‘তালক্কীন’ (التلقين) অর্থাৎ কথা বুজোৱা বা দ্রুত মুখস্থ কৰি লোৱা। মৃত্যুৰ আলামত দেখা পালে ৰোগীৰ শিতানত বহি তেওঁক কালিমায়ে ত্বাইয়িবা *‘লা ইলা-হা ইল্লাল্লা-হ’* পঢ়োৱা উচিত। ইয়াকে ‘তালক্কীন’ কৰা বুলি কোৱা হয়। (মুছলিম, মিচকাত হা/১৬১৬)।যাতে উক্ত লোকজনে শীঘ্ৰে মুখস্থ বা স্মৰণ কৰি লব পাৰে আৰু তৌহিদৰ স্বীকৃতিবাচক এই কলিমাই হয়তো লোকজনক জান্নাতত নিব পাৰে। কাৰণ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, যি ব্যক্তিৰ শেষ বাক্য *‘লা ইলাহা ইল্লাল্লাহ’* হ’ব সেই ব্যক্তি জান্নাতত প্ৰৱেশ কৰিব। (আবু দাউদ, মিচকাত হা/১৬২১)।এই সময়ত লোকজনক ক্কিবলামুখী কৰিবলৈ বিছনা উত্তৰমুৱা কৰাৰ কোনো ছহীহ হাদীছ নাই। এই সময়ত মূৰৰ শিতানত বহি ছুৰা *‘ইয়াচিন’* পাঠ কৰা হাদীছ ‘যঈফ’। (আহমাদ, আবু দাউদ, ইবনু মাজাহ, মিচকাত হা/১৬২২)।
*মৃত্যুৰ পিছত পাঁচটা কাম অতি সোনকালে সমাপন কৰিব লাগে।*
যেনে- গোছল, কাফন, জানাযা, জানাযা বহন ও দাফন।(মুত্তাফাক্ক ‘আলাইহি, মিচকাত হা/১৬৪৬ ‘জানায়েয’ অধ্যায়-৫, অনুচ্ছেদ-৫)।
*স্বামীয়ে স্ত্রীক বা স্ত্রীয়ে স্বামীক গোছল কৰাব পাৰে।* (ইবনু মাজাহ হা/১৪৬৫)।
দাফনৰ পিছত মাইয়েতৰ ‘তাছবীত’(التثبيت)অর্থাৎ মুনকাৰ ও নাকীৰ (দু’জন অপৰিচিত ফিৰিস্তা)-ৰ প্ৰশ্নোত্তৰ কালত যেন তেওঁ দৃঢ় থাকিব পাৰে, তাৰ কাৰণে *ব্যক্তিগতভাৱে সকলোৱে দু‘আ কৰা উচিত।* কিয়নো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
إِسْتَغْفِرُوْالِأَخِيْكُمْوَسَلُوااللهَلَهُالتَّثْبِيْتَفَإِنَّهُاَلْآنَيُسْأَلُ
*‘তোমালোকে তোমালোকৰ ভাইৰ কাৰণে ক্ষমা প্রার্থনা কৰা আৰু তেওঁ দৃঢ় হৈ থকাৰ কাৰণে আল্লাহৰ ওচৰত দু‘আ কৰা। কিয়নো এইমাত্ৰ তেওঁক প্ৰশ্ন কৰা হ’ব’*।(আবু দাউদ, মিচকাত হা/১৩৩, ‘ঈমান’ অধ্যায়-১, ‘কবৰৰ আযাবৰ’ প্ৰমাণ অনুচ্ছেদ-৪)।গতিকে এই সময়ত প্রত্যেকেই নিম্নোক্ত দু‘আ কৰা উচিত। যেনে-
(১) اَللَّهُمَّاغْفِرْلَهُوَثَبِّتْهُ
*(‘আল্লা-হুম্মাগফিৰ লাহূ ওৱা ছাব্বিতহু’)*
অৰ্থাৎ *হে আল্লাহ! আপুনি তেওঁক ক্ষমা কৰক আৰু তেওঁক দৃঢ় ৰাখক’।*(আবু দাউদ, হাকিম)।অথবা
(২) اَللَّهُمَّثَبِّتْهُبِالْقَوْلِالثَّابِتِ
(‘আল্লা-হুম্মা ছাব্বিতহু বিল ক্কাউলিছ ছা-বিত’)অৰ্থাৎ হে আল্লাহ! আপুনি তেওঁক কালিমা শ্বাহাদাতৰ দ্বাৰা সুদৃঢ় ৰাখক। এই সময়তসেই ব্যক্তি দু‘আৰ ভিক্ষাৰী আৰু জীৱিত মুমিনৰ দু‘আ মৃত মুমিনৰ কাৰণে খুবেই উপকাৰী। এই সময়ত মাইয়েতৰ তালক্কীনৰ উদ্দেশ্যে সকলোৱে লা ইলাহা ইল্লাল্লা-হ পাঠৰ কোনো দলীল নাই।(মিচকাত ১/২০৯, মিৰ‘আত ১/২৩০)।
*জ্ঞাতব্য :* (ক) বর্তমান যুগত বহুতে দাফনৰ পিছতেই পুনৰাই এজনৰ নেতৃত্বত সকলোৱে সন্মিলিতভাৱে হাত তুলি দু‘আ কৰা আৰু সকলোৱে সমস্বৰে ‘আমীন’ ‘আমীন’ কোৱা প্রচলিত প্রথাৰ কোনো ভিত্তি নাই। কিছুমানে সেইদিনাই বা দুই এদিন পিছত আত্মীয়-স্বজনক নিমন্ত্ৰণ কৰি আনি মৃতকৰ ঘৰত দু‘আৰ অনুষ্ঠান কৰে। এইবোৰ নিঃসন্দেহে বিদ‘আত।জানাযাৰ চালাতেই হ’ল মৃতকৰ কাৰণে একমাত্র দু‘আৰ অনুষ্ঠান। ইয়াৰ বাহিৰে মুছলিম মাইয়েতৰ কাৰণে পৃথক কোনো দু‘আৰ অনুষ্ঠান ইছলামী শ্বৰী‘আতত নাই।
✍✍✍ : জুবাইৰ ৰহমান