প্যাৰাডক্সিক্যাল ছাজিদ [ গল্প নং ৪ – শূণ্যস্থানৰ পৰা স্ৰষ্টাৰ দূৰত্ব কিমান ]

_____নাস্তিক পুৰাণ-(৪)_____
                       **************

             #শূণ্যস্থানৰ_পৰা_স্ৰষ্টাৰ_দূৰত্ব_কিমান?
              ________________________________
              ★★★★★★★★★★★★★★★★

   কাউৰীপোৱাৰ সময়৷ ছাজিদৰ ওচৰত এটা ই-মেইল আহিছে৷ মেইলটো পঠাইছে তেওঁৰ নাস্তিক বন্ধু বিপ্লৱ ধৰে৷ বিপ্লৱ দাক ময়ো চিনি পাওঁ৷ হাঁহিমুখীয়া এই মানুহজনৰ লগত মোৰ মাজে মাজে টিএচছিত লগ হৈছিল৷ সাক্ষাত হ’লেই তেওঁ এটা হাঁহি মাৰি সোধে–‘তই এতিয়াও ৰাতি ৰাতি ভূত দেখা পাৱ নেকি?’

এনে লাগিছিল যেন বিপ্লৱদাই হাঁহিটো আগৰে পৰাই প্ৰস্তুত কৰি ৰাখিছিল৷ লগ হোৱা মাত্ৰই বিনাবাক্যব্যয়ে ডেলিভাৰি দি দিছিল৷ বিপ্লৱদাৰ লগত মোৰ পৰিচয় হয় ছাজিদৰ মাধ্যমত৷দুয়ো একেই ডিপাৰ্মেন্টৰ৷ বিপ্লৱদা ছাজিদতকৈ দুই বেছ ছিনিয়ৰ৷ বিশ্ববিদ্যালয় জীৱনৰ প্ৰথমৰ ফালে যে ছাজিদ নাস্তিক হৈ গৈছিল,ইয়াৰ পিছৰ কাৰিগৰ হ’ল বিপ্লৱদা৷ বিপ্লৱদাই তাক বিভিন্ন নাস্তিক, এগনষ্টিক সকলৰ কিতাপ পঢ়াই নাস্তিক বনাই দিছিল৷ সময়ৰ ব্যৱধানত ছাজিদ আজি সম্পূৰ্ণ পৃথক৷ ইতিমধ্যে বিশ্বাসৰ প্ৰাচীৰত প্ৰথম চুমাটো আঁকি পেলাইছে৷

মই ক্লাচৰ শেষত ৰুমত প্ৰৱেশ কৰি দেখিলোঁ, ছাজিদ নিত্যকৰ্মৰ দৰে কম্পিউটাৰৰ আগত বহি আছে৷ কি জানো এটা লিখি আছে৷ মোক দেখা মাত্ৰকে ক’লে—‘তোৰ নিমন্ত্ৰন আছে৷’

—‘ক’ত?’ মই আচৰিত হৈ  সুধিলোঁ৷

ছাজিদে ক’লে—‘বিপ্লৱদাই লগ কৰৰিবলৈ কৈছে’

মোৰ লগত তেওঁৰ কোনো লেনদেন নাই৷ এনেকৈ মোক লগ ধৰিবলৈ কোৱাৰ কাৰণটোহে মই নুবুজিলোঁ৷ ছাজিদে ক’লে—‘কি হ’ল, ভয় কৰিলি নেকি? তোক অকলে নহয় নহয়৷ লগতে মোকো৷’

এইখিনি কৈ ছাজিদে বিপ্লৱদাৰ মেইলটো অপেন কৰি মোক দেখালে৷ মেইলটো হুবহু এনেকোৱা—

‘ছাজিদ,
মই তোমাক এজন প্ৰগতিশীল, উদাৰমনসম্পন্ন, মুক্তমনা তৰণ বুলি ভাৱিছিলোঁ৷ পঢ়া-শুনা কৰি তুমি তথাকথিত ধৰ্মীয় গোড়ামী আৰু অন্ধ বিশ্বাসৰ কৱলৰ পৰা উলাই আহিছিলা৷ কিন্তু তুমি যে আকৌ সেই অন্ধ বিশ্বাসৰ চাৰিবেৰলৈ উভতি যাবা, সেয়া মোৰ কল্পনাৰো অগোচৰ আছিল৷ আজি আবেলি মোৰ ৰুমত আহা৷ তুমাৰ লগত কথা আছে৷’

আমি দুপৰীয়া খাই-বৈ জহুৰৰ নামাজ পঢ়ি বিপ্লৱদাৰ লগত লগ কৰিবলৈ বুলি ওলালোঁ৷ বিপ্লৱদা আগতে বনানী আছিল, এতিয়া কাটাবনত থাকে৷ ট্ৰেফিক জ্যামৰ অন্তত আমি যেতিয়া বিপ্লৱদাৰ বাসস্থানত ভৰি দিলোঁ, তেতিয়া আছৰৰ সময় হৈ গৈছে৷ বিপ্লৱদাৰ লগত হেণ্ডছেক কৰি আমি নবহিলোঁ৷
ছাজিদে ক’লে—‘আলোচনা অলপ পিছত হ’ব৷ আগতে নামাজটো পঢ়ি আহোঁ৷’

বিপ্লৱদাই মানা নকৰিলে৷ আমি বাহিৰ হলোঁ৷ ওচৰৰ মছজিদ এখনত নামাজ পঢ়ি ব্যাক কৰিলোঁ৷ বিপ্লৱদা ইতিমধ্যে কফি ৰেডি কৰি ৰাখিছে৷ খুওব উন্নতমানৰ কফি৷ কফিৰ সুন্দৰ গন্ধত গোটেই ঘৰখন মূহুৰ্তৰ ভিতৰতে আমোলমোল হৈ পৰিল৷
ছাজিদ কফিৰ কাঁপ হাতত লৈ থাকি মোক উদ্দেশ্য কৰি ক’লে—‘জাননে, বিপ্লৱদাৰ এই কফি বিশ্ববিখ্যাত৷ ভূমধ্য সাগৰীয় অঞ্চলৰ কফি৷ বিপ্লৱদা কানাডাৰ পৰা অৰ্ডাৰ কৰি আনে৷
কফিৰ কাঁপত এটা সোঁহা মাৰি অনুভৱ হ’ল আচলতেই সত্য৷ ইমান ভাল কফিও হ’ব পাৰে! ভাবিবই নোৱাৰি৷ ছাজিদ এইবাৰ বিপ্লৱদাৰ ফালে চাই ক’লে—‘আলোচনা আৰম্ভ হওক তেনেহ’লে৷ নে কি কয়?’

বিপ্লৱদাৰ ওঠত অনবৰতে লাগি থকা হাঁহিৰ বাবে গোটেই মুখমণ্ডলত সিঁচৰতি হৈ থকা উজ্জ্বলতা ম্লান পৰি গৈছে৷ ক’ৰবাত যেন লুকাই পৰিছে সেই ৰঙালী আঁভা৷ তেওঁৰ পৰম শিষ্যৰ এনেকোৱা অধঃপতনত সম্ভৱ মনটো বিষন্ন হৈ পৰিছে৷

তেওঁ ক’লে—‘তোমাৰ সিদ্ধান্তৰ প্ৰতি মোৰ যথেষ্ট শ্ৰদ্ধা আছে৷ কিন্তু তোমাক মই এটা বিষয়ত কিছু কোৱাৰ বাবেই মাতিছোঁ৷ হয়তো তুমি বিষয়টো জানিবা, তথাপিও৷’

ছাজিদে কফিৰ কাঁপত সোঁহা মাৰি ক’লে—‘জনা বিষয় এটাও আপুনাৰ মুখৰ পৰা শুনিলে এনে লাগে যেন নতুনকৈ শুনি আছোঁ৷ আপুনাক মই কিমান ভালপাওঁ সেইটোতো আপুনি জানেই৷’

বিপ্লৱদাই কোনো ভূমিকাৰ সহায় নলৈ কবলৈ ধৰিলে—‘সেই যে, তুমাৰ সৃষ্টিকৰ্তা, তেওঁৰ বিষয়ে ক’ব বিচাৰোঁ৷ তুমি বিজ্ঞানৰ ছাত্ৰ, তুমি হয়তো এই বিষয়ে জানাই৷ সম্প্ৰতি বিজ্ঞানে প্ৰমান কৰিছে , এই মহাবিশ্ব সৃষ্টি হোৱাত সৃষ্টি কৰ্তাৰ কোনো ভূমিকা নাই৷ মহাবিশ্ব সৃষ্টি হৈছে শূণ্যৰ পৰাই৷ আগতে তোমালোকে, মানে বিশ্বাসী সকলে কৈছিল, এটা সামান্য বেজীও যেতিয়া কোনো কাৰীগৰ অবিহনে নিজে নিজে প্ৰস্তুত হ’ব নোৱাৰে, তেনেহ’লে এই গোটেই বিশ্বব্ৰক্ষ্মাণ্ড নিজে নিজেই কেনেকৈ অস্তিত্বলৈ আহিব? কিন্তু বিজ্ঞানে এতিয়া কৈছে, এই মহাবিশ্ব শূন্যৰ পৰা নিজে নিজেই সৃষ্টি হৈছে কাৰো সাহায্য অবিহনে৷

এই কথাখিনি বিপ্লৱদাই একে লেঠাৰিয়ে কৈ শেষ কৰিলে৷ যেন কথা কোৱাৰ মাজত কোনো নিঃশ্বাসেই লোৱা নাই৷

ছাজিদে ক’লে—‘বৰ অদ্ভূত দেখোন৷ তেনেহ’লেতো মোৰ আকৌ নাস্তিক হৈ যাব লাগিব দেখিছোঁ৷ হা হা হা হা৷’

ছাজিদে চমৎকাৰ এটা হাঁহি দিলে৷ বিপ্লৱদা সেইফালে মনোযোগ দিছে বুলি মনে নধৰিল৷ তেওঁ মুটামুটি এটা লেকচাৰ আৰম্ভ কৰিছে৷ মই আৰু ছাজিদ খুওব মনোযোগী ছাত্ৰৰ দৰে তেওঁৰ বৈজ্ঞানিক বিশ্লেষণ শুনি আছিলোঁ৷ তেওঁ আমাক যি বুজালে, তাৰ সাৰসংক্ষেপ ঠিক এনেকুৱা——-
-‘পদাৰ্থবিজ্ঞানত নতুন দিগন্তৰ উন্মোচন কৰিছে কোৱান্টাম মেকানিক্সে৷ এই কোৱান্টাম মেকানিক্সত এটা থিয়ৰি আছে, সেইটো হ’ল–কোৱান্টাম ফ্লেকচুয়েশ্বন৷ এই কোৱান্টাম ফ্লেকচুয়েশ্বনৰ মূল কথা হৈছে–‘মহাবিশ্বত পৰম শূণ্যস্থান বুলি আচলতে একো নাই৷ মানে আমি যাক ‘Nothing’ বুলি ইমান দিনে শুনি আহিছোঁ, বিজ্ঞানে কয়, ‘Nothing’ বুলি প্ৰকৃততে একো নাই৷ প্ৰকৃতিয়ে শূণ্যস্থান পছন্দ নকৰে৷ সেয়ে যেতিয়াই কোনো শূণ্যস্থান (Nothing) তৈয়াৰ হয়, সেই ঠাইত এক ছেকেণ্ডৰ বিলিয়ন ভাগৰ এভাগ সময়ৰ ভিতৰত কণা আৰু প্ৰতিকণা (Matter & Anti-Matter) সৃষ্টি হৈ আছে আৰু এটাৰ লগত আনটোৰ ঘৰ্ষণৰ ফলত ধংস হৈ আছে৷ তোমালোকে জানানে, কোৱান্টাম ফ্লেকচুয়েশ্বনৰ ধাৰণা ক’ৰ পৰা আহিছে?’

মই ক’লোঁ—‘নাই৷ নাজানোঁ৷’

বিপ্লৱদাই আকৌ আৰম্ভ কৰিলে—‘এই ধাৰণা আহিছে হাইজেনবাৰ্গৰ বিখ্যাত “অনিশ্চয়তা নীতি”ৰ পৰা৷ হাইজেনবাৰ্গৰ সেই বিখ্যাত সূত্ৰটো তোমালোকে জানাই নিশ্চয়?’

ছাজিদে ক’লে—‘হয়৷ হাইজেনবাৰ্গে কৈছে, আমি কেতিয়াও এটা কণাৰ অৱস্থান আৰু ইয়াৰ ভৰবেগৰ সঠিক পৰিমাণ একেলগে একুৰেইটলি জানিব নোৱাৰোঁ৷ যদি অৱস্থান সঠিকভাৱে জানিব পাৰোঁ,তেন্তে ইয়াৰ ভৰবেগৰ মাজত ভুল থাকিব৷ আকৌ যদি ভৰবেগ সঠিককৈ জানিব পাৰোঁ, তেন্তে ইয়াৰ অৱস্থানৰ মাজত ভুল থাকিব৷ মুঠতে দুয়োটা একেলগে সঠিকভাৱে জনা কেতিয়াও সম্ভৱ নহয়৷ এইটো যে সম্ভৱ নহয়,ই বিজ্ঞানৰ অসাৰতা নহয়৷ আচলতে এইটো হ’ল কণাৰ ধৰ্ম বা বৈশিষ্ট্য৷’

বিপ্লৱদাই ক’লে—‘এক্সাক্টলি৷ একেবাৰে সেয়ায়৷ হাইজেনবাৰ্গৰ এই নীতিক শক্তি আৰু সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়৷ হাইজেনবাৰ্গৰ এই নীতি যদি সত্য হয়, তেন্তে মহাবিশ্বত ‘শূণ্যস্থান’ বুলি একো থাকিব নোৱাৰে৷ যদি থাকে, তেনেহ’লে তাৰ অৱস্থান আৰু ভৰবেগ দুয়োটাই শূণ্য হ’ব, যিটো হাইজেনবাৰ্গৰ নীতিবিৰুদ্ধ৷’

এইখিনিলৈ কৈ বিপ্লৱদাৰ বক্তৃতা স্তব্ধ হ’ল৷ কফিৰ ম’গৰ পৰা কফি ঢালোতে ঢালোতে কলে—‘বুজি আছাতো তোমালোক?’

ছাজিদে বুজি পাইছে নে নাই নাজানোঁ৷কিন্তু মোৰ বাবে বিষয়টো দূৰ্বোধ্য লাগিলেও, বিপ্লৱদাৰ উপস্থাপন ভঙ্গিমাই সেইটোক বহু পৰিমানে প্ৰাঞ্জল কৰি তুলিছে৷ ভাল লাগিছে৷

বিপ্লৱদাই কফিত এটা দীঘলীয়া সোঁহা মাৰি আকৌ ক’বলৈ ধৰিলে—‘ সেইযে তোমালোকে যে কোৱা, বিগ ব্যাঙৰ আগতেতো একোৱে নাছিল৷ না সময়, না শক্তি, না অইন কিবা৷ তেনেহ’লে বিগ ব্যাঙৰ বিস্ফূৰণটো হ’ল কেনেকৈ? ইয়াৰ বাবে নিশ্চয় কোনো শক্তিৰ প্ৰয়োজন, কোনো বাহ্যিক বলৰ প্ৰয়োজন, নহয়নে?
এনেকৈ কৈ তোমালোকে স্ৰষ্টাৰ ধাৰণাক বৈধ সজাইছিলা৷ তোমালোকে কৈছিলা, এই বাহ্যিক বলটো আহিছে স্ৰষ্টাৰ পৰা৷ কিন্তু চোৱা,আজিৰ  বিজ্ঞানে কৈ আছে, ইয়াত স্ৰষ্টাৰ কোনো হাত নাই৷ বিগ ব্যাং হ’বলৈ যি শক্তিৰ প্ৰয়োজন আছিল, সেই শক্তি আহিছে এই কোৱান্টাম ফ্লেকচুয়েশ্বনৰ পৰা৷ সেয়ে বিশ্বব্ৰক্ষ্মাণ্ড সৃষ্টিৰ বাবে স্ৰষ্টাৰ অস্তিত্বক বিজ্ঞানে নস্যাৎ কৰি দিছে৷ আৰু তোমালোক এতিয়াও স্ৰষ্টা স্ৰষ্টা কৰি ক’ত যে পৰি আছা, মই একোৱে বুজিব পৰা নাই৷’

এইখিনিলৈ কৈ বিপ্লৱদাৰ চকু-মুখ জলমলাই উঠিল৷ এনে লাগিছে যেন, তেওঁ যি উদ্দেশ্যত আমাক মাতিছে সেয়া সফল হৈ গৈছে৷ আমি হয়তো তেওঁৰ বিজ্ঞানৰ উপৰত এই জ্ঞানগৰ্ভ লেকচাৰ শুনি এতিয়াই নাস্তিকতাৰ উপৰত ঈমান লৈ আহিম৷

বাৰু চোৱা যাওক, ইতিমধ্যে ছাজিদে দুকাপ কফি গলাধঃকৰণ কৰিছেই৷ নতুন একাপ বাকি থাকোতে তেওঁ ক’লে—‘এই বিষয়ে ষ্টিফেন হকিঙৰ এখন কিতাপ আছে৷ নাম – ”The Grand Design”৷ কিতাপখন মই পঢ়িছোঁ৷’

ছাজিদৰ কথা শুনি বিপ্লৱদাই অলপ আনন্দ পোৱা যেন বোধ হ’ল৷তেওঁ ক’লে—‘বাহঃ তুমি তেনেহ’লে পঢ়া-শুনা ষ্টপ কৰা নাই? বহুত ভাল!পঢ়া-শুনা কৰিবা৷ বেছি বেছি পঢ়িবা৷ যিমান পঢ়িবা, সিমানেই দৃষ্টিভংগীৰ প্ৰসাৰতা বাঢ়িব৷’

ছাজিদে হাঁহিলে৷ হাঁহি থাকিয়েই ক’লে—‘কিন্তু বিপ্লৱদা, এই বিষয়ে মোৰ কনফিউশ্বন আছে৷’

—‘কোন বিষয়ে?’–বিপ্লৱদাৰ প্ৰশ্ন৷

—‘ষ্টিফেন হকিং আৰু লিওনাৰ্ড ম্লোদিনোৰ কিতাপ ‘The Grand Design’ ৰ সম্পৰ্কে৷

বিপ্লৱদাই অলপ থতমত খালে যেন লাগিল৷ সম্ভৱত মনে মনে কৈ আছে– এই ল’ৰাটোৱে দেখিছো খোদাৰ উপৰত খোদাগীৰি কৰি আছে৷

তেওঁ ক’লে—‘ক্লিয়াৰ কৰা৷’

সাজিদে ক’লে—‘ মই দুয়ো দিশৰ পৰাই ইয়াৰ ব্যাখ্যা কৰিম৷ বিজ্ঞান আৰু ধৰ্ম৷ যদি অনুমতি দিয়ে৷’

—‘নিশ্চয়৷’– বিপ্লৱদাই ক’লে৷

মই মুগ্ধ শ্ৰোতা৷ গুৰু আৰু প্ৰাক্তন শিষ্যৰ তৰ্ক জমি উঠিছে৷

ছাজিদে ক’লে—‘প্ৰথম কথা হ’ল, ষ্টিফেন হকিঙৰ থিয়ৰিটো এতিয়াও “থিয়ৰি”, সেইটো ফ্যাক্ট নহয়৷ এই সম্বন্ধে প্ৰথমে বিজ্ঞানী লৰেন্স ক্ৰাউছে মাত মাতিছিল৷ তেওঁ ইয়াক লৈ এখন বিশাল ছাইজৰ কিতাপ ৰচনা কৰিছিল৷ কিতাপখনৰ নাম আছিল-“A Universe From Nothing”৷
ইয়াৰ বহুত পিছত, এতিয়া ষ্টিফেন হকিংচে ইয়াক লৈ তেওঁৰ ‘The Grand Design’ত এই কথা কৈছে৷ তেওঁৰ কিতাপখন প্ৰকাশ হোৱাৰ পিছত ছি এন এনৰ এজন সাংবাদিকে হকিঙক সুধিছিল–“আপুনি ঈশ্বৰত বিশ্বাস কৰেনে?”

হকিঙে কৈছিল–“ঈশ্বৰ থাকিলে থাকিবও পাৰে, কিন্তু মহাবিশ্ব সৃষ্টি হোৱাত তেওঁৰ কোনো প্ৰয়োজন নাই৷’

বিপ্লৱদাই ক’লে—‘সেইটোৱেই৷ তেওঁ বুজাব খুজিছে যে, ঈশ্বৰ মূলত ধাৰ্মিক সকলৰ এটা অকাৰ্য্যকৰ বিশ্বাস৷’

—‘হকিঙে কি বুজাব বিচাৰিছে নাজানো, কিন্তু হকিঙৰ সেই কিতাপখন অসম্পূৰ্ণ৷ কিছুমান বিতৰ্ক আছে৷’
বিপ্লৱদা কফিৰ কাঁপ টেবুলত ৰাখোতে ৰাখোতে ক’লে—‘বিতৰ্ক? মানে??🤔

—‘ৰৱ, কৈ আছোঁ৷ বিতৰ্ক মানে তেওঁ কিছুমান বিষয় কিতাপখনত পৰিষ্কাৰ কৰা নাই৷ যিহেতু এইখন বিজ্ঞান মহলত প্ৰমানিত সত্য নহয়, সেয়ে কিতাপখনক লৈ বহুত বিতৰ্ক হৈছে৷
তেওঁৰ কিতাপত যি বিতৰ্ক সমূহ আছে, সেই সমূহ মই ধাৰাবাহিকভাৱে কৈ আছোঁ৷

*বিতৰ্ক নং-০১*
হকিঙে কৈছে, শূণ্যৰ পৰাই কোৱান্টাম ফ্লেকচুয়েশ্বনৰ মাধ্যমত বস্তুকণাৰ সৃষ্টি হৈছে আৰু সেইটো মহাকৰ্ষ বলৰ মাধ্যমত নিউট্ৰালাইজ হৈছে৷ এতিয়া প্ৰশ্ন হ’ল–‘ শূণ্য বুলি কওতে হকিঙে  একদমNothing (একোৱেই নাই) বুজাইছে,  নে Quantum Vaccum (বস্তুৰ অনুপস্থিতি) বুজাইছে সেইটো পৰিষ্কাৰ কৰি কোৱা নাই৷ হকিঙৰ উক্তি যে, শূণ্যস্থানত বস্তুকণাৰ মাজত কোৱান্টাম ফ্লেকচুয়েশ্বন হ’বলৈ হ’লে তাত মহাকৰ্ষ বলৰ প্ৰয়োজন৷ কিন্তু সেই শূণ্যস্থানত(যেতিয়া সময় আৰু স্থান সৃষ্টি হোৱা নাই) মহাকৰ্ষ বল ক’ৰ পৰা আৰু কেনেকৈ আহিল, ইয়াৰ কোনো ব্যাখ্যা হকিঙে দিয়া নাই৷

*বিতৰ্ক নং- ০২*
হকিঙে কিতাপখনত উল্লেখ কৰিছে যে, মহাবিশ্ব সৃষ্টি হৈছে একদম শূণ্যৰ পৰা, কোৱান্টাম ফ্লেকচুয়েশ্বনৰ মাধ্যমত৷ তেতিয়া ‘সময়'(Time)ৰ আচৰণ আজিৰ সময়ৰ দৰে নাছিল৷ তেতিয়া সময়ৰ আচৰণ আছিল “স্থান”(Space)ৰ দৰে৷ কাৰণ এই ফ্লেকচুয়েশ্বনৰ বাবে প্ৰাথমিকভাৱে সময়ৰ প্ৰয়োজন নাছিল, স্থানৰহে প্ৰয়োজন আছিল৷ কিন্তু হকিঙে এই কথা স্পষ্ট কৰা নাই যে, যি “সময়”(Time) মহাবিশ্বৰ প্ৰথমাৱস্থাত “স্থান” (Space) ৰ দৰে আচৰণ কৰিছিল, সেই “সময়” পিছত সঠিককৈ কেতিয়াৰ পৰা আকৌ Time ৰ নিচিনা আচৰণ কৰিবলৈ আৰম্ভ কৰিলে আৰু কিয়?’

মই বিপ্লৱদাৰ মুখৰ পিনে দেখিলোঁ৷ তেওঁ মুখৰ উৎফুল্ল ভাৱটো আৰু নাই৷ ছাজিদে কৈ গৈছে নিৰৱচ্ছিন্নভাৱে—

*বিতৰ্ক নং- ০৩*
পদাৰ্থবিদ্যাৰ যি সূত্ৰ ধৰি কোৱান্টাম ফ্লেকচুয়েশ্বন হৈ মহাবিশ্বৰ সৃষ্টি হ’ল, তেতিয়া শূণ্যাৱস্থাত পদাৰ্থবিদ্যাৰ এই সূত্ৰসমূহ কেনেকৈ বলবৎ থাকিব কেনেকৈ? হকিঙৰ হাতত ইয়াৰ কোনো ব্যাখ্যা পোৱা নগ’ল৷

*বিতৰ্ক নং-০৪*
 আপুনি কৈছে, প্ৰকৃতিয়ে শূণ্যস্থান পছন্দ নকৰে৷ সেয়ে শূণ্যস্থান পূৰণ কৰিবলৈ নিজে নিজেই কোৱান্টাম ফ্লেকচুয়েশ্বন হৈ মহাবিশ্ব সৃ্ষ্টি হৈছে৷ মোৰ প্ৰশ্ন হ’ল– য’ত আপুনি শূণ্যস্থানক লৈ কৈ আছে, যেতিয়া কোনো সময় নাছিল, স্থান নাছিল, তেতিয়া আপুনি প্ৰকৃতি ক’ত পালে?’

ছাজিদে হকিঙৰ কিতাপৰ পাঁচ নম্বৰ ভুলটোৰ বিষয়ে কবলৈ লৈছিলহে, এনেতে তাক ৰখাই দি বিপ্লৱদাই ক’লে—‘অ’কে, অ’কে৷ বুজিলোঁ৷ মই কোৱা নাই যে এই বস্তুটো একেবাৰে সত্য৷ ইয়াক লৈ তৰ্ক-বিতৰ্কৰ হ’ব৷ আলোচনা – সমালোচনা হ’ব৷ আৰু পৰীক্ষা-নিৰীক্ষা হ’ব৷ ইয়াৰ পিছত ডিছাইড হ’ব যে এইটো শুদ্ধ নে ভুল৷’

ছাজিদৰ ওচৰত বিপ্লৱদাৰ এনেকোৱা মৌন পৰাজয়ে মোক সঁচাকৈয়ে বৰ তৃপ্তি দিলে৷ মনে মনে ক’লোঁ–‘ইয়েচ ছাজিদ, ইউ ক্যান৷’

ছাজিদে ক’লে—‘হয়, সেই পৰীক্ষা চলি থাকক৷ যদি কেতিয়াবা এই থিয়ৰি সঁচা বুলি প্ৰমানো হৈ যায় তেতিয়াও মোক নামাতিব৷ কাৰণ মই কেৱল *কোৰআন* দি এইটো প্ৰমান কৰি দিব পাৰিম৷

ছাজিদৰ কথা শুনি মই বিচূৰ্তি খালোঁ৷ কি কয়? এতিয়ালৈকে যিটোক ভুল বুলি কৈছে, সেইটোক আকৌ কোৰআন দি প্ৰমান কৰিব বুলি কৈছে? কেনেকৈ সম্ভৱ?

বিপ্লৱদাই বুজি নাপালে৷ তেওঁ সুধিলে—‘কেনেকৈ?’

ছাজিদে হাঁহিলে৷ ক’লে—‘শূণ্যৰ পৰাই মহাবিশ্বৰ সৃষ্টিৰ কথা কোৰআনত কোৱা হৈছে বিপ্লৱদা৷’

মই আৰু অবাক হ’লোঁ৷ ল’ৰাটোৱে কৈছে কি?!

তেওঁ ক’লে—‘মই কোৱা নাই যে, কোৰআন কোৱান্টাম ফ্লেকচুয়েশ্বনৰ কথাকে কৈছে৷ কোৰআন যাৰ উচৰৰ পৰা আহিছে, তেওঁ নিজৰ সৃষ্টি জগতৰ সৃষ্টিৰ ব্যাখ্যা দাঙি ধৰিছে৷ এতিয়া সেইটো বিগ বেং আহিলেও সলনি নহয়, কোৱান্টাম ফ্লাকচুয়েশ্বন থিয়ৰি আচলতে সলনি নহয়, একেই থাকিব৷’

বিপ্লৱদাই ক’লে—‘কোৰআনত কি জানো আছে বুলি ক’লা?’

ছাজিদে ক’লে—‘ছুৰা বাকাৰাৰ ১১৭ নং আয়াতত কোৱা হৈছে—‘যিজনে আকাশমণ্ডল আৰু পৃথিৱীক অনস্তিত্বৰ পৰা অস্তিত্বলৈ অনয়ন কৰে ( *ইয়াত মূল শব্দ ” بديع”(বাদিয়ু/Originator)- ৰ পৰাই অস্তিত্ব-অনস্তিত্বৰ ধাৰণা*) আৰু যেতিয়া তেওঁ কিবা কৰিবলৈ সিদ্ধান্ত গ্ৰহন কৰে, তেতিয়া কেৱল কৈ দিয়ে -হোৱা, আৰু সেইটো হৈ যায়৷’
‘Creator of the heavens and the earth from nothingness, He has only to say when He wills a thing, Be, and it is.’

চাওক মই আকৌ কৈছোঁ, মই এইটো কোৱা নাই যে, আল্লাহ তাআ’লাই ইয়াত কোৱান্টাম ফ্লেকচুয়েশ্বনৰ কথাই কৈছে৷ তেওঁ ‘অনস্তিত্ব'(Nothing)ৰ পৰা ‘অস্তিত্ব'(Something) দিছে৷ এনেকোৱা নহয় যে, আল্লাহে প্ৰথম নিজ হাতেৰে মহাবিশ্বৰ ছাদ বনাইছে৷ ইয়াৰ পিছত তাত সূৰ্য, চন্দ্ৰ, গেলেক্সি আদি এটা এটাকৈ লগাই দিছে৷ তেওঁ কেৱল নিৰ্দেশ দিছে৷
হকিঙো একেই কথা কৈছে৷ কিন্তু তেওঁ কৈছে এইটো নিজে নিজেই হৈ গৈছে, শূণ্যৰ পৰাই৷ আল্লাহ তাআ’লাই কৈছে, নহয়, নিজে নিজেই হোৱা নাই৷ মই যেতিয়া নিৰ্দেশ দিলোঁ ‘হৈ যোৱা'(কুন), তেতিয়া সেইটো হৈ গ’ল৷

হকিঙে ব্যাখ্যা কৰিব পৰা নাই–এই কোৱান্টাম ফ্লেকচুয়েশ্বনৰ বাবে মহাকৰ্ষ বল ক’ৰ পৰা আহিল, “সময়” কিয়, কেনেকৈ “স্থান” হ’ল, পিছত আকৌ সেইটো “সময়” হ’ল৷ কিন্তু আমাৰ সৃষ্টিকৰ্তাই ইয়াৰ ব্যাখ্যা দাঙি ধৰিছে৷ তেওঁ কৈছে “হৈ যোৱা”,আৰু সি হৈ গ’ল৷

ধৰি লওক- এজন মেজিচিয়ানে মেজিক প্ৰদৰ্শন কৰি আছে৷ মেজিচিয়ান ষ্টেজৰ এচুকত বহি আছে৷ কিন্তু তেওঁ তেওঁৰ চকুৰ ইংগিতেৰে মেজিক দেখাই আছে৷ দৰ্শকৰ দৃষ্টিত, খালি টেবুলৰ উপৰত হঠাৎ এজনী পাৰ চৰাই হৈ গ’ল আৰু লগে লগে উৰিও গ’ল৷ দৰ্শকে ক’বনে যে, এইটো কোৱান্টাম ফ্লেকচুয়েশ্বনৰ মাধ্যমত হৈ গ’ল? নহয়, কেতিয়াও নকয়৷ ইয়াৰ পিছত মেজিচিয়ানৰ কাৰচাজি আছে৷ তেওঁ ষ্টেজৰ এচুকৰ পৰা চকুৰে ইংগিত দিছে বাবেই এইটো হ’বলৈ পাইছে৷

স্ৰষ্টাও ঠিক তেনেকোৱা৷ তেওঁ কেৱল কৈছে “হৈ যোৱা” আৰু মহাবিশ্ব নিজে নিজেই হৈ গ’ল৷ আপোনালোকৰ সেই শূণ্যস্থানৰ পৰা স্ৰষ্টাৰ দূৰত্ব কেৱল সেই “হৈ যোৱা” লৈকেই৷

মাগৰিবৰ আজানান সুমধুৰ শব্দই দহোদিশ ঝংকৃত কৰি তুলিছ৷ বিপ্লৱদাক বৰ হতাশ হোৱা দেখিলোঁ৷ আমি ক’লোঁ—‘আজিলৈ তেনেহ’লে উঠা যাওক?’

তেওঁ এটা দীঘলীয়া নিঃশ্বাস এৰি ক’লে—‘ঠিক আছে, আহিবা আকৌ৷’

আমি নামাজৰ বাবে বাহিৰ হ’লোঁ৷ মই অবাক হৈ ছাজিদৰ ফালে চাই আছোঁ৷ এই ল’ৰাজনেই যে ছমাহ আগতে নাস্তিক আছিল, কোনে বিশ্বাস কৰিব৷ নিজৰ গুৰুকো আজি বৰ বেয়া ধৰণে হৰুৱাই দি আহিল৷ কোৰআনৰ ছুৰা বাকাৰাৰ আয়াত নং-১৭৭ কিমান হাজাৰ বাৰ পঢ়িছোঁ, কিন্তু এনেকৈ কেতিয়াও ভৱা হোৱা নাছিল৷ আজি যেতিয়া ছাজিদে বিপ্লৱদাক বুজাই আছিল,তেতিয়া এনে লাগিছিল যেন আজিয়েই প্ৰথম এই  আয়াতটো শুনিলোঁ৷ মোৰ খুওব গৰ্ব অনুভৱ হ’ল৷

Leave a comment