প্রশ্ন (৩৩/১৫৩): তাবলীগ জামা‘আতৰ জনৈক ব্যক্তিয়ে দাবী কৰিছে যে, পেচাব কৰাৰ পিছত ৪০ কদম খোজকাঢ়িব লাগিব । কাৰণ পানি ব্যবহাৰ কৰি উঠি থিয় হ’লে ফুটা ফুটা কৈ পেচাব পৰি কাপোৰ নাপাক হৈ যায়। ফলত ছালাত নহব। সিহঁতৰ উক্ত দাবী সঠিক নেকি ?
– শ্বাহীন, সাতক্ষীৰা।
উত্তৰ : উক্ত দাবী সঠিক নহয়। পেচাব -পায়খানা কৰাৰ পিছত পানীৰ দ্বাৰা পবিত্রতা অর্জন কৰিব লাগিব । পানী নাথাকিলে ঢেলা বা টিছ্যু ব্যবহাৰ কৰিব লাগিব। ছূৰা তৌবাৰ ১০৯ আয়াতত পবিত্রতা অর্জনৰ কাৰণে আল্লাহে যিসকলৰ প্রশংসা কৰিছে , সিহঁতে পানীৰ দ্বাৰাই পবিত্রতা অর্জন কৰিছিল । (আবুদাঊদ হা/৪৪, চনদ ছহীহ)। অজুৰ পিছত কাপোৰৰ ওপৰৰ পাৰে লজ্জাস্থানৰ বৰাবৰ পানী ছিটিয়াই দিলেই যথেষ্ট হব (আবুদাঊদ হা/১৬৬ ও ২১০)। ইয়াৰ বাহিৰে আন একো কৰাৰ হুকুম নাই । উল্লেখ্য যে, আগতে ঢেলা বা টিছ্যুৰ দ্বাৰা পবিত্রতা অর্জন কৰিব লাগিব , তাৰপিছত পানী ব্যবহাৰ কৰিব লাগিব বুলি মুচনাদে বাযযাৰত যি বর্ণনা আহিছে , সেইটো মওযূ‘ (ইৰওৱাউল গালীল হা/৪২-ৰ আলোচনা দ্রঃ)।