তাবলীগৰ প্ৰকৃত অৰ্থ হৈছে প্ৰচাৰ কৰা বা বাৰ্তা প্রচাৰ কৰা। যদিও আজি বহুত মানুহে এইদৰে ভাৱিবলৈ লৈছে যে তাবলীগ মানে এটা গোট কিন্তু প্ৰকৃতাৰ্থত তবলীগৰ অৰ্থ কোনো গোট নহয়।
এতিয়া প্ৰশ্ন হয় কিহৰ তাবলীগ কৰিব লাগিব ?
উত্তৰ হব যে¸ কুৰআন আৰু ছুন্নাহৰ (ছহীহ হাদিছৰ) তাবলীগ কৰিব লাগিব।
আল্লাহ তাআলাই কৈছে “ ইয়া , আয়্যুহাৰ ৰছুলু , বাল্লিগ মা উনজিলা ইলাইকা মিৰ ৰব্বিকা”
অৰ্থ: হে নবী ! আপোনাৰ ওচৰলৈ আপোনাৰ প্ৰভুৰ পৰা যি নাজিল কৰা হৈছে, তাক প্রচাৰ কৰক ।
(ছুৰা: মায়িদাহ্: ৬৭)
ইয়াৰ ওপৰিও ৰছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে – “মোৰ কথা প্ৰচাৰ কৰা¸ সেয়া যদি এটা আয়াতো হয়।” (বুখাৰী)
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত নাজিল কৰা হৈছে কুৰআন আৰু ছুন্নাহ। সেয়েহে এজন মুছলিমে অকল কুৰআন আৰু ছুন্নাহৰ তাবলীগ কৰিব। পীৰ মুৰিদৰ ব্যৱসায় , নিজৰ তৰীকা বা ফিৰকা, বুজুৰ্গসকলৰ ভুৱা কাহিনী, ঈমান- আকীদা ধ্বংস হোৱা কথা বাৰ্তা আৰু জাল হাদীছ, এইবোৰ প্ৰচাৰ কৰিব নোৱাৰে। ঠিক এইদৰেই ছুফীবাদীসকলৰ লিখা ফাজাইলে আমল কিতাপৰ তাবলীগ প্ৰকৃত তবলীগ কেতিয়াও হব নোৱাৰে।
তবলীগ কেনেকৈ কৰিব লাগিব?
তবলীগ কৰিব গ’লে নিজে আগতে জানিব লাগিব, অজ্ঞতা লৈ দাৱাত দিব গ’লে সেইটো তাবলীগ হব ঠিকেই, কিন্তু এইয়া দ্বীনৰ তাবলীগ নহব, বৰং শ্বিৰ্ক বিদাতৰ তাবলীগ হব। আল্লাহে কৈছে-
“(হে নবী , আপুনি) কৈ দিয়ক- এইটোৱেই মোৰ পথ। মই আল্লাহ তা‘আলাৰ পিনেহে আহ্বান কৰিছোঁ — যি স্পষ্ট পথৰ ওপৰত মই আছোঁ আৰু মোৰ অনুসৰণকাৰীসকল আছে¸ আৰু আল্লাহ তা‘আলা পৱিত্ৰ আৰু মই মুছৰিকসকলৰ অন্তর্ভুক্ত নহওঁ ।
(ছুৰা ইউছুফঃ ১০৮)
এই নিয়ম মানি নচলাৰ বাবে বহুতো লোক আছে যিসকলে তাবলীগ কৰাৰ দাবী কৰে ঠিকেই কিন্তু প্ৰকৃততে তেঁওলোকে নিজেই নিজৰ মনেসজা কাহিনী, জাল হাদীছ¸ ভুৱা আমল¸ বিদাতি চিন্তা ভাৱনা আৰু কাম প্ৰচাৰ কৰি নিজেই নিজৰ পৰকালৰ ক্ষতি কৰি আছে আৰু আৰু নিজৰ আমলসমূহ বৰবাদ কৰি আছে। আল্লাহে কৈছে-
“কোৱা! আমি কি তোমালোকক সেইসকল লোকৰ সংবাদ নিদিমনে, যিসকলে কর্মৰ ফালৰ পৰা খুবেই ক্ষতিগ্রস্ত?” (ছূৰা কাহফ- ১০৩)
“সিহঁতেই সেইসকল লোক, যিসকলৰ প্রচেষ্টা পার্থিৱ জীৱনত বিভ্রান্ত হৈছে, অথচ সিহঁতে ভাৱে যে, সিহঁতে তো সুন্দৰ আমলেই কৰিছে। (ছূৰা কাহাফ- ১০৪)
#JBR