🚫
পীৰ ধৰা আৰু মুৰীদ হোৱা সম্পূর্ণ নাজায়েয কাম ।
এইটো নাছিল ৰাছুল (ছাঃ)-ৰ যুগত, নাছিল ছাহাবী, তাবেঈ ও তাবে তাবেঈসকলৰ যুগত। পৰবৰ্তীকালত কিছুমান লোকে
অমুছলিমসকলৰ অনুকৰণত নিজে পীৰ সাজি মূর্খ লোকসকলক মুৰীদ বনাই বিনা পুঁজিৰ ব্যৱসায় কৰিছে। যদিও তাত কোনো মূলধন বিনিয়োগৰ প্রয়োজন নহয় আৰু এই বিশাল ব্যৱসায় কোনো আয়কৰকো দিব নালাগে।
মহান আল্লাহ তেওঁৰ ‘অছীলা’ অর্থাৎ নৈকট্য অন্বেষণ কৰিব
কৈছে। (মায়েদাহ ৩৫) । ইয়াৰ অর্থ ‘পীৰ’ বা কোনো মাধ্যম ধৰা নহয়। বৰং ইয়াৰ অর্থ ‘তেওঁৰ আনুগত্য ও সন্তুষ্টিৰ মাধ্যমত’ তেওঁৰ নৈকট্য সন্ধান কৰা (ইবনে কাছীৰ, উক্ত আয়াতৰ তাফছীৰ
দ্রঃ) । ৰাছুলুল্লাহ (ছাঃ) পীৰ ধৰিব কোৱা নাই। বৰং তেওঁৰ আৰু তেওঁৰ খুলাফায়ে ৰাশেদীনৰ চুন্নত আঁকৰি ধৰিব কৈছে
(আবুদাঊদ, মিচকাত হা/১৬৫) ।