ত্ৰি-তাৰকা হত্যাৰ কৰুণ কাহিনী

☀☀ ত্ৰি-তাৰকা হত্যাৰ কৰুণ কাহিনী ☀☀

  দ্বীন ইছলামৰ চাৰিগৰাকী বৰ্ণিল খলিফাৰ ভিতৰত প্ৰথম গৰাকীৰ বাদে বাকী তিনিওগৰাকী মহান খলিফা দূৰ্বিত্তৰ হাতত নিষ্ঠুৰভাৱে হত্যাৰ বলি হ’বলগীয়া হৈছিল। এই হত্যাকাণ্ডসমূহৰ হৃদয়বিদাৰক পৰিস্থিতি ও অন্তৰালৰ ৰহস্যসমূহৰ এক ক’লা প্ৰতিচ্ছবিয়ে আজিও হাজাৰ জনৰ অস্ৰু সিক্ত কৰি ৰাখিছে !

 ইছলামৰ ফিৰ্কাবন্দী ইতিহাসৰ প্ৰথম ও প্ৰধান ভ্ৰান্ত ফিৰ্কা হৈছে “খাৰেজী” ফিৰ্কা ! নেতৃত্ব বা ৰাষ্ট্ৰক্ষমতা দখলক কেন্দ্ৰ কৰিয়েই এই ফিৰ্কাৰ জন্ম হৈছিল ! ৰাজনৈতিক দৃষ্টিভংগীৰ ফালৰ পৰা যিকোনো পন্থাৰ বিনিময়ত ৰাষ্ট্ৰক্ষমতা দখল কৰাটোৱেই তেওঁলোকৰ মূল উদ্দেশ্য। এই চৰমপন্থী খাৰেজীসকল মুছলিম উম্মতৰ চিৰন্তন শত্ৰু ! কিয়নো তেওঁলোকৰ কুচক্ৰান্তৰ ফলতেই দ্বীন ইছলামৰ তিনিগৰাকীকৈ বৰ্ণিল খলিফাক নিৰ্মমভাৱে হত্যা কৰা হৈছিল ।

নবী (চঃ)ৰ ইন্তেকালৰ আগতেই এই খাৰেজী মতবাদ কিছু পৰিমাণে লক্ষ্য কৰা গৈছিল যদিও তেখেতৰ (চঃ) ইন্তেকালৰ পাছলৈও এই চৰমপন্থী খাৰেজী ফিৰ্কাই আত্মপ্ৰকাশ কৰিব পৰা নাছিল। কিয়নো ইছলাম বিৰোধী যিকোনো চক্ৰৰ বিৰুদ্ধে প্ৰথম খলিফা আবু বক্কৰ (ৰাঃ) আছিল খৰ্গহস্ত। একেদৰেই অন্যায়ৰ বিৰুদ্ধে  ৰুদ্ৰকঠোৰ আপোচবিহীন দ্বিতীয় খলিফা ওমৰ (ৰাঃ)ৰ শাসনকালতো এই খাৰেজীসকলে বিশেষ প্ৰভাৱ বিস্তাৰ কৰিব পৰা নাছিল। কিন্তু মনৰ ভিতৰত জাগ্ৰত হৈ থকা নেতৃত্ব হস্তগত কৰাৰ গোপন অভিসন্ধিৰ বহিঃপ্ৰকাশ ঘটিবলৈ বেছি সময় নালাগিল। আবু লুলু নামৰ জৈনক অগ্নিপূজক এজনে বাহ্যিকভাৱে ইছলাম গ্ৰহণ কৰি ২৩ হিজৰী ২৬ জিলহজ্জ তাৰিখে গোপনে মদিনাত প্ৰৱেশ কৰি ওমৰ (ৰাঃ)ৰ ইমামতিত্বত ফজৰৰ চালাতত ছদ্মবেশে প্ৰথম কাতাৰত অৱস্থান কৰে। চালাত চলি থকা অৱস্থাতেই চেগ বুজি লুলুৱে এখন তীক্ষ্ণ চুৰিৰে তিনি বা ছয় বাৰ পাছফালৰ পৰা ওমৰ (ৰাঃ)ক আক্ৰমণ কৰে। উল্লেখযোগ্য যে উক্ত সময়ত দুস্কৃতিকাৰীগৰাকীয়ে আন ১৩ গৰাকী মুছল্লীকো আক্ৰমণ কৰে, যাৰ ভিতৰত ৯ গৰাকীয়েই মৃত্যুক আঁকোৱালি লব লগা হয়। ঘটনাৰ অন্তত লুলুৱে পলাই সাৰিব নোৱাৰি পৰৱর্তী সময়ত নিজেও আত্মহত্যা কৰে। উক্ত ঘটনাৰ তিনি দিনৰ পাছত মহান চাহাবী গৰাকীয়েও শ্বাহাদত বৰণ কৰে ।

উক্ত মৰ্মান্তিক ঘটনা সংঘটিত কৰাৰ পাছত মুছলিম শক্তিক দূৰ্বল জ্ঞান কৰি চৰমপন্থী খাৰেজীসকলে মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰিলে। পৰৱৰ্তী তৃতীয় খলিফা ওচমান (ৰাঃ)ৰ নম্ৰতা আৰু সৰলতাৰ সুযোগ লৈ কেইবাটাও নৃশংসতামূলক কৰ্মকাণ্ড সংঘটিত কৰে। খলিফা গৰাকীৰ বিৰুদ্ধে ক্ৰমান্বয়ে বিভিন্ন মিছা অভিযোগ প্ৰচাৰ কৰি তেখেতক দায়িত্বৰ পৰা অপসাৰণ কৰাৰ চেষ্টা অব্যাহত ৰাখে। অৱশেষত তেখেতক হত্যা কৰাৰ প্ৰস্তুতি গ্ৰহণ কৰি ওচমান (ৰাঃ)ক হত্যা কৰাই সৰ্বশ্ৰেষ্ঠ জিহাদ বুলি ঘোষণা কৰি সংকল্পবদ্ধ হয়। পৰিকল্পনা অনুসৰি বিদ্ৰোহীসকলে মদিনা অভিমুখে অগ্ৰসৰ হয়। মিচৰৰ পৰাই প্ৰায় ৬০০-১০০০ বিদ্ৰোহীয়ে উক্ত পৰিকল্পনাত অংশগ্ৰহণ কৰি তেখেতৰ বাসগৃহ ঘেৰাও কৰাৰ সিদ্ধান্ত লয়। মছজিদে নববীত জীৱনৰ শেষ জুমুআ’হৰ খুতবাহ দি থকা অৱস্থাত বিদ্ৰোহীসকলে ওচমান (ৰাঃ)ক নিৰ্মমভাৱে আহত কৰে। ইয়াৰ পাছত তেখেতৰ বাসগৃহৰ সকলো যাতায়ত অৱৰোধ কৰে। মছজিদত চালাত আদায় কৰাত বাধা দিয়া হয়। আনকি পানী পান কৰাতো বাধা প্ৰদান কৰিলে। এনেদৰে সুদীৰ্ঘ ৪০-৪৭ দিন ক্ষুধাৰ্ত অৱস্থাত ৰাখি অৱশেষত গৃহৰ দুৱাৰ খুলিব নোৱাৰি বাসগৃহত অগ্নিসংযোগ কৰি ঘৰৰ জালনা ভাঙি ভিতৰত প্ৰৱেশ কৰে। উক্ত সময়ত ৮২ বছৰীয়া বৰ্ষীয়ান খলিফা গৰাকীয়ে চিয়ামৰত অৱস্থাত কোৰআনৰ চুৰা বাক্বাৰাৰ ১৩৭ নং আয়াত পাঠ কৰি আছিল। এনে অৱস্থাতেই “গাফেক্বী বিন হাৰব” নামৰ ঘাটকগৰাকীয়ে প্ৰথমে তেওঁক মুখমণ্ডল আৰু মূৰৰ আগভাগত অস্ত্ৰেৰে আঘাত কৰে। ওচমান (ৰাঃ)ৰ ৰক্তই নিমিষতে পবিত্ৰ কোৰআন মজিদ ৰঞ্জিত কৰি পেলায়। ৰক্ত পিপাসুগৰাকীয়ে ভৰিৰে মোহাৰি কোৰআনখনি ফালি দি তেখেতৰ পত্নী নায়েলা বিন্তে ক্বৰাফাছাহৰ আঙুলিসমূহ কাটি দিয়ে। ইমানতে তেওঁলোক ক্ষান্ত নাথাকি আমৰ ইবনু হামক নামৰ হিংস্ৰজনে ওচমান (ৰাঃ)ক হত্যা কৰি শিৰচ্ছেদ কৰে আৰু ভৰিৰে লঠিয়াই মূৰটো দূৰলৈ মাৰি পঠায়। সেই ক’লা দিনটো আছিল ৩৫ হিজৰীৰ যিলহজ্জ মাহৰ ১৮ তাৰিখ , জুমুআ’হৰ দিন ।

পৃথিৱীৰ ইতিহাসৰ এই বৰ্বৰ ঘটনাৰ পাছত খাৰেজীসকলৰ চতুৰ্থ খলিফা আলী (ৰাঃ)ৰ দিনত মুক্ত বহিঃপ্ৰকাশ ঘটে। তেওঁলোকৰ বিভিন্ন কুচক্ৰান্তৰ ফলশ্ৰুতিত মুছলিমসকলৰ মাজতেই কেইবাটাও গৃহকন্দল সংঘটিত হয়। উদাহৰণ স্বৰূপে ৩৬ হিজৰীত আলী ও আয়েশ্বাহ (ৰাঃ)ৰ মাজত উষ্ট্ৰিৰ যুদ্ধ, ৩৭ হিজৰীৰ চফৰ মাহৰ ১ তাৰিখ বুধবাৰে আলী ও মু’আবিয়া (ৰাঃ)ৰ মাজত ছিফফিনৰ যুদ্ধৰ সুত্ৰপাত হয়। এই ঐতিহাসিক ছিফফিনৰ যুদ্ধৰ যুদ্ধ বিৰতি চুক্তি অগ্ৰাজ্য কৰি আলী (ৰাঃ)ৰ দলৰ পৰা ১২-১৬ হেজাৰ সৈন্যই দলত্যাগ কৰি “হাৰুৰাহ” নামৰ স্থানলৈ গুচি যায়। ইতিহাসত এওঁলোককেই “খাৰেজী” বা দলত্যাগী বোলা হয়। এই দলত্যাগীসকলেই পৰৱৰ্তী সময়ত আলী (ৰাঃ) ও তেখেতৰ সহযোগীসকলক হত্যাৰ ফতোৱা জাৰি কৰি ৪০ হিজৰীৰ ২১ ৰমজান তাৰিখে ফজৰৰ সময়ত চালাত চালাত বুলি মানুহক মাতি মছজিদলৈ যোৱাৰ পথত চোকা অস্ত্ৰেৰে আলী (ৰাঃ)ক নৃশংসভাৱে হত্যা কৰে।

আল্লাহে হয়তো এই মানৱৰূপী ৰক্ত পিপাসুসকলক কাহানিও ক্ষমা নকৰিব। এনেদৰেই আবিৰ্ভাৱ হোৱা দ্বীন ইছলামৰ চিৰশত্ৰু পথভ্ৰষ্টসকলে আজিও বিশ্বৰ বিভিন্ন দেশত চৰমপন্থাৰ মতাদৰ্শৰে সন্ত্ৰাসৰ সৃষ্টি কৰি দ্বীন ইছলামৰ মৰ্যাদা হানি কৰি আছে। শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যৰেই ইছলাম ধৰ্ম্ম পৃথিৱীত সুপ্ৰতিষ্ঠিত হৈছে¸ ইছলামত চৰমবাদ আৰু সন্ত্ৰাসবাদৰ কোনো স্থান নাই ! সন্ত্ৰাস সৃষ্টিকাৰীসকল ইছলামীয় আদৰ্শৰ পৰা বিচ্ছিন্ন হৈ যোৱা ভুৱা মতবাদৰ বিশ্বাসী ইছলামৰেই চিৰন্তন শত্ৰু¸ এই সত্যক আজি বিশ্ববাসীয়ে স্বীকাৰ নকৰিলেও ইন শ্বা আল্লাহ এদিন সকলো স্পষ্ট হৈ পৰিব …….

✍✍… মোক্তাবুল হুছেইন।

Leave a comment