#নাৰী_নিৰ্যাতনঃ—বৰ্তমান নাৰীসকলৰ অৱস্থা অত্যন্ত ভয়াবহ ৷ হত্যা, ধৰ্ষণ, অপহৰণ, ইভটিজিং, যৌতুকৰ কাৰণে নিৰ্যাতনসহ নাৰীসকলক সামাজিক আৰু পাৰিবাৰিক বিভিন্নভাৱে নিৰ্যাতন কৰা হৈছে৷ বৰ্তমান নাৰীসকলৰ প্ৰতি নিৰ্যাতন দেখি ভাৱ হয় আমি এটা আধুনিক জাহিলিয়াতৰ যুগত আছো৷ জাহিলিয়াতৰ যুগত কন্যা সন্তান জন্মগ্ৰহণ কৰিলে জীৱন্ত কবৰ দিয়া হৈছিল ৷ আৰু বৰ্তমানো নাৰী নিৰ্যাতনৰ হাৰ দিনে দিনে বৃদ্ধি পাই গৈ আছে ৷ এই সকলো অপৰাধৰ পৰা একমাত্ৰ মুক্তি দিব পাৰে ইছলামে৷ তলত নাৰী নিৰ্যাতনৰ প্ৰতিৰোধত ইছলামৰ ভূমিকা আৰু বিধান আলোকপাত কৰা হ’লঃ–
#দৃষ্টিশক্তি_নিয়ন্ত্ৰণ_আৰু_লজ্জাস্থানৰ_হিফাজত_কৰাঃ-
আল্লাহ তা’লাই কোৰআনত কৈছে,
“মুমিনসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত।”(ছুৰাঃ-আন-নুৰঃ ৩০)
“আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয় কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনিৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।”(ছুৰাঃ আন-নুৰঃ ৩১)
#সৌন্দৰ্য_প্ৰকাশ_নকৰাঃ— বৰ্তমান ইভটিজিং আৰু ধৰ্ষণৰ অন্যতম কাৰণ হৈছে, নাৰীসকলৰ বেপৰ্দা চলা-ফুৰা কৰা ৷ এই ক্ষেত্ৰত সৰ্তক কৰি আল্লাহ তা’লাই কৈছে,
“আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয় কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনিৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।”(ছুৰাঃ আন-নুৰঃ ৩১)
“আৰু তোমালোকে নিজ ঘৰত অৱস্থান কৰিবা। প্ৰাচীন জাহেলী যুগৰ প্ৰদৰ্শনীৰ দৰে নিজকে প্ৰদৰ্শন কৰি নুফুৰিবা।” (ছুৰাঃ আহজাবঃ ৩৩)
#অশ্লীলতা_প্ৰসাৰৰ_সকলো_পথ_বন্ধ_ৰখাঃ–
পৃথিৱীত যিসকলে অশ্লীলতা প্ৰসাৰৰ কামত নিয়োজিত তেওঁলোকক লক্ষ্য কৰি আল্লাহ তা’লাই কৈছে,
“নিশ্চয় যিসকলে মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে আছে পৃথিৱী আৰু আখিৰাতত যন্ত্ৰণাদায়ক শাস্তি; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।”(ছুৰাঃ আন-নুৰঃ ১৯)
#ধৰ্ষণ_অপৰাধৰ_শাস্তিঃ–
বিভিন্ন দেশত ধৰ্ষণ প্ৰৱণতা দিনে দিনে বাঢ়ি গৈছে ৷ এই অপকৰ্ম বৃদ্ধিৰ মূল কাৰণ হল অপৰাধীসকলৰ শাস্তিৰ বিধান যথাযথভাৱে কাৰ্যকৰ নকৰা ৷ পশ্চিমা দেশসহ বিশ্বৰ বিভিন্ন দেশত ধৰ্ষণৰ উপযুক্ত বিচাৰ নথকাত তাত ধৰ্ষণ কমাব পৰা নাই, তাত আৰু ব্যাপক হাৰত বৃদ্ধি পাইছে৷ আমাৰ দেশত লক্ষ্য কৰা যায়, ধৰ্ষণৰ শাস্তিস্বৰূপ ধৰ্ষকৰ লগত ধৰ্ষিতাৰ বিয়া দিয়া হৈছে, আকৌ কৰোবাত উভয়কেই শাস্তি দিয়া হৈছে৷ যি ইছলামত নিষিদ্ধ আৰু মানৱাধিকাৰৰ চৰম লংঘন৷ কিয়নো এই কাম সংঘটিত হয় পুৰুষ কৰ্তৃক জোৰপূৰ্বক ৷ সেইকাৰনে অপৰাধী ধৰ্ষক, ধৰ্ষিতা নহয়৷ ইছলাম এই কথাটোৰ সমৰ্থন কৰে৷ ইছলামে কৈছে, কমটো যদি নাৰীৰ অমতত হয়, তাইক যদি এই কামত বাধ্য কৰোৱা হয় আৰু সাক্ষী প্ৰমাণৰ ভিত্তিত নাৰীৰ অসহায়ত্ব আৰু অমত সুস্পষ্টভাৱে ধৰা পৰে, তেনেহ’লে নাৰীয়ে ইয়াৰ বাবে কোনো ধৰণৰ শাস্তি নাপায়৷ ইয়াৰ বাবে ধৰ্ষক পুৰুষেই শাস্তি পাব৷ আল্লাহ তা’লাই কৈছে,
“ব্যভিচাৰিণী আৰু ব্যভিচাৰী— সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা।”(ছুৰাঃ আন-নুৰঃ ২)
আৰু এই ক্ষেত্ৰত নাৰীৰ অব্যহতি প্ৰসংগত আল্লাহ তা’লাই কৈছে,
“আৰু তোমালোকৰ দাসীসকলে নিজৰ লজ্জাস্থানৰ পৱিত্ৰতা ৰক্ষা কৰিব বিচাৰিলে পাৰ্থিৱ জীৱনৰ ধনৰ লোভত সিহঁতক ব্যভিচাৰত বাধ্য নকৰিবা। যিসকলে সিহঁতক বাধ্য কৰাব, নিশ্চয় সিহঁতক বাধ্য কৰাৰ পিছত আল্লাহে সিহঁতৰ প্ৰতি অত্যন্ত ক্ষমাশীল, পৰম দয়ালু।” (ছুৰাঃ আন-নুৰঃ ৩৩)
#যৌতুক_প্ৰতিৰোধঃ– বিশ্বৰ বিভিন্ন দেশত নিৰ্যাতনৰ নেপথ্য যৌতুক প্ৰথাৰ বিভিন্ন ভূমিকা আছে৷ আমাৰ দেশত অধিকাংশই নাৰী নিৰ্যাতিত হয় যৌতুকৰ কাৰণে৷ বিশেষত যৌতুক প্ৰথা আহিছে হিন্দু ধৰ্মৰ পৰা ৷ এই প্ৰথাটো প্ৰথম অবস্থাত হিন্দুৰ মাজতেই সীমাৱদ্ধ আছিল৷ সময়ৰ পৰিবৰ্তনত লাহে লাহে এই প্ৰথাটো মুছলমানৰ সমাজতো প্ৰৱেশ কৰে, যি বৰ্তমানে ব্যাপক হাৰত বৃদ্ধি পাইছে৷ এই প্ৰথাৰ পৰা মুক্তি পাবলৈ হ’লে ইছলামী বিধান মান্য কৰাৰ বাহিৰে বিকল্প পথ আৰু বেলেগ হব নোৱাৰে৷ কিয়নো, ইছলামে কয় কোনো পুৰুষ অৰ্থনৈতিক ভাৱে স্বাবলম্বী নহলে বিয়া কৰিব নোৱাৰিব, আৰু যিহেতু অধিকাংশ পুৰুষে যৌতুক লয় আৰ্থিকভাৱে সামৰ্থ্যৱান হোৱাৰ বাবে৷ এই ক্ষেত্ৰত আল্লাহ তা’লাই কৈছে,
“আৰু যিসকলৰ বিবাহ কৰাৰ সামৰ্থ নাই, আল্লাহে তেওঁলোকক নিজ অনুগ্ৰহত অভাৱমুক্ত নকৰালৈকে তেওঁলোকে যেন সংযম অৱলম্বন কৰে ৷”(ছুৰাঃ আন-নুৰঃ ৩৩)
আকৌ ইছলামত বিয়াৰ সময়ত নাৰীক মোহৰ প্ৰদান কৰি নাৰীৰ মৰ্যাদা আৰু যৌতুকৰ পথ ৰুদ্ধ কৰিছে৷ আল্লাহ তা’লাই কৈছে,
“আৰু তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰে তৃপ্তিসহকাৰে ভোগ কৰা।” (ছুৰাঃ আন-নিছাঃ ৪)
✍✍ তাহেৰা বেগম