______________________________
আমাৰ দেশত দাড়ি ৰখা সম্পর্কে এটি ভ্রান্ত ধাৰণা আছে, সেইটা হ’ল- ”দাড়ি ৰখা ছুন্নাত; গতিকে দাড়ি ৰাখিলে ভাল আৰু নাৰাখিলে তেনেকুৱা কোনো সমস্যা নাই, এটা ছুন্নাত পালন কৰা নহ’ল ইমানেই আৰু কি।” জানি থওঁক, এইটো এটা সম্পূর্ণ ভুল ধাৰণা।
দাড়ি ৰখা কোনটো অর্থত ছুন্নাত আকৌ কোনটো অর্থত ফৰয বা ওৱাজিব আগতে সেইটো বুজাৰ চেষ্টা কৰক। ইছলামত শ্বৰীয়তৰ বিধানৰ প্রধান সুত্র হৈছে কুৰআন আৰু ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছহীহ ছুন্নাহ অর্থাৎ ছহীহ হাদীছ। পবিত্র কুৰআনত আল্লাহ্পাকে যিবোৰ বিষয়ত আদেশ দিছে আৰু নিষেধ কৰিছে তাক পালন কৰা আমাৰ কাৰণে ফৰয। আশা কৰোঁ বিষয়টি সকলোৰে ওচৰত পৰিষ্কাৰ অর্থাৎ বুজিবলৈ কষ্ট হোৱাৰ কাৰণ নাই।
এইবাৰ আহক, দাড়ি ৰখা কোন অর্থত ছুন্নাত আকৌ কোন অর্থত ফৰয বা ওৱাজিব সেইটো জনাৰ ও বুজাৰ চেষ্টা কৰোঁ।
আল্লাহ্পাকে পবিত্র কুৰআনৰ বহু আয়াতত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নির্দেশ মানি চলাৰ কাৰণে আমাক কৈছে। তাৰ মানে হ’ল, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যিবোৰ বিষয়ত আমাক আদেশ ও নিষেধ কৰিছে তাক মানি চলাটোও আমাৰ কাৰণে ফৰয/ওৱাজিব । কুৰআনৰ আয়াতসমূহ ইয়াত উল্লেখ কৰা হ’ল –
“ৰাছূলৰ আহ্বানক তোমালোকে তোমালোকৰ ইজনে সিজনৰ আহ্বানৰ দৰে গণ্য নকৰিবা। আল্লাহে সিহঁতক জানে, তোমালোকৰ মাজৰ যিসকলে পুলুকামাৰি মনে মনে গুচি যায়। গতিকে যিসকলে তেওঁৰ আদেশৰ বিৰুদ্ধাচৰণ কৰে, সিহঁতে এই বিষয়ে সতর্ক হওঁক যে, বিপর্যয়ে সিহঁতক স্পর্শ কৰিব অথবা যন্ত্রণাদায়ক শাস্তিয়ে সিহঁতক গ্রাস কৰিব”। [আন-নুৰঃ ৬৩]
আৰু “তোমালোকে আনুগত্য কৰা আল্লাহ আৰু ৰাছূলৰ, যাতে তোমালোকৰ ওপৰত ৰহমত কৰা হয়”। [আল-ইমৰানঃ ১৩২]
কোৱা! “যদি তোমালোকে প্ৰকৃততে আল্লাহক ভাল পোৱা, তেনেহ’লে মোক অনুসৰণ কৰা, আল্লাহেও তোমালোকক ভালপাব আৰু তোমালোকৰ পাপবোৰ মাৰ্জনা কৰি দিব। তেওঁ অতি ক্ষমাশীল আৰু দয়ালু” [আল ইমৰানঃ ৩১]
“হে ঈমানদাৰসকল! আল্লাহ আৰু তেওঁৰ ৰাছূলৰ নির্দেশ মান্য কৰা আৰু নিৰ্দেশ শুনাৰ পিছত তাৰ পৰা বিমুখ নহবা”। [আল-আনফালঃ ২০]
“আল্লাহ আৰু তেওঁৰ ৰাছূলে কোনো কামৰ আদেশ কৰিলে কোনো ঈমানদাৰ পুৰুষ আৰু ঈমানদাৰ নাৰীৰ সেই বিষয়ে ভিন্ন ক্ষমতা নাই যে, আল্লাহ আৰু তেওঁৰ ৰাছূলৰ আদেশ অমান্য কৰি তেওঁ প্রকাশ্যে পথভ্রষ্টতাত পতিত হয়”। [ছূৰা আল আহজাবঃ ৩৬]
“কোৱা! আল্লাহৰ আনুগত্য কৰা আৰু ৰাছূলৰ আনুগত্য কৰা। ইয়াৰ পিছতো যদি তোমালোকে মুখ ঘূৰাই নিয়া, তেনেহ’লে ৰাছূলৰ ওপৰত ন্যস্ত দায়িত্বৰ কাৰণে তেওঁ দায়ী আৰু তোমালোকৰ ওপৰত ন্যস্ত দায়িত্বৰ কাৰণে তোমালোক দায়ী। তোমালোকে যদি তেওঁৰ আনুগত্য কৰা, তেনেহ’লে সৎ পথ পাবা। ৰাছূলৰ দায়িত্ব (আল্লাহৰ বিধান) কেৱল সু-স্পষ্টৰূপে জনাই দিয়া”। [আন-নুৰঃ ৫৪]
“ৰাছূলে তোমালোকক যি দিয়ে, তাক গ্রহণ কৰা আৰু যাক নিষেধ কৰে, তাৰ পৰা বিৰত থাকা আৰু আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ কঠোৰ শাস্তিদাতা”। [আল-হাশ্বৰঃ ৭]
দাড়ি ৰখাৰ কাৰণে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নির্দেশ –
ইবনে উমাৰ (ৰাঃ)-ৰ সূত্রে নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ পৰা বর্ণিত। তেওঁ কৈছে, তোমালোকে মুশ্বৰিকসকলৰ বিপৰীত কৰিবা¸ দাড়ি দীঘলকৈ ৰাখিবা, গোঁফ ছুটি কৰিবা। (ছহীহ বুখাৰী, নৱম খণ্ড, হাদীছ নং – ৫৪৭২ ইফা)
তেনেহ’লে বুজা গ’ল যে, শ্বৰীয়তৰ বিধানৰ দ্বিতীয় সুত্র যিহেতু ছহীহ হাদীছ¸ কাজেই সেই অর্থত দাড়ি ৰখা ছুন্নাত। আকৌ পবিত্র কুৰআনত আল্লাহ্পাকে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আদেশ ও নিষেধ মানি চলাৰ কাৰণে প্ৰত্যক্ষ নির্দেশ দিছে। কাজেই সেই অর্থত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নির্দেশ মানি চলা আমাৰ কাৰণে ফৰয। আৰু এটা বিষয় মনত ৰখা প্রয়োজন যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে জিব্ৰাঈল (আঃ)-ৰ মাধ্যমত প্রাপ্ত আল্লাহ্পাকৰ নির্দেশ ব্যতীত কোনো কথা বা কামৰ নির্দেশ বা নিষেধ কৰা নাই। আল্লাহ্পাকেই ভালকৈ জানে।
দাড়ি ৰখা সম্পর্কে উলামাসকলৰ কিছুমানে কৈছে যে, দাড়ি ৰখা ফৰজ। কাৰণ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আল্লাহ্ তা’আলাৰ নির্দেশ ব্যতীত কোনো কথা কোৱা নাই আৰু সেয়ে দাড়ি ৰখাৰ ক্ষেত্ৰত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নির্দেশ মানে আল্লাহ্ তা’আলাৰেই নির্দেশ। আকৌ কিছুমানে কৈছে যে, দাড়ি ৰখা ওৱাজিব¸ আকৌ কিছুমানে কৈছে ছুন্নাতে মুৱাক্কাদা। আল্লাহ্ তা’আলাই ভালকৈ জানে।
আশা কৰোঁ, এতিয়া দাড়ি ৰখা সম্বন্ধে আৰু কোনো সন্দেহ নাথাকিব। আল্লাহ্পাকে আমাক সকলোকে কুৰআন আৰু ছহীহ ছুন্নাহ মানি জীৱন-যাপন কৰাৰ তৌফিক দান কৰক। আমীন।
কুৰআন মজিদত প্ৰত্যক্ষভাৱে দাড়ি ৰখাৰ কথা কোৱা হোৱা নাই। কিন্তু হাৰূন (আঃ)-ৰ ঘটনাত দাড়ির কথা উল্লেখ আছে। পবিত্র কুৰআনত দাড়ি সম্পর্কে এটি আয়াত আছে- মুছা (আঃ)-য়ে তেওঁৰ কওমৰ ওচৰলৈ উভতি আহি যেতিয়া দেখিলে তেওঁৰ কওম গোমৰাহ হৈ গৈছে, তেতিয়া তেওঁ হাৰূন (আঃ)-ক প্রশ্ন কৰিলে আৰু হাৰূন (আঃ)-য়ে জবাবত ক’লে-
“হে মোৰ সহোদৰ! মোৰ দাড়িত নধৰিবা আৰু মোৰ মূৰৰ চুলিও নাটানিবা”। [ত্বোয়া-হা, আয়াত ৯৪]
ইয়াতে বুজা গৈছে হাৰূন (আঃ)-ৰ দাড়ি আছিল আৰু মুছা (আঃ)-য়ে তেওঁৰ দাড়িত ধৰিছিল।
আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে দাড়ি ৰখাৰ আদেশ কৰিছে। ইয়াত এটা বিষয় জানি থোৱা দৰকাৰ, দাড়িৰ বিধানটি শ্বৰীয়তৰ এটি মৌলিক ও সাধাৰণ বিধান। ইয়াক নিছক আৰবীয় ৰীতি বা বিশেষ স্থান-কালৰ মাজত সীমাবদ্ধ বুলি ভৱা মাৰাত্মক ভুল।
সকলো বস্তু আল্লাহ্ তা’আলাই যোৰা যোৰাকৈ সৃষ্টি কৰিছে –
“আমি প্রত্যেক বস্তুকে যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা লাভ কৰা”। [আয-যাৰিয়াতঃ ৪৯]
“সকলো মহিমা তেওঁৰেই যিয়ে যোৰা যোৰাকৈ সৃষ্টি কৰিছে- পৃথিৱীয়ে যি উৎপাদন কৰে তাৰ মাজৰ সকলোবোৰ¸ আৰু সিহঁতৰ নিজ প্ৰজাতিৰ (অৰ্থাৎ মানৱ জাতি) মাজতো¸ আৰু সিহঁতে যিবোৰৰ কথা নাজানে সিহঁতৰ মাজতো”। [ইয়াছিনঃ ৩৬]
“আমি তোমালোকক যোৰা যোৰাকৈ সৃষ্টি কৰিছোঁ”। [আন্-নাবাঃ আয়াত ৮]
ওপৰৰ আয়াত তিনিটা অনুযায়ী দাড়িৰ মাধ্যমত মানুহক দুই ভাগত ভাগ কৰা হৈছে। যেনে-
১। দাড়িযুক্ত মানুহ (পুৰুষ) আৰু
২। দাড়িবিহীন মানুহ (মহিলা)।
কোনো পুৰুষক যদি কোৱা হয় আপুনি মহিলা হব বিচাৰে নেকি? তেতিয়া কোনো বিবেকৱান লোকেই সেইটো নিবিচাৰিব। তেনেহ’লে আমি কিয় আল্লাহ আৰু ৰাছূলৰ নির্দেশৰ বিপৰীত কাম কৰোঁ? অর্থাৎ দাড়ি ক্লিন কৰি মহিলাসকলৰ আকাৰ ধাৰণ কৰোঁ�
— Abu atika