দ্বীন প্ৰয়োজন হয় আৰু দাৱাত আমাৰ দায়িত্ব

🔹দ্বীন প্ৰয়োজন হয় আৰু দাৱাত আমাৰ দায়িত্ব ।🔹

👉🏼উদাহৰণ স্বৰূপে, দুনীয়াৱী ক্ষেত্ৰত আমি দেখা পাওঁ যে মানুহৰ বহুতো প্ৰয়োজন থাকে, যেনে —খানা-পিনা, যান-বাহন, কাপোৰ, ঘৰ, পৰিয়াল আদি ।এইবোৰ প্ৰয়োজন যথাযথ ভাৱে পূৰ কৰিব’লৈ মানুহে চাকৰি, খেতি, দোকান, ব্যৱসায় আদি মেহনত কৰে ।এই মেহনত বোৰক মানুহে দায়িত্ব হিচাপে পূৰা কৰে আৰু মানুহৰ বিস্বাস থাকে যে এই দায়িত্ব বোৰৰ ওপৰত সুচাৰুৰূপে মেহনত কৰিলে প্ৰয়োজন বোৰ যথাযথ ভাৱে পূৰ হব ।

👉🏼তদ্ৰুপ দ্বীন আল্লাহপাকে মানুহৰ আটাইতকৈ ডাঙৰ প্ৰয়োজন কৰি দিছে আৰু ইয়াক পূৰ কৰাৰ মেহনত হৈছে দাৱাত ।যদি আমি দাৱাতৰ মেহনতক সূচাৰুৰূপে পূৰা কৰোঁ তেনেহ’লে দ্বীন আমাৰ জীৱনত আহিব ।

Leave a comment