————-
১-ৰাছলুল্লাহ (ছা:) কৈছে , ‘ যেতিয়া তোমালোকৰ কোনোবাই ৰাতি জাগি উঠে আৰু নিম্নৰ দোআ পাঠ কৰে আৰু আল্লাহৰ ওচৰত প্রার্থনা কৰে, সেইটো কবুল কৰা হয়। আৰু যদি সি অজু কৰে আৰু ছালাত আদায় কৰে , সেই ছালাত কবুল কৰা হয়’।
উচ্চাৰণ : লা ইলা-হা ইল্লাল্লা-হু ওয়াহ্দাহু লা শ্বৰীকা লাহু; লাহুল মুলকু ওৱালাহুল হামদু ওৱাহুয়া ‘আলা কুল্লি শ্বাইয়িন ক্বাদীৰ। চুবহা-নাল্লা-হি ওৱাল হামদু লিল্লা-হি ওৱালা ইলা-হা ইল্লাল্লা-হু ওৱাল্লা-হু আকবাৰ; ওৱালা হাওলা ওৱালা ক্বুউওৱাতা ইল্লা বিল্লা-হ।
তাৰপিছত কব, ‘ৰব্বিগফিৰ্লী’ (প্রতিপালক! মোক ক্ষমা কৰা)। অথবা অন্য প্রার্থনা কৰিব ।
অনুবাদ : আল্লাহ ব্যতীত কোনো উপাস্য নাই । তেওঁ একক, তেওঁৰ কোনো শ্বৰীক নাই । আল্লাহৰ বাবেই সকলো ৰাজত্ব আৰু আল্লাহৰ বাবেই সকলো প্রশংসা আৰু তেৱেই সকলোৰে ওপৰত ক্ষমতাশালী। মহা পবিত্র আল্লাহ। সকল প্রশংসা আল্লাহৰ বাবেই । আল্লাহ ব্যতীত কোনো উপাস্য নাই । আল্লাহ সকলোতকৈ ডাঙৰ । নাই কোনো ক্ষমতা নাই কোনো শক্তি আল্লাহৰ বাহিৰে ’।
[বুখাৰী, মিশকাত হা/১২১৩ ‘ৰাতিত উঠি তাহাজ্জুদত কি পঢ়িব ,অনুচ্ছেদ-৩২]
ইয়াৰোপৰি অন্যান্য দো‘আও পঢ়িছিল । মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১১৯৫; আবুদাঊদ, মিশকাত হা/১২০০ , ছালাত’ অনুচ্ছেদ-৩১]
২- ৰাছুলুল্লাহ (ছা:) ৰ স্ত্রী মায়মূনা (ৰা:)- ৰ ঘৰত তাহাজ্জুদৰ ছালাতত উঠি আকাশৰ পিনে চাই তেওঁ ছূৰা আল ইমৰাণৰ ১৯০ আয়াতৰ পৰা ছূৰাৰ শেষ অর্থাৎ ২০০ আয়াত পর্যন্ত পাঠ কৰিছিল’ (বুখৰী ; মুছলিম)।
এবাৰ চফৰত ৰাতি টোপনিৰ পৰা উঠি আকাশৰ পিনে চাই ৰাছুলুল্লাহ (ছাঃ) ছূৰা আল ইমৰাণৰ ১৯১-৯৪ আয়াত পাঠ কৰিছিল (নাছাঈ)। এবাৰ তেওঁ (গুৰুত্ব বিবেচনা কৰি) ছূৰা মায়েদাহৰ ১১৮ আয়াতটো দি সম্পূৰ্ণ তাহাজ্জুদৰ ছালাত শেষ কৰিছিল ’ (নছাঈ)।
[মুত্তাফাক্ব ‘আলাইহ, মিশকাত হা/১১৯৫; নাছাঈ, মিশকাত হা/১২০৯; নাছাঈ, ইবনু মাজাহ, মিশকাত হা/১২০৫, ‘ ৰাতিৰ ছালাত’ অনুচ্ছেদ-৩১; আহমাদ হা/২১৩৬৬; মিৰ‘আত ৪/১৯১] ।