নৱবৰ্ষ_উদযাপন_বিধৰ্মীৰ_সংস্কৃতি।

#নৱবৰ্ষ_উদযাপন_বিধৰ্মীৰ_সংস্কৃতি।
_____________________________________

থাৰ্টি ফাৰ্ষ্ট ডিচেম্বৰ¸ পহিলা জানুৱাৰী আদি বিধৰ্মীৰ উৎসৱ। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে,

“যি ব্যক্তিয়ে যি জাতিৰ সাদৃশ্য গ্রহণ কৰে, সি তেওঁলোকৰেই অন্তর্ভূক্ত।” [চুনানে আবু দাউদঃ হাদীছ ৪০৩১]

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আকৌ কৈছে-

“ক্কিয়ামত তেতিয়ালৈকে অনুষ্ঠিত নহ’ব, যেতিয়ালৈকে মোৰ উম্মাতৰ কিছু গোত্র মুশ্বৰিকসকলৰ সৈতে মিলি নাযাব আৰু যিমানদিনলৈকে মোৰ উম্মাতৰ কিছু গোত্র মূর্তি বা স্থানপূজা নকৰিব”। [আবু দাউদ, তিৰমিজি, মিশকাত, চনদ ছহীহ ]

নৱবৰ্ষৰ শুভেচ্ছা জনোৱা মানে জাহান্নামত স্থান নিৰ্ধাৰিত কৰা। কাৰোবাক শুভেচ্ছা জনোৱাটো এটা ইবাদাত। কিয়নো শুভেচ্ছা জনোৱা মানে দোৱা কৰা। আকৌ দোৱা হৈছে উত্তম ইবাদাত। ইবাদাত কৰিও জাহান্নাম!!! কিন্তু কিয়???ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“নিকৃষ্ট কাম বিদআত, প্রত্যেক বিদ’আত হৈছে ভ্রষ্টতা, আৰু ভ্রষ্টতাৰ পৰিণাম জাহান্নাম”। (নাছাঈ- হা/১৫৭৮)

নতুন বছৰৰ শুভেচ্ছা জনোৱাটো ইছলামৰ সংস্কৃতি নহয়। দ্বীন ইছলাম পৰিপূৰ্ণ। ইয়াত ইবাদাতৰ নামত নতুন কিবা সংযোগ হ’ব নোৱাৰে। আল্লাহে কৈছে-

الْيَوْمَ أَكْمَلْتُ لَكُمْ دِينَكُمْ وَأَتْمَمْتُ عَلَيْكُمْ نِعْمَتِي وَرَضِيتُ لَكُمُ الْإِسْلَامَ دِينًا ۚ

আজি মই তোমালোকৰ বাবে তোমালোকৰ দ্বীনক পৰিপূৰ্ণ কৰিলোঁ আৰু তোমালোকৰ ওপৰত মোৰ অনুগ্ৰহ সম্পূৰ্ণ কৰিলোঁ, আৰু তোমালোকৰ বাবে ইছলামক দ্বীন হিচাপে মনোনীত কৰিলোঁ। [ছূৰা আল-মায়িদাহ: ৩]

দুৰ্ভাগ্যৰ বিষয় আজি কিছুমান মছজিদত ইছলামৰ নামত এনেকুৱা নতুন সংযোজন কৰি নৱবৰ্ষক আদৰণি জনোৱাৰ নামত দোৱাৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এনেকৈয়ে ভাৰত উপমহাদেশত নতুুন নতুন বিদাত সুমুৱাই দি ছুন্নাতসমূহক হত্যা কৰা হৈছে। আমাৰ প্ৰচলিত ছালাতও অজুৰ পৰা আৰম্ভ কৰি চালাম ফিৰোৱাৰ পিছত বিদাতী সমূহীয়া মোনাজাত কৰালৈকে অসংখ্য বিদাতেৰে ভৰপুৰ। ইয়াৰ মূল কাৰণ হৈছে¸ প্ৰচলিত মাদ্ৰাছাসমূহত শ্বিৰ্ক-বিদাতৰ বিষয়ে শিকোৱা নহয়। ওলোতাই বিদাতক দুভাগ কৰি ‘বিদাতে হাছানা’ নাম দি বিজাতীয় উৎসৱবোৰত দোৱাৰ অনুষ্ঠান কৰা হয়। অথচ নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“কুল্লু বিদাতীন দালালাহ” অৰ্থাৎ “প্ৰত্যেক বিদ’আতেই হৈছে ভ্রষ্টতা”। [মুছলিম- ৮৬৭, ইঃফাঃ ১৮৭৫; মিশকাত-১৪১]

ইয়াত ‘কুল্লু’ শব্দ ব্যৱহাৰ কৰিছে। গতিকে বিদাতক ভাগ কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। নেকীৰ আশাত আমি যিবোৰ ইবাদাত কৰোঁ¸ যাৰ অনুমোদন কুৰআন আৰু হাদীছত নাই সেই সকলোবোৰেই বিদাত। জন্মদিন এটা বিজাতীয় উৎসৱ। সেইদিনা হুজুৰক মাতি আনি বহুতে দোৱা কৰে। ইও এটা বিদাত। মানুহৰ মৃত্যুৰ পিছত হুজুৰসকলক মাতি আনি দোৱাৰ অনুষ্ঠান¸ কুৰআন খতম আদি কৰে। এই সকলোবোৰ বিদাত। ইছলামত কোনো দোৱাৰ অনুষ্ঠান নাই। বিদাতবোৰ দেখাত সুন্দৰ আমলেই হয়। বিদাতীসকলে কয়¸ আমি দোৱাহে কৰিছোঁ বা কুৰআন খতম দিছোঁ নাইবা শ্ববে-বৰাতত বিশেষ ছালাত আদায় কৰিছোঁ¸ কিনো বেয়া কাম কৰিছোঁ? এইবোৰতো একো বেয়া কাম নহয়!!! দ্বীনৰ মাজত এই নতুন পদ্ধতি বনোৱাৰ অধিকাৰ আমাৰ নাই¸ দেখাত সি যিমান ভাল কামেই নহওঁক কিয়!!!?

বিদআতৰ অর্থ কি?

=বিদআতৰ শাব্দিক অর্থ নতুন কিবা সৃষ্টি কৰা।

ইছলামী শ্বৰীয়তত নতুন কোনো আমল বৃদ্ধি কৰা যাক নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম, চাহাবীসকলে কৰা নাই বা কৰিবলৈ কোৱা নাই, তাক ইবাদাত বুলি কৰাটোৱেই বিদআত।

বিদআতৰ পৰিণাম কি?

নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,

“যি ব্যক্তিয়ে এনেকুৱা আমল কৰিব যি বিষয়ত আমাৰ শ্বৰীয়তৰ নির্দেশনা নাই, সি প্রত্যাখ্যাত।” [বুখাৰী- ২৬৯৭, ইঃফাঃ ২৫১৪; মুছলিম- ১৭১৮, ইঃফাঃ ৪৩৪৩, ৪৩৪৪; মিশকাত- ১৪০, আহমদ- ২৬০৯২]

আন হাদীছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“নিঃসন্দেহে সর্বোত্তম কথা হৈছে আল্লাহ্‌ৰ কিতাব, সর্বোত্তম পদ্ধতি হৈছে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পদ্ধতি আৰু নিকৃষ্ট কাম হৈছে শ্বৰীয়তত নতুন কিবা সৃষ্টি কৰা, আৰু প্রত্যেক বিদ’আতেই হৈছে ভ্রষ্টতা। [মুছলিম- ৮৬৭, ইঃফাঃ ১৮৭৫; মিশকাত- ১৪১]

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,

“বনী ইস্ৰাঈল ৭২ দলত বিভক্ত হৈছিল। মোৰ উম্মত ৭৩ দলত বিভক্ত হ’ব। ১টা দলৰ বাহিৰে সকলোৱেই জাহান্নামী হ’ব”। চাহাবায়ে কিৰামে সুধিলে, সেইটো কোন দল? তেতিয়া ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ক’লে- “আজিৰ দিনত মই আৰু মোৰ চাহাবীসকল যাৰ ওপৰত আছোঁ, তাৰ ওপৰত যিসকল টিকি থাকিব”। [তিৰমিযী- ২৬৪১; ইবনু মাজাহ- ৩৯৯৩; আবূ দাঊদ- ৪৫৯৬]

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“কিয়ামতৰ দিনা মোৰ (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) আৰু বিদআতিসকলৰ মাজত পৰ্দা পৰি যাব। বিদআতি’সকলে হাউযে কাওছাৰৰ পানী পান কৰাৰ পৰা বঞ্চিত হ’ব” [বুখাৰী- ৬৫৮৪, ৭০৫০, ৭০৫১; ইঃফাঃ ৬৫৭৪; মুছলিম- ২২৯০, ২২৯১¸ ইঃফাঃ ৫৭৬৮]

আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

“তোমালোকৰ মাজত দুটি বস্তু এৰি গৈছোঁ; যেতিয়ালৈকে তাক মজবুতকৈ ধাৰণ কৰি থাকিবা, কেতিয়াও পথভ্রষ্ট নহ’বা; সেই দুটা হ’ল- আল্লাহৰ কিতাব আৰু মোৰ ছুন্নাহ’’। [মুৱাত্তা মালিক; মিশকাত- ১১৭]

==> অর্থাৎ কুৰআন আৰু হাদীছ খামুচি ধৰা আমাৰ কাৰণে একান্ত আৱ ======> সেয়েহে বিদআতৰ পৰা বাঁচি থকা প্রত্যেক মুছলিমৰ কাৰণে অপৰিহার্য। সেই সকলো শ্বির্ক-বিদআত আৰু পথভ্রষ্টতাৰ পৰা বাঁচাৰ কাৰণে খামুচি ধৰক আৰু অনুসৰণ কৰক কেৱল-মাত্র তাকেই যাক ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক কৈ গৈছে।

Leave a comment