কালৰ কৰাল গ্ৰাসত দ্বীন ইছলামৰ বহুতো গুৰুত্বপূৰ্ণ আদৰ্শ আজি সমাজৰ পৰা বিলীন হৈ পৰিছে ! তেনে এক লুপ্তপ্ৰায় ইছলামীয় আদৰ্শ হৈছে সদ্যপ্ৰসৱিত কেচুঁৱাক তাহনীক কৰা ।
আল্লাহৰ ত্বাকৱাশীল কোনো জ্ঞানী ব্যক্তিৰ কাষলৈ সদ্যপ্ৰসৱিত কেচুৱাক নি উক্ত ব্যক্তিৰ দ্বাৰা খেজুৰ চোবোৱাই বা মৌ নাইবা কোনো মিঠাই ব্যক্তি গৰাকীৰ মুখৰ লালতিৰ সৈতে মিশ্ৰিত কৰি নৱজাত কেচুৱাটিক খোৱাই দিয়াকে “তাহনীক” কৰা বোলা হয় । তাহনীক কৰাৰ পাছত ব্যক্তি গৰাকীৰ দ্বাৰা কেচুঁৱাটিৰ কল্যাণৰ বাবে দো’আ কৰাব লাগে ।
” আয়েশ্বাহ ৰাজিআল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত , ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামৰ কাষলৈ নৱজাত শিশুক অনা হৈছিল । তেখেতে (চঃ) শিশুক তাহনীক কৰিছিল আৰু শিশুৰ কল্যাণ ও বৰকতৰ বাবে দো’আ কৰিছিল ( মুচলীম , মিশকাত হাঃ/৪১৫০ )।
আবুবক্কৰ ৰাজিআল্লাহু আনহুৰ জীয়েক আছমা (ৰাঃ) দ্বাৰা বৰ্ণিত । তেখেতে মক্কাতেই আব্দুল্লাহ ইবনু যুবায়েৰক গৰ্ভধাৰণ কৰিছিল । কুবা নামৰ স্থানত অৱস্থানকালতেই আব্দুল্লাহ জন্ম হৈছিল । ইয়াৰ পাছত তেখেতে শিশুটিক লৈ ৰাছূল (চঃ) ৰ খিদমতত আহিল আৰু তেখেতৰ (চঃ) কোলাত শিশুটি তুলি দিলে । ৰাছূল (চঃ) এটা খেজুৰ চোবাই তাৰে কিছু শিশুটিৰ মুখত ৰাখি তালুলৈ দিলে । ফলত ৰাছূল (চঃ) ৰ লালতি মিশ্ৰিত খাদ্য সৰ্বপ্ৰথম শিশুটিৰ পেটত প্ৰৱেশ কৰিলে ( বুখাৰী , মুচলীম , মিশকাত হাঃ/১৫১ )।
উল্লেখিত হাদীছে প্ৰমাণ কৰে যে নৱজাতক শিশুক তাহনীক কৰাটো দ্বীন ইছলামৰ এক আদৰ্শ ! কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত সমাজৰ পৰা আজি সেই আদৰ্শ চিৰদিনৰ বাবে হেৰাই গল ..
✍✍.. মোক্তাবুল হুছেইন