~~~
হাদীছঃ আবু হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাচাল্লামে কৈছে,
-তোমালোকে তোমালোকৰ ঘৰসমূহক কবৰ নবনাবা,
-আৰু মোৰ কবৰক উৎসৱৰ স্থানত পৰিণত নকৰিবা।
-আৰু মোৰ ওপৰত দৰূদ পাঠ কৰা,
-কাৰণ, তোমালোকৰ দৰূদ মোৰ ওচৰলৈ পঠোৱা হয়, তোমালোকে য’তেই নাথাকা কিয়।
[আবু দাউদ(২০৪২); আলবানীয়ে হাদিছটিক ছহিহ আল-জামেতত (৭২২৬) ছহিহ বুলি মন্তব্য কৰিছে।]
উত্তৰঃ
1. পূৰুষৰ কাৰণে ঘৰত ছুন্নাত ছালাত আদায় কৰা শ্বৰীয়াতৰ কাম্য।
2. কবৰ বা কবৰস্থানত ছালাত আদায় কৰা হাৰাম।
3. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কবৰক কবৰ বুলিয়েই কৈছে, মাজাৰ নাইবা ৰাওজাহ বুলি কোৱা নাই।
4. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কবৰক ঘনে ঘনে যিয়াৰত কৰিবলৈ নিষেধ কৰিছে।
5. নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কবৰত উৎসৱ বা মেলা বহুৱা নিষেধ কৰিছে।
6.কোনো মানুহৰ মাধ্যমত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰত ছালাম পঠোৱা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ নীতি নহয়। বৰং পৃথিৰীৰ যিকোনো ঠাইৰ পৰাই ছালাম পাঠ কৰা নহওঁক কিয়, আল্লাহৰ ফিৰিস্তাসকলে তাক ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত পৌঁছাই দিয়ে।
7. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁৰ কবৰত ইচ্ছা কৰি বা অভ্যাসগতভাৱে দু‘আ কৰা ও নৈকট্য লাভৰ আশাত তাত উপস্থিত হোৱাটোক নিষেধ কৰিছে।
8. ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ কবৰত যিটো নিষেধ, অন্য যিকোনো কবৰত সেইটো তাতোকৈ অধিক হাৰত নিষেধ।
~শেইখ Abdullah Al Baki
তাওহিদ লেভেল – ২ কোৰ্চ
✍✍.. জুবাইৰ ৰহমান