তাক্বলীদ (দলীলবিহীন অনুসৰণ) আৰু ইত্তেবা (দলীলভিত্তিক অনুসৰণ)-ৰ মাজত পার্থক্য:-

তাক্বলীদ (দলীলবিহীন অনুসৰণ) আৰু ইত্তেবা (দলীলভিত্তিক অনুসৰণ)-ৰ মাজত পার্থক্য:-
===================

শানকীত্বী (ৰাহি.)-এ কৈছে,[1] তাক্বলীদ আৰু ইত্তেবাৰ মাজত পার্থক্য জনাটো খুবেই জৰুৰী। ইত্তেবাৰ স্থানত কোনো অৱস্থাতেই তাক্বলীদ কৰা বৈধ নহয়। ইয়াৰ বিস্তাৰিত আলোচনা এই যে, যিবোৰ বিধানৰ বিষয়ে কুৰআন, হাদীছ অথবা মুছলিমসকলৰ প্রকাশ্য ইজমাৰ দলীল পোৱা যায় সেইবোৰৰ ক্ষেত্রত কোনো অৱস্থাতেই তাক্বলীদ বৈধ নহয়। কিয়নো যি ইজতিহাদ দলীল বিৰোধী সি বাতিল হিচাবে গণ্য। আকৌ ইজতিহাদৰ ক্ষেত্রত দলিল অবিহনে তাক্বলীদ কৰা নাযাব। কিয়নো কুৰআন আৰু হাদীছৰ দলীলসমূহে প্রত্যেক মুজতাহিদৰ ওপৰত কর্তৃত্ব দান কৰে। গতিকে কোনো মুজতাহিদৰ উচিত নহয় এই বিধানৰ বিৰোধিতা কৰা।

আকৌ কুৰআন, ছুন্নাহ আৰু ইজমা বিৰোধী কোনো তাক্বলীদ বৈধ নহয়। কিয়নো সি হক্ব বিৰোধী আদর্শ। গতিকে যি ক্ষেত্রত দলীল প্রতিষ্ঠিত, তেনে ক্ষেত্ৰত  কেৱল ইত্তেবাই যথেষ্ট। যি ক্ষেত্রত কুৰআন ছুন্নাহ’ৰ দলীল পোৱা যায় আৰু সি পৰস্পৰ বিৰোধী নহয়, তেনে ক্ষেত্রত ইজতিহাদ আৰু তাক্বলীদ কৰা নাযাব। বিদ্বানসকলৰ ওচৰত তাক্বলীদ আৰু ইত্তেবাৰ মাজত পার্থক্য এটা সুপৰিচিত বিষয়। ইয়াৰ সঠিক অর্থৰ সন্দৰ্ভত বিদ্বানসকলৰ ওচৰত কোনো মতভেদ নাই।

ইতিপূৰ্ৱে আমি যি খুয়াইয মিনদাদৰ উক্তি দাঙি ধৰিছোঁ, যাক ইবনে আব্দিল বাৰে তেওঁৰ পৰা তাৰ জা‘মেতত সংকলন কৰি কৈছে:
শ্বাৰঈ পৰিভাষাত তাক্বলীদ হ’ল এনে মতামতৰ ফালে প্রত্যাৱর্তন কৰা, যাৰ পিছত মতামতদাতাৰ কোনো দলীল নাই। চৰীয়াতত এনেকুৱা বিষয় একেবাৰেই নিষিদ্ধ। আকৌ যাৰ পিছত দলীল আছে তাক ইত্তেবা বোলা হয়।

তেওঁ তেওঁৰ কিতাপৰ আন এঠাইত কৈছে, তুমি যদি কাৰোবাৰ মতামতক দলীল অবিহনে অনুসৰণ কৰাটোক আৱশ্যক বুলি ভৱা তেনেহ’লে তুমি মুক্বালিদসকলৰ অন্তর্ভুক্ত হৈ গ’লা। আকৌ আল্লাহৰ দ্বীনৰ ক্ষেত্রত তাক্বলীদ কৰা বৈধ নহয়। আকৌ যদি দলীলৰ মাধ্যমত কাৰোবাৰ কথাৰ অনুসৰণ কৰা তোমাৰ কাৰণে আৱশ্যক হয়, তেনেহ’লে তুমি তাৰ ইত্তেবা কৰিলা। দ্বীনৰ ক্ষেত্রত ইত্তেবা বৈধ। কিন্তু তাক্বলীদ বৈধ নহয়।

‘‘ই‘লামুল মুওৱাক্বিয়ীন’’ গ্রন্থত ইবনুল কাইয়্যিম (ৰাহি.) কৈছে: ইমাম আহমাদ (ৰাহি.)-এ তাক্বলীদ আৰু ইত্তেবাৰ মাজত পার্থক্য কৰিছে।

তাৰ পিছত আবূ দাউদে কৈছে, মই ইমাম আহমাদ (ৰাহি.)-ক কোৱা শুনিছোঁ যে, ইত্তেবা হ’ল, কোনো ব্যক্তি মহানাবী ( ﷺ ) আৰু তেওঁৰ চাহাবীসকলৰ পক্ষৰ পৰা যি আহিছে তাৰ অনুসৰণ কৰিব। ইয়াৰ পিছত তাবেঈসকলৰ অনুসৰণ কৰা তাৰ কাৰণে ইচ্ছাধীন। আকৌ ইয়াৰ পৰাই এই উদ্দেশ্যৰ পৰিসমাপ্তি ঘটিব। তেওঁ (আল্লাহে তেওঁক ক্ষমা কৰক) ইয়াৰ কায়দা উল্লেখ কৰি কৈছে, ওহী ভিত্তিক আমল ইত্তেবাৰেই অন্তর্ভুক্ত। এইটো তাক্বলীদ নহয়। এইটো এটা অকাট্য বিষয়।

বহুত আয়াতত ওহীৰ প্রতি আমল কৰাকে ইত্তেবা নামেৰে উল্লেখ কৰা হৈছে। ইয়াৰ প্রমাণত তলৰ আয়াতসমূহ পেচ কৰা হ’ল- আল্লাহে কৈছে:

﴿ ﻗُﻞْ ﺇِﻧَّﻤَﺎ ﺃَﺗَّﺒِﻊُ ﻣَﺎ ﻳُﻮﺣَﻰ ﺇِﻟَﻲَّ ﻣِﻦْ ﺭَﺑِّﻲ ﻫَﺬَﺍ ﺑَﺼَﺎﺋِﺮُ ﻣِﻦْ ﺭَﺑِّﻜُﻢْ ﻭَﻫُﺪًﻯ ﻭَﺭَﺣْﻤَﺔٌ ﻟِﻘَﻮْﻡٍ ﻳُﺆْﻣِﻨُﻮﻥَ ﴾
কোৱা, আমিতো তাকেই অনুসৰণ কৰোঁ, যাক আমাৰ ওচৰত আমাৰ ৰব’ৰ পক্ষৰ পৰা ওহীৰূপে প্রেৰণ কৰা হৈছে। এইটো তোমালোকৰ ৰব’ৰ পক্ষৰ পৰা স্পষ্ট প্রমাণ। আৰু সি হিদায়াৎ আৰু ৰহমত সেই কওমৰ কাৰণে যিসকলে ঈমান আনে (ছুৰা : আ‘ৰাফ-২০৩)।
আল্লাহে কৈছে:

﴿ ﺍﺗَّﺒِﻌُﻮﺍ ﻣَﺎ ﺃُﻧْﺰِﻝَ ﺇِﻟَﻴْﻜُﻢْ ﻣِﻦْ ﺭَﺑِّﻜُﻢْ ﻭَﻟَﺎ ﺗَﺘَّﺒِﻌُﻮﺍ ﻣِﻦْ ﺩُﻭﻧِﻪِ ﺃَﻭْﻟِﻴَﺎﺀَ ﻗَﻠِﻴﻠًﺎ ﻣَﺎ ﺗَﺬَﻛَّﺮُﻭﻥَ ﴾

তোমালোকৰ প্রতি তোমালোকৰ ৰব’ৰ পক্ষৰ পৰা যি নাযিল কৰা হৈছে, তাক অনুসৰণ কৰা আৰু তাৰ বাহিৰে অন্য আউলিয়াৰ (অভিভাবকৰ) অনুসৰণ নকৰিবা। তোমলোকৰ কমসংখ্যকেই উপদেশ গ্রহণ কৰে (আ‘ৰাফ-৩)।
আল্লাহে কৈছে:

﴿ ﻭَﺍﺗَّﺒِﻌُﻮﺍ ﺃَﺣْﺴَﻦَ ﻣَﺎ ﺃُﻧْﺰِﻝَ ﺇِﻟَﻴْﻜُﻢْ ﻣِﻦْ ﺭَﺑِّﻜُﻢْ ﴾

আৰু অনুসৰণ কৰা উত্তম যি নাযিল কৰা হৈছে তোমালোকৰ ৰব’ৰ পক্ষৰ পৰা (যুমাৰ-৫৫)।
আল্লাহে কৈছে:

﴿ ﻗُﻞْ ﻣَﺎ ﻳَﻜُﻮﻥُ ﻟِﻲ ﺃَﻥْ ﺃُﺑَﺪِّﻟَﻪُ ﻣِﻦْ ﺗِﻠْﻘَﺎﺀِ ﻧَﻔْﺴِﻲ ﺇِﻥْ ﺃَﺗَّﺒِﻊُ ﺇِﻟَّﺎ ﻣَﺎ ﻳُﻮﺣَﻰ ﺇِﻟَﻲَّ ﺇِﻧِّﻲ ﺃَﺧَﺎﻑُ ﺇِﻥْ ﻋَﺼَﻴْﺖُ ﺭَﺑِّﻲ ﻋَﺬَﺍﺏَ ﻳَﻮْﻡٍ ﻋَﻈِﻴﻢٍ﴾
কোৱা, মোৰ নিজৰ পক্ষৰ পৰা ইয়াত কোনো পৰিৱর্তনৰ অধিকাৰ নাই। মই কেৱল মোৰ প্রতি অৱতীর্ণ ওহীৰ অনুসৰণ কৰোঁ। নিশ্চয় মই যদি ৰব’ৰ অবাধ্য হওঁ সেয়েহে ভয় কৰোঁ কঠিন দিবসৰ আযাবৰ (ছুৰা : ইউনূচ-১৫)।
আল্লাহে কৈছে:

﴿ ﻭَﻫَﺬَﺍ ﻛِﺘَﺎﺏٌ ﺃَﻧْﺰَﻟْﻨَﺎﻩُ ﻣُﺒَﺎﺭَﻙٌ ﻓَﺎﺗَّﺒِﻌُﻮﻩُ ﻭَﺍﺗَّﻘُﻮﺍ ﻟَﻌَﻠَّﻜُﻢْ ﺗُﺮْﺣَﻤُﻮﻥَ﴾
আৰু এইখন কিতাব- যাক আমি নাযিল কৰিছোঁ- বৰকতময়। গতিকে তোমালোকে তাৰ অনুসৰণ কৰা আৰু তাক্বওৱা অৱলম্বন কৰা, যাতে তোমালোকে ৰহমতপ্রাপ্ত হোৱা (ছুৰা : আনআম-১৫৫)।
আল্লাহে কৈছে:

﴿ ﺍﺗَّﺒِﻊْ ﻣَﺎ ﺃُﻭﺣِﻲَ ﺇِﻟَﻴْﻚَ ﻣِﻦْ ﺭَﺑِّﻚَ ﻟَﺎ ﺇِﻟَﻪَ ﺇِﻟَّﺎ ﻫُﻮَ ﻭَﺃَﻋْﺮِﺽْ ﻋَﻦِ ﺍﻟْﻤُﺸْﺮِﻛِﻴﻦَ﴾
তুমি অনুসৰণ কৰা তাৰ, তোমাৰ প্রতি যি ওহী প্রেৰণ কৰা হৈছে তোমাৰ ৰব’ৰ পক্ষৰ পৰা। তেওঁৰ বাহিৰে কোনো সত্য ইলাহ নাই । আৰু মুশ্বৰিকসকলৰ পৰা বিমুখ থাকা (ছুৰা :আনআম-১০৬)।
আল্লাহে কৈছে:

﴿ ﻗُﻞْ ﻣَﺎ ﻛُﻨْﺖُ ﺑِﺪْﻋًﺎ ﻣِﻦَ ﺍﻟﺮُّﺳُﻞِ ﻭَﻣَﺎ ﺃَﺩْﺭِﻱ ﻣَﺎ ﻳُﻔْﻌَﻞُ ﺑِﻲ ﻭَﻟَﺎ ﺑِﻜُﻢْ ﺇِﻥْ ﺃَﺗَّﺒِﻊُ ﺇِﻟَّﺎ ﻣَﺎ ﻳُﻮﺣَﻰ ﺇِﻟَﻲَّ ﻭَﻣَﺎ ﺃَﻧَﺎ ﺇِﻟَّﺎ ﻧَﺬِﻳﺮٌ ﻣُﺒِﻴﻦٌ ﴾

কোৱা, ‘মই ৰাছুলসকলৰ মাজত নতুন নহয়। আৰু মই নাজানোঁ মোৰ আৰু তোমালোকৰ বিষয়ে কি কৰা হব? মোৰ প্রতি যি ওহী নাজিল কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰোঁ। আৰু মই এজন সুস্পষ্ট সতর্ককাৰী মাত্র। (ছুৰা : আহকাফ-৯)।

এনেকুৱা আৰু বহুত সুপৰিচিত আয়াত আছে।
গতিকে ওহী ভিত্তিক আমল কৰাকেই ইত্তেবা বোলা হয়। যিটো উল্লেখিত আয়াতসমূহৰ দ্বাৰাই প্রমাণিত।

উল্লেখযোগ্য যে, নিঃসন্দেহে ওহীৰ অনুসৰণৰ কাৰণে বহুতো আয়াতত নির্দেশ আছে। ওহী বিৰোধী কোনো ইজতিহাদ কোনো কাৰণতেই বিশুদ্ধ নহয় আৰু ওহী বিৰোধী কোনো তাক্বলীদও কোনো ক্ষেত্রত বৈধ নহয়।

গতিকে ইয়াৰ পৰা ইত্তেবা আৰু তাক্বলীদৰ মাজৰ পার্থক্য স্পষ্ট হৈ গ’ল। আৰু স্পষ্ট হ’ল যে, ইত্তেবাৰ ক্ষেত্রসমূহত তাক্বলীদৰ কোনো সুযোগ নাই।
গতিকে পৰস্পৰ বিৰোধমুক্ত সুস্পষ্ট বিশুদ্ধ ওহীৰ দলীল পোৱা গ’লে নিশ্চয় ইজতিহাদ ও তাক্বলীদ কৰা নাযাব। কিয়নো এইকথা স্পষ্ট যে, ওহীৰ অনুসৰণ কৰা আৰু তাৰ প্রতি আত্মসমর্পণ কৰা প্রত্যেকৰ ওপৰত ফৰজ। সি যি কোনো বিষয়েই নহওঁক কিয়।
ইয়াৰ পৰা বুজা যায় যে, উচুলবীদসকলে ইজতিহাদৰ যি চর্তসমূহ আৰোপ কৰিছে সি কেৱল ইজতিহাদৰ ক্ষেত্রতেই প্রযোজ্য আৰু ইত্তেবাৰ স্থানত ইজতিহাদৰ কোনো সুযোগ নাই ।

গতিকে ইত্তেবা আৰু ইজতিহাদৰ মাজত শাব্দিক ও প্রায়োগিক পার্থক্য থকা সত্ত্বেও ইজতিহাদৰ চর্তসমূহক ইত্তেবাৰ চর্তৰ মাজত প্রয়োগ কৰা বিভ্রান্তিৰ নামান্তৰ। যি পূর্বৰ আলোচনাৰ পৰা সুস্পষ্ট।

মুঠ কথা ওহীৰ ইত্তেবাৰ কাৰণে কেৱল জ্ঞান অর্জন কৰাই চর্ত। যি জ্ঞান অনুসৰি ওহীৰ ইত্তেবাকাৰীয়ে আমল কৰিব। এই ক্ষেত্রত সি হাদীছ আৰু কুৰআনৰ জ্ঞানার্জন কৰা ও তদনুযায়ী আমল কৰাৰ যোগ্যতা অর্জন কৰিব লাগিব। কুৰআন ও হাদীছত জ্ঞানার্জনৰ পিছত ইজতিহাদৰ সকলো চর্ত অর্জনৰ কাৰণে অপেক্ষা কৰাৰ দৰকাৰ নাই।

গতিকে প্রত্যেক শ্বাৰঈ দায়িত্ব প্রাপ্ত ব্যক্তিৰ কাৰণে অৱশ্যক হ’ল, কুৰআন ও ছুন্নাহ অনুযায়ী জ্ঞানার্জন কৰা। সম্পূর্ণভাৱে অার্জিত জ্ঞানৰ ওপৰত আমল কৰা। যি ধাৰাবাহিকতাৰ ওপৰত অটল আছিল এই উম্মাতৰ কল্যাণৰ সাক্ষ্যপ্রাপ্ত প্রথম শতাব্দীৰ অনুসাৰীসকল।
[1] ‘আযওৱাউল বায়ান’ (৭/৫৪৭-৫৫০)

Leave a comment