নাৰীসকলৰ বাবে বর্জনীয় কেইটামান_কামঃ

#নাৰীসকলৰ_বাবে_বর্জনীয়_কেইটামান_কামঃ
১। ভ্রু প্লাক কৰাঃ ভ্রু উঠোৱা বা পাতল কৰা এনে এটি কাম, যাক ৰছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অছাল্লাম এ হাৰাম কৰিছে; আৰু এই কাম কৰা মহিলাৰ ওপৰত অভিশাপ দিছে। তেও কৈছেঃ “আল্লাহে অভিসম্পাত(লানাত) কৰিছে সেই সকল মহিলাৰ ওপৰত যিসকলে সৌন্দর্য্যৰ বাবে উল্কি অঙ্কন কৰে আৰু কৰায়, ভ্রু প্লাক কৰে আৰু কৰায় লগতে দাঁত ফাঁক কৰে”। (বুখাৰী-৫৯৪৩,নাছাঈ-৫২৫২,৫১০৭))

২। চুলি কটাঃ (ক) পুৰুষৰ সাদৃশ্য গ্রহণ কৰি চুলি কটাঃ এইটো হাৰাম ও কবীৰা গুনাহ। ৰছুল (ছঃ)এ কৈছে “তিনি ব্যক্তি জান্নাতত প্রৱেশ নকৰিব আৰু কিয়ামতৰ দিনা আল্লাহে তেওলোকৰ ফালে(দয়াৰ দৃষ্টিৰে) নাচাব; তেওলোকৰ মাজৰ এজন ব্যক্তি হ’ল পুৰুষৰ সাদৃশ্য অৱলম্বনকাৰী নাৰী। (মুচনাদ আহমদ: ৬১৮০)

(খ) অমুছলিম নাৰীসকলৰ অনুকৰনত চুলি ছুটি কৰাও হাৰাম। ৰছুল (ছঃ)এ কৈছেঃ, ‘যিয়ে বিজাতিৰ সাদৃশ্য অৱলম্বন কৰিব তেও তেওলোকৰ অন্তর্ভুক্ত।’ (আবূ দাউদ: ৪০৩৩)

৩। নকল বা কৃত্রিম চুলি লগোৱাঃ বহু মহিলাই নিজৰ চুলিকোছা সৌন্দৰ্য্য বৃদ্ধিৰ বাবে নকল বা কৃত্ৰিম চুলি লগোৱা দেখা যায়। যি কাৰ্য্যৰ বাবে সেইসকল মহিলাৰ ওপৰত আল্লাহৰ লানত(অভিসম্পাত) আছে। (বুখাৰী-৪৮৮৭,৫২০৫)

৪।অশ্লীল ও অহংকাৰৰ পোছাক পৰিধানঃ অতি টাইট, পাতল ও গোপন সৌন্দর্য্যক প্ৰস্ফূটিত কৰা এনে পোছাক পিন্ধা; বক্ষ, বাহু তপিনা ও উৰু দৃশ্যমান হোৱা এনে দৃষ্টিকটু পোছাক পিন্ধা হাৰাম। ৰছুল (ছাঃ) এ কৈছেঃ, ‘দুই শ্রেণীৰ জাহান্নামী লোক যাক মই এতিয়াও দেখানাই। তেওলোকৰ মাজৰ এক শ্রেণীৰ লোক হ’ল এনে নাৰী যিয়ে (পাতল ফিৰফিৰিয়া কাপোৰ) পৰিহিতা অথচ উলঙ্গ, অন্যক আকর্ষণকাৰিণী আৰু নিজেও অইনৰ প্ৰতি আকৃষ্ট। তেওলোকৰ পিঠিসমূহ হ’ব উটৰ হেলান কুজৰদৰে। এইসকলে জান্নাতত প্রৱেশ নকৰিব, আনকি জান্নাতৰ গোন্ধও নাপাব। অথচ জান্নাতৰ গোন্ধ বহু দূৰত্বৰ পৰাও পোৱা যাব।’ (মুছলিম: ৫৭০৪)

তেঁও আৰু কৈছেঃ ‘যি ব্যক্তি প্রসিদ্ধ (অহংকাৰৰ) পোছাক পৰিধান কৰিব কিয়ামতৰ দিনা আল্লাহে তেওক লাঞ্ছনাৰ পোছাক পিন্ধাব আৰু জাহান্নামত নিক্ষেপ কৰিব।’ (আবূ দাউদ: ৪০২৩)

৫। সুগন্ধি ব্যবহাৰ কৰা: বিবাহ অনুষ্ঠানত মহিলা বিশেষকৈ যুৱতী সকলে অতি উৎসাহেৰে চেইন্ট/সুগন্ধি ব্যবহাৰ কৰি ৰমক-জমকেৰে বিয়াত অংশগ্রহণ কৰে। অথচ ৰছুল (ছাঃ)এ কৈছেঃ, ‘যি নাৰী সুগন্ধি ব্যবহাৰ কৰি মানুহৰ ওচৰেৰে অতিক্রম কৰি যাব তাইৰ সুগন্ধি পায়, তাই ব্যভিচাৰিণী।’ (নাছাঈ: ৯৩৬১)

৬। ফটো তোলা:  অন্য এক গর্হিত কাম হৈছে ফটো তোলা। সেই ফটোৱেই মহিলাগৰাকীক জাহান্নামলৈ নিব। নানা প’জ দি মহিলাজনীয়ে ফটো তুলি তাইৰ সৌন্দৰ্য্য পৰ পুৰুষক দেখুৱায় আৰু পৰ পুৰুষসকলে দেখি তাইৰ প্রতি আকৃষ্ট হয়।

ইমান দিনে হয়তো আপুনি জনা নাছিল বাবে এইসমূহ কাম আপুনিও কৰি আহিছে, কিন্তু এতিয়াৰ পৰা আপুনি জানিও যদি এই কাম কৰি গৈ থাকে তেন্তে তাৰ পৰিণাম কি হ’ব সহজেই অনুমেয়।

আল্লাহ আমাৰ সকলোকে তেওৰ নির্দেশ মানি চলাৰ তৌফি দান কৰক। আমীন। কপি

Leave a comment