তাবলিগ জামাতৰ লগত চিল্লাত যোৱা সম্পৰ্কে শ্বেইখ ছালিহ আল-ফওজান (হা’ফিজাহুল্লাহ) ৰ ফাতওয়া।

তাবলিগ জামাতৰ লগত চিল্লাত যোৱা সম্পৰ্কে শ্বেইখ ছালিহ আল-ফওজান (হা’ফিজাহুল্লাহ) ৰ ফাতওয়া।
 তোখেত বর্তমান আৰব বিশ্বৰ আটাইতকৈ জ্ঞানী আলেমৰ এজন, তেখেতৰ ফাতওয়া অনুবাদ কৰি তলত উল্লেখ কৰা হল।

“চিল্লা লগোৱা জায়েয নে?”

প্রশ্নকর্তাঃ আল্লাহ আপনাৰ লগত ভাল আচৰণ কৰে যেন, সম্মানিত শ্বেইখ!
এইটো জায়েজনে- কোনো ঠাইত ওলাই যোৱা এক মাহৰ কাৰণে , এক সপ্তাহৰ কাৰণে অথবা এদিনৰ কাৰণে যেনেকৈ তাবলিগ জামাতৰ মানুহবোৰ কৰি থাকে? এইটো ছুন্নাত নাকি বিদআ’ত?

শৰীয়তৰ জ্ঞান অর্জনৰ বাবে কোনোৱাৰ কাৰণে তবলীগ জামাতৰ লগত চিল্লাত যোৱা জায়েযনে?

শ্বেইখ ছালিহ আল-ফওজান ৰ ফাতওয়াঃ
“এইটা জায়েজ নহয়, কাৰণ এইটো এটা বিদআ’ত। এনেকৈ ওলাই যোৱা ৪০ দিন, ৪ দিন, ৪ মাহ এইটো হৈছে বিদআ’ত। এইটো প্রমানিত যে, তাবলিগ জামাত হৈছে ভাৰতীয় দেওবন্দী সকলৰ এটা “ছুফী” জামাত। সিহতে এখন দেশৰ পৰা অন্য দেশলৈ যায় সিহতৰ “ছূফীবাদ” প্রচাৰ কৰাৰ কাৰণে। আহলে ছুন্নত ওয়াল জামাতৰ অনুসাৰী কোনো ব্যক্তি, তাওহীদৰ অনুগত্য কৰা ব্যক্তিৰ কাৰণে এইটো জায়েজ নহয় যে, সিহতৰ (ছুফিৰ) লগত তাবলীগৰ কৰণে ওলাই যোৱা। কাৰণ তেও যদি ইহতৰ লগত যায় তেনেহলে তেও সিহতক বিদাত প্রচাৰ কৰাত সাহায্য কৰিল। আৰু মানুহে তেওক ঊদাহৰণ হিচাবে ব্যবহাৰ কৰি কব যে- “অমুক (আলেম বা শিক্ষিত লোক) সিহতৰ লগত তাবলীগত গৈছে”, অথবা সিহতে কব পাৰে “সাধাৰণ মানুহ সকলোৱে আমাৰ লগত যায়”, অথবা সিহতে কব “আৰে তাবলিগ জামাত এইদেশত (সৌদি আৰবত) বৈধ।” এইকাৰণে সিহতক পৰিত্যাগ কৰা ওয়াজিব, সিহতক পৰিত্যাগ কৰা ওয়াজিব আৰু সিহতৰ কামৰ ফালে মনোযোগ নিদিব (সিহতৰ কথাও নুশুনিব)।

এইটা এই কৰণেই যে, সিহতে যাতে সিহতৰ বিদআ’ত লৈ তেওলোকৰ দেশলৈ উভতি যাব, আমাৰ আৰব দেশ সমুহৰ মাজত প্ৰচাৰ কৰিব নোৱাৰিব। ইয়াৰ বাহিৰেও তেলোকৰ লগত যাই তেওলোকক  শিক্ষা দিয়াও জায়েজ নহয়। এইটো ভুল, কাৰণ তেওলোকে দ্বীনৰ জ্ঞান অর্জন কৰিব নিবিচাৰে। তেওলোকে জ্ঞান অর্জন কৰিব নিবিচাৰে কাৰণ সিহতে ধোকাবাজিৰ মানুহ আৰু সিহতৰ বিশেষ উদ্দেশ্য আছে। তেওলোকে আহিছে তোমালোকক (ছূফীবাদ) শিক্ষা দিয়াৰ কাৰণে, সিহতে এই কাৰণে অহা নাই যে তোমালোকৰ পৰা কিবা শিকিব। তেওলোকে আহিছে তোমালোকক সিহতৰ “ছূফীবাদ” ও সিহতৰ “মাযহাব” শিক্ষা দিয়াৰ কাৰণে। সিহতে তোমালোকৰ পৰা একো শিকিবলৈ অহা নাই, কাৰণ সিহতে যদি শিকিবলৈ আহিলহেতেন তেনেহলে তেওলোকে আৰব দেশেৰ ওলামা সকলৰ লগত মসজিদত বহিলহেতেন আৰু ওলেমা সকলৰ কিতাব অধ্যায়ন কৰিলেহৈ।
–  আল্লামাহ, শ্বেইখ ছালিহ আল-ফওজান।

ফাতওয়াটো শায়খ ফাওজান ৰ নিজ মুখৰ পৰাও শুনিবলৈ পাৰিব তলত দিয়া লিংকৰ পৰা।  ইয়াৰ বাহিৰেও ইমাম মুহাম্মাদ ইবনে ইব্রাহিম ৰাহিমাহুল্লাহ, ইমাম বিন বাজ ৰাহিমাহুল্লাহ, ইমাম আলবানী সকলো আৰব দেশেৰ বহু আলেমই ভাৰতীয় দেওবন্দী ছুফি এই জামাতৰ গোমৰাহীৰ পৰা উম্মতক সতর্ক কৰিছে আৰু এওলোকৰ পৰা দুৰত থাকি বিশুদ্ধ কুৰআন ও সুন্নাহ ভিত্তিক অধ্যয়ন কৰিবলৈ কৈছে।

https://m.youtube.com/watch?v=zx3P9dP6kzQ&itct=

Leave a comment