পাত্রী চাবলৈ গৈ পাত্রীৰ কি কি দেখা কৰিব পৰা যায়? পাত্ৰৰ বাহিৰে পাত্ৰৰ বাপেক¸ দদায়েক, ভাই বন্ধু বা ভিনিহিয়েক আদিয়ে পাত্রী চাব পাৰে নে?

পাত্রী চাবলৈ গৈ পাত্রীৰ কি কি দেখা কৰিব পৰা যায়? পাত্ৰৰ বাহিৰে পাত্ৰৰ বাপেক¸ দদায়েক, ভাই বন্ধু বা ভিনিহিয়েক আদিয়ে পাত্রী চাব পাৰে নে?
______________________________

পাত্রী চাবলৈ গৈ দৰাৰ কাৰণে পাত্রীৰ মুখমণ্ডল, হাত আৰু ভৰিৰ পতা দেখা বৈধ। বহুতে কৈছে, খোলা মূৰও চাব পৰা যায়। কিন্তু চর্ত হ’ল, পাত্রীক লৈ নির্জনতা অৱলম্বন কৰা বৈধ নহয়। বৰং তাইৰ লগত তাইৰ কোনো মুহৰিম পুৰুষ (বাপেক-ভাই) নিশ্চয় থাকিব লাগিব। বাপেক-মাকৰো উচিত নহয়, তেওঁলোকক কোনো কোটালিত অকলে এৰি দিয়া।

মহানবী ﷺ কৈছে,

“নিশ্চয় কোনো পুৰুষে যেন কোনো বেগানা নাৰীৰ সৈতে মুহৰিম পুৰুষ অবিহনে নির্জনতা অৱলম্বন নকৰে।” (বুখাৰী ও মুছলিম, ইবনে বায)

দৰাৰ বাহিৰে সেই পাত্রীক অন্য পুৰুষ, দৰাৰ বাপেক-দদায়েক, ভাই-বন্ধু বা ভিনিহিয়েক আদিয়ে চাব নোৱাৰে। পক্ষান্তৰে পাত্ৰী যদি বেপর্দা হয় অথবা দৰা যদি পর্দা-বিৰোধী হয়, তেনেহ’লে বাৰু ফতোৱা কিহৰ?
.
[শাইখ আব্দুল হামিদ ফাইজি মাদানী]

Leave a comment