পৃথিৱীত আল্লাহ নাই । প্ৰশ্ন : আল্লাহ কত আছে ⁉

💢পৃথিৱীত আল্লাহ নাই । 💢

প্ৰশ্ন : আল্লাহ কত আছে ⁉

উত্তৰ : বিছমিল্লাহি ৰাহমানীৰ ৰাহীম ।
ক্বুৰআন আৰু চহীহ হাদিছ অনুযায়ী আল্লাহ আৰশ্বৰ ওপৰত আছে । ক্বুৰআন আৰু চহীহ হাদিছত আল্লাহৰ চিফাত আৰু গুণাৱলীৰ যি বৰ্ণনা দিয়া হৈছে তাৰ ওপৰত ঈমান আনা ওৱাজিব । যেনে আমি জানোঁ আল্লাহ তা’লাই সকলো দেখে আৰু শুনে । তাৰ মানে এইটো নহয় যে আল্লাহৰ শুনাৰ অঙ্গ  অৰ্থাৎ কাণ আৰু দেখাৰ অঙ্গ  চকু মানুহৰ দৰে  । আল্লাহৰ চিফাত বা গুণাৱলীৰ কাণ , চকু , হাত যেনেকৈ ক্বুৰআন আৰু চহীহ হাদিছত আছে  তেনেকৈ স্বীকাৰ আৰু বিশ্বাস কৰিব লাগিব ।
“আল্লাহ সকলোতে বিৰাজমান ” এই আকিদা দুটা জাতিৰ মাজত বিদ্যমান , জাহমিয়া (ইছলামৰ এটি ভ্ৰান্ত দল ) সম্প্ৰদায়  আৰু হিন্দু সম্প্ৰদায় ।

আল্লাহ তা’লা আৰশ্বৰ ওপৰত আছে ।
কোৰআনৰ অসংখ্য আয়াতে উপৰোক্ত কথাৰ সমৰ্থন কৰে ।

ক্বুৰআনৰ পৰা প্ৰমাণ

💢 পৰম কৰুণাময় (ৰহমান) আৰছৰ ওপৰত উঠিছে।
(ছূৰা , ত্বা হা – ২০:৫ )
ُ

💢 তোমালোকে ইয়াৰ পৰা নিৰ্ভয় হৈছা নেকি যে, যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ (পুতি পেলাই)ধ্বংস কৰিব আৰু হঠাৎ ই (পৃথিৱীখন) থৰ থৰকৈ কঁপিবলৈ ধৰিব?।
(ছূৰা মুলুক -৬৭:১৬)

💢 তেওঁলোকে তেওঁলোকৰ ওপৰত থকা প্ৰতিপালকক ভয় কৰে আৰু তেওঁলোকক যি নিৰ্দেশ দিয়া হয় তেওঁলোকে সেইটোৱে কৰে।(ছূৰা নাহল -১৬:৫০)
💢 বৰং আল্লাহে তেওঁক নিজৰ ওচৰলৈ ( অৰ্থাৎ আকাশৰ পিনে ) উঠাই লৈছে  আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।
(ছূৰা নিছা – ৪:১৫৮)

চাওঁক ☞ ছূৰা আনআম- ৩ , ছূৰা আৰাফ -৫৮ , ছূৰা মায়াৰিজ -৪ , ছূৰা ফাতিৰ -১০, ছূৰা ৰা’দ -২ , ছূৰা আল ইমৰাণ -৫৫, ছূৰা মুমিন -৩৭ -৩৮

হাদিছৰ পৰা প্ৰমাণ

আবু হুৰাইৰা (ৰা:) ৰ পৰা বৰ্ণিত – তেওঁ কৈছে , ৰাছুল চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে  কৈছে , প্ৰত্যেক ৰাতিৰ শেষৰ তৃতীয়াংশত মহান আল্লাহ পৃথিৱীৰ আকাশত অৱতাৰণ কৰে আৰু কয় , কোন আছা যিয়ে মোক মাতিব ? মই তাৰ মাতত সঁহাৰি দিম ।
কোন আছা যিয়ে মোৰ ওচৰত বিচাৰিব  ? মই তাক দান কৰিম । কোন আছা যিয়ে মোৰ ওচৰত ক্ষমা বিচাৰিব  ? মই তাক ক্ষমা কৰি দিম ।

( বুখাৰী হা ১১৬৫ , হা/৬৯৮৬ (ইফা)  , মুছলিম হা/ ৭৫৮ , আবুদাউদ হা/ ১৩১৫  , ইবনে মাজাহ হা/  ১৩৬৬ , মিশকাত হা/ ১২২৩ (ছালাত অধ্যায় , তাহাজ্জুদৰ প্ৰতি উৎসাহিতকৰণ অনুচ্ছেদ)।

চাওঁক ☞ চহীহ মুছলিম হা/ ৫৩৭ (মছজিদসমূহ আৰু ছালাতৰ স্থানসমূহ অনুচ্ছেদ )
বুখাৰী হা /২৯৬৭ ( সৃষ্টিৰ সূচনা অধ্যায় , অনুবাদ ইছলামীক ফাউন্ডেচন )
মিশকাত হা/ ২৩৬৪ (দু’আ অধ্যায় )
তিৰমিজি হা/৩৫৫৬ ( ইবনে মাজাহ হা/ ৩৮৬৫, চহীহ হাদিছ )
মুছলিম হা/ ১২১৮ (হজ্জ অধ্যায় অনুচ্ছেদ -১৯ )

Leave a comment