ্থ ক্লাচ৷ পঢ়োৱাৰ বিষয়বস্তু হ’ল– *Analytical Tecgniques and Bio-Informatics.* (চতুৰ্থ ছেমিষ্টাৰত এই বিষয়টো পঢ়োৱা হয়৷)

ছাৰে ক্লাচত প্ৰৱেশমাত্ৰই কলে—‘ Good Morning, Guys.’

সকলোৱে একেসুৰে কলে —‘ Good Morning, Sir.’

ইয়াৰ পিছত ছাৰে সকলোকে সুধিলে—‘কেনে আছা তোমালোক?’

ছাৰৰ আৰু এটা ভাল গুন হ’ল, তেওঁ ক্লাচত সোমালে এনেদৰেই সকলোৰে কুশলাদি সোধে৷ সাধাৰণত হায়াৰ লেভেলত যিটো অন্যান্য শিক্ষকৰ পৰা দুষ্প্ৰাপ্য৷ বেচিভাগ শিক্ষকেই ৰবটৰ দৰে ক্লাচত আহি যন্ত্ৰৰ দৰে লেকচাৰ দি গুচি যায়৷ সেইফালৰ পৰা মফিজুৰ ৰহমান নামৰ এই ভদ্ৰলোকজন বহু পৰিমানে ব্যতিক্ৰম৷

আকৌ সকলোৱে সমস্বৰত উত্তৰ দিলে৷ কিন্তু এঠাইত যেন অলপ গোলমাল লাগি গ’ল৷ শিক্ষাৰ্থীসকলৰ মাজৰ পৰা কিছুমানে এনেকৈ উত্তৰ দিছে–‘আলহামদুলিল্লাহ ভাল৷’

ছাৰে কপালৰ ৰেখাডাল অলপ পোন কৰি ক’লে–‘আলহামদুলিল্লা ভাল বুলি কোনে কোনে কৈছা?’

অদ্ভূত প্ৰশ্ন৷ সকলোৱে থতমত খাই ইজনে সিজনৰ মুখৰ ফালে চাবলৈ ধৰিলে৷
আগতেই কৈছোঁ যে, ছাৰ অলপ বেলেগ টাইপৰ৷ প্ৰাইমাৰি লেভেলৰ শিক্ষকসকলৰ দৰে ক্লাচত আহি চিঞঁৰি চিঞঁৰি  Good Morning কয়, খবৰ সোধে৷ এতিয়া ‘আলহামদুলিল্লাহ ভাল’ বুলি কোৱাৰ কাৰনে প্ৰাইমাৰি শিক্ষকৰ দৰে চেকনিৰে নোকোবালেই ৰক্ষা !

ছাজিদৰ তেতিয়া তেওঁৰ প্ৰাইমাৰি স্কুলৰ শিক্ষক বাবুল চন্দ্ৰ দাসৰ কথা মনত পৰিল৷ এই মানুহজনে ক্লাচত কোনোবাই দুবাৰৰ বেচি হাঁচি মাৰিলেই বেতেৰে ৰাম পিটন দিছিল৷ তেওঁৰ কথা হ’ল–‘হাঁচিৰ সৰ্বোচ্চ পৰিমাণ হ’ব দুবাৰ ৷ দুবাৰৰ বেচি হাঁচি দিয়া মানেই ইচ্ছা কৰি অসভ্যালি কৰা৷’

বাৰু, বাবুল চন্দ্ৰ দাসৰ পাঠতো কেতিয়াবাই গ’ল, এইবাৰ হয়তো মফিজ চন্দ্ৰৰ হাতৰ ৰামধুলাই খাব লাগিব৷ ক্লাচৰ সৰ্বমুঠ সাতজন থিয় হ’ল৷ এওলোক সকলোৱে ‘আলহামদুলিল্লাহ ভাল’ বুলি কৈছে৷ অপৰাধী সকল হৈছে- ৰাকিব, আদনান, জুনাইদ,ছাকিব,মৰিয়ম,ৰিতা আৰু ছাজিদ৷ ছাৰে সকলোৰে চেহেৰা অলপ ভালকৈ চাই ল’লে৷ ইয়াৰ পিছত খিক্ কৰি হাঁহি মাৰি ক’লে–‘বহা৷’

সকলোয়ে বহিল৷ আজি বোধহয় আৰু একাডেমিক পঢ়া-শুনা নহ’ব৷ দৰ্শনৰ তাত্ত্বিক আলোচনা হ’ব৷ ঠিক সেয়াই হ’ল৷ মফিজুৰ ৰহমান ছাৰে আদনানক থিয় কৰালে৷ তেওঁ ক’লে—‘তুমিও কৈছিলা নহয় সেইটো?’

–‘হয় ছাৰ৷’– আদনানে ক’লে৷

—‘আলহামদুলিল্লাহৰ অৰ্থ কি জানা?’–ছাৰে সুধিলে৷

আদনানৰ মনত হয়তু অলপ ভয় সোমাইছে৷ তেওঁ সেপ ঢুকি কোনোমতে ক’বলৈ পালে—-‘ হয় ছাৰ, আলহামদুলিল্লাহৰ অৰ্থ হ’ল–সকলো প্ৰশংসা কেৱল আল্লাহৰ বাবে৷’

ছাৰে ক’লে—‘সকলো প্ৰশংসা কেৱল আল্লাহৰ বাবে৷’

ছাৰে এই বাক্যটো দুবাৰ উচ্চাৰণ কৰিলে৷ ইয়াৰ পিছত আদনানৰ ফালে চাই ক’লে–‘বহা৷’

আদনান বহিল৷ ছাৰে এইবাৰ ৰিতাক থিয় কৰালে৷ ছাৰে ৰিতাক সুধিলে–‘ ৰিতা, পৃথিৱীত চুৰি-ডকাইতি আছেনে?’

ৰিতাই ক’লে—‘নিশ্চয় ছাৰ৷’

—-‘ধৰ্ষণ, হত্যা ?

—-‘আছে৷’

—-‘প্ৰৱঞ্চনা, মনুহক ঠগোৱা, লোভ-লালসা আদি?

—-‘আছেইতো৷’– ৰিতাই বিৰক্তবোধ কৰিলে৷

—-‘এই বিলাকো প্ৰশংসাযোগ্য নেকি?’

—-‘নাই,নহয়৷’

—-‘ তেনেহ’লে মানুহে কোনো ভাল কাম কৰাৰ পিছত যদি তাৰ সকলো প্ৰশংসা আল্লাহৰ হয়, মানুহে যেতিয়া চুৰি-ডকাইতি কৰে, কাৰোবাক ঠগে, হত্যা কৰে, ধৰ্ষণ কৰে, তেতিয়া এই বেয়া কামবোৰৰ ক্ৰেডিট আল্লাহক দিয়া নহয় কিয়? তেওঁ প্ৰশংসাৰ ভাগ পাব, কিন্তু দূৰ্নামৰ ভাগ হাতেৰেও নোচুব–এয়া কেনেধৰণৰ কথা?

ৰিতা তলমূৰ কৰি চুপ হৈ আছে৷ ছাৰে ক’লে—‘এই খিনিতেই ধৰ্মৰ ভেল্কিবাজী ধৰা পৰে৷ ঈশ্বৰে নিজৰ ভালটো ঠিকেই বুজিব, কিন্তু বেয়া কামবোৰৰ বেলিকা দায় নল’ব৷ আচলতে ঈশ্বৰ বুলি কোনো নাই৷ যদি থাকিলেহেতেন, এফলীয়া  নহ’ল হেতেন ৷ বান্দাৰ ভাল কামৰ ক্ৰেডিটটো নিজে লৈ ল’ব, কিন্তু বান্দাৰ কু কৰ্মৰ বেলিকা ক’ব—‘ উহঃ সেইটোৰ পৰা মই পৱিত্ৰ৷ সেয়া তোমাৰ ভাগ৷’

ছাৰৰ লেকচাৰ শুনি ক্লাচত যি কেইজন নাস্তিক আছিল সিহঁতে হাত চাপৰি বজোৱা আৰম্ভ কৰিলে৷ ছাজিদৰ কাষত যি নাস্তিকটো বহিছে, তেওঁতো কৈয়েই দিলে–‘মফিজ ছাৰ হ’ল আমাৰ দেশৰ প্লেটো৷’

ছাৰে ধৰ্ম আৰু স্ৰষ্টাৰ অসাৰতা লৈ লেকচাৰ দিয়েই আছে৷ এইবাৰ ছাজিদ নিজে নিজেই থিয় হ’ল৷ ছাৰৰ কথাৰ মাজতেই তেওঁ ক’লে—‘ ছাৰ, সৃষ্টিকৰ্তা এফলীয়া নহয়৷ তেওঁ ভাল কামৰ ক্ৰেডিট নলয়৷ তেওঁ সিমান খিনিই লয়, যিমান খিনি তেওঁৰ প্ৰাপ্য৷ ঈশ্বৰ আছে ছাৰ৷’

ছাৰ ছাজিদৰ ফালে অলপ ভালকৈ চাই সুধিলে–‘শ্বিওৰ?’

—-‘য়েচ্ ছাৰ৷’

—-‘তেনেহ’লে মানুহৰ বেয়া কামৰ বাবে কোন দায়ী?

—-‘ মানুহেই দায়ী৷’–ছাজিদৰ উত্তৰ৷

—-‘আৰু ভাল কামৰ বাবে?’

—–‘মানুহেই৷’

ছাৰে এইবাৰ অলপ  উচ্চ স্বৰত ক’লে—-‘এক্সাক্টলি, এইটোৱেই ক’ব বিচাৰিছোঁ৷ ভাল-বেয়া সকলো মানুহৰেই কাম৷ সেয়ে ইয়াৰ সকলো ক্ৰেডিট কেৱল মানুহৰ৷ ইয়াত স্ৰষ্টাৰ কোনো হাত নাই৷ তেওঁ ইয়াৰ পৰা না প্ৰশংসা পাব পাৰে না তিৰষ্কাৰ৷ চিধা কথাত, স্ৰষ্টা বুলি কোনো সত্বা নাই৷’

ক্লাচত তেতিয়া কাহঁ পৰি জীন যোৱা অৱস্থা৷অলপ পিছত ছাজিদে ক’লে—-‘মানুহৰ ভাল কৰ্মৰ বাবে স্ৰষ্টা অৱশ্যই প্ৰশংসাৰ পাত্ৰ৷ কাৰণ মানুহক সৃষ্টিকৰ্তাই ভাল কাম কৰাৰ বাবে দুখন হাত দিছে, ভাল বস্তু দেখাৰ বাবে দুটি চকুঁ দিছে, চিন্তা কৰাৰ বাবে মস্তিষ্ক দান কৰিছে, দুখন ভৰি দিছে৷ এইবোৰ সকলো সৃষ্টিকৰ্তাৰ দান৷সেয়ে মানুহৰ ভাল কামৰ বাবে সৃষ্টিকৰ্তা নিশ্চয় প্ৰশংসাৰ যোগ্য৷’

ছাৰে ক’লে—‘এইবোৰৰ দ্বাৰাতো মানুহে বেয়া কৰ্মও কৰে, তেতিয়া?

—-‘ইয়াৰ দায়ী স্ৰষ্টা নহয়৷’

—–‘হাঃ হাঃ হাঃ৷ তুমি বৰ মজাৰ মানুহ দেখিছোঁ, লগতে অলপ নিৰ্বোধো ! হাঃ হাঃ হাঃ৷’

ছাজিদে ক’লে—-‘ ছাৰ, সৃষ্টিকৰ্তাই মানুহক এটা স্বাধীন ইচ্ছাশক্তি দিছে৷ ইয়াৰ দ্বাৰা তেওঁ নিজেই নিজৰ সিদ্ধান্ত নিয়ে৷ তেওঁ ভাল কাম কৰিব নে বেয়া কাম কৰিব,  সেইটো তেওঁ নিজেই ঠিক কৰে৷’

ছাৰে তিৰষ্কাৰৰ সুৰত ক’লে—‘ধৰ্মীয় কিতাপৰ কথা বাদ দিয়া, ম্যান৷ কাম টু দ্যা পয়েন্ট এণ্ড বি লজিক্যাল৷’

ছাজিদে ক’লে—‘ছাৰ, বিষয়টো মই উদাহৰণ দি বুজাব পাৰোনে?’

—-‘নিশ্চয়৷’—ছাৰে ক’লে৷

ছাজিদে কোৱা আৰম্ভ কৰিলে…………
     ছাৰ, ধৰি লওক, গভীৰ সাগৰত এখন জাহাজ ডুবি গ’ল৷ আৰু ধৰক, সেই ঠাইখন বাৰ্মুদা ট্ৰাইঙ্গ’ল৷ কোনো ডুবুৰীয়াই সেই ঠাইত ডুব দি জাহাজৰ মানুহবোৰক উদ্ধাৰ কৰিব পৰা নাই৷ বাৰ্মুদা ট্ৰাইঙ্গ’লততো আৰু অসম্ভৱ৷ সেই মূহুৰ্তত ধৰি ল’লো আপুনাৰ সেই ঠাইত আবিৰ্ভাৱ হ’ল৷ আপুনি সকলোকে চমক লগাই ক’লে—‘মই এনেকুৱা এটা যন্ত্ৰ বনাই দিব পাৰিম, যিটো পিন্ধি যিকোনো মানুহে ডুবি যোৱা জাহাজৰ মানুহবোৰক সহজেই উদ্ধাৰ কৰিব পাৰিব৷ ডুবুৰীয়া জনৰ একো ক্ষতি নহয়৷’

—-‘হুম্ ত’, আচ্ছা!’

—-‘ধৰি লওক, আপুনি সেই যন্ত্ৰটো তৎক্ষনাত সাজি উলিয়ালে আৰু সেইটো পিন্ধি এজন সাহসী তৰুণে ডুবি যোৱা মানুহবোৰক উদ্ধাৰিবলৈ সাগৰৰ অতল গভীৰতালৈ বুৰ মাৰিলে৷’

ক্লাচত তেতিয়া গভীৰ নিৰৱতা৷ সকলো মুগ্ধ শ্ৰোতাৰ দৰে  ছাজিদৰ মুখৰ ফালে থৰ লাগি চাই আছে৷ ছাজিদে ৰেডিঅৰ দৰে কৈ যাবলৈ ধৰিলে–‘ধৰি লওক, ডুবুৰীয়াজন বুৰ মাৰি ডুবি যোৱা জাহাজ পালেগৈ৷ তাত গৈ দেখিলে যে মানুহবোৰ এক স্বাসৰুদ্ধ পৰিস্থিতিত মৃত্যুগামী বাহনৰ যাত্ৰী হবলৈ গৈ আছে৷ তেওঁ এজন এজনকৈ প্ৰত্যেককে এটাকৈ অক্সিজেন চিলিণ্ডাৰ দিলে আৰু এজন এজনকৈ মানুহবোৰক উদ্ধাৰিবলৈ ধৰিলে৷’

ছাৰে ক’লে—‘হুম৷’

—-‘ধৰি লওক, সকলো যাত্ৰীক উদ্ধাৰ কৰা শেষ হ’ল৷ বাকী আছে মাত্ৰ এজন৷ ডুবুৰীয়াজন যেতিয়া অন্তিম মানুহজনক তুলি আনিবলৈ গ’ল, তেতিয়া দেখিলে , মানুহজনক তেওঁ আগৰে পৰাই জানে৷’

এই পৰ্য্যন্ত কৈ ছাজিদে ছাৰক প্ৰশ্ন কৰিলে—‘ ছাৰ, এনেকোৱা হ’ব নোৱাৰেনে?’

ছাৰে ক’লে—‘অৱশ্যই হ’ব পাৰে৷ মানুহজন ডুবুৰীয়াৰ কোনো আত্মীয় বা পৰিচিত হ’বই পাৰে৷ অস্বাভাৱিক একো নাই৷’

ছাজিদে ক’লে—‘হয়, ডুবুৰীয়াজনে মানুহজনক চিনিব পাৰিলে৷ তেওঁ দেখিলে যে, ই হৈছে তেওঁৰ চৰম শত্ৰু৷ এই মানুহজনৰ লগত তেওঁৰ বহু দিনৰ পৰাই বিবাদ চলি আহিছে৷ এনেকুৱাওতো হ’ব পাৰে ছাৰ, নেকি?

—-‘ও, হ’ব পাৰে৷’

ছাজিদে ক’লে—‘ধৰক, ডুবুৰীয়া জনৰ মনত তেতিয়া ব্যক্তিগত হিংসাবোধ জাগি ওঠিল৷ তেওঁ শত্ৰুতাবশতঃ থিৰাং কৰিলে যে, এই মানুহজনক তেওঁ নবচায়৷ কাৰণ মানুহজন তেওঁৰ লাইফ টাইম শত্ৰু ৷ তেওঁ এটা সোণালী সুযোগ পাই প্ৰতিশোধপৰায়ন হৈ উঠিল৷ সেয়ে ডুবুৰীয়াজনে সেই মনুহটোক অক্সিজেন চিলিণ্ডাৰ দিয়াতো দূৰৈৰ কথা, উলোটা ঘূৰি অহাৰ সময়ত মানুহটোৰ পেটত জোৰে জোৰে কেইটামান গোৰ শুধাই থৈ আহিল৷

ক্লাচৰুমৰ মজিয়াত তেতিয়াও কাঁহ পৰি জীন যোৱাৰ দৰে নিৰৱতাই বিৰাজ কৰিছিল৷ ছাজিদৰ কথাবোৰে সকলোকে আৰু অধিক উৎসাহী কৰি তুলিছিল৷

ছাৰে ক’লে—‘আচ্ছা, এই মহাভাৰতৰ দাৰা কি প্ৰমান হয় ছাজিদ?’

ছাজিদে ছাৰৰ ফালে মুখ ঘূৰাই ক’লে—‘ Let me finish my beloved sir. ‘

—-‘Okey, you are permitted. Carry on.’

ছাজিদে এইবাৰ প্ৰশ্ন কৰিলে—‘ ছাৰ,  কওকচোন, এইযে ডুবুৰীয়াজনে ইমানবোৰ মানুহক উদ্ধাৰ কৰি আনিলে, ইয়াৰ বাবে আপুনি নিজে কোনো ক্ৰেডিট পাবনে? ‘

ছাৰে ক’লে—‘অৱশ্যই মই ক্ৰেডিট পাব লাগে৷ কিয়নো, মই যদি সেই বিশেষ যন্ত্ৰটো সাজি নোলিয়ালো হেতেন, তেন্তে মানুহবোৰৰ এজনো হয়তো বাঁচিব নোৱাৰিলেহেতেন৷’

ছাজিদে ক’লে—‘ ৰাইট ছাৰ৷ আপুনি নিশ্চয় ইয়াৰ বাবে ক্ৰেডিট পাব৷ কিন্তু পৰৱৰ্তী বিষয় হ’ল– ডুবুৰীয়াই সকলোকে উদ্ধাৰ কৰিলেও,  এজন মানুহক তেওঁ শত্ৰুতাবশতঃ উদ্ধাৰ নকৰি মৃত্যুকূপত পেলাই থৈ আহিছে৷ ঘূৰি অহাৰ সময়ত পেটত এটা বিগ কিকো দি থৈ আহিছে৷ ঠিক ছাৰ?’

—-‘হুম৷’

—-‘এতিয়া ছাৰ, ডুবুৰীয়াৰ সেই অন্যায়ৰ বাবে আপুনি দায়ী হ’বনে? ডুবুৰীয়াৰ এই অন্যায়ৰ ভাগ সমান সমানকৈ আপুনিও ল’বনে?’

ছাৰে ক’লে—‘এনে কেতিয়াও হ’ব নোৱাৰে৷ তাৰ দোষৰ ভাগ মই কিয় ল’ম? মইতো তেওঁক এনেকোৱা কোনো অপৰাধ কৰিবলৈ কৈ দিয়া নাই৷ সেইটো সি নিজেই কৰিছে৷ সেয়ে ইয়াৰ গোটেই বোজা তাৰেই বহন কৰিব লাগিব৷’

ছাজিদে এইবাৰ হাঁহি দিলে৷ হাঁহি হাঁহি ক’লে—‘ছাৰ, ঠিক এনেভাৱেই, আল্লাহে মানুহক সৃষ্টি কৰিছে ভাল কাম কৰিবৰ নিমিত্তে৷ আপুনি যেনেকৈ ডুবুৰীয়াক এটা বিশেষ যন্ত্ৰ বনাই দিছে, ঠিক তেনেকৈ সৃষ্টিকৰ্তাও মানুহক অনুগ্ৰহ কৰি হাত, ভৰি, চকুঁ, কাণ, নাক, মুখ, মস্তিষ্ক প্ৰভৃতি দি দিছে৷ লগতে দিছে এটা ইচ্ছা স্বাধীন শক্তি৷ এতিয়া,  এইবোৰ ব্যৱহাৰ কৰি যদি তেওঁ কোনো ভাল কাম কৰে, তেন্তে তাৰ ক্ৰেডিট স্ৰষ্টাও পাব৷ ঠিক যেনেকৈ বিশেষ যন্ত্ৰটো বনোৱাৰ বাবে আপুনি ক্ৰেডিট পায়৷ আকৌ মানুহে যদি এইবোৰৰ ব্যৱহাৰ কোনো বেয়া কামত কৰে, গৰ্হিত কাম কৰে, তেন্তে ইয়াৰ দায়-দোষ স্ৰষ্টাই মূৰ পাতি নলয়৷ যেনেকৈ ডুবুৰীয়াৰ অপৰাধমূলক কামৰ দোষ আপুনাৰ ওপৰত নাহে৷ মই বুজাব পাৰিছোনে ছাৰ?’

ক্লাচত ইমান সময়লৈকে পিনড্ৰপ চাইলেন্টে বিৰাজ কৰিছিল৷ ছাজিদৰ কথা শেষ হোৱাৰ পিছতেই সকলো আস্তিকে একেলগে ছন্দ তুলি জোৰে জোৰে হাত চাপৰি বজাবলৈ ধৰিলে ৷নাস্তিক সকলৰ অৱস্থা তেতিয়া………(?)

ছাৰৰ উত্তৰৰ আশাত ছাজিদ ছাৰৰ ফালে চাই আছে৷ ছাৰে চিন্তাক্লিষ্ট মুখেৰে ক’লে—‘হুম ৷ আই গট দ্যা পয়েন্ট৷’–

তলমূৰকৈ গম্ভীৰ খোজেৰ মফিজুৰ ৰহমান ছাৰৰ ক্লাচৰুমৰ পৰা প্ৰস্থান৷৷

Leave a comment