—————————————
২০ হিজৰী চনত দ্বিতীয় খলীফা ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ শাসনৰ আমলত বিখ্যাত ছাহাবী আমৰ ইবনুল ‘আছ ৰাদ্বিয়াল্লাহু আনহুৰ নেতৃত্বত সর্বপ্রথম মিছৰ বিজিত হয়। মিছৰত তেতিয়া প্রবল খৰাং। নীল নদী পানীশূন্য হৈ পৰিছে। সেনাপতি আমৰৰ ওচৰত সেই সময়ৰ অধিবাসীসকলে অভিযোগ তুলিলে,
হে আমীৰ! নীল নদী তো এটা নির্দিষ্ট নিয়ম পালন অবিহনে প্রবাহিত নহয়। তেওঁ ক’লে, সেইটো কি? তেওঁলোকে ক’লে, এই মাহৰ ১৮ দিন অতিবাহিত হোৱাৰ পিছত আমি কোনো এগৰাকী সুন্দৰী যুৱতীক নির্বাচন কৰিম। ইয়াৰ পিছত তাইৰ পিতা-মাতাক ৰাযী কৰি তাইক সুন্দৰতম অলংকাৰ আদি ও উত্তম পোচাক পৰিধান কৰোৱাৰ পিছত নীল নদীত নিক্ষেপ কৰিম।
আমৰ ইবনুল আছ ৰাদ্বিয়াল্লাহু আনহুৱে তেওঁলোকক ক’লে, ইছলামত এই কামৰ কোনো অনুমোদন নাই। কিয়নো ইছলামে প্রাচীন সকলো জাহেলী ৰীতি-নীতিক ধ্বংস কৰি দিয়ে। ইয়াৰ পিছত তেওঁলোকে ক্ৰমে তিনি মাহ পানীৰ অপেক্ষাত কটাই দিলে। কিন্তু নীল নদীৰ পানীত হ্ৰাস-বৃদ্ধি একোৱেই পৰিলক্ষিত নহ’ল। ইয়াৰ পিছত সেই সময়ৰ অধিবাসীসকলে দেশত্যাগৰ কথা চিন্তা কৰিবলৈ ধৰিলে। এই দুর্যোগময় অৱস্থা দেখি সেনাপতি আমৰ ইবনুল আছ ৰাদ্বিয়াল্লাহু আনহুৱে খলীফা ওমৰ ৰাদ্বিয়াল্লাহু আনহুৰ ওচৰলৈ পত্র প্রেৰণ কৰিলে।
উত্তৰত ওমৰ ৰাদ্বিয়াল্লাহু আনহুৱে লিখিলে, হে আমৰ! তুমি যি কৰিছা ঠিকেই কৰিছা। মই এই পত্রৰ মাজত এটি পৃষ্ঠা প্রেৰণ কৰিলোঁ, যিটো তুমি নীল নদীত নিক্ষেপ কৰিবা।’ ওমৰৰ পত্র যেতিয়া আমৰৰ ওচৰলৈ আহি পালে, তেতিয়া তেওঁ পত্রখন খুলি তাত এই বাক্যবোৰ লিখা দেখা পালে,
‘আল্লাহৰ বান্দা আমীৰুল মুমিনীন ওমৰৰ পক্ষৰ পৰা মিছৰৰ নীল নদীৰ প্রতি। যদি তুমি নিজে নিজেই প্রবাহিত হৈ থাকা, তেন্তে প্রবাহিত নহ’বা। আৰু যদি একক সত্ত্বা, মহাপৰাক্রমশালী আল্লাহে তোমাক প্রবাহিত কৰায়, তেন্তে আমি আল্লাহৰ ওচৰত প্রার্থনা কৰিছোঁ, যেন তেওঁ তোমাক প্রবাহিত কৰে’।
ইয়াৰ পিছত আমৰ ৰাদ্বিয়াল্লাহু আনহুৱে পত্রখন নীল নদীত নিক্ষেপ কৰিলে। পিছদিনা শনিবাৰে ৰাতিপুৱা মিছৰবাসীয়ে দেখিলে, আল্লাহ তা‘আলাই এটা ৰাতিত নীল নদীৰ পানীক ১৬ গজ উচ্চতালৈ প্রবাহিত কৰি দিছে। তাৰ পিছৰ পৰা আজিলৈকে নীল নদী প্রবাহিত হৈয়ে আছে। কেতিয়াও শুকোৱা নাই।
(আল-বিদায়াহ ৭/১০০; তাৰীখু
দিমাস্ক ৪৪/৩৩৭; তাবাকাতুশ্ব শ্বাফিয়া আল-কুবৰা ২/৩২৬)।