নাৰী আৰু পুৰুষৰ ছালাত/নামাজ
ৰাছুল (ছা:) এ কৈছে , “তোমালোকে মোক যেনেদৰে ছালাত/নামাজ আদায় কৰোঁতে দেখিছা ঠিক তেনেদৰে ছালাত/নামাজ আদায় কৰা । “
(বুখাৰী , মুছলিম )
ইমাম ইব্ৰাহীম নাখয়ী (ৰহ:) এ কৈছে , ছালাতত মহিলাই তেনেকৈ কৰিব যেনেকৈ পুৰুষে কৰে । “
মুচন্নাফে আবু শ্বাইবা প্ৰথম খণ্ড পৃষ্ঠা, ৭৫ /
আব্দুল্লাহ ইবনে মাচউদ (ৰা:) ৰ ছাত্ৰ তাবেঈ আলকামা আৰু আচওৱাদ (ৰহ:) তেখেতৰ ছাত্ৰ ইমান ইব্ৰাহীম নাখয়ী (ৰহ:) ।
উস্তাদৰ উস্তাদ ইমাম ইব্ৰাহীম নাখয়ী (ৰহ: ) ।
‘তাৰীখে চাগীৰ ‘ ইমাম বুখাৰীৰ কিতাপত বৰ্ণিত উম্মু দাৰদা (ৰা:) এজনী ফকিহ আছিল , তেখেত ছালাতত বহিছিল যেনেকৈ পুৰুষসকল বহিছিল ।