= ইছলামি চৰিয়তত নাৰীসকলক ‘ৰাষ্ট্রপতি’, ‘প্রধানমন্ত্রী’ ‘বিচাৰক’/ কাজী/ মুফতি/ বিচাৰক/ শাসক হিচাবে নিয়োগ দিয়া সম্পূর্ণ ‘হাৰাম’ বা অবৈধ কৰিছে । যি ব্যক্তি কোনো নাৰীক ‘শাসক’ অথবা ‘বিচাৰক’ হিচাবে নিয়োগ দিব তেওঁ গুনাহগাৰ, তেওঁ এজন পাপী।
প্রশ্ন আহিব পাৰে, নাৰীসকল কিয় ‘শাসক’ অথবা ‘বিচাৰক’ হব নোৱাৰে ?
এই ক্ষেত্রত চৰিয়তত দিশৰ পৰা দীর্ঘ আলোচনাত নগৈ সংক্ষেপে কিছু বিষয় উল্লেখ কৰিছো।
১. মহান আল্লাহ তাআ’লা কৈছে ,
“পুৰুষসকল নাৰীসকলৰ তত্ত্বাৱধায়ক । এই বাবে যে, আল্লাহ এজনৰ ওপৰত আনজনৰ শ্ৰেষ্ঠত্ব দিছে আৰু এই বাবেও যে, পুৰুষ সকলে নিজৰ ধন-সম্পদ ব্যয় কৰে।” [ছুৰাঃ আন-নিছাঃ ৩৪]
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লামে কৈছেঃ
“যি জাতি নিজৰ শাসকক্ষমতা কোনো মহিলাৰ ওপৰত অর্পণ কৰে, সেই জাতি কেতিয়াও কল্যান লাভ কৰিব নোৱাৰে।”
[চহীহ বুখাৰীঃ ৬৬১৮ কিতাবুল ফিতান, আত-তিৰমিযীঃ ২২৬২]
২. আল্লাহ চুবহা’নাহু তাআ’লা নাৰীসকলক পুৰুষ সকলৰ মাজত দেশ চলোৱা অথবা বিচাৰ-ফয়চলা কৰাৰ বাবে সৃষ্টি কৰা নাই, নাৰীসকলক ইয়াতকৈ ডাঙৰ দায়িত্ব দি পৃথিৱীত পঠোৱা হৈছে। সেই দায়িত্ব যথাযথভাৱে পালন কৰাৰ বাবে নাৰীসকলক গৃহত অবস্থানৰ আদেশ দিয়া হৈছে, আৰু প্রয়োজন নোহোৱাকৈ বাহিৰত যাবলৈ নিৰুৎসাহিত কৰা হৈছে।
মহান আল্লাহ তাআ’লা কৈছে,
“আৰু তোমালোকে গৃহত অবস্থান কৰিবা, জাহিলিয়াতৰ (মূর্খতা যুগৰ) নিচিনা নিজক প্রদর্শন নকৰিবা। তোমালোকে নামাজ কায়িম কৰিবা, যাকাত প্রদান কৰিবা , আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিবা।”
[ছুৰাঃ আল-আহজাবঃ ৩৩]
ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ
“নাৰীসকলৰ সম্পূৰ্ণটো হৈছে আওৰাহ বা চতৰ (শৰীৰৰ যি অংশ ঢাকি ৰখা বাধ্যতামূলক), যেতিয়া তেওঁ ঘৰৰ পৰা বাহিৰত ওলায় চয়তানে তেওঁক চকু তুলি চাই । নাৰী ঘৰৰ ভিতৰত অৱস্থানকালতেই আল্লাহৰ বেছি নৈকট্য প্রাপ্ত থাকে।”[তিৰমিজি ও ইবনে হিব্বান, হাদীচটো চহীহ]
কোনো ব্যক্তিক যি কাম কৰাৰ বাবে দায়িত্ব দিয়া হৈছে, তেওঁ যদি সেই কাম নকৰে, অথবা সেইটোত অৱহেলা কৰে অন্য কামত লাগি থাকে, সেইটো তেওঁ যিমানেই ভাল কৰি পৰিচালনা নকৰক কিয়, কোনোমতেই সেইটো গ্রহণযোগ্য নহয়। ইয়াৰ বাহিৰেও আৰু বহুত বিষয় আছে, যি নাৰীসকলক ‘শাসক’ অথবা ‘বিচাৰক’ হিচাবে নিয়োগ দিয়াৰ বাবে বাধা আছে ।
৩. নাৰীসকলৰ ঋতুৰ কাৰণে প্রতি মাহে ৫-৬ দিন তেওঁলোকৰ মন-মিজাজ ৰুক্ষ হৈ থাকে । এই সময়ত শাৰীৰিক অসুস্থতা আৰু মানসিক অস্থিৰতাৰ কাৰণে তেওঁলোকৰ চিন্তাশক্তি ব্যহত হয়। নাৰীসকলৰ ঋতুৰ কাৰণে তেওঁলোকৰ নামাজ, ৰোজাৰ নিচিনা ফৰজ কামৰ পৰা অব্যহতি দিয়া হৈছে, স্বামীৰ প্রতি ডাঙৰ দায়িত্বৰ পৰা অব্যহতি দিয়ে সেইটোক হাৰাম কৰি দিয়া হৈছে, য’ত ‘দেশ আৰু জনগণৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ বিষয়ে সিদ্ধান্ত লোৱা ’ অথবা ‘বিচাৰ কৰাৰ’ নিচিনা কঠিন কাম, যি আল্লাহওয়ালা ওলামা সকল লৈকে ভয় কৰি চলে, তাত তেওঁলোকক কি কৰি সেই গুৰুদায়িত্ব কাম কৰিবলৈ বাধ্য কৰে বা সুযোগ দিয়ে? অৱশ্যে বর্তমান যিসকলে ‘ক্ষমতাক’ টকা বনোৱাৰ উপায় হিচাবে লৈছে, তেওঁলোকৰ কথা ভিন্ন। পিছে যদি এজন মুছলিম সকলো সময়ত কোৰান আৰু চুন্নাহৰ আলোকত চিন্তা কৰে আৰু ইয়াৰ মাজতেই তেওঁৰ নিজৰ সফলতা নিহিত বুলি বিশ্বাস কৰে।
৪. আল্লাহৰ ইবাদতৰ পিছত এজন নাৰীৰ জীৱনত আটাইতকৈ ডাঙৰ দায়িত্ব হৈছে তেওঁৰ পৰিয়ালৰ চোৱাচিতা কৰা, সন্তান জন্ম দিয়া, সন্তানক লালন-পালন কৰা ইত্যাদি। কোনোবাই যদি জীৱনত অন্তত ৪-৫টা সন্তানৰ জন্ম দিয়ে, সন্তানক লালন-পালন কৰে, তেনেহলে নাৰীক ৰাষ্ট্রীয় গুৰুত্বপূর্ণ কামত নিয়োগ দিলে সেই দায়িত্ব তেওঁ কেতিয়া পালন কৰিব? তেওঁৰ সন্তান জন্ম দিয়া বন্ধ কৰিব লাগিব, আৰু সেৱিকা ৰাখি সন্তান পালন কৰিব লাগিব। এয়াই হৈছে আধুনিক জীৱনত মুছলমান সমাজৰ ওপৰত ছাপি দিয়া বিজাতীয় অভিশাপ।
৫. নাৰীসকলৰ আছে বুদ্ধিৰ দিশৰ পৰা ত্রুটি (যি কাৰণত এজন পুৰুষ সাক্ষীৰ ঠাইত নাৰী থাকিলে দুজন সাক্ষীৰ প্রয়োজন হয়)।
আবূ চাঈ’দ আল-খুদৰী (ৰাঃ) পৰা বর্ণিত, এবাৰ ঈদুল আযাহা অথবা ঈদুল ফিতৰৰ ছালাত আদায়ৰ বাবে আল্লাহৰ ৰাছুল (ছাঃ) ঈদগাহৰ ফালে গৈছিল। তেওঁ মহিলাসকলৰ ওচৰৰ দি যোৱাৰ সময়ত ক’লে, হে মহিলা সমাজ! তোমালোকে চদক্বাহ কৰি থাকা। কাৰণ মই দেখিছো জাহান্নামৰ অধিবাসীসকলৰ মাজত তোমালোকেই অধিক। তেওঁলোকে (উপস্থিত মহিলাসকলে) সুধিলে, এনেকুৱা কি কাৰণত, হে আল্লাহর ৰাছুল? তেওঁ ক’লে, তোমালোক অধিক পৰিমানে অভিশাপ দি থাকা আৰু স্বামীৰ প্রতি অকৃতজ্ঞ হোৱা। বুদ্ধি আৰু দ্বীনৰ ক্ষেত্ৰত ত্রুটি থকাৰ সত্ত্বেও এজন সদায় সৰ্তক ব্যক্তিৰ বুদ্ধি হৰণত তোমালোকতকৈ পাৰদৰ্শী মই আৰু কাকো নেদেখো। তেওঁলোকে ক’লে , আমাৰ দ্বীন আৰু বুদ্ধিৰ ত্রুটি ক’ত ,আল্লাহৰ ৰাছুল? তেওঁ ক’লে , এজন মহিলাৰ সাক্ষী কি এজন পুৰুষৰ সাক্ষীৰ আধা নহয় ? তেওঁলোকে উত্তৰ দিলে , হয়৷ তেতিয়া তেওঁ ক’লে , এয়াই হৈছে তেওঁলোকৰ বুদ্ধিৰ ত্রুটি ৷ আৰু হায়েজ /ঋতু অৱস্থাত তেওঁলোকে কি ছালাত আৰু ছিয়ামৰ পৰা বিৰত নাথাকে? তেওঁলোকে ক’লে,হয়৷ তেওঁ ক’লেঃ এয়াই হৈছে তেওঁলোকৰ দ্বীনৰ ত্রুটি৷ (চহীহ বুখাৰীঃ ২৯৮)
৬. নাৰীসকলৰ অন্তৰত মায়া- মমতা আৰু ভালপোৱা বেছি দি সৃষ্টি কৰা হৈছে যাতে পুৰুষ সকলে তেওঁলোকৰ লগত শান্তিতে বসবাস কৰিব পাৰে । যিসকলৰ মাজত ভালপোৱা বেছি আৰু ইয়াৰ বিপৰীতে ঈৰ্ষাও প্ৰৱণতাটো তেওঁলোকৰ মাজত বেছি থাকিব । যি সকলে সহজে আৱেগিত হয় , মানৱিক দূৰ্বলতা তেওঁলোকৰ মাজত বেছি প্ৰকাশ পোৱাটো স্বাভাৱিক ।
আলেম সকলৰ ফতোৱাঃ
ইমাম ইবনে হাজম (ৰহঃ) নাৰীসকল শাসক হোৱা হাৰাম , এই ক্ষেত্ৰত ‘ইজমা’ আছে অৰ্থাৎ, সমস্ত ওলামাসকল একমত বুলি উল্লেখ কৰিছে , আলেম সকল এই কথাত একমত হৈছে যে , “নাৰী নেতৃত্ব বৈধ নহয়”৷ (মাআ’ ৰাফিতুল ইজমা, পৃষ্ঠাঃ ১২৬)
ইমাম ইবনে তাইমিয়া ( ৰহঃ) কৈছে ,
“নাৰী নেতৃত্ব বৈধ নহয়”। (নাকালু মাৰাফিয়া ইজমা)
ইমাম কুৰতুবী (ৰহঃ) এই ক্ষেত্ৰত ইজমা আছে বুলি উল্লেখ কৰিছে যে, “নাৰী নেতৃত্ব বৈধ নহয়”।(আহকামুল কোৰআনত)
আল্লামা শাহ ওয়ালীউল্লাহ দেহলভী (ৰহঃ)
তেওঁৰ হুজ্জাতুল বালিগাহত কৈছে ,” নাৰী নেতৃত্ব বৈধ নহয়” ।নেতৃত্ব হোৱাৰ বাবে তেওঁৰ অৱশ্যেই পুৰুষ হব লাগিব ।
ইমাম ইবনে কাছীৰ (ৰহঃ) কৈছে ,
” আলী কাৰী ( ৰহঃ) ফায়জুল বাৰীত লিখিছে যে ,” নাৰী নেতৃত্ব জায়েজ নহয় ।”