অনুচ্ছেদঃ
২. তাকবীৰে তাহৰীমা ও বুকুত হাত বন্ধা
২. তাকবীৰে তাহৰীমা ও বুকুত হাত বন্ধা
২. তাকবীৰে তাহৰীমা ও বুকুত হাত বন্ধা
(التكبيرة التحريمة ووضع اليد اليمنى على ذراعه اليسرى على الصدر) :
দুই হাতৰ আংগুুলি সমূহ ক্কিবলামুখীকৈ থিয়ভাৱে কান্ধ অথবা কান লৈকে উঠাই দুনিয়াবী(পৃথিৱীৰ) সকলো ধৰণৰ কাম হাৰাম কৰি দি স্বীয় প্ৰভুৰ মহত্ত ঘোষনা কৰি কব ‘আল্লা-হু আকবাৰ'(আল্লাহ সকলোতকৈ ডাঙৰ) । তাৰপিছত বাওঁ হাতৰ ওপৰত সোঁ হাত বুকুৰ ওপৰত বান্ধি সৃষ্টিকৰ্তা আল্লাহৰ সন্মুখত নিবেদিত চিত্তে চিজদাৰ স্থানত সমান দৃষ্টি ৰাখি
[3] দন্ডায়মান হব । আল্লাহ কৈছে,
وقوموا لله قانتين
‘আৰু তোমালোকে আল্লাহৰ বাবে নিবিষ্টচিত্তে থিয় হৈ যোৱা ‘(বাক্কৰাহ ২/২৩৮)। হাত বন্ধাৰ সময়ত দুই কানৰ লতিৰ সমান দুই হাতৰ বৃদ্ধাঙ্গুলী উঠোৱাৰ হাদীচ যঈফ। [4] ছালাতত থিয় হোৱাৰ সময়ত তাকবীৰ তাহৰীমাৰ পিছত বুকুত হাত বন্ধা সম্পৰ্কে প্ৰসিদ্ধ হাদীচবিলাক কেইটামান নিম্নৰূপ : ১. চাহল বিন ছা’দ(ৰাঃ) কৈছে,
كَانَ النَّاسُ يُؤْمَرُوْنَ أَنْ يَّضَعَ الرَّجُلُ يَدَهُ الْيُمْنَى عَلَى ذِرَاعِهِ الْيُسْرَىفِى الصَّلَوةِ، قَالَ أبو حَازِمٍ : لاَ أَعْلَمُ إِلاَّ يَنْمِىْ ذَالِكَ إِلَى النَّبِىِّ صَلَّى اللهُ عَلَيْهِ وَ سَلَّمَ، رواه البخارىُّ-
‘লোকসকলক নিৰ্দেশ দিয়া হৈছিল যে সিহঁতে ছালাতৰ সময়ত সোঁ হাত বাওঁ হাতৰ ওপৰত ৰাখে। আবু হাযেম কৈছে যে, ছাহাবী চাহল বিন ছা’দ এই আদেশটোক ৰাছুলুল্লাহ(ছাঃ)-ৰ ফালে সম্পৰ্কিত কৰিছিল বুলি মই জানো’। [5] ‘যেৰা'( زراع ) অৰ্থ কিলাকুঠিৰ পৰা মধ্যমা আঙ্গুলীৰ আগভাগ লৈকে দীৰ্ঘ হাত ‘(আল মু’জামুল ওৱাছীত্ব)। এইকথা স্পষ্ট যে, বাঁও হাতৰ ওপৰত সোঁ হাত ৰাখিলে সেয়া বুকুৰ ওপৰত গুচি আহে। নিম্নোক্ত ৰেওয়ায়াত সমূহত পৰিস্কাৰভাৱে যাৰ ব্যাখ্যা আহিছে । যেনে-২. ছাহাবী হুলব আত-ত্বাঈ(ৰাঃ) কৈছে ,
َأَيْتُ رَسُوْلَ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ يَضَعُ الْيُمْنَى عَلَى الْيُسْرَى عَلَى صَدْرِهِ فَوْقَ الْمَفْصِلِ، رواه أحمدُ-
‘মই ৰাছুলুল্লাহ (ছাঃ) – ক বাঁও জোড়ৰ(কব্জিৰ) ওপৰত সোঁ হাতৰ জোড়(কব্জি) বুকুৰ ওপৰত ৰাখোতে দেখিছো’। [6]৩.ওয়ায়েল বিন হুজ্ৰ(ৰাঃ) কৈছে’
صَلَّيْتُ مَعَ رَسُوْلِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ، فَوَضَعَ يَدَهُ الْيُمْنَى عَلَى يَدِهِ الْيُسْرَى عَلَى صَدْرِهِ، رواه ابْنُ خُزَيْمَةَ وَصَحَّحَهُ
মই ৰাছুলুল্লাহ (ছাঃ)- ৰ লগত ছালাত আদায় কৰিলো। এনেঅৱস্থাত দেখিলো যে, তেওঁ বাঁও হাতৰ ওপৰত সোঁ হাত নিজৰ বুকুৰ ওপৰত ৰাখিলে। [7] উপৰোক্ত ছহীহ হাদীচ সমূহত বুকুৰ ওপৰত হাত বন্ধা সম্পৰ্কে স্পষ্ট বক্তব্য আহিছে। ইমাম শাওকানী কৈছে ,
َلاَ شَيْءَ فِي الْبَابِ أَصَحُّ مِنْ حَدِيْثِ وَائِلِ بْنِ حُجْرٍ الْمَذْكُوْرِ فِيْ صَحِيْحِ ابْنِ خُزَيْمَةَ-
‘হাত বন্ধা বিষয়ে ছহীহ ইবনু খুযায়মাতে ওয়ায়েল বিন হুজৰ (ৰাঃ) বৰ্ণিত হাদীচতকৈ বিশুদ্ধতম কোনো হাদীচ আৰু নাই।
[৪] উল্লেখ্য যে, বাঁও হাতৰ ওপৰত সোঁ হাত ৰখা সম্পৰ্কত ১৮ জন ছাহাবী আৰু ২ জন তাবেঈ পৰা মুঠ ২০ টা হাদীচ বৰ্ণিত হৈছে। ইবনু আব্দিল বাৰ্ৰ কৈছে, ৰাছুলুল্লাহ(ছাঃ) ৰ পৰা ইয়াৰ বিপৰীতে একো বৰ্ণিত হোৱা নাই আৰু এইটোৱেই জমহুৰ ছাহাবা ও তাবেঈনীৰ অনুসৃত পদ্ধতি ।[9]
ইয়াত ‘নাভিৰ তলত হাত বন্ধা’ সম্পৰ্কে আহমদ,আবুদাঊদ, মুছান্নাফ ইবনু আবী শ্বয়বাহ প্ৰভৃতি হাদীচ গ্ৰন্থত চাৰিজন ছাহাবী ও দু’জন তাবেঈৰ পৰা যি চাৰিটা হাদীচ ও দু’টি ‘আছাৰ’ বৰ্ণিত হৈছে, সেইবোৰ সম্পৰ্কে মুহাদ্দিছীন সকলৰ বক্তব্য হ’ল , -لاَ يَصْلُحُ وَاحِدٌ مِنْهَا لِلْاِسْتِدْل
‘(যঈফ হোৱাৰ কাৰণে) এইবিলাকৰ এটাও দলীল হিচাবে গ্ৰহণযোগ্য নহয়’।[10]প্ৰকাশ থাকে যে, ছালাতত থিয় হৈ মহিলাৰ বাবে বুকুত হাত আৰু পুৰুষৰ বাবে নাভিৰ তলত হাত বন্ধাৰ যি নীতি চালু আছে, হাদীচত বা আছাৰত ইয়াৰ কোনো প্ৰমাণ নাই ।[11] বৰং এইটোৱেই স্বতঃসিদ্ধ যে,ছালাতৰ ভিতৰৰ ফৰজ আৰু চুন্নাত সমূহ মুছলিম নাৰী ও পুৰুষ সকলোৱে একেই নিয়মত আদায় কৰিব।[12]বুকুত হাত বন্ধাৰ তাৎপর্য : ত্বীবীয়ে কৈছে, ‘হৃৎপিন্ডৰ ওপৰত বুকুত হাত বন্ধাৰ মাজত হুঁচিয়াৰী আছে এই বিষয়ে যে, বান্দা তাৰ মহা পৰাক্রান্ত মালিকৰ সম্মুখত থিয় হৈছে হাতৰ ওপৰত হাত ৰাখি মূৰ তলমুৱা কৰি পূর্ণ আদব আৰু আনুগত্য সহকাৰে, যি কোনোভাবেই ক্ষুণ্ণ কৰা নাযাব ’।[13][3] . হাকেম, বায়হাক্বী, আলবানী, ছিফাতু ছালা-তিন্নবী (বৈৰূত : ১৪০৩/১৯৮৩) পৃঃ ৬৯; ইৰওৱা হা/৩৫৪-ইয়াৰ শেষত দ্রষ্টব্য। [4] . আবুদাঊদ হা/৭৩৭। [5] . বুখাৰী (দিল্লী ছপা) ১/১০২ পৃঃ, হা/৭৪০, ‘আযান’ অধ্যায়-১০, অনুচ্ছেদ-৮৭; ঐ, মিচকাত হা/৭৯৮, ‘ছালাতৰ বিবৰণ’ অনুচ্ছেদ-১০। উল্লেখ্য যে, ইছলামিক ফাউন্ডেচন (১৯৯১), আধুনিক প্রকাশনী (১৯৮৮) প্রভৃতি বাংলাদেশৰ একাধিক চৰকাৰী ও বেচৰকাৰী প্রকাশনা সংস্থা কর্তৃক অনুদিত ও প্রকাশিত বঙ্গানুবাদ বুখাৰী শৰীফৰ উপৰোক্ত হাদীছটোৰ অনুবাদত ‘সোঁ হাত বাঁও হাতৰ কব্জিৰ ওপৰত’ -লিখা হৈছে। ইয়াত অনুবাদৰ মাজত ‘কব্জি’ কথাটো যোগ কৰাৰ আঁৰত কি কাৰণ আছে বিদগ্ধ অনুবাদক আৰু প্রকাশকসকলেই সেইটো কব পাৰিব। কিন্তু হাদীছৰ অনুবাদত এইভাবে কমবেছি কৰা ভয়ংকৰ গর্হিত কাম বুলিয়েই সকলোৱে জানে।[6] . আহমাদ হা/২২৬১০, চনদ হাচান, আলবানী, আহকামুল জানায়েয, মাচআলা নং-৭৬, ১১৮ পৃঃ; তিৰমিজী (তুহফা সহ, কায়ৰো : ১৪০৭/১৯৮৭) হা/২৫২, ‘ছালাত’ অধ্যায়-২, অনুচ্ছেদ-১৮৭, ২/৮১, ৯০; ফিক্বহুচ চুন্নাহ ১/১০৯। [7] .ছহীহ ইবনু খুযায়মা হা/৪৭৯; আবুদাঊদ হা/৭৫৫, ইবনু মাছ‘ঊদ ৰ পৰা ; ঐ, হা/৭৫৯, ত্বাঊছ বিন কায়ছান ৰ পৰা ; ‘ছালাত’অধ্যায়-২, ‘ছালাতত বাঁও হাতৰ ওপৰত সোঁ হাত ৰখা’ অনুচ্ছেদ-১২০। [8] . নায়লুল আওত্বাৰ ৩/২৫। [9] . নায়লুলআওত্বাৰ ৩/২২; ফিক্বহুচ চুন্নাহ (কায়ৰো : ১৪১২/১৯৯২) ১/১০৯। [10] . মিৰ‘আতুল মাফাতীহ (দিল্লী: ৪র্থ সংস্কৰণ,১৪১৫/১৯৯৫) ৩/৬৩; তুহফাতুল আহওৱাযী ২/৮৯ । [11] . মিৰ‘আত (লাহোৰ ১ম সংস্কৰণ, ১৩৮০/১৯৬১) ১/৫৫৮; ঐ, ৩/৬৩; তুহফা ২/৮৩ । [12] . মিৰ‘আত ৩/৫৯ পৃঃ; ফিক্বহুচ চুন্নাহ ১/১০৯; নায়লুল আওত্বাৰ ৩/১৯ । [13] . মিৰ‘আত ৩/৫৯ পৃঃ, হা/৮০৪-ৰ আলোচনা দ্রষ্টব্য। ।