~~~~~~~~~~~~~~~
পৰ্বঃ১
এজন হিন্দু মানুহেও জানে মুচলিম সকল এক আল্লাহৰ উপাসনা কৰে।আল্লাহৰ বাহিৰে অইন কাৰোবাৰ উপাসনা নকৰে।এক আল্লাহৰ নীতি পালন কৰিবলৈ মুচলিম সকল বাধ্য ।এই নীতি পালন কৰে কেৱলমাত্ৰ আল্লাহ প্ৰেৰিত সৰ্বশেষ নবী হজৰত মুহাম্মাদ ছল্লাল্লাহু আলাইহি অছাল্লামে শিক্ষা দিয়া পদ্ধতিৰ জৰিয়তে ।
কিন্তু আফচোচ! আজি বহুতো মুচলিম মানুহে ওপৰোক্ত কথাখিনি জানে যদিও কাৰ্য্যক্ষেত্ৰত বিপৰীত প্ৰতিফলন দেখা যায় ।
ধৰক, ইচলামত কোনো এটা কাম চাৰিটা বা পাঁচটা নিয়মত কৰা যায় ।আপুনি তাৰে যিকোনো এটা নিয়মত কৰে আৰু মই তাৰে আন এটা নিয়মত কৰোঁ ।এইটো কোনো ধৰা-বন্ধা নিয়ম নাই যে আপুনি যি নিয়মত ইবাদত কৰে সেই নিয়মেৰে মই কৰিব নোৱাৰিম বা মই যি নিয়মত ইবাদত কৰোঁ সেই নিয়মেৰে আপুনি কৰিব নোৱাৰিব।আপোনাৰ যিটো নিয়ম ভাল লাগে সেই নিয়মেৰেই কৰিব পাৰে।ইয়াতে কাৰোৰ হস্তক্ষেপ নচলে আৰু কোনোবাই যদি হস্তক্ষেপ কৰে তেন্তে তাৰ মূৰ্খতা প্ৰকাশ পাব।
ইয়াৰোপৰি কিছুমান বিজ্ঞ! সকলে কয় যে “আপোনাৰ নিয়মটো ঠিক আছে কিন্তু ……..”।যেতিয়া “কিন্তু”ৰ পিছৰ খিনি জানিবলৈ আগ্ৰহী হব তেতিয়া সেই বিজ্ঞ!সকলোৰ উত্তৰ শুনি আপুনি স্তব্ধ হৈ পৰিব।অৰ্থাত সিহঁতে কয়,”হাদীচ শুদ্ধ কিন্তু আমাৰ দলত(মতবাদ) নাই।গতিকে আমি সেই হাদীচৰ ওপৰত আমল কৰিব নোৱাৰোঁ “।
আহঃ কি যে মূৰ্খামী! নবী(ছঃ)ৰ হাদীচক আওকাণ কৰি মানুহৰ মতবাদৰ ওপৰত প্ৰতিষ্ঠিত দলৰ অনুসৰণ কৰিবলৈও তিলমানো কুণ্ঠাবোধ নকৰে।অথচ নিজকে সত্যৰ ওপৰত প্ৰতিষ্ঠিত বুলি গগনফালি চিঞৰি থাকে।
পৰ্ব ২:
ধ্বংসৰ গৰালত ইচলাম
~~~~~~~~~~~~~~~~
পৰ্বঃ 2
ছাহাবী(ৰাজিঃ)সকলোৰ পৰবৰ্তী যুগত অৰ্থাত তাবে/তাবে তাবেইন(ৰহঃ) সকলোৰ সময়ত বহুসংখ্যক বিশেষজ্ঞৰ জন্ম হৈছিল।এওঁলোকে তদানীন্তন সন্মূখীন হোৱা সমস্যাবোৰৰ স্থায়ী বা সাময়িকভাবে সমাধান দিছিলে ।এইক্ষেত্ৰত তেওঁলোকৰ আহিলা আছিলে কুৰআন তথা হাদীচ।যিক্ষেত্ৰত কুৰআন তথা হাদীচৰ পৰ্য্যাপ্ত জ্ঞানৰ অভাৱ (হয়তো কুৰআন বা হাদীচৰ অৰ্থ অস্পষ্ট নাইবা কুৰআন বা হাদীচ তেওঁলোকৰ ওচৰত উপস্থিত নাছিল) আছিলে সেই ক্ষেত্ৰত নিজ নিজ জ্ঞানৰ জৰিয়তে সাময়িক সমাধান দিছিল আৰু কৈছিল যে যদি মোৰ মতৰ বিপৰীতে আল্লাহৰ নবী(ছঃ)ৰ ছহীহ হাদীচ পোৱা যায় তেনেহ’লে মোৰ মত ৰা ৰায়ক পৰিহাৰ কৰি সেয়া গ্ৰহণ কৰিবা আৰু সেইটোৱেই হল মোৰ মতামত ।লক্ষ্যণীয় যে এই বিশেষজ্ঞসকল একে সময়ত একে ঠাইতে নাছিল।বিশ্ববিখ্যাত ইমাম নোমান বিন ছাবিত (ৰহঃ) কুফা নগৰত হিজৰী 80 চনত জন্মগ্ৰহন কৰে আৰু 150 হিজৰী চনত ইহলোক ত্যাগ কৰে।আনহাতে হিজৰী 150 চনত ইমাম মালিক(ৰহঃ)ৰ জন্ম হয় ।সেই সময়ত জ্ঞান অৰ্জন তথা হাদীচ সংগ্ৰহ কৰা মুখৰ কথাত আলু সিজোৱা বিধৰ নাছিল।এটা মাত্ৰ হাদীচ সংগ্ৰহ কৰিবলৈ হাজাৰ মাইলতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিবলগীয়া হৈছিল।গতিকে এয়া সহজেই বোধগম্য যে সেই সময়ত এজন বিশেষজ্ঞৰ বাবে ইচলাম তথা চৰিয়তৰ প্ৰতিটো জ্ঞান পুংখানুপুংখভাবে অৰ্জন কৰা অসম্ভৱ বা দুঃসাধ্য আছিল।কিন্তু এই বিশেষজ্ঞ সকলে অবিৰাম ভাবে ইচলামৰ খেদমত বা সেৱা কৰি গৈছিল।মুচলিম জাতিক একগোট কৰিবলৈ অক্লান্ত পৰিশ্ৰম কৰিছিল।এওঁলোকে মুচলিম জাতিক বিভাজন কৰি যোৱা নাই।
ক্ৰমশঃ