তওবা কবুলৰ চৰ্ত সমূহ

●●●● তওবা কবুলৰ চৰ্ত ●●●●

• সাধাৰণভাবে তওবা কবুলৰ বাবে পাঁচটা চৰ্ত আছে।

(১) তওবা একমাত্র আল্লাহৰ উদ্দেশ্যে নিবেদিত হ’ব লাগিব। আল্লাহৰ সন্তুষ্টিৰ অবিহনে অন্য কোনো নিয়তত কৰিলে তওবা নহ’ব। মানুহক দেখোওৱাৰ বাবে বা শুনোৱাৰ বাবে বা অন্য কোনো স্বার্থ সিদ্ধৰ স্বার্থে তওবা কৰিলে সেয়া গ্রহণযোগ্য নহ’ব। আল্লাহ ৰাব্বুল আলামিনে কৈছেঃ
فَاعْبُدِ اللَّهَ مُخْلِصًا لَهُ الدِّينَ (الزمر : ২)
বাস্তৱতে আল্লাহৰ এবাদত কৰা, তেওঁৰ আনুগত্যত বিশুদ্ধচিত্ত হৈ।[১৬]
তওবা কৰা যিহেতু এটা এবাদত সেয়েহেই সেয়া একমাত্র আল্লাহ তাআলাৰ উদ্দেশ্যেই কৰিব লাগিব।

(২) যি পাপ বা গুনাহ কৰা হৈছে তাৰ পৰা অনুতপ্ত হ’ব লাগিব, আফচোচ কৰিব লাগিব। কিয়নো হাদিছত আহিছেঃ
الندم توبة (صحيح الجامع رقم ৬৮২০)
‘অনুতপ্ত হোৱাৰ নামেই তওবা।'[১৭]
সেয়েহে যি গুনাহ(পাপ) হৈ গৈছে তাৰ বাবে আন্তৰিকভাবে দুঃখিত হ’ব লাগিব।

(৩) গুনাহ বা পাপক পূর্ণভাবে পৰিত্যাগ কৰা। যদি পাপৰ পৰা তওবা কৰি আকৌ পাপ কামত লিপ্ত থকা হয় তেন্তে সেয়া আল্লাহ তাআলাৰ সৈতে ঠাট্টা-বিদ্রূপ কৰাৰ চামিল(নিচিনা)।

যদি পাপ কামটো আল্লাহ ৰাব্বুল আলামিনৰ অধিকাৰ (হুকুকুল্লাহ) খর্ব কৰা সংশ্লিষ্ট হয় তেন্তে সেইটো এৰি দিব লাগিব। আৰু যদি পাপ কামটো মানুহৰ অধিকাৰ (হকুকুল এবাদ) ক্ষুণ্নকাৰী হয় তেন্তে সেয়া তেওঁক ঘূৰাই দিব লাগিব। যদি কোনো মানুহৰ সম্পদ আত্মসাৎ কৰা হয় তেন্তে সেয়া তেওঁৰ মালিকক ঘূৰাই দিব লাগিব। যদি কাৰোবাৰ সম্মানৰ হানি কৰা হয় যেনেকৈঃ গিবত(গোপন সমালোচনা) বা দোষ-চর্চা কৰা হ’ল বা গালি দিয়া হ’ল অথবা মিছা অপবাদ দিয়া হ’ল তেতিয়াহ’লে তেওঁৰ ওচৰত ক্ষমা বিচাৰি বা অন্য কোনোভাবে মিটমাট(বুজা-বুজি) কৰি দাবী এৰুৱাই ল’ব লাগিব। মনত ৰাখিব লাগিব যে মানুহৰ অধিকাৰ ক্ষুণ্ন কৰা এনেকুৱা পাপ যিটো আল্লাহ তাআলাৰ ওচৰত ক্ষমা বিচাৰিলেও তেখেতে ক্ষমা নকৰিব।

(৪) ‘ভবিষ্যতে কেতিয়াও এই পাপত লিপ্ত নহ’ম’ এনে দৃঢ় সংকল্প থাকিব লাগিব। যদি আকৌ উক্ত পাপত লিপ্ত হৈ পৰে তেন্তে আকৌ তওবা কৰিব লাগিব।

(৫) তওবা কৰিব লাগিব তওবাৰ সময়ৰ মাজত। যদি তওবাৰ সময় পাৰ হৈ যোৱাৰ পাছত তওবা কৰা হয় তেন্তে সেয়া আল্লাহৰ ওচৰত গ্রহণযোগ্য নহ’ব।

Leave a comment