তিনি শ্ৰেণীৰ ব্যক্তিৰ কাৰণে আল্লাহে জান্নাত হাৰাম কৰি দিছে

🔵ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- *তিনি শ্ৰেণীৰ ব্যক্তিৰ কাৰণে আল্লাহে জান্নাত হাৰাম কৰি দিছে :*

১. যিয়ে মদ প্ৰস্তুত কৰে,
২. যিয়ে মাতা-পিতাৰ নাফৰমানী কৰে আৰু
৩. *”দাইয়ুছ” (যিয়ে তাৰ পৰিবাৰৰ মাজত অশ্লীলতাক প্রশ্রয় দিয়ে)।* [মুছনাদে আহমাদ : ৫৮৩৯]

***” *দাইয়ুছ” বোলা হয় সেই ব্যক্তিক, যিয়ে তাৰ স্ত্রী ও পৰিবাৰৰ অন্য সদস্যসকলে অশ্লীল কৰ্ম বা ব্যভিচাৰ কৰিলে সি ভাল বুলি ভাৱি গ্রহণ কৰে অথবা প্রতিবাদ নকৰি চুপ হৈ থাকে। ওপৰৰ হাদিছটিৰ ব্যাখ্যা ব্যাপক। ইয়াত মূল বিষয় হ’ল ফাহেশ্বা বা অশ্লীলতা। যিয়ে তাৰ নিজ ঘৰত ইছলাম অনুশাসনত শিথিলতা কৰে, স্ত্ৰী-কন্যাক পর্দা কৰিবলৈ উৎসাহ প্ৰদান নকৰে, আদেশ নকৰে, ঘৰত চিনেমা, গান-বাজনা আদি চলে, ইয়াৰ কোনো প্রতিবাদ নকৰে; যিয়ে এনেকুৱা সকলো শ্বৰীয়াহ বিৰোধী অশ্লীলতাক মানি লয়- সিয়েই হ’ল ‘দাইয়ুছ’।*

মুছনাদে আহমাদঃ ৫৮৩৯

ছুনান আন নাছাঈ ২৫৬২

Leave a comment