১) যদি মহিলা তোমাৰ মা হয তেন্তে ইছলামে কয় সেই মহিলাৰ ভৰিৰ তলত তোমাৰ জান্নাত।
২) যদি মহিলা তোমাৰ ছোৱালী হয় তেন্তে ইছলামে কয় ২-৩ জনী ছোৱালীক লালন-পালন কৰাজনক আল্লাহে জান্নাত দিব।
৩) যদি মহিলা তোমাৰ স্ত্ৰী হয় তেন্তে ইছলামে কয় “পৃথিৱীৰ শ্ৰেষ্ঠ আৰু পবিত্ৰ সম্পদ তোমাৰ স্ত্ৰী”। লগতে এইটোও কয় যে¸ তোমালোকৰ ভিতৰত তেৱেঁই উত্তম যিয়ে নিজৰ স্ত্ৰীৰ ওচৰত ভাল।
৪) যদি মহিলা তোমাৰ ভনী বা বাইদেউ হয তেন্তে ইছলামে কয় দাদা বা ভাইটি তাইৰ শ্ৰেষ্ঠ ৰক্ষক। তাইৰ ওপৰত হাত নুতুলিবা ।
৫) ইছলামে কয় প্ৰতিগৰাকী মহিলাক নিজৰ মা-ভনী বা বাইদেউৰ দৃষ্টিৰে চাব। কামনাৰ চকুৰে চোৱাটো মহা পাপ।
৬) ইছলামে কয় বিধৱা আৰু আশ্ৰয়হীন মহিলাক সহায়ৰ হাত আগবঢ়োৱাজনে গোটেই নিশা ইবাদত কৰা আৰু ৰোজা ৰখাৰ সমপৰিমাণৰ পুণ্য লাভ কৰে।
৭) ইছলামে কয় যিয়ে Orphan (এতীম) ছোৱালীৰ লালন-পালনৰ দায়িত্ব লয় মৃত্যুৰ পিছত তেওঁ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত একেলগে থাকিব। ইছলামত নাৰীৰ অধিকাৰ আৰু স্থানক লৈ সমসাময়িক ভাৰতবৰ্ষ তথা অসমত বিভিন্ন জনে বিভিন্ন কথাৰে তুচ্ছ-তাচ্ছিল্য কৰাসকললৈ বিনম্ৰ অনুৰোধ ইছলামৰ ওপৰত কিবা কব লগা থাকিলে প্ৰথমতে ইছলামৰ বিষয়ে ভালদৰে অধ্যয়ন কৰক¸ তাৰ পিছত আপোনাৰ মন্তব্য জনাওঁক।
#নাৰীৰ_অধিকাৰ_কি?
আমাৰ মূল আলোচনাত যোৱাৰ আগতে জানি লোৱা দৰকাৰ নাৰী অধিকাৰ কি?
পুৰুষসকলে যি সমস্ত অধিকাৰ ভোগ কৰে নাৰীসকলকো অনুৰূপ সুযোগ-সুবিধা দিয়াকে নাৰী অধিকাৰ বোলে৷ ইছলামে নাৰী-পুৰুষৰ অধিকাৰ সমান্তৰালভাৱে দিছে৷ ইছলামী শিক্ষাৰ দৃষ্টিকোণৰ পৰা নাৰী-পুৰুষ এজন আনজনৰ পৰিপূৰক৷ নাৰীৰ অধিকাৰসমূহ–
(১) #ধৰ্মীয়_অধিকাৰঃ– ধৰ্মীয় দৃষ্টিকোণৰ পৰা বিচাৰ কৰিলে বুজা যায় যে, ইছলামে নাৰী পুৰুষৰ সমান অধিকাৰ নিৰ্ধাৰণ কৰিছে৷ ইবাদত-বন্দেগী, ছালাত (নামাজ), ছিয়াম (ৰোজা), হজ্জ, যাকাত, জিকিৰ-আযকাৰ, দান-খায়ৰাত সকলো ক্ষেত্ৰতে সমান বুলি ঘোষণা কৰিছে৷ আল্লাহই তা‘লাই পৱিত্ৰ কোৰআনত কৈছে,
“নিশ্চয় মুছলিম পুৰুষ আৰু মুছলিম নাৰী, মুমিন পুৰুষ আৰু মুমিন নাৰী, আনুগত পুৰুষ আৰু আনুগত নাৰী, সত্যবাদী পুৰুষ আৰু সত্যবাদী নাৰী, ধৈৰ্যশীল পুৰুষ আৰু ধৈৰ্যশীল নাৰী, বিনীত পুৰুষ আৰু বিনীত নাৰী, দানশীল পুৰুষ আৰু দানশীল নাৰী, ছওম পালনকাৰী পুৰুষ আৰু ছওম পালনকাৰী নাৰী, যৌনাঙ্গ হিফাজতকাৰী পুৰুষ আৰু যৌনাঙ্গ হিফাজতকাৰী নাৰী, আল্লাহক অধিক স্মৰণকাৰী পুৰুষ আৰু আল্লাহক অধিক স্মৰণকাৰী নাৰী, তেওঁলোকৰ বাবে আল্লাহে ৰাখিছে ক্ষমা আৰু মহাপ্ৰতিদান।(ছুৰাঃ আল-আহজাবঃ ৩৫)
আল্লাহ তা’লাই নাৰী আৰু পুৰুষৰ ইবাদতৰ মাজত পাৰ্থক্য কৰা নাই ৷ উভয়ৰেই মাজত সমান পুৰস্কাৰ ঘোষনা কৰিছে ৷ আল্লাহ তা’লাই পৱিত্ৰ কোৰআনত কৈছেঃ—-
“আৰু পুৰুষ বা নাৰীৰ মাজত কোনোবাই ঈমানৰ অৱস্থাত সৎকৰ্ম কৰিলে সিহঁত জান্নাতত প্ৰৱেশ কৰিব আৰু সিহঁতৰ প্ৰতি অণু পৰিমাণও অন্যায় কৰা নহ’ব।(ছুৰাঃ আন-নিছাঃ ১২৪)
(২) #সামাজিক #অধিকাৰঃ– ইছলামে নাৰীক যি সামাজিক মৰ্যাদা দিছে সেয়া ইতিহাসৰ পাতত সোনালী আখৰেৰে লিখা থাকিব৷ সামাজিক ক্ষেত্ৰত নাৰীসকলক ইছলামে কেৱল পুৰুষৰ সমান অধিকাৰ দিয়াই নাই¸ বৰং বহুত বেছি অধিকাৰ দিছে৷
(ক) #কন্যা_হিচাপে_মৰ্যাদাঃ– ইছলামে কন্যা সন্তানৰ মৰ্যাদা প্ৰতিষ্ঠাত অগ্ৰণী ভূমিকা পালন কৰিছে৷ কন্যা সন্তানৰ অধিকাৰৰ ভিতৰত প্ৰথমতে উল্লেখ কৰিব লাগিব তাইৰ জীৱনৰ নিৰপত্তা৷ ইছলাম পূৰ্বৰ জাহেলি যুগত কন্যা সন্তানৰ জন্মৰ সুসংবাদ শুনিলে তেওঁলোকৰ চেহেৰা মলিন হৈ গৈছিল আৰু কন্যা সন্তানৰ জন্ম গ্ৰহণ নিজৰ বংশৰ বাবে লজ্জাজনক বিষয় আছিল৷ সেয়ে তেওঁলোকে কন্যা সন্তানক জীৱন্ত কবৰ দি হত্যা কৰিছিল ৷ আল্লাহ তা’লাই কোৰআনত কৈছেঃ–
“সিহঁতৰ কাৰোবাক যেতিয়া কন্যা সন্তানৰ সুসংবাদ দিয়া হয় তেতিয়া তাৰ মুখমণ্ডল ক’লা পৰি যায় আৰু সি অসহনীয় মানসিক যন্ত্ৰণাত ক্লিষ্ট হৈ পৰে। তাক যি সুসংবাদ দিয়া হয়, তাৰ গ্লানিৰ কাৰণে সি নিজ সম্প্ৰদায়ৰ পৰা আত্মগোপন কৰে। সি চিন্তা কৰে যে, হীনতা সত্বেও তাইক ৰাখি দিব নে মাটিত পুতি থব? সাৱধান! সিহঁতে যি সিদ্ধান্ত কৰে সেয়া কিমান নিকৃষ্ট।” (ছুৰাঃ আন-নাহলঃ ৫৮-৫৯)
তাৰপিছত ইছলামে এই ক্ষেত্ৰত ফুলৰ দৰে নিষ্পাপ কন্যা সন্তানক মৰমৰ সৈতে বাচি থকাৰ ব্যৱস্থা নিশ্চিত কৰিছে। সন্তান পুত্ৰ হওঁক বা কন্যা হওঁক উভয়ৰেই বাচি থকাৰ অধিকাৰ আছে আৰু শিশুসকলক হত্যা কৰা হাৰাম বুলি ঘোষণা কৰা হৈছে৷ আল্লাহ তা’লাই কৈছেঃ–
“অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ।”(ছুৰাঃ আল-ইছৰাঃ ৩১)
তাৰোপৰি ইছলামে কন্যা সন্তানক উত্তমভাৱে লালন-পালনৰ বাবে নিৰ্দেশ দিছে৷ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিৰ দুটি কন্যা সন্তান জন্ম লাভ কৰিব আৰু তাক যথাযথভাৱে লালন-পালন কৰিব কিয়ামতৰ দিনা মই আৰু সেই ব্যক্তি দুটা আঙুলিৰ দৰে ওচৰা-ওচৰিকৈ অৱস্থান কৰিম। তাৰপিছত তেওঁৰ আঙুলিবোৰ একেলগ কৰি দেখুৱালে৷ (মুছলিম ২৬৩১)
(খ) #স্ত্ৰী_হিচাপে_মৰ্যাদাঃ– স্ত্ৰী হিচাপে ইছলামে নাৰীক মৰ্যাদা দিছে৷ আল্লাহ তা’লাই কোৰআনত কৈছে,
“সিহঁত তোমালোকৰ পোছাকস্বৰূপ আৰু তোমালোকেও সিহঁতৰ পোছাকস্বৰূপ৷” (ছুৰাঃ আল-বাক্কাৰাহঃ ১৮৭)
“তোমালোকে সিহঁতৰ লগত সৎভাৱে জীৱন যাপন কৰিবা; তোমালোকে যদি সিহঁতক অপছন্দ কৰা তেন্তে এনেকুৱাও হ’ব পাৰে যে, যিটোত আল্লাহে বহু কল্যাণ নিহিত কৰি ৰাখিছে আৰু তোমালোকে সেইটোকে অপছন্দ কৰি আছা।”(ছুৰাঃআন-নিছাঃ ১৯)
“তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-ভাৰী হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ ৰব আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে আমি তোমাৰ প্ৰতি কৃতজ্ঞ হম”। (ছুৰাঃ আল-আ’ৰাফঃ ১৮৯)
(গ) #মা_হিচাপে_মৰ্যাদাঃ– ইছলামে নাৰীক অতুলনীয় মৰ্যাদা দিছে মা হিচাপে, আন কাকো দিয়া হোৱা নাই ইমান মৰ্যাদা “মাতৃৰ ভৰিৰ তলত সন্তানৰ জান্নাত৷” ৰাছুুল্লাহ চল্লাল্লাহু আলাইহি অছাল্লামৰ এই ঘোষণাই নাৰীক অধিক মৰ্যাদানৱান কৰিছে৷
“এজন ব্যক্তি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম -ৰ ওচৰত আহি সুধিলেঃ হে আল্লাহৰ ৰাছুল! মোৰ ওচৰত কোনে উত্তম ব্যৱহাৰ পোৱাৰ অধিক হকদাৰ? তেওঁ ক’লে, তোমাৰ মা। ব্যক্তিজনে সুধিলে, তাৰপিছত কোন? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে তোমাৰ মা। ব্যক্তিজনে সুধিলে, তাৰপিছত কোন? তেওঁ ক’লে, তোমাৰ মা। ব্যক্তিজনে সুধিলে, তাৰপিছত কোন? তেওঁ ক’লে, তাৰপিছত তোমাৰ পিতা (বুখাৰী ৫৯৭১)।
একাধিক বাৰ এই কথা কৈ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নাৰী জাতিক সমাজত অধিক মৰ্যাদা দিছে৷
(ঘ) #ভনী_হিচাপে_অধিকাৰঃ– ইছলামে নাৰীক ভনী হিচাপে মৰ্যাদা দিছে। জাহেলি যুগত কোনো এগৰাকী নাৰীক তেওঁলোকে নিজৰ ভাই-ভনী হিচাপে পৰিচয় দিবলৈ লজ্জাবোধ কৰিছিল৷ আৰু ইছলামে সেই অপমানৰ পিৰামিড ভাঙি চূৰমাৰ কৰি ভাই আৰু ভনী পৰস্পৰ সহযোগী বুলি ঘোষণা কৰিছে৷ ইছলামে নাৰীক সামাজিক ভাৱে ইমান মৰ্যাদা দিছে সেয়া পুৰুষতকৈ বহুত বেছি৷
(৩) #নাৰীৰ_অৰ্থনৈতিক_অধিকাৰঃ– ইছলামে নাৰীসকলক অৰ্থনৈতিক অধিকাৰ দিছে৷
#মোহৰনাৰ_অধিকাৰঃ— অন্য ধৰ্মৰ দৰে আৰম্ভ হৈছিল অভিশপ্ত যৌতুক প্ৰথা৷ যৌতুক মানেই নাৰীৰ পৰা আদায় কৰা৷ ইছলামত যৌতুক নামৰ কোনো অধ্যায় নাই৷ তাৰপিছত বিয়াত যৌতুকৰ ওলোটা ব্যৱস্থা কৰিছে ইছলামে৷ পুৰুষৰ কষ্টোপাৰ্জিত অৰ্থ বিয়াত বাধ্যতামূলকভাৱে তুলি দিয়া হয় নাৰীৰ হাতত৷ দেনমোহৰ স্ত্ৰীৰ অধিকাৰ৷ দেনমোহৰ আদায় কৰা প্ৰত্যেক স্বামীৰ জৰুৰী কৰ্তব্য৷ আল্লাহ তা‘লাই কৈছে,
“আৰু তোমালোকে নাৰীসকলক মনৰ সন্তুষ্টচিত্তে সিহঁতৰ মোহৰ প্ৰদান কৰা; তাৰ পিছত সিহঁতে যদি সন্তুষ্টচিত্তে মোহৰৰ কিছু অংশ ৰেহাই দিয়ে তেন্তে তোমালোকে সেয়া আনন্দৰে তৃপ্তিসহকাৰে ভোগ কৰা।”(ছুৰাঃ আন-নিছাঃ ৪)।
#উত্তৰাধিকাৰৰ_অধিকাৰঃ—নাৰীৰ অৰ্থনৈতিক অধিকাৰৰ ভিতৰত উত্তৰাধিকাৰ মৰ্যাদাৰ ক্ষেত্ৰত নাৰীক বিশেষ মৰ্যাদা দিছে৷ উত্তৰাধিকাৰ ক্ষেত্ৰত ইছলামে নাৰীসকলক যি মৰ্যাদা দিছে সেয়া আন কোনো ধৰ্মত দিয়া হোৱা নাই৷ আল্লাহ তা’লাই কৈছে,
“পিতৃ-মাতৃ আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত পুৰুষৰ অংশ আছে আৰু পিতৃ-মাতৃৰ লগতে আত্মীয়-স্বজনৰ পৰিত্যক্ত সম্পত্তিত নাৰীৰও অংশ আছে, সেয়া অলপেই হওঁক বা বেছিয়েই হওঁক, এইটো নিৰ্ধাৰিত অংশ।” (ছুৰাঃ আন-নিছাঃ ৭)।
“আল্লাহে তোমালোকক তোমালোকৰ সন্তান সম্পৰ্কে এই নিৰ্দেশ দিছে যে, এজন পুত্ৰৰ অংশ দুজনী কন্যাৰ অংশৰ সমান; কিন্তু যদি কেৱল দুজনীতকৈ বেছি কন্যা থাকে তেন্তে তেওঁলোকৰ বাবে পৰিত্যক্ত সম্পত্তিৰ তিনি ভাগৰ দুভাগ, আৰু কেৱল এজনী কন্যা থাকিলে তেন্তে তাইৰ বাবে অৰ্ধাংশ। সন্তান থাকিলে (মৃত ব্যক্তিৰ) পিতৃ-মাতৃ উভয়ৰে পৰিত্যক্ত সম্পত্তিৰ ছয় ভাগৰ এভাগ; সি (মৃত ব্যক্তি) নিঃসন্তান হ’লে আৰু পিতৃ-মাতৃ উত্তৰাধিকাৰী হ’লে তাৰ মাকৰ বাবে তিনি ভাগৰ এভাগ; আৰু যদি তাৰ ভাই-ভনী থাকে তেনেহ’লে মাকৰ বাবে ছয় ভাগৰ এভাগ; এইবোৰ বন্টন হ’ব তাৰ অছিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত। তোমালোকৰ পিতা আৰু সন্তানসকলৰ মাজত কোন বেছি উপকাৰী সেয়া তোমালোকে নাজানা। এই বিধান আল্লাহৰ; নিশ্চয় আল্লাহ সৰ্বজ্ঞ, প্ৰজ্ঞাময়।”(ছুৰাঃ আন-নিছাঃ ১১)।
(৪) #নাৰীৰ_শিক্ষাৰ_অধিকাৰঃ– ইছলামে নাৰী শিক্ষাৰ প্ৰতি সমান গুৰুত্বৰোপ কৰিছে৷ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি প্ৰধান অহী হ’ল ’ইকৰা’ (পঢ়া)৷ এই বিধি-বিধান নাৰী আৰু পুৰুষ সকলোৰে বাবে সমান৷ আল্লাহ তা‘লাই পৱিত্ৰ কোৰআনত কৈছে,
“পঢ়া তোমাৰ প্ৰতিপালকৰ নামত, যিয়ে সৃষ্টি কৰিছে, তেওঁ মানুহক আলাক্বৰ পৰা সৃষ্টি কৰিছে। পঢ়া, আৰু তোমাৰ প্ৰতিপালক মহামহিম। যিজনে কলমৰ সহায়ত শিক্ষা দিছে।
তেওঁ মানুহক এনে শিক্ষা দিছে, যিটো মানুহে জনা নাছিল।”(ছুৰাঃআল-আলাক্ঃ ১-৫)
উক্ত আয়াতত আল্লাহ তা‘লাই নাৰী-পুৰুষ উভয়কে সমানভাৱে শিক্ষা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে ৷ এই নিৰ্দেশ সেই সময়ত দিছিল যেতিয়া নাৰী শিক্ষাৰ কোনো ধাৰণাই নাছিল৷
(৫) #আইনগত_অধিকাৰঃ– ইছলামী চৰীয়তৰ মতে নাৰী-পুৰুষ সমান। ইয়াত নাৰী-পুৰুষক একেই আইনগত অধিকাৰ দিয়া হৈছে। নাৰী-পুৰুষ সকলোৰে বাবে ইছলামী আইন সমান। আল্লাহ তা’লাই পৱিত্ৰ কোৰআনত কৈছে,
“চোৰ পুৰুষ আৰু চোৰ নাৰীৰ সিহঁত উভয়ৰে হাত কাটি দিয়া, এয়া সিহঁতৰ কৃতকৰ্মৰ ফল আৰু আল্লাহৰ তৰফৰ পৰা শিক্ষণীয় শাস্তিস্বৰূপ; আৰু আল্লাহ মহা পৰাক্ৰমশালী, প্ৰজ্ঞাময়।”(ছুৰাঃআল-মায়িদাহঃ ৩৮)।
“ব্যভিচাৰিণী আৰু ব্যভিচাৰী— সিহঁত প্ৰত্যেককে এশটাকৈ বেত্ৰাঘাত কৰা।” (ছুৰাঃ আন- নুৰঃ ২)।
(৬) #ৰাজনৈতিক_অধিকাৰঃ— ইছলামে নাৰীসকলক অন্যান্য অধিকাৰৰ দৰে ৰাজনৈতিক অধিকাৰো দিছে। নাৰী-পুৰুষৰ ভোটাধিকাৰ একেই৷ ইয়াত কোনো ধৰণৰ পাৰ্থক্য কৰা হোৱা নাই৷ আল্লাহ তা’লাই পৱিত্ৰ কোৰআনত কৈছে,
“মুমিন পুৰুষ আৰু মুমিনা নাৰী ইজনে সিজনৰ বন্ধু, সিহঁতে সৎকৰ্মৰ আদেশ দিয়ে আৰু অসৎকৰ্মত বাধা দিয়ে, ছালাত কায়েম কৰে যাকাত প্ৰদান কৰে আৰু আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰে; এওঁলোককেই আল্লাহে অনতিপলমে দয়া কৰিব। নিশ্চয় আল্লাহ পৰাক্ৰমশালী, প্ৰজ্ঞাময়।”(ছুৰাঃ আত-তাওবাহঃ ৭১)।
#তাহেৰা_বেগম।