✍✍ নেট্ মোল্লা ✍✍
আলহামদুলিল্লাহ ! বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ দ্ৰুত সম্প্ৰসাৰনে মানৱ জাতিক আজি বহুদূৰ আগুৱাই নিছে । আঙুলিৰে বুটাম টিপিয়েই আজি অনায়াসে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহে মানুহৰ লগত যোগসূত্ৰ স্হাপন কৰাৰ উপৰিও প্ৰতিটো বিষয়ৰ জ্ঞান লোৱাটো একেবাৰে সহজ হৈ পৰিছে । সামান্তৰাল ভাবে দ্বীন ইছলামৰো প্ৰচাৰ আৰু প্ৰসাৰতা আধুনিক প্ৰযুক্তিৰ মাধ্যমেৰে আলহামদুলিল্লাহ বিশ্বত দ্ৰুত ভাবে বৃদ্ধি পাইছে । কোৰআন আৰু হাদীছৰ জ্ঞান অৰ্জন কৰাটো আজি সকলোৰে বাবে বহুত সুবিধাজনক হৈ পৰিছে , লাগে মাথোঁ জনাৰ আগ্ৰহ বা হাবিয়াস !!
কিন্তু অতি পৰিতাপৰ বিষয় যে দ্বীন ইছলামৰ এনে বহুল প্ৰচাৰ আৰু প্ৰসাৰতাক আমাৰেই বহুতো ধৰ্মীয় নেতাই সহজভাৱে লব পৰা নাই !! মাদ্ৰাছাৰ আনুষ্ঠানিক শিক্ষাৰ অবিহনে আধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়েৰে ইছলামৰ শিক্ষা গ্ৰহণ কৰা লোক সকলক ” নেট্ মোল্লা ” বুলি ৰাজহুৱাকৈ কতাক্ষ্য কৰিছে !! চহীহ হাদীছৰ ত্বথ্যভিত্তিক লিখনীকো ” ফাল্টু ” লিখনী বুলি অভিহিত কৰি তেনে লিখকক ইছলামৰ “ঠিকাদাৰ” বুলি উপলুঙা কৰিবলৈও কুন্ঠাবোধ কৰা নাই !! কোৰআন হাদীছৰ সত্য প্ৰচাৰৰ বিৰুদ্ধে এচাম উদণ্ড যুৱকক উচতনি দি বিভিন্ন অসভ্য গালি গালাজেৰে প্ৰচাৰকৰ লিখনী বন্ধ কৰাৰ বৃথা চেষ্টা কৰা পৰিলক্ষিত হৈছে । এনে ধৰণৰ অনাইছলামীক অসাংবিধানীক কাৰ্য্যকলাপত আমি সঁচাকৈয়ে মৰ্মাহত হৈছো আৰু আশ্চৰ্য্যবোধ কৰিছোঁ ।
সেয়েহে আমি সকলো সন্মানীয় মন্তব্যত অংশগ্ৰহণ কাৰী সচেতন ব্যক্তি , দ্বীন ইছলামৰ পথ প্ৰদৰ্শক সকলকে প্ৰমোক্ষ কৰি সকলোৰে প্ৰতি আহ্বান জনাওঁ যে – আহক আমি সকলোৱে নিজৰ ভিতৰৰ সকলো ধৰণৰ ভেদ ভাৱ পৰিহাৰ কৰি ভাতৃত্ববোধ মনোভাৱেৰে দ্বীন ইছলামৰ খিদমত কৰোঁ । দলীল বিহীন সকলো ধৰণৰ অতিৰঞ্জিত কল্প কাহিনী পৰিহাৰ কৰি একমাত্র কোৰআন আৰু চহীহ হাদীছৰ আদৰ্শৰে নিজকো পৰিচালনা কৰাৰ চেষ্টা কৰোঁ আৰু আনৰ বাবেও আহ্বান জনাওঁ !! সমাজ , পৰম্পৰা , কোনো ব্যক্তি বিশেষ , কোনো স্হান বিশেষ আদিৰ আদৰ্শৰে যে ইছলাম নচলে , ইছলাম চলিব লাগিব একমাত্র মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লাম ও চাহাবায়ে কেৰাম সকলৰ আদৰ্শতহে , সেই বিষয়ে মানুহক অধিক সজাগ কৰাৰ চেষ্টা কৰোঁ । ইছলামৰ জ্ঞান আহৰণ কৰাটো আল্লাহে প্ৰত্যেক পুৰুষ নাৰীৰ বাবে যে ফৰজ হিচাবে ঘোষণা কৰিছে, সমাজৰ কেৱল এক বিশেষ শ্ৰেণীক যে আল্লাহে এই দায়িত্ব অৰ্পণ কৰা নাই, সেই সত্য কথাবোৰ সমাজত প্ৰচাৰ কৰি দিওঁ । প্ৰত্যেকেই নিজ নিজ কৰ্ম্মফলৰ বাবে ৰোজ হাচৰৰ দিনা দায়বদ্ধ হব লাগিব , আদম ( আঃ) ৰ পৰা আদি কৰি নুহ (আঃ), মুছা (আঃ) আদি সকলো নবী , পীৰ , বুজৰুগ , আউলীয়া ইত্যাদি সকলোৰে বাবে সিদিনা হব কেৱল “য়া নাফচী য়া নাফচী ” !! কোনেও কাকো একো সহায় কৰিব নোৱাৰিব , ইন শ্বা আল্লাহ আমাৰ নবী মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ চিফাআতৰ বাবে আল্লাহৰ ওচৰত চুপাৰিছ কৰিব !! তেখেত ( চঃ) ৰ ইন্তেকালৰ পাছত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পথ পৰিত্যাগ কৰি আনৰ পথ অৱলম্বন কৰা সকলো ভূৱা ইবাদত কাৰীক সিদিনা কাওচাৰৰ পানী পাণ কৰিবলৈ নিদি খেদি পঠাব !! এনে বাস্তৱ সত্য কথাবোৰ মানুহে হৃদয়ঙ্গম কৰাকৈ আমি সকলোৱে মিলি গণ জাগৰণৰ সৃষ্টি কৰিব লাগিব । ৰোজ হাচৰত পীৰ, বুজৰুগ আদিয়ে আমাক যে কোনো সহায় কৰিব নোৱাৰিব , সেই বিষয়ে আমি অন্তৰেৰে উপলব্ধি কৰিব পাৰিলেহে আমি ইন শ্বা আল্লাহ একমাত্ৰ মুহাম্মদ চল্লাল্লাহু আলাইহি অছাল্লামৰ পথ অনুকৰণ কৰিবলৈ সক্ষম হম !! অন্যথা ভূৱা পথেৰে আমি গোটেই জীৱন ইবাদত কৰিও হয়তো জাহান্নামৰ জুইত জ্বলিব লাগিব !!
সেয়েহে আহক আমি সকলোৱে একত্ৰে সকলো ধৰণৰ দ্বীনৰ নাম লৈ চলা ভ্ৰষ্ট পথ পৰিহাৰ কৰি একমাত্ৰ কোৰআন আৰু চহীহ হাদীছৰ পথ খামুচি ধৰিবলৈ উদাত্ত কন্ঠৰে মানুহক আহ্বান জনাই কওঁ — জাগা মুমিন জাগা ….

— Muktabul Hussain