ডা. জাকিৰ নাইকে কিয় পাঞ্জাৱী নিপিন্ধে-

ডা. জাকিৰ নাইকে কিয় পাঞ্জাৱী নিপিন্ধে-

ডা. জাকিৰ নাইকে কিয় পাঞ্জাৱী বা ছুন্নাতি পোচাক নিপিন্ধে- এগৰাকী মহিলাই এই প্রশ্ন কৰাত বিষটোৰ ওপৰত ‘ডা. জাকিৰ নাইকৰ উন্মুক্ত প্রশ্নোত্তৰসমূহ’ নামৰ ফেচবুক পেজৰ পৰা সেই প্রশ্নকাৰী মহিলাগৰাকীৰ প্রশ্নৰ প্রেক্ষিতত জবাব দিয়া হৈছে। সেই পেজত দিয়া সেই উত্তৰটি হুবুহু দিয়া হ’ল-

উত্তৰ: Sister! আপুনি ঠিকেই কৈছে, ডা. জাকিৰ নাইক নিঃসন্দেহে এজন দীনৰ দা’ঈ, এজন দা’ঈ ইলাল্লাহ। ডা. জাকিৰ নাইকে ছুন্নাতি পোচাক নিপিন্ধে, এনেকুৱা কথা আমি নাজানোঁ। আমি জনা মতে তেওঁ ছুন্নাতি পোচাক পিন্ধে। আমি জনা মতে কুৰআন ছুন্নাহ অনুযায়ী ছুন্নাতি পোচাক হ’ল-

১। সুন্দৰ ও পবিত্র-পৰিচ্ছন্ন পোচাক।

২। ছতৰ আবৃত ৰাখে এনে পোচাক।

৩। ভৰিৰ সৰু গাঁঠিৰ ওপৰত পৰিহিত পোচাক।

৪। দাড়ি।

৫। টুপী।

৬। নিষিদ্ধ নহয় এনে পোচাক। যেনে- ৰেচমী পোচাক, সোণ খচিত পোচাক, নাৰীৰ পোচাক¸ কোনো ধৰ্মৰ নিৰ্দিষ্ট পোচাকৰ লগত সাদৃশ্য থকা পোচাক।

আমি জনা মতে তেওঁ ছুন্নাতি পোচাকৰ সকলোবোৰ চর্ত পূৰণ কৰিয়েই পোচাক পৰিধান কৰে।

ছুন্নাতি পোচাকৰ চর্তসমূহ:

চর্ত নং-১, পোচাকৰ প্রথম চর্ত, পোচাক পুৰুষৰ নাভিৰ পৰা আঁঠু পর্যন্ত ঢাকি ৰখা হব লাগিব। ( চুনানে তিৰমিজি, ৫/১১০)।

চর্ত নং-২, পোচাক পাতল ও টাইট ফিটিং হব নোৱাৰিব। ( হাইচামী, মাযমাউয যাওৱাইদ, ৫/১৩৬, এই পৃষ্ঠাত দুটি হাদীছ বর্ণিত হৈছে, মুছান্নাফে ইবনে অাবি শাইবা, ৫/১৫৭, ইবনু ছাদ, অাত তাবাবাত, ৫/১৯১, ৩২৮) ।

চর্ত নং-৩, পুৰুষে মহিলাৰ পোচাক আৰু মহিলাই পুৰুষৰ পোচাক পিন্ধিব নোৱাৰিব। ( অাবু দাউদ, ৪/৬০, হাকিম, অাল মুস্তাদৰাক, ৪/২১৫, হাইছামী, মাওৱাৰিদুয যামঅান, ৪/৪৫০, বুখাৰী, ৫/
২২০৭,তাবাৰানী, অাল মু ‘জামুল অাউছাত,৪/২১২, মুছনাদে অাহমাদ, ২/৯৫৬)।

চর্ত নং ৪, পোচাক অহংকাৰী হব নোৱাৰিব। ( অাবু দাউদ, ৪/৪৩, ইবনে মাজাহ, ২/১১৯২, ১১৯৩)।

চৰ্ত নং ৫¸ পুৰুষে ৰেচমী পোচাক পিন্ধিব নোৱাৰিব। ( নাছাঈ, ৮/১৬১, বুখাৰী, ৫/২২০২, ছহীহ মুছলিম, ৩/১৬৩৫, বুখাৰী, ১/৩০২, ৫/২১৯৪)।

চর্ত নং ৬, পোচাক ভৰিৰ সৰু গাঁঠিৰ তললৈ যাব নোৱাৰিব। ( বুখাৰী, ৫/২১৮২, অাবু দাউদ, ৪/৫৯, বুখাৰী, ৩/১৩৪০, ইবনে হিব্বান, ১২/২৬২, অাবু দাউদ, ১/১৭২) ।

চৰ্ত নং ৭¸ বিধৰ্মীৰ নিৰ্দিষ্ট পোচাকৰ লগত সাদৃশ্য থকা কোনো পোচাক হব নোৱাৰিব। যেনে- গেৰুৱা পোচাক।

বহুতে আকৌ ডা. জাকিৰ নাইকে টাই পিন্ধাটোক খ্রীষ্টানৰ ক্রুছৰ প্রতীক বা পোচাক বুলি কৈ থাকে। এই বিষয়ে সঠিক উত্তৰ হ’ল-
.
উত্তৰ: টাই খ্রীষ্টানসকলৰ ক্রুছৰ প্রতীক হব কিয়? টাই এবিধ পোচাক। ইয়াৰ সৈতে খ্রিষ্টানসকলৰ ক্রুছৰ কোনো সম্পর্ক নাই। পোচাক হিচাবে প্যান্ট, চার্ট, টাই -এইবোৰৰ সৈতে ইছলামৰ কোনো বিৰোধ নাই। এই লৈ জ্ঞানী মুছলিমসকলৰ মাজত কোনো মতভেদো নাই। আৰু কোনোবাই মতভেদ কৰিলেও এইবোৰ ছুন্নাতি পোচাক হোৱাৰ ক্ষেত্রত কোনো ব্যত্যয় নঘটে। মতভেদ আন বহুতো বিষয় লৈও হয়।

Leave a comment