থোৰতে ইচলাম – ৮, ১০, ১৩, ১৪

থোৰতে ইচলাম – ৮
১) এটা ফৰজৰ বিষয়ে :- হজৰত ইবনে মাচুদ (ৰাঃ) ওচৰলৈ এজন ব্যক্তি আহি সুধিলে – তেওঁৰ ওচৰত এটা ঘোঁৰা বন্ধকত থৈছিল্, কিন্তু তেওঁ সেই ঘোঁৰাত উঠি ঘূৰিছিল, প্ৰশ্ন হ’ল – বন্ধকত ৰখা ঘোঁৰাৰ চৱাৰী হোৱা জায়েজ হয় নে নহয় ? তেতিয়া আব্দুল্লাহ বিন মাচুদ (ৰাঃ)য়ে কলে – উক্ত ঘোঁৰাৰ পৰা যিমান লাভ হৈছে সেই সকলোবোৰ সুদ হয় (কন্জুল উম্মাল্, ১৫৭৪৯) । বন্ধকত ৰখা বস্তু ব্যবহাৰ কৰা জায়েজ নহয় ।
২) এটা চূন্নতৰ বিষয়ে :- চালাতৰ বাবে “আল্লাহু আকবৰ্” কৈ হাত বান্ধাৰ পিছত পঢ়িব লগা দোৱা – “চুবহানাকা আল্লাহুম্মা ৱ-বিহামদিকা ৱ-তাবাৰা কাচ্-মুকা ৱ-তাআ’লা জাদ্দুকা ৱলা ইলাহা গায়ৰুকা” (আবু দাউদ্, ৭৭৬) ।
৩) নবী (ছঃ)ৰ মাজিজা :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে ‘মেৰাজ্’ যাত্ৰাৰ পৰা ঘূৰি অহাৰ পিছত মক্কাৰ কুফা বাসী সকলক জনায় যে তেখেতে (ছঃ) ৰাতি বয়তুল মকদ্দছ গ’ল আৰু তাৰ পৰা সাত আচমানত গৈ ভ্ৰমণ কৰি আহিছে । কুফা বাসীয়ে এই কথা মানি নলয় আৰু বয়তুল মকদ্দছ সম্বন্ধে না না প্ৰশ্ন কৰিব ধৰে, তেতিয়া আল্লাহ তাআ’লাই বয়তুল মকদ্দছ পৰ্য্যন্ত সকলো পৰ্দ্দা আঁতৰাই দিয়ে, ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে সেইফালে চাব ধৰে আৰু এফালৰ পৰা চিহ্ন সমূহ কৈ যাব ধৰে (মুচলিম্, ৪২৮) ।
৪) ইচলামি তাৰিখ :- হাবিলৰ হত্যাকাণ্ডৰ পিছত আল্লাহ তাআ’লাই হজৰত আদম (আলাইহি ৱচাল্লাম্) ক হজৰত চীচ (আলাইহি ৱচাল্লাম্)ৰ দৰে নেক ও পৰেজগাৰ বনায় । তেওঁ হজৰত আদম (আলাইহি ৱচাল্লাম্)ৰ প্ৰকৃত চিনাক্ত হয় আৰু ইয়াৰ পৰাই মনুষ্যতৰ চিলচিলা আৰম্ভ হয় । আল্লাহ তাআ’লাই তেওঁক নবুৱত দিয়ে আৰু আদম (আলাইহি ৱচাল্লাম্) ইন্তেকাল হোৱা সময়ত জিব্ৰাইল (আলাইহি ৱচাল্লাম্)ৰ নিৰ্দ্দেশত চীচ (আলাইহি ৱচাল্লাম্)য়ে জানাজাৰ নামাজ পঢ়ায় । তেখেতে হজুৰা নামৰ মহিলা এগৰাকীক নিকাহ কৰে, তেওঁলোকৰ এজন পুত্ৰ আৰু এজনী ছোৱালী জন্ম হয় আৰু গোটেই জীবন মক্কাত বাস কৰে । তেখেতে প্ৰত্যেক বছৰ হজ্জ ও উমৰা কৰিছিল, দিনে ৰাতিয়ে মুখতলিফ ইবাদতৰ পদ্ধতি শিকাইছিল – এক ডাঙৰ ধুমুহা অহাৰ বিষয়ে জনাইছিল আৰু সাত বছৰ থকাৰ আগজাননী দিছিল । তেখেতে ৯১২ বছৰ জীয়াই আছিল, মৃত্যু কাষ চাপি অহাৰ লগে লগে পুতেকক আল্লাহৰ বাণী মানি জীবন নিৰ্বাহ কৰিবলৈ উপদেশ দিছিল । মৃত্যুৰ পিছত অভিভাবকৰ ওচৰত জবলে অবী কুবৈছ নামৰ স্থানত দফন কৰে ।
৫) এটা আমলৰ ফজিলত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে কৈছে – ৰোজা ৰাখিলে, সেই দিনৰ বাদে আন দিনৰ ওপৰত ফজিলত নাথাকিব পাৰে, কিন্তু ৰমজান মাহৰ ৰোজা আৰু আচুৰাৰ ৰোজাৰ পৰা বাকী দিনৰ ফজিলত হাচিল হয় (তবৰানী কবিৰ্, ১১০৯১) ।
৬) দুনিয়াৰ বিষয়ে :- কোৰআন মজিদত আল্লাহ তাআ’লাই কৈছে – আল্লাহে যাক ইচ্ছা কৰে তাক জীবিকাৰ প্ৰাচুৰ্য্য দান কৰে আৰু যাক ইচ্ছা কৰে তাৰ জীবিকা সংকুচিত কৰে । সিহঁত পাৰ্থিব জীবন লৈয়ে সন্তুষ্ট, অথচ পৰকালৰ তুলনাত এই পাৰ্থিব জীবন এটা সাময়িক ভোগ বিলাসহে মাথোন (চুৰা “আৰ্-ৰা’দ”, আয়াত ২৬) ।
৭) এটা গুনাহৰ বিষয়ে :- কোৰান মজিদত আল্লাহ তাআ’লাই কৈছে – কোনোৱে জানি-বুজি কোনো মুচলমানক হত্যা কৰিলে তাৰ প্ৰতিফল জহন্নাম, তাত সি চিৰকাল থাকিব্, তাৰ ওপৰত আল্লাহৰ বিতুষ্টি আৰু আভিশাপ আৰু তাৰ বাবে আল্লাহে কঠোৰ শাস্তি আয়োজন কৰি থৈছে (চুৰা “আন্-নিচা” আয়াত ৯৩) ।
৮) আখিৰাতৰ বিষয়ে :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে কৈছে – কিয়ামতৰ দিনা বান্দাৰ ওপৰত প্ৰথম এই প্ৰশ্ন কৰিব যে তোমাৰ শৰীৰ মই তোমাক দিয়া নাছিলো নে আৰু ঠাণ্ডা পানীৰে শৰীৰ জুৰ পেলোৱা নাছিলনে ? (তিৰমিযী ৩৩৫৮) ।
৯) নবী (ছঃ)ৰ নচিহত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে কৈছে – কেতিয়াও মানুহৰ কমজুৰি বিচাৰি নুফুৰিবা আৰু মানুহৰ দোষ খুচৰিও নুফুৰিবা (বুখাৰী, ৬০৬৪) ।
১০) কোৰান্/হদীছত বৰ্ণিত চিকিৎসা :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) য়ে কৈছে – যি ব্যক্তিয়ে মাহত অন্ততঃ তিন দিন হলেও পুৱা মৌজুল খাব, সেই লোকৰ কোনো ডাঙৰ বেমাৰ নহব (ইবনে মাজাহ, ৩৪৫০) ।

থোৰতে ইচলাম – ১০
১) এটা ফৰজৰ বিসষয়ে :- কোৰান মজিদৰ চুৰা “আহযাব্”ৰ ৩৩ নং আয়াতত আল্লাহ তাআ’লাই কৈছে – হে মহিলা সকল, তোমালোকে ঘৰতে থকাৰ চেষ্টা কৰা আৰু জাহিলিয়তৰ দৰে বে-পৰ্দ্দা হৈ ঘূৰি নুফুৰিবা ।
২) এটা চূন্নতৰ বিষয়ে :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – নামাজৰ পিছত এই দোৱা এৰি নিদিবা – “আল্লাহুম্মা আ-ইন্নী আলা জিকৰিকা ৱ-শ্বুকৰিকা ৱ-হুচনি ইবা দাতিকা” (আবু দাউদ্, ১৪২২) ।
৩) নবী (ছঃ)ৰ মাজিজা :- এবাৰ আবু জহলে কচম খাই কৈছিল – যদি মই মোহাম্মাদ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক মাটিত নাক ঘঁহি থকা অৰ্থাত চিজদা দি থকা দেখো, তেতিয়া মোৰ ভৰিৰে ডিঙি মুচৰি দিম (নাউজুবিল্লাহ্) । তাৰ পিছতে এদিন ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) ক নামাজ পঢ়ি থকা দেখা পাই আবু জহলে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিবৰ বাবে আগবঢ়াৰ লগে লগে আচৰিত ভাবে ভৰি দুখন ঘূৰি আহে যেন হাতেৰে বাধা দিয়া হৈছে । এনে দেখা পাই মানুহ চবে সোধাত কয় যে – তেওঁ নিজৰ আৰু ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) ৰ মাজত ভয়ংকৰ জুই একুৰা দেখা পায় । ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কলে আবু জহল কাষ চাপি অহা হলে ফিৰিস্তাই দুটুকুৰা কৰি লৈ গ’ল হেতেন (মুচলিম্, ৭০৬৫) ।
৪) ইচলামি তাৰিখ :- হজৰত ইদ্ৰিছ (আলাইহি ৱচাল্লাম্) যৌবন প্ৰাপ্ত হোৱাৰ পিছত আল্লাহ তাআ’লাৰ নবুৱত পায় আৰু ত্ৰিশ চহীফা নাজিল হয় । নবুৱত পোৱাৰ লগে লগে দাৱাত ও তবলীগৰ কাম আৰম্ভ কৰি দিয়ে, অশেষ ধৈৰ্য্য ও বিনীত ভাবে দাৱাত দিয়াৰ পিছতো কিছু সংখ্যক লোকেহে ঈমান কবুল কৰে, বেচি সংখ্যক লোক চয়তানী কামত মচগুল হৈ থাকে । লাহে লাহে জুলুম আৰু অত্যাচাৰ বাঢ়ি যাব ধৰাত আল্লাহ তাআ’লাৰ হুকুম পালন কৰি ঈমান অনা লোক সকলৰ সৈতে বাবুলৰ পৰা মিছৰলৈ যায় আৰু নীল নদীৰ পাৰত বাস কৰিব লয় আৰু শেষ বয়সলৈকে তাৰ মানুহৰ মাজত তেওঁলোকৰ ভাষাত দ্বীনৰ দাৱাত আৰু প্ৰচাৰ কাৰ্য্য চলাই যায় । তেখেতৰ দাৱাতৰ নিয়ম প্ৰণালী আছিল – তৌহিদত বিশ্বাস আনা, আখিৰাতত বাচিবৰ বাবে ভাল আমল কৰা, সকলো কাম ন্যায় সংগত ভাবে কৰা, কাৰো সতে অন্যায় নকৰা, আছুৰাৰ ৰোজা ৰাখা, যাকাত আদায় দিয়া, নিচা জাতীয় দ্ৰব্যৰ পৰা আঁতৰি থকা, শুদ্ধ পদ্ধতিত আল্লাহৰ ইবাদত কৰা ইত্যাদি । তিনিশ পয়ষষ্ঠি বছৰৰ জীবিত কালত শেষ সময় লৈকে মানুহক দ্বীনৰ দাৱাত আৰু ভাল কাম কৰাৰ উপদেশ দি গৈছিল ।
৫) এটা আমলৰ ফজিলত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – যি ব্যক্তিয়ে চাশতৰ দুই ৰাকাত চালাত দৈনিক পঢ়াৰ অভ্যাস কৰি লয়, তেখেতৰ গুনাহ সাগৰৰ সমান হলেও মাগফিৰাত কৰি দিব (তিৰমিযী, ৪৭৬)
৬) দুনিয়াৰ বিষয়ে :- কোৰান মজিদত আল্লাহ তাআ’লাই কৈছে – দুনিয়াত যি বিলাক বস্তু তোমাৰ লগত আছে, সেয়া এদিন শেষ হৈ যাব আৰু যি বিলাক আল্লাহ তাআ’লাৰ ওচৰত আছে, সেয়া সদায়ে থাকিব, আল্লাহে ধৈৰ্য্য ধৰা লোকক পুৰষ্কৃত কৰিব (চুৰা “আন্-নহল্” আয়াত ৯৬) ।
৭) এটা গুনাহৰ বিষয়ে :- কোৰান মজিদত আল্লাহ তাআ’লাই কৈছে – যি ব্যক্তিয়ে আল্লাহৰ লগত বেলেগক তুলনা বা চৰীক কৰিব্, তেনে ব্যক্তিৰ বাবে জন্নত হাৰাম কৰি দিয়া হৈছে আৰু তেওঁৰ ঠিকনা জহন্নাম হব আৰু তেওঁক সহায় কৰোতা কোনো নাথাকিব (চুৰা “মায়িদা”, আয়াত ৭২) ।
৮) আখিৰাতৰ বিষয়ে :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – কিয়ামতৰ দিনা বান্দা এনে অৱস্থাত পৰিব যে চিঞৰি উঠিব – হে ৰব্, আপুনি মোক লাগে জহন্নামতে দি দিয়ক মই এতিয়া পোৱা কষ্ট লাঘব হব, কিন্তু প্ৰত্যেকে অনুমান কৰিব পাৰিব দোজখৰ শাস্তি কিমান কঠিন (মুস্তদৰক হাকিম, ৮৭২০) ।
৯) নবী (ছঃ)ৰ নচিহত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে হজৰত আবুয’ৰ (ৰাঃ)ক কোৰান কৰিমৰ তিলাৱত আৰু আল্লাহৰ জিকিৰ বেচি বেচি কৰিবলৈ উপদেশ দিছিল, এই আমল আচমানত তোমাৰ চৰ্চ্চা হব আৰু জমীনত তোমাৰ হিদায়তৰ নুৰ হব (বায়হাকী ফি চাওবিল ইমান্, ৪৭৩৭) ।
১০) কোৰান্/হদীছত বৰ্ণিত চিকিৎসা :- হজৰত আনচ বিন মালিক (ৰাঃ) য়ে কৈছে যে তেখেতে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক কোৱা শুনিছে – দুম্বাৰ চৰ্বীৰ দ্বাৰা ‘চায়াটিকা’ বেমাৰৰ চিকিৎসা কৰিব পাৰি । উক্ত চৰ্বী ভালদৰে ধুই লৈ তিনি ভাগ কৰি প্ৰতি দিন এভাগ পুৱা মুখ নুধুৱাকৈ খাব লাগে (ইবনে মাজাহ ৩৪৬৩) । ইনশ্বা আল্লাহ অহা সোমবাৰলৈ ………

থোৰতে ইচলাম – ১৩
১) এটা ফৰজৰ বিষয়ে :- কোৰআন মজিদত আল্লাহ তাআ’লাই কৈছে – আল্লাহৰ কাৰণে বায়তুল্লাহত হজ্জ কৰা সেই সকল লোকৰ বাবে ফৰজ্, যি সকলে তাত যোৱাৰ সামৰ্থ্য আছে আৰু কোনোৱে যদি এই নিৰ্দ্দেশ পালন কৰিবলৈ অস্বীকাৰ কৰে তেনেহলে (সি জনা উচিত)আল্লাহ পৃথিবী বাসীৰ ওপৰত নিৰ্ভৰশীল নহয় (চুৰা “আল্-ইমৰাণ্” আয়াত ৯৭) ।
২) এটা চূন্নতৰ বিষয়ে :- হজৰত বৰা বিন আজিজ (ৰাঃ)য়ে কৈছে – ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে বিছনাত আৰাম কৰোতে সোঁ ফালে কাটি হৈ আৰাম কৰিছিল (বুখাৰী ৬৩১৪) ।
৩) আল্লাহৰ কুদৰত :- আল্লাহ তাআ’লাই পৃথিবীত নদ, নদী, হ্ৰদ, সাগৰ, খাল, বিল, বৰষুণ আদিত পানীৰ সৃষ্টি কৰিছে, কিন্তু জমজমৰ পানীৰ সৃষ্টি, আল্লাহৰ কুদৰতৰ এক ডাঙৰ প্ৰমাণ, কাৰণ সাধাৰণ পানীয়ে মানুহৰ পিয়াহ দূৰ কৰে কিন্তু জমজমৰ পানীয়ে পিয়াহৰ লগতে ক্ষুধাও নিবাৰণ কৰাৰ উপৰি বেমাৰো নিৰাময় কৰে, সাধাৰণ পানী সোনকালে নষ্ট হয় কিন্তু জমজমৰ পানী বহু দিন থৈ দিলেও নষ্ট নহয় । জমজমৰ পানীয়ে পিয়াহ ও ক্ষুধা নিবাৰণ কৰাৰ উপৰি বেমাৰ নিৰাময়ৰ গুণ আল্লাহৰ কুদৰতৰ বাদে একো নহয় ।
৪) ইচলামি তাৰিখ :- হজৰত নূহ (আলাইহি ৱচাল্লাম্)য়ে ৯৫০ বছৰ নিজৰ কৌমক ইচলামৰ দাৱাত দিছিল আৰু শাস্তিৰ বিষয়ে বাৰে বাৰে কৈছিল, আল্লাহ তাআ’লাই নূহ (আলাইহি ৱচাল্লাম্)ক জনাইছিল যে ঈমান অনা খিনিৰ বাদে বাকী সকলে ঈমান নানে । তেতিয়া তেখেতে আল্লাহৰ ওচৰত দোৱা কৰি কৈছিল যে এই বেয়া লোক সকলৰ ওপৰত এনে শাস্তি প্ৰয়োগ কৰক যাতে এজনো অবিশ্বাসী মুচৰিক লোক পৃথিবীৰ বুকুত জীয়াই নাথাকে । আল্লাহ তাআ’লাই তেখেতৰ দোৱা কবুল কৰে আৰু এখন নৌকা সাজিবলৈ নিৰ্দ্দেশ দিয়ে, নৌকা সাজি উঠাৰ পিছত আল্লাহৰ হুকুমত আকাশৰ পৰা বৰষুণ পৰিব ধৰে আৰু চাওঁতে চাওঁতে পৃথিবীৰ মাটিত মহা প্লাবনৰ সৃষ্টি হয় । সেই সময়ত নূহ (আলাইহি ৱচাল্লাম্)য়ে আল্লাহৰ নিৰ্দ্দেশত আল্লাহ ভীৰু মুমিন সকল আৰু বাকী জীৱৰ এটাকৈ যোৰা নৌকাত উঠাই লয় । এই বান পানীত অবিশ্বাসী মুচৰিক সকল ধ্বংস হয়, ছয় মাহৰ মূৰত উক্ত নাও জুডী পৰ্বতত লাগে গৈ, তাতে হজৰত নূহ (আলাইহি ৱচাল্লাম্)য়ে ঈমানদাৰ সকলক লৈ সুস্থ ভাবে নাৱৰ পৰা মাটিত নামে আৰু তাৰ পৰা আল্লাহ তাআ’লাই দুনিয়াত সৃষ্ট জীৱ সমূহৰ চিলচিলা পুনৰ প্ৰচলন কৰে ।
৫) এটা আমলৰ ফজিলত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – “আল্লাহ তাআ’লাই ভাল আখলাক পছন্দ কৰে আৰু বেয়া আখলাক পছন্দ নকৰে” (কঞ্জুল উম্মান্, ৪৩৫০০) ।
৬) দুনিয়াৰ বিষয়ে :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – “তোমালোকৰ ভিতৰত যি সকল স্বাস্থ্য বান, পৰিয়ালৰ ফালৰ পৰা অশান্তি নাই আৰু এদিনৰ খাদ্য মজুত আছে, তেওঁলোকৰ ওচৰত দুনিয়াৰ সকলো নিয়ামত মজুত আছে” (ইবনে মাজাহ্, ৪১৪১) ।
৭) এটা গুনাহৰ বিষয়ে :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – “যি ব্যক্তিয়ে আনৰ বস্তু তেখেতৰ বিনা-অনুমতিত বিক্ৰী কৰিব, তেওঁ আল্লাহৰ অপছন্দনীয় আৰু ফিৰিস্তা সকলে তেওঁৰ ওপৰত অভিশাপ দি থাকে (ইবনে মাজাহ, ২২৪৭) ।
৮) আখিৰাতৰ বিষয়ে :- কোৰান মজিদত আল্লাহ তাআ’লাই ঘোষণা কৰিছে – “জান্নাতবাসী সকল সেইদিনা মহা আনন্দত বিভোল হৈ থাকিব, নিজৰ সংগিনী সকলৰ লগত শীতল ছাঁত ওখ কোমল গাদীত আউজি আৰাম কৰিব । তাত তেওঁলোকৰ বাবে সকলো প্ৰকাৰ ফলমূল থাকিব আৰু যি হকে বিচাৰে তাকে পাব (চুৰা “য়া-চীন্” আয়াত ৫৫ – ৫৭) ।
৯) কোৰানৰ নচিহত :- কোৰান মজিদত আল্লাহ তাআ’লাই কৈছে – “হে বিশ্বাসী লোক সকল্, আল্লাহক ভয় কৰা যি দৰে তেওঁক ভয় কৰা উচিত আৰু তোমালোক মুছলিম (আল্লাহৰ ওচৰত আত্মসমৰ্পণকাৰী) হৈ থকা অৱস্থাতহে যেন তোমালোকৰ মৃত্যু হয় (চুৰা “আল্-ইমৰান্” আয়াত ১০২) ।
১০) কোৰান্/হদীছত বৰ্ণিত চিকিৎসা :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – “জয়তুন তেল খোৱা আৰু লগোৱা, এই তেলৰ দ্বাৰা সত্তৰ বিধ বেমাৰ ভাল হয় (কঞ্জুল উম্মাল্, ২৮২৯৫) ।

থোৰতে ইচলাম – ১৪
১) এটা ফৰজৰ বিষয়ে :- কোৰান মজিদত আল্লাহ তাআ’লাই ঘোষণা কৰিছে – “তোমালোকৰ স্ত্ৰী সকল নিঃসন্তান হৈ মৃত্যু বৰণ কৰিলে সিহঁতৰ পৰিত্যক্ত সম্পত্তিৰ আধা অংশ তোমালোকে পাবা আৰু সন্তান থাকিলে এক-চতুৰ্থাংশ পাব, এয়া অচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত বণ্টন হব । তোমালোকৰ কোনো সন্তান নাথাকিলে তোমালোকৰ পৰিত্যক্ত সম্পত্তিৰ স্ত্ৰী সকলৰ অংশ হব মীৰাছৰ এক-চতুৰ্থাংশ আৰু সন্তান থাকিলে স্ত্ৰী সকলে পাব এক-অষ্টমাংশ; এয়া অচিয়ত আৰু ঋণ পৰিশোধ কৰাৰ পিছত বণ্টন হব (চুৰা “আন্-নিচা” আয়াত ১২) ।
২) এটা চূন্নতৰ বিষয়ে :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে – “তোমালোকে পুৱা এই দোৱা পঢ়িবা – “আল্লাহুম্মা বিকা আছ্-বাহনা ৱ-বিকা আমচায়না ৱ-বিকা নাহ-য়া ৱ-বিকা নামুতু ৱ-ইলাইকান নুচুৰ্” (আমলুলয়াওম বালিল্লাহ লিইবনে চুন্নী, ৩৫) ।
৩) নবী (ছঃ)ৰ মাজিজা :- হজৰত আনচ (ৰাঃ) দ্বাৰা বৰ্ণিত – এদিনাখন ৰছুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্) তেওঁলোকৰ ঘৰত আহে ও চকু মুদি আৰাম কৰি থকা সময়ত আনচ (ৰাঃ)ৰ আব্বাকে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ৰ শৰীৰৰ পৰা ওলোৱা ঘাম মচি এটা বটলত জমা কৰিব ধৰে । ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে চকু মেলি সুধিলে – উম্মে চুলেম, তুমি এয়া কি কৰি আছা ? তেখেতে উত্তৰ দিলে – মই আপোনাৰ ঘাম জমা কৰিছো, যাতে সুগন্ধি হিচাপে ব্যবহাৰ কৰিব পাৰো (মুচলিম ৬০৫৫) ।
৪) ইচলামি তাৰিখ :- আদ জাতি আৰবৰ এক বিখ্যাত জাতি আছিল,যাৰ বিষয়ে কোৰান মজিদত ২৫ বাৰ উল্লেখ আছে । হজৰত নুহ (আলাইহি ৱচাল্লাম্)ৰ ৪০০ বছৰ পিছত আৰু হজৰত ঈছা (আলাইহি ৱচাল্লাম)ৰ ২০০০ বছৰ আগত এই জাতিৰ লোক সকলৰ ১৩ টা গোষ্ঠী আম্মানৰ পৰা য়েমেন পৰ্য্যন্ত বিস্তৃত হৈ আছিল । এওঁলোকৰ ৰাজধানী চহৰ আছিল য়েমেনৰ “হজৰ মৌত” । এই জাতিৰ লোক সকল সেই যুগৰ এক পৰাক্ৰমী জাতি আছিল, তেওঁলোকে পাহাৰত শিল কাটি ধুনীয়া ধুনীয়া ঘৰ সাজি বাস কৰিছিল । লাহে লাহে এওঁলোকৰ ধন দৌলতৰ প্ৰতি মোহ ইমান বাঢ়ি যাব ধৰিলে যে অন্যায় পন্থাৰ জৰিয়তে ধন সম্পদ আহৰণ কৰা হ’ল । ধন সম্পদ আহৰণ কৰিব গৈ দুৰ্বলৰ ওপৰত জোৰ জুলুম, অত্যাচাৰ কৰিব ধৰে আৰু নিজৰ শক্তিৰ ওপৰত গৰ্ব কৰিব ধৰে । অন্যায় অত্যাচাৰ বাঢ়ি সীমা পাৰ হৈ যাব ধৰাত আল্লাহ তাআ’লাই তেওঁলোকৰ হিদায়তৰ বাবে হজৰত হুদ (আলাইহি ৱচাল্লাম)ক নবী হিচাপে প্ৰেৰণ কৰিছিল ।
৫) এটা আমলৰ ফজিলত :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে কৈছে যে – “পুণ্যবান লোকৰ এটা ভাল গুণ হ’ল তেওঁলোকে নিজৰ কামৰ বাবে আল্লাহ তাআ’লাৰ ওচৰত ইস্তিখাৰা কৰে আৰু মানুহৰ বেয়া গুণ হ’ল আল্লাহ তাআ’লাৰ ওচৰত ইস্তিখাৰা কৰিবলৈ এৰি দিয়া” (মুস্তদৰক্, ১৯০৩) ।
৬) দুনিয়াৰ বিষয়ে :- কোৰান মজিদত আল্লাহ তাআ’লাই বৰ্ণনা কৰিছে যে ধন সম্পদ আৰু সন্তান সন্ততি ক্ষণস্থায়ী পাৰ্থিব জীবনৰ শোভা মাথোন আচলতে সৎ কৰ্ম্মৰ ফলহে স্থায়ী আৰু আল্লাহৰ পৰা পুৰষ্কাৰ পোৱাৰ বাবে শ্ৰেষ্ঠ আৰু তাৰ পৰা পৰকালৰ মুক্তিও আশা কৰিব পাৰি (চুৰা “কাহাফ্” আয়াত ৪৬) ।
৭) এটা গুনাহৰ বিষয়ে :- কোৰান মজিদত আল্লাহ তাআ’লাই বৰ্ণনা কৰিছে যে “যি বিলাকে সোণ ৰূপ সঞ্চয় কৰে আৰু আল্লাহৰ ৰাস্তাত ব্যয় নকৰে (জাকাত নিদিয়ে) সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া । (এনে এটা দিন আহিব্) যিদিনা সেইবোৰ (সোণ্-ৰূপ্) জাহান্নামৰ অগ্নিত উত্তপ্ত কৰা হব আৰু তাৰে সিহঁতৰ কপাল্, দেহৰ দুয়োকাষে আৰু পিঠিত দাগ দিয়া হব (চুৰা “তওবা” আয়াত ৩৪ – ৩৫) ।
৮) আখিৰাতৰ বিষয়ে :- হজৰত ওমৰ (ৰাঃ)য়ে বয়ান কৰিছিল যে জিব্ৰাইল(আলাইহি ৱচাল্লাম্)য়ে ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)ক কৈছিল – “আপোনাক সত্যবাদীতাৰ সৈতে যিয়ে পথাইছে, সেই সত্তাৰ কচম যে জহন্নামৰ জুইৰ এক বিন্দু সমান যদি জমিনত দিয়া যায়্, তাৰ উত্তাপত জমিনৰ সকলো ছাৰখাৰ হৈ যাব্” (তবৰানী ঔচত ২৬৮৩) ।
৯) নবী (ছঃ)ৰ নচিহত :- হজৰত আবু হুৰাইৰা (ৰাঃ) য়ে বৰ্ণনা কৰি কৈছিল – তেখেতক ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম্)য়ে তিনিটা বিষয়ৰ ওপৰত উপদেশ দিছিল আৰু সেয়া মৃত্যু পৰ্য্যন্ত পালন কৰাৰ প্ৰতিজ্ঞা কৰিছিলো, সেয়া হ’ল – (১) প্ৰত্যেক মাহত তিনিটা নফল ৰোজা ৰখা, (২) কমপক্ষে দুই ৰাকাত শ্বাসত নামাজ পঢ়া আৰু (৩) ৰাতি শুৱাৰ আগতে ৱিতিৰ নামাজ আদায় কৰা (বুখাৰী ১১৭৮) ।
১০) কোৰান্/হদীছত বৰ্ণিত চিকিৎসা :- ৰচুলুল্লাহ (চাল্লাল্লাহু আলাইহি ৱচাল্লাম) য়ে কৈছে – “ডিমৰু খোৱা, কাৰণ ই Piles বেমাৰ ভাল কৰে আৰু গাঁঠিৰ বিষৰ উপশম ঘটায়” (কঞ্জুল উম্মাল্, ২৮২৭৬)।

✍✍.. Ikramul hussain 

Leave a comment