ডাঃ জাকিৰ নায়ক আচলতে কি?? তেওঁৰ বিষয়ে বহুতেই নাজানে। কোন এইজন জাকিৰ নায়ক?কিয় তেওঁৰ ইমান জনপ্রিয়তা?

ডাঃ জাকিৰ নায়ক আচলতে কি??  তেওঁৰ  বিষয়ে বহুতেই নাজানে। কোন এইজন জাকিৰ নায়ক?কিয় তেওঁৰ ইমান  জনপ্রিয়তা?
============================
ডা. জাকিৰ আব্দুল কৰীম নায়ক ইছলাম আৰু  তুলনামূলক ধর্মতত্ত্বৰ ওপৰত বর্তমান বিশ্বৰ শ্রেষ্ঠতম গৱেষক আৰু বাগ্মীসকলৰ  অন্যতম। অনন্যসাধাৰণ প্ৰতিভাবান ‘দাঈ ইলাল্লাহ’ হিচাবে তেওঁ গোটেই বিশ্বত ব্যাপক খ্যাতি অর্জন কৰিছে। যোৱা শতকৰ মধ্যভাগত ভাৰতীয় বংশোদ্ভূত দক্ষিণ আফ্রিকান নাগৰিক শ্বেখ আহমাদ দীদাত (১৯১৮-২০০৫) বিভিন্ন ধর্ম আৰু  বস্তুগত বিজ্ঞানৰ সৈতে তুলনামূলক আলোচনাৰ মাধ্যমত আন্তর্জাতিক পৰিমন্ডলত ইছলাম প্রচাৰৰ এক নতুন ধাৰাৰ প্রয়াস আৰম্ভ  কৰে । ডা. জাকিৰ নায়ক এই ধাৰাৰ সফল পৰিণতি কেৱল দান কৰা নাই ; বৰং মুছলিম সমাজত প্রচলিত নানাবিধ কুসংস্কাৰ আৰু  নবাবিষ্কৃত আচাৰ-আচৰণ তথা শ্বিৰ্ক-বিদ’আত / বিদাত  ৰ  বিৰুদ্ধেও এটি ধাৰাৰ সূচনা কৰিছে । অতি কম  সময়ত তেওঁ ‘পিচ টিভি’ৰ অনুষ্ঠানৰ  মাধ্যমত ব্যাপক পৰিচিতি হয়।
ডা. জাকিৰ নায়ক ১৯৬৫ চনৰ ১৪ অক্টোবৰ ভাৰতৰ মুম্বাই চহৰত চালাফি গোত্রত জন্ম গ্রহণ কৰে। তেওঁৰ  পূর্ণ নাম ডা. জাকিৰ আব্দুল কৰিম নায়ক । বাল্য জীৱনত তেওঁ মুম্বাইৰ চেন্ট পিটাৰ্ছ উচ্চ বিদ্যালয়ত আৰু তাৰ পিছত  কিশেনচাঁদ ছিল্লোৰাম কলেজত লিখা-পঢ়া কৰে। তেওঁ টোপিওয়ালা জাতীয় মেডিকেল কলেজ আৰু  নায়াৰ হস্পিতালৰ পৰা মেডিচিন বিষয়ে শিক্ষা লাভ কৰে। পিছত  মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা  মেডিচিন  আৰু  চার্জাৰি বিষয়ে এমবিবিএছ ডিগ্রী অর্জন কৰে। তেওঁৰ স্ত্রীৰ নাম ফাৰহাত নায়ক, যিজনে  ইছলামিক ৰিচাৰ্চ ফাউন্ডেচনৰ মহিলা বিভাগত দায়িত্ব পালন কৰে।
১৯৮৭ চনত  তেওঁ বিশিষ্ট ধর্ম গৱেষক আহমেদ দিদাতৰ লগত  সাক্ষাৎ কৰে আৰু  ধর্ম বিষয়ে তেওঁৰ  গৱেষণা দেখি অনুপ্রাণিত হয় । ১৯৯১ চনত  তেওঁ দাওয়াৰ কাম আৰম্ভ  কৰে আৰু  IRF (Islamic Research Foundation) নামে এটা প্রতিষ্ঠান প্রতিষ্ঠা কৰে। এই প্ৰতিষ্ঠানটো এটা অলাভ জনক ধর্ম গৱেষণা প্রতিষ্ঠান। যত বিশ্বৰ প্রতিষ্ঠিত সকলো ধর্ম আৰু  ধর্মীয় গ্রন্থ সমূহলৈ গৱেষণা কৰা হয়। প্ৰতিষ্ঠানটোৰ উদ্দেশ্য হৈছে , গৱেষণাৰ মাধ্যমত ভুল-ত্রুটি সংশোধন কৰি মানুহক সত্য আৰু  সঠিক পথৰ সন্ধান দিয়া আৰু ইছলামৰ বিৰুদ্ধে অপপ্রচাৰকাৰী সকলক মুখা উন্মোচন কৰি ইছলামৰ সঠিক বানী সকলোৰে  মাজত পৌঁচাই দিয়া । জাকিৰ নায়ক তেওঁৰ  লক্ষ্য  সম্পর্কে কৈছে , মোৰ লক্ষ্য হৈছে শিক্ষিত মুছলিম যুৱক সকলক তেওঁলোকৰ  নিজস্ব ধর্ম সম্পর্কে সচেতন কৰা আৰু ধর্ম সম্পর্কে তেওঁলোকৰ  পৌৰাণিক ও ভুল ধাৰনাৰ পৰা বাহিৰ কৰি অনা। তেওঁ ভাৱে যে, ২০০১ চনত  ১১ ছেপ্টেম্বৰ আমেৰিকাত হামলাৰ পিছত পাশ্চাত্য মিডিয়া বিশ্বব্যাপী মুছলিমসকলৰ বিৰুদ্ধে যি মিছা অপবাদ বিয়পাইছে সেয়া অপসাৰণ কৰা মুছলমান সকলৰ দায়িত্ব। এই ক্ষেত্রত তেওঁৰ  লিখা বিশেষ কিছুমান নিৱন্ধ ইছলামিক ভয়েচ নামৰ বহুত ম্যাগাজিনত প্রকাশিত হৈছে।
নৃতত্ত্ববিদ থমাছ ব্লোম হেনছেন লিখিছে, নায়ক তেওঁৰ নিজৰ পাণ্ডিত্য দি বিভিন্ন ভাষাত কুৰআন ও হাদিচ শিক্ষা লাভ কৰিছে। তেওঁৰ  এই ধর্ম প্রচাৰৰ শৈলী তেওঁক  মুছলিম ও অমুছলিম সকলৰ মাজত  অত্যন্ত জনপ্রিয় কৰি তুলিছে। তেওঁ সঠিক ধর্মৰ ঠিকনা মানুহ সকলৰ  ওচৰত  পৌঁচাই দিবলৈ অন্যান্য ধর্মবিত্তা সকলৰ  সৈতে প্রকাশ্য বিতর্কত অৱতীর্ণ হয় । ধর্ম লৈ তেওঁৰ  এই বিতর্ক অনুষ্ঠান ৰেকর্ড কৰা হয় আৰু  সেয়া চিডি, ডিভিডি ও ইন্টাৰনেটৰ মাধ্যমত বিশ্বব্যাপী মানুহৰ মাজত বিয়পাই  দিয়া হয়। তেওঁৰ  কথা প্রকৃত ভাবে ৰেকর্ড কৰা হয় ইংৰাজীত পিছত ইয়াক আৰবি, উর্দু, বাংলা, হিন্দি সহ বিভিন্ন ভাষাত অনূদিত কৰে তেওঁৰ প্রতিষ্ঠিত পিচ টিভিৰ মাধ্যমত বিশ্বব্যাপী প্রচাৰ কৰা হয়। তেওঁ যি সমস্ত বিষয়ে আলোচনা কৰে সেয়া হৈছে, ইছলাম ও আধুনিক বিজ্ঞান, ইছলাম ও খ্রিষ্টান, ইছলাম ও অন্যান্য ধর্ম আৰু  ইছলাম ও ধর্মনিৰপেক্ষতা। ডা. জাকিৰ নায়ক ভাৰতৰ মুম্বাইত আন্তর্জাতিক ইছলামিক স্কুল নামে এটা প্রতিষ্ঠান গঢ়ি তুলিছে। যত ছাত্র-ছাত্রীসকলৰ প্রকৃত ইছলামী আদর্শ গঢ়ি তোলা হয়। তাত ছাত্র-ছাত্রী সকলৰ  ইছলাম ও অন্যান্য ধর্ম সম্পর্কে শিক্ষা দিয়া হয়।
২০০০ চনত  আমেৰিকাৰ চিকাগো চহৰত  প্রখ্যাত খৃষ্টান পন্ডিত ড. উইলিয়াম ক্যাম্পবেলৰ সৈতে ‘বিজ্ঞানৰ আলোকত পৱিত্র কুৰআন ও বাইবেল’ বিষয়ে বিতর্ক অনুষ্ঠান খৃষ্টান বিশ্বত আলোড়ন সৃষ্টি কৰে । ২০০৬ চনত  ব্যাঙ্গালোৰত লক্ষাধিক শ্রোতাৰ উপস্থিতিত অনুষ্ঠিত শ্রী শ্রী ৰবিশংকৰৰ সৈতে তেওঁৰ  আন্তঃধর্ম সংলাপ ব্যাপকভাৱে প্রশংসিত হয় । ২০০৭ চনৰ পৰা প্রতিবছৰ নভেম্বৰ মাহত  মুম্বাইৰ সুবিশাল সুমাইয়া গ্রাউন্ডত ১০ দিনব্যাপী আন্তর্জাতিক পিচ কনফাৰেন্সেৰ আয়োজন কৰি থাকে। ইন্ডিয়াসহ বিশ্বৰ বিভিন্ন দেশৰ পৰা খ্যাতনামা ইছলামী পন্ডিতসকল ইয়াত আলোচক হিচাবে উপস্থিত থাকে। সর্বাধুনিক প্রযুক্তি ও সুসজ্জিত ডেকোৰেশনে আড়ম্বৰপূর্ণ এই আয়োজনত প্রতিবছৰ কেইবা লক্ষ শ্রোতাৰ আগমন ঘটে। পিচ টিভিৰ মাধ্যমত যি ওচৰা-ওচৰিকৈ সম্প্রচাৰ কৰা হয় ।
তেওঁৰ  বক্তব্যসমূহ চিডি-ভিচিডি আৰু কিতাপ আকাৰেও প্রকাশিত হৈছে আৰু  বিভিন্ন ভাষাত অনূদিত হৈ সেয়া  বিশ্বৰ বিভিন্ন ঠাইত  প্রচাৰিত হৈছে ।
তেওঁৰ  প্রতিষ্ঠিত মুম্বাইৰ Islamic Research Foundation (IRF) নামৰ বহুমুখী ইছলামিক চেন্টাৰটো ১৯৯১ চনত  প্রতিষ্ঠা লাভৰ পিছৰ পৰা গোটেই বিশ্বত অমুছলিম সমাজত ইছলামৰ বার্তা পৌঁছোৱা, ইছলাম সম্পর্কে ভুল ধাৰণাসমূহ নিৰসন আৰু  মুছলমান সকলৰ  মাজত আত্মসচেতনতা সৃষ্টিৰ লক্ষ্যৰে কাম কৰি গৈ আছে । ২০০৬ চনৰ  ২১ জানুৱাৰী  এই প্রতিষ্ঠানটোৱে সর্বাধুনিক প্রযুক্তি সমৃদ্ধ Peace TV নামক এটি ইছলামী টিভি চ্যানেল আৰম্ভ  কৰে । মুছলিম বিশ্বত এইটোৱেই আছিল সর্বপ্রথম আৰু  একমাত্র ইছলামিক টিভি। ২০০৭ চনৰ  ছেপ্টেম্বৰ মাহৰ পৰা  দক্ষিণ আমেৰিকা ব্যতীত আমেৰিকা ও কানাডাসহ পৃথিৱীৰ অধিকাংশ দেশত চ্যানেলটোৰ সম্প্রচাৰ আৰম্ভ  হয়। বর্তমান চ্যানেলটো ১৫০ ৰো বেছি দেশত সম্প্রচাৰিত হৈছে । ইয়াৰ  দর্শক ৫০ মিলিয়নৰো অধিক।

Leave a comment