দাঈ হোৱা সহজ! কিন্তু মুফতি হোৱা কঠিন !!

দাঈ হোৱা সহজ!!!!

♦ দ্বাঈ হ’বলৈ তেনেকুৱা #যোগ্যতা নলাগে। মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,” প্রচাৰ কৰা যদি এটি মাত্র আয়াতো হয়”(ছহিহ বুখাৰী: ৩৪৬১)। সেয়েহে আমি যিমানখিনি জানোঁ! সিমানখিনি আমল কৰোঁ! আৰু সিমানখিনিয়েই প্রচাৰ কৰোঁ!!!

👇

মুফতি হোৱা কঠিন???

২৪.মুফতী কাক কোৱা হয়?
✔(১) যিয়েই আলিমৰ ‘ইজতেহাদ’ কৰে অর্থাৎ, কুৰআন ও হাদীছ গৱেষণা কৰি ‘ফতোৱা’ দিয়াৰ কাৰণে যাৰ যোগ্যতা আছে, তেওঁক মুফতী বোলা হয়। মুফতিসকলে কেৱল-মাত্র কুৰআন ও হাদীছ গৱেষণা কৰি প্ৰকাশ কৰে যে, আল্লাহে ইয়াক হালাল কৰিছে নে, হাৰাম কৰিছে।
আলিমসকলৰ মাজত সকলোৱেই মুফতী নহয়। অর্থাৎ, বহুতে আলিম হব পাৰে, কুৰআন ও হাদীছ সম্পর্কে এজন ব্যক্তি যথেষ্ট জ্ঞানী হব পাৰে, কিন্তু তাৰ মানে এইটো নহয় যে, তেওঁ এজন মুফতি। আলিমসকলৰ মাজত সকলোতকৈ জ্ঞানী, পৰহেজগাৰ, ছুন্নাতৰ অনুসাৰী, প্রখৰ স্মৃতিশক্তি ও তীক্ষ্ণ মেধাসম্পন্ন জ্ঞানী, যিসকলে ‘ইজতেহাদ’ কৰাৰ কাৰণে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয়, তেওঁলোক হৈছে মুফতি। এজন আলিমে ফতোৱা দিয়াৰ কাৰণে যোগ্যতা অর্জনৰ কিছুমান চর্ত পূৰণ কৰিবলগীয়া হয়। আমাৰ দেশৰ কওমী মাদ্রাছাৰ বহুতে ভাৱে, “কোনো ব্যক্তিয়ে ইমান হাজাৰ ফতোৱা মুখস্থ কব পাৰিলে তেওঁ এজন মুফতি”, এইটো সম্পূর্ণ এটা ভ্রান্ত ধাৰণা। অন্য আলিমসকলৰ ফতোৱা মুখস্থ কৰি যি ব্যক্তিয়ে তাৰ অন্ধ অনুসৰণ কৰে, সি কোনোদিনে মুফতি হব নোৱাৰে, বৰং তেওঁ এজন ‘মুকাল্লিদ’ বা অন্ধ অনুসাৰী। কোনো আলিমে নিজস্ব যোগ্যতাৰ ভিত্তিত ফতোৱা দিলে, আৰু অন্য আলিমসকলৰ ওচৰতো মুফতি হিচাবে গ্রহণযোগ্য আৰু স্বীকৃত হ’লে, তেওঁক আমি এজন মুফতি বুলি কব পাৰোঁ।
✔(৪) মুছলিমসকলৰ প্রাণৰ ভূমি, ইছলামৰ কেন্দ্র, মক্কা মদীনাৰ দেশ চৌদি আৰবৰ বর্তমান ‘প্রধান মুফতিৰ’ নাম হৈছে, শ্বাইখ আব্দুল আ’জিজ বিন আব্দুল্লাহ আহলুশ-শ্বায়খ হা’ফিজাহুল্লাহ। বর্তমান গোটেই বিশ্বৰ জীৱিত আলিমসকলৰ মাজত তেওঁ শীর্ষস্থানীয় এজন আলিম হিচাবে বিবেচিত। উল্লেখ্য, আপোনাৰ প্রতিবছৰে হজ্জৰ সময়ত ৯-ই জিলহজ্জ ‘আৰাফাহৰ ময়দানত’ ইহৰামৰ বগা পোচাক পিন্ধা অৱস্থাত যাক খুতবা দিয়া দেখিছে, তেৱেঁই হৈছে শ্বেইখ আব্দুল আ’জিজ বিন আব্দুল্লাহ আহলুশ-শ্বায়খ। চুবহা’নাল্লাহ, ইয়াৰোপৰি চৌদি আৰবৰ আন এজন আলিম, শ্বায়খ চালেহ আল-ফাওজান হা’ফিজাহুল্লাহ মুফতি হিচাবে আৰব, অনাৰব সর্বত্র অত্যন্ত পৰিচিত।

— JBR

Leave a comment