প্যাৰাডক্সিক্যাল ছাজিদ – গল্প নং ৬ [ স্ৰষ্টা যদি দয়াবানেই হয় , তেন্তে জাহান্নাম(নৰক) কিয় ? ] #_কিয়?

#_স্ৰষ্টা_যদি_দয়াবানেই_হয়,#_তেন্তে_জাহান্নাম(নৰক)                                       #_কিয়?
__________________________________________
–‘আচ্ছা ছাজিদ, সৃষ্টিকৰ্তা দয়ালু নে পাষাণ?’– দেৱজিত দাই চাহৰ কাপত সোহা এটা মাৰি ছাজিদক সুধিলে৷

মোৰ লগত বহি আছিল বাল্যবন্ধু মিছবাহ৷ সি ক’লে–‘ কি অদ্ভুত! সৃষ্টিকৰ্তা হ’ব কেনেকৈ?  তেওঁ হ’ল ৰহমানুৰ ৰহিম৷ পৰম দয়ালু৷’

দেৱজিত দাই মিছবাহৰ ফালে দৃষ্টি নিক্ষেপ কৰিলে৷ইয়াৰ পিছত ক’লে–‘ মিছবাহ, সৃষ্টিকৰ্তা যদি পৰম দয়ালুই হয়, তেনেহ’লে তেওঁ নিজৰ সৃষ্টিক শাস্তি দিয়াৰ বাবে নৰক,  আই মিন জাহান্নামৰ দৰে গহ্বৰ এটা কিয় বনাই ৰাখিছে?’

মিছবাহৰ স্প্ৰীং টাইপ উত্তৰ–‘এইটো কিবা প্ৰশ্ন হ’লনে দাদা? কোনোবাই যদি সৃষ্টিকৰ্তাৰ কমাণ্ড ফলো নকৰে, তেন্তে তেওঁক যদি তাৰ বাবে শাস্তি দিয়া হয়, সেইটোৱে কেতিয়াও সৃষ্টিকৰ্তাক পাষাণ বুলি প্ৰমান নকৰে৷’

মিছবাহৰ এই উত্তৰত দেৱজিত দা সন্তুষ্ট হৈছে বুলি মনে নকলে৷ তেওঁ ওলোটাই প্ৰশ্ন কৰিবলৈ ল’ব, ঠিক সেই সময়তেই ছাজিদে কৈ উঠিল–‘দাদা, আজিৰ নিউজ পেপাৰখন চাইছে নে?’

দেৱজিত দাই ক’লে–‘নাই৷ কিয়?’

–‘এটা নিউজ আছে৷’

–‘কি নিউজ?’

ছাজিদে পেপাৰখন দেৱজিত দাৰ ফালে আগুৱাই দিলে৷ প্ৰথম পৃষ্ঠাতেই ডাঙৰ ডাঙৰ হৰফেৰে শিৰোনাম–‘সোনাগাছিত ৯ বছৰৰ শিশুক ৫ জন মিলি গেং ৰেপ৷’

বিস্তাৰিত অংশত যি লিখা আছে তাৰ সাৰমৰ্ম এনেকুৱা–

‘সোনাগাছিত ৯ বছৰৰ এজনী শিশুক স্কুলৰ পৰা ঘৰলৈ অহাৰ বাটত ৫ জন যুৱকে মিলি ধৰ্ষণ কৰে৷ ধৰ্ষণৰ পিছত সিহঁতে ছোৱালী জনীক আহত অৱস্থাত ধান খেতিত পেলাই থৈ যায়৷ ছোৱালীজনীক অত্যন্ত গুৰুতৰ অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ কেৱল ধৰ্ষণেই নহয়, ছোৱালী জনীৰ শৰীৰৰ বিভিন্ন অংশত ব্লেডেৰে কটা চিহ্নও বিদ্যমান৷ প্ৰচুৰ ৰক্তক্ষৰণৰ ফলত মৃত্যুমূখী  শিশুটোক এতিয়া আই ছি ইউত ৰখা হৈছে৷ ধৰ্ষণকাৰী সকলক স্থানীয় মানুহে আটক কৰি পুলিচৰ হাতত গতাই দিছে৷ জানিব পৰা মতে, ছোৱালী জনীৰ দেউতাক এজন ৰাজনৈতিক নেতা৷ নেতাৰ ওপৰত কোনো এটা বিষয়ত হো ক্ষোভৰ বাবেই তেওঁৰ ছোৱালীৰ ওপৰত এই নিৰ্যাতন চলায় সিহঁতে৷’

ঘটনাটো যোৱাকালিৰ৷ পেপাৰত সৰু ছোৱালীজনীৰ এখন ফটোও দিয়া হৈছে৷ আহ! কি ফুলকুমলীয়া ছোৱালী জনী৷

দেৱজিতদা কুমল মনৰ মানুহ৷ এনেকুৱা এটা বাতৰি পঢ়ি তেওঁৰ মনটো মূহুৰ্তৰ ভিতৰতেই বিষণ্নতাই ভৰি পৰিল৷ দাঁতেৰে কিচিৰ মিচিৰ কৰি বহু সময় ধৰি সেই পাঁচ জন ধৰ্ষণকাৰীক গালি পাৰিলে৷

ছাজিদে বাতৰি কাকতখন বেগত ভৰাওতে ক’লে–‘ দাদা, ধৰক সেই ৫ জনক কোৰ্টত হাজিৰ কৰা হ’ল আৰু আপুনি বিচাৰকৰ আসনত৷ এই ৫ জনেইযে আচল অপৰাধী ইয়াৰ সকলো তথ্য-প্ৰমান ইতিমধ্যে আপুনাৰ উচৰচ পেশ কৰা হৈছে৷ এতিয়া এজনী নাবালিকাৰ উপৰত এনেকুৱা পৈচাশিক নিৰ্যাতন কৰাৰ বাবে আপুনি সিহঁতক শাস্তি দিবনে?’

দেৱজিত দাই দাঁত কৰচি ক’লে–‘শাস্তি দিম মানে? কুকুৰৰ পোৱালী কেইটাক একেবাৰে ফাঁচিত লটকাই দিম৷’

ছাজিদে মিচিকিয়াই হাঁহিলে৷ তাৰ পিছত ক’লে–‘সঁচাই নেকি?’

–‘একদম৷ ফাঁচিত লটকাই ইহঁতৰ মাংস শিয়াল-কুকুৰক দি খুৱাব পাৰিলেহে মোৰ মাথা ঠাণ্ডা হ’ব৷’

দেৱজিত দাৰ চকু-মুখ খঙত ৰঙা হৈ গৈছে৷ তেওঁক এই অৱস্থাত আগতে কেতিয়াও দেখা নাই৷

ছাজিদে এক গ্লাচ পানী তেওঁৰ ফালে আগবঢ়াই দিলে৷ পানী খিনি কোৎ কোৎ কৈ শেষ কৰি দেৱজিত দাই ছাৰ্টৰ হাতাৰেই মুখ মচিলে৷ তেওঁৰ প্ৰচণ্ড খং এতিয়াও মাৰ যোৱা নাই যেন লাগি আছে৷

ছাজিদে ক’লে–‘মই যি দেৱজিত দাক চিনি পাওঁ, তেওঁ কিন্তু এনেকুৱা হিংস্ৰ নহয়৷ মই তেওঁক জানোঁ দয়ালু, ক্ষমাশীল,মহানুভৱ হিচাপে৷ তেওঁ যে কাৰোবাক ফাঁচি কাঠত ওলমাই দিয়াৰ কথা ভাবিব পাৰে, সেইটোহে বৰ আশ্চৰ্য্যবোধ হৈছে৷’

দেৱজিত দাই ছাজিদৰ ফালে দৃষ্টিপাত কৰিলে৷ তেওঁৰ দৃষ্টিত তাচ্ছিল্যতা ফুটি উঠিছে৷ তেওঁ ক’লে–‘শুনা ছাজিদ, মই দয়ালু, মহানুভৱ ঠিক আছে৷ কিন্তু ইয়াৰ মানে এইটো নহয় যে মই কোনো অন্যায় দেখি চুপ কৰি বহি থাকিম৷ মোৰ কেৰেক্টাৰৰ ক্ৰাইটেৰিয়াত যেনেকৈ দয়ালু, মহান, উদাৰ এইবোৰ আছে, ঠিক তেনেকৈ মই ন্যায়বিচাৰকো৷ অন্যায়ৰ কোনো প্ৰশ্ৰয় মোৰ উচৰত নাই৷’

–‘বিচাৰক হিচাপে আপুনি ইচ্ছা কৰিলেই সেই ৫ জন অপৰাধীক ক্ষমা কৰি দিব পাৰে৷’- ছাজিদে ক’লে৷

–‘অৱশ্যে পাৰোঁ৷ কিন্তু তেতিয়া যে সেই নিষ্পাপ শিশুটোৰ প্ৰতি অন্যায় কৰা হ’ব৷ অবিচাৰ কৰা হ’ব৷ সেয়ে মই সেইটো কৰিব নোৱাৰোঁ৷

–‘তেনেহ’লে কি ধৰি লম যে, আপুনি পাষাণ? কঠিন হৃদয়ৰ? আপুনাৰ অন্তৰত কোনো দয়া, মমতা নাই?’

দেৱজিতদা যথেষ্ট উত্তেজিত হৈ ক’লে–‘আশ্চৰ্য! তোমাৰ জ্ঞান-বুদ্ধি কি সকলো লোপ পাই গ’ল নেকি ছাজিদ? পাঁচ জন মানুহে ডাঙৰ অন্যায় কৰিছে৷ সিহঁতৰ অন্যায়ৰ বাবে সিহঁতক মই শাস্তি দিম এইটোয়ে স্বাভাৱিক৷ এজন বিচাৰক হিচাপে ইয়াত ন্যায়ৰ পক্ষ লোৱাটোৱেই মোৰ ধৰ্ম, মোৰ প্ৰেম, মোৰ মমতা৷ এইটোৱে কি প্ৰমান কৰে যে মই পাষাণ?’

ছাজিদে আকৌ মিচিকিয়াই হাঁহিলে৷ ক’লে–‘ দাদা, আপুনাক উত্তেজিত কৰাৰ বাবে দুঃখিত৷ আপুনি আচলতেই বহুত ভাল৷’

সৃষ্টিকৰ্তা যেনেকৈ পৰম দয়ালু, ক্ষমাশীল, ঠিক তেনেকৈ তেওঁ এজন ন্যায়বিচাৰকো৷ তেওঁ কাৰো প্ৰতি বিন্দু মাত্ৰও অন্যায় হ’বলৈ নিদিয়ে৷ সৃষ্টিকৰ্তাই আমাৰ সকলোকে সৃষ্টি কৰিছে৷ তেওঁ আমাৰ বাবে কিছুমান ৰোলছ্ তৈয়াৰ কৰি দিছে৷ এতিয়া কিছুমান মানুহে  এই ৰোলচ্ ফলো কৰি যদি তেওঁ দিয়া বিধান অনুযায়ী জীৱন জাপন কৰে, সিহঁতক তেওঁ পুৰস্কাৰ হিচাপে জান্নাত(সৰগ) দান কৰাৰ আশ্বাস দিছে৷ এতিয়া কিছুমান মানুহে  নামাজ-কালাম পঢ়ে, মিছা কথা নকয়, মানুহক প্ৰৱঞ্চিত নকৰে, চুৰি-ডকাইতি নকৰে, সুত-ভেটি নলয়, মানুহক হত্যা নকৰে, মুঠতে সকলো প্ৰকাৰৰ অন্যায়ৰ পৰা নিজক সংযত ৰাখে কেৱল স্ৰষ্টাৰ সান্নিধ্য লাভ আৰু তেওঁৰ প্ৰতিশ্ৰুতি জান্নাতৰ বাবে৷

আনহাতে অইন কিছুমান মানুহে এইবোৰক কেয়াৰ নকৰি ভোগ-বিলাসত মত্ত হৈ সকলো ধৰণৰ অন্যায় কৰি যায় নিৰৱচ্ছিন্ন ভাৱে, স্ৰষ্টাৰ অবাধ্য হয়, তেনেহ’লে স্ৰষ্টাই যদি দয়ালু হৈ সিহঁতক প্ৰথম গ্ৰোপৰ লগত জান্নাতলৈ পঠিয়াই দিয়ে, তেনেহ’লে এইটো কিবা ন্যায় হ’লনে? প্ৰথম গ্ৰোপকতো ঠগোৱা হ’লেই, লগতে দ্বিতীয় গ্ৰোপৰ সকলো অন্যায়ক সমৰ্থন কৰা নহ’লনে? অন্যায়ক প্ৰশ্ৰয় দিয়া নহ’ল জানো? আপুনি যেনেকৈ বিচাৰকৰ আসনত বহি ক্ষমতা থকাৰ পিছতো সেই পাঁচ জন অপৰাধীক ক্ষমা কৰি দিব নোৱাৰে কেৱল ন্যায় প্ৰতিষ্ঠাৰ বাবে, স্ৰটাও কি সেইটো নোৱাৰেনে?’

দেৱজিত দাই একো নক’লে৷ ছাজিদে আকৌ ক’লে–‘এইটো হ’ল স্ৰষ্টাৰ ক্ৰাইটেৰিয়া৷ তেওঁ যেনেকৈ পৰম দয়ালু, ঠিক তেনেকৈ ন্যায় বিচাৰকো৷’

আৰু অলপ ক্লেয়াৰ কৰোঁ৷ ধৰোঁ, এজন মানুহৰ দুটা সন্তান৷ দুই সন্তানৰ প্ৰথম জনে দ্বিতীয় জনক বিনা কাৰণেই ঠেলা মাৰি মাটিত পেলাই দিলে৷ মাটিত পৰি ল’ৰাজনে খুওব দুখ পালে আৰু বেদনাত কেকাই ওঠিল৷ পিছত চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷

এতিয়া দেউতাই যদি প্ৰথম জনক তেওঁৰ অন্যায়ৰ কাৰণে কোনো শাস্তি নিদি আদৰ কৰি কোলাত তুলি লয়, তেন্তে ই দ্বিতীয় সন্তান, যি নিষ্পাপ, তেওঁৰ প্ৰতি কি অন্যায় কৰা নহ’ব নে?’

–‘হুম৷’–দেৱজিত দাৰ প্ৰতিক্ৰিয়া৷

–‘স্ৰষ্টা এনেকুৱা নহয়৷ এই বাবেই তেওঁ জান্নাত (সৰগ) আৰু জাহান্নাম (নৰক) দুয়োটাই সৃষ্টি কৰি ৰাখিছে৷ আমাৰ কৰ্মফলেই নিৰ্ধাৰণ কৰিব আমাৰ গন্তব্যস্থল৷ ইয়াত কোনো দুই নম্বৰি নহয়, কাৰো সৈতে অনু পৰিমানো অন্যায় নহয়৷’

দেৱজিত দাই ক’লে–‘সেইটো বাৰু বুজিলোঁ৷ কিন্তু তেওঁ যিহেতু আমাৰ স্ৰষ্টা, তেওঁ আমাতকৈ হাজাৰ গুন বেছি দয়ালু হোৱাটো স্বাভাৱিক৷ কিন্তু সেই তেৱেই আমাৰ কৰ্ম পৰিচালনা কৰি আছে, আকৌ তেৱেই আমাক ধৰি ধৰি জাহান্নামত পঠাই আছে৷ বিষয়টো পাকলগা নহয়নে ছাজিদ?’

ছাজিদে ক’লে–‘দাদা, স্ৰষ্টাই আমাক এটা স্বাধীন ইচ্ছাশক্তিৰে সৈতে পৃথিৱীত প্ৰেৰণ কৰিছে৷ লগতে দিছে এখন গাইডবুক৷ এতিয়া আমি আমাৰ এই স্বাধীন ইচ্ছাশক্তি প্ৰয়োগ কৰিয়েই সিদ্ধান্ত লওঁ যে, আমি কি তেওঁৰ প্ৰদৰ্শিত বাটত চলিম নে নচলিম৷ যদি চলোঁ, আমি জান্নাতত প্ৰৱেশ কৰিম৷আৰু যদি নচলোঁ, তেন্তে জাহান্নামত প্ৰৱেশ কৰিম৷ মুঠতে আমি কলৈ যাম সেয়া আমিয়ে নিৰ্ধাৰণ কৰোঁ আমাৰ কৰ্মৰ মাধ্যমত৷ কিন্তু দাদা, আচল কথা হ’ল আমাৰ কৰ্ম সম্বন্ধে তেওঁ ওৱাকিবহাল৷ কাৰণ তেওঁ সৰ্বজ্ঞাত৷ তেওঁ আ’লিমুল গাইব৷ সেয়ে তেওঁ আগৰে পৰাই জানে বাবে সেয়া আমাৰ ভাগ্যলিপি বুলি লিখি ৰাখিছে৷’

দেৱজিত দাই হাঁহিলে৷ তেওঁ ক’লে–‘ অ’ আচ্ছা৷ তাৰ মানে তুমি ক’ব খুজিছা যে, কিছুমান মানুহে স্বাধীন ইচ্ছাশক্তি প্ৰয়োগ কৰিয়েই জাহান্নামক বাচি লৈ আছে?’

–‘হয় হয়৷’

–‘কথাটো উদ্ভট নহয়নে?’

–‘একদম নহয়৷’

–‘লজিকেলি কোৱা৷’

–‘আচ্ছা৷ ধৰক, আপুনি গভীৰ সাগৰত জাহাজৰ পৰা পানীত পৰি গ’ল৷ পানীত পৰি ককবকাই আছে৷ অলপ পিছতেই অতল গভীৰত সোমাই যাব৷ এতিয়া ধৰক, মই আপুনাক উদ্ধাৰ কৰিবলৈ এটা লাইফ জেকেট আপুনালৈ আগবঢ়াই দিলোঁ৷’

–‘হুহ্, পিছত?’

–‘সেই মূহুৰ্তত আপুনাৰ হাতত দুটা অপচন৷ হয়তো লাইফ জেকেট লৈ নিজৰ প্ৰাণ বচাব, নতুবা মোক ডিনাই কৰিব আৰু মৃত্যু গহ্বৰত প্ৰৱেশ কৰিব৷

মন কৰক, মই কিন্তু বচাৰ উপকৰণ, অৰ্থাৎ লাইফ জেকেট আপুনাক অফাৰ কৰিছোঁ৷ এতিয়া আপুনি আপুনাৰ স্বাধীন ইচ্ছাশক্তি প্ৰয়োগ কৰি জেকেটটো গ্ৰহন কৰি নিজৰ প্ৰাণ বচাব নে ডিনাই কৰি মৃত্যুক বৰণ কৰি ল’ব সেয়া সম্পূৰ্ণ আপুনাৰ কথা৷ স্ৰষ্টাও জাহান্নামৰ পৰা বচাৰ উপকৰণ আমাৰ বাবে পঠাইছে৷ লগতে আমাক ফ্ৰী উইলো দিছে৷ এতিয়া আমি তাক খামুচি ধৰি বাচিম নে তাক উপেক্ষা কৰি মৰিম সেয়া আমাৰ উপৰতেই নিৰ্ভৰ কৰিছে৷’

দেৱজিত দাই একো নকলে৷ স্ৰষ্টা দয়ালু হৈয়ো কিয় জাহান্নাম সৃজন কৰিছে তাৰ উত্তৰ হয়তো তেই পাই গৈছে৷ চাহৰ বিল পৰিশোধ কৰি আহি দেৱজিত দাই ক’লে–‘স্ৰষ্টা যিহেতু আমাতকৈ বহু বেছি দয়ালু, সেয়ে তেওঁ ইচ্ছা কৰিলেই কিন্তু ক্ষমা কৰি দিব পাৰে৷’

ছাজিদৰ তেজাল ওঠ আকৌ লৰি উঠিল—‘স্ৰষ্টা কেৱল আপুনাতকৈ বহুত বেছি দয়ালুয়েই নহয়, আপুনাতকৈ বহুত গুনে বেছি ন্যায়বিচাৰকো৷ সেয়ে……’

ছাজিদক আৰু মুখ চলাবলৈ নিদিলে দেৱজিত দাই৷ শুকান মুখেৰে ক’লে–‘বুজিছোঁ, বুজিছোঁ৷’

ছাজিদে হাঁহি দিলে৷ দেৱজিত দাৰ এই চাওন নেখি মোৰো খুওব হাঁহি উঠিল৷ আমাক হাঁহি থকা দেখি তেৱোঁ আমাৰ লগত হাঁহিবলৈ ধৰিলে৷ হাঃ হাঃ হাঃ………………

Leave a comment