ডাঃ জাকিৰ নায়কৰ বিৰুদ্ধে উত্থাপিত অপবাদৰ জবাব

ডাঃ জাকিৰ নায়কৰ বিৰুদ্ধে উত্থাপিত অপবাদৰ জবাব

        মহান আল্লাহতা’আলাৰ নামেৰে আৰম্ভ কৰিলোঁ, যিজন পৰম কৰুণাময়, পৰম দয়ালু ।

      বৰ্তমান আমাৰ কোনো কোনো মুছলিম ভাই-ভনীয়ে আন্তৰ্জাতিক খ্যাতিসম্পন্ন পণ্ডিত ডাঃ জাকিৰ আব্দুল কৰীম নায়কৰ বিৰুদ্ধে এনেকৈ লাগি পৰিছে ,যিসকল কাফিৰ-মুশ্বৰিক-নাস্তিকৰ বিৰুদ্ধে কিন্তু একেবাৰে সোচ্চাৰ নহয় । আমাৰ  সমাজত শ্বিৰ্ক ,কুফৰ,বিদ‘আতৰ পৰিমাণ ইমানেই বেছি, যি কোৱাটো নিষ্প্ৰয়োজন । কিন্তু আমি সিবিলাকৰ বিৰোধিতা নকৰি বিৰোধিতা কৰিছোঁ তেখেতৰ, যি দ্বীন ইছলামৰ এগৰাকী মহান দায়ী । যিজন জাকিৰ নায়কে অমুছলিমৰ ওচৰত ইছলামক অতি সুন্দৰভাৱে উপস্থাপন কৰি আহিছে, তেখেতৰ বিৰুদ্ধাচৰণ কৰি আমি কিহৰ পৰিচয় দিছোঁ বাৰু ?
    আমি এই নাতিদীর্ঘ লেখাত তেখেতৰ বিৰুদ্ধে উত্থাপিত কিছুমান অভিযোগ বা অপবাদৰ জবাব দিবলৈ যথাসম্ভৱ প্ৰয়াস কৰিছোঁ । মোৰ এই লেখাত কিবা ভুল-ত্ৰুটি চকুত পৰিলে অৱগত কৰিব । ইনশ্বা আল্লাহ সংশোধন কৰি ল’ম ।
  ১ নং অপবাদ : জাকিৰ নায়কে হেনো কৈছে যে আমি মহান আল্লাহক ব্রহ্মা আৰু বিষ্ণু নামেৰে মাতিব পাৰোঁ ।
উত্তৰ : ব্রহ্মা আৰু বিষ্ণু এই নামবোৰ সংস্কৃতমূলীয় । এই দুটা নাম আৰবীলৈ অনুবাদ কৰিলে আল্লাহৰ ৯৯টি নামৰ ভিতৰত দুটি নামৰ উচৰা-উচৰি হয় । যেনে :— ব্রহ্মা নামটো আৰবীলৈ অনুবাদ কৰিলে বহু পৰিমাণে ‘খালিক’ নামৰ নিচিনা অর্থ প্রকাশ পায় । অসমীয়াত ইয়াৰ অর্থ হয়গৈ ‘স্রষ্টা’ । যিহেতু আমি আল্লাহক ‘খালিক’ অথবা ‘স্রষ্টা’ বুলি ক’ব পাৰোঁ, সেয়েহে ডাঃ জাকিৰ নায়কে তেনেকৈ কৈছে । কিন্তু যিসকলে  আল্লাহক ‘ব্রহ্মা’ বুলি কোৱা কথাটোৰ নিন্দা কৰিছে ,তেওঁলোকে ‘স্রষ্টা’ বুলি কোৱা কথাটোৰো বিৰোধিতা কৰা উচিত । কাৰণ হিন্দুবিলাকেও তেওঁলোকৰ  দেৱতাক ‘স্রষ্টা’ বুলি কয় । যিহেতু ‘ব্রহ্মা’ বুলি ক’ব নোৱাৰি, সেই হেতুকে ‘স্রষ্টা’ বুলিও ক’ব নোৱাৰি । কাৰণ দুয়োটাৰে অর্থ একে । কিন্তু ডাঃ জাকিৰ নায়কে এয়াও কৈছে যে যদি কোনোবাই কয় যে ‘ব্রহ্মা’ হ’ল সেয়া, যাৰ কে’বাখন হাত আছে,এনে ধৰণৰ যদি আকাৰ দিয়া হয়, তেন্তে আমি মুছলিমসকলে তাৰ বিৰুদ্ধে আপত্তি জনাম । এইখিনিতে আমি এটি কথা মনত ৰাখিব লাগিব যে ডাঃ জাকিৰ নায়কে এইবোৰ  কথা হিন্দুসকলৰ উদ্দেশ্যে কৈছে । তেখেতে মুছলিমসকলক এই কথা কোৱা নাই যে আপোনালোকে ‘খালিক’ নাম বাদ দি ব্রহ্মা নামেৰে আল্লাহক মাতক । তেখেতে কেৱল  ইছলাম আৰু হিন্দু ধর্মৰ মাজত থকা সাদৃশ্যৰ কথা ক’বলৈ গৈহে তেনেকৈ কৈছে । আমি আল্লাহক ‘খালিক’ নামেৰেহে মাতিম, ‘ব্রহ্মা’ নামেৰে নামাতো ।

২ নং অপবাদ : ডাঃ জাকিৰ নায়কে হেনো কৈছে যে ৰাম আৰু অর্জুন নবী ।
       উত্তৰ : ডাঃ জাকিৰ নায়কে কেতিয়াও এই কথা কোৱা নাই যে ৰাম আৰু অর্জুন নবী, বরং তেখেতে কৈছে যে তেওঁলোক নবী হ’বও পাৰে নহ’বও পাৰে । কাৰণ পৱিত্ৰ কুৰআনত মাত্র ২৫ জন নবীৰ নামহে উল্লেখ কৰা হৈছে । ৰছূলুল্লাহ (ছঃ ) ৰ হাদীছ অনুসৰি পৃথিৱীলৈ প্রায় এক লাখৰো অধিক নবীৰ আগমন হৈছিল । ৰাম আৰু অৰ্জুনৰ কোনো কোনো কাৰ্য নবীসকলৰ কামৰ লগত মিলে । সেয়েহে ডাঃ জাকিৰ নায়কে কৈছে যে ৰাম আৰু অর্জুন নবী হ’বও পাৰে , নহ’বও পাৰে । কিন্তু আমি (মুছলিমসকলে ) কেতিয়াও ৰাম আৰু অর্জুনৰ ওপৰত নবী হিচাবে ঈমান আনিব নোৱাৰোঁ । কাৰণ তেওঁলোক নবীস্বৰূপে প্রমাণিত নহয় ।
৩ নং অপবাদ : ডাঃ জাকিৰ নায়কে হেনো কৈছে যে পৱিত্ৰ কুৰআনত ব্যাকৰণগত ভুল আছে ।
        উত্তৰ : পৱিত্ৰ কুৰআনত ব্যাকৰণগত ভুল আছে ,এই কথা ডাঃ জাকিৰ নায়কে কেতিয়াও,কোনোদিনেই কোৱা নাই । বৰঞ্চ উত্তৰ আমেৰিকাত ডাঃ উইলিয়াম ক্যাম্পবেলৰ লগত বিতর্ক কৰাৰ  সময়ত ডাঃ জাকিৰ নায়কক এক অমুছলিমে প্রশ্ন কৰিছিল । তেওঁৰ  প্রশ্ন আছিল—
“ডাঃ জাকিৰ নায়ক, আপুনি কৈছে যে কুৰআনত কোনো ভুল নাই কিন্তু মই দেখিছোঁ যে ইয়াত বিশটাৰো অধিক আৰবী ব্যাকৰণগত ভুল আছে । মই ইয়াৰ মাজত কেইটিমান উল্লেখ কৰিব বিচাৰোঁ । যেনে :— ছূৰা বাকাৰা আৰু ছূৰা হাজ্জত কোৱা হৈছে – ‘আচাবিউন’ কিংবা ‘আচাবিৰীন’ এয়া এক নম্বৰ ভুল । দ্বিতীয় ভুল হৈছে,  আপুনি কৈছে, প্রায় একেই বিষয় যি ছূৰা ত্ব-হা’ৰ ৬৩ নং আয়াতত আছে এযাও ভুল । এয়া আপুনি ব্যাখ্যা কৰিব পাৰিব নে ? তাত আছে আৰু মাৰাত্মক ভুল ।”
      ইয়াৰ উত্তৰত ডাঃ জাকিৰ নায়কে কৈছিল : “আমাৰ ভায়ে এটি অত্যন্ত গুৰুত্বপূর্ণ প্রশ্ন কৰিছে। আমি অধিক যথার্থ হ’ব লাগিব । তেওঁ বিশটি ব্যাকৰণগত ভুলৰ কথা কৈছে আৰু তেওঁ সম্ভৱতঃ আব্দুল ফাদিৰ দ্বাৰা ৰচিত কিতাবৰপৰা সেয়া উল্লেখ কৰিছে । গ্ৰন্থখন সঠিক নে ? পৱিত্ৰ কুৰআন ভুল-ত্ৰুটিৰ  উর্ধত নহয় নে ? ” ইয়াত মই বিশটি প্ৰশ্নৰে উত্তৰ দিম, কাৰণ মই উল্লেখিত কিতাবখন পঢ়িছোঁ । প্রথম বিষয়টি হৈছে–সমস্ত আৰবী ব্যাকৰণ কুৰআনত বিদ্যমান । পৱিত্ৰ কুৰআন হৈছে উচ্চমানৰ আৰবী গ্ৰন্থ । এয়া এনে এখন গ্ৰন্থ, য’ত সর্বোচ্চ মানৰ সাহিত্য সন্নিবেশিত হৈছে । যিহেতু পৱিত্ৰ কুৰআন হৈছে আৰবী ব্যাকৰণৰ নিদর্শন আৰু সকলো আৰবী ব্যাকৰণেই পৱিত্ৰ কুৰআনৰপৰা সংকলিত , সেই হেতুকে ইয়াত (কুৰআনত) কোনো ভুল থাকিব নোৱাৰে । আৰবৰ অঞ্চল ভেদে শব্দৰ পৰিবৰ্তন আছে । যেনে :– কোনো অঞ্চলত যিটো শব্দ পুৰুষবাচক, সেয়া অন্য অঞ্চলত আকৌ স্ত্রীবাচক । আৰবৰ  অঞ্চলভেদে ভাষাৰ পৰিবৰ্তন বিদ্যমান । সেয়েহে আপুনি ভুলকৃত ব্যাকৰণেৰে পৱিত্ৰ কুৰআন যাচাই কৰিব নে ? কদাপি নহয় । ডাঃ জাকিৰ নায়কৰ এই কথাৰ মাধ্যমত প্রমাণিত হয় যে তেখেতে পৱিত্ৰ কুৰআনক নির্ভুল বুলি ধাৰণা পোষণ কৰে । পৱিত্ৰ কুৰআনত ব্যাকৰণগত ভুল আছে–এই কথা ডাঃ জাকিৰ নায়কে কৈছে বুলি আমি ক’তো পোৱা নাই আৰু নাপামো ইনশ্বা আল্লাহ । ডাঃ জাকিৰ নায়কে তেনে কথা ক’ব পাৰে বুলি ভবাটোৱেই অমূলক, সপোনৰ অগোচৰ ।
       ৪ নং অপবাদ : ডাঃ জাকিৰ নায়কে হেনো কৈছে যে ‘বেদ’ আল্লাহৰ কিতাব।
      উত্তৰ : ডাঃ জাকিৰ নায়কে এই কথা কোৱা নাই বৰং তেখেতে কৈছে যে ‘বেদ’ আল্লাহৰ কিতাব হ’বও পাৰে,নহ’বও পাৰে । যদি আল্লাহৰ কিতাব আছিলো , তেন্তে এইখন কিতাব এতিয়া আল্লাহৰ ওচৰত গ্রহণযোগ্য নহয় । পৱিত্ৰ কুৰআনত মহান আল্লাহতাআলাই   চাৰিখন কিতাবৰ নামহে উল্লেখ কৰিছে । যিহেতু ‘বেদ’ত কোৱা হৈছে এক আল্লাহৰ বিষয়ে ,কোৱা হৈছে মহানবী (ছঃ) ৰ বিষয়ে ,সেয়েহে এই কিতাবক ডাঃ জাকিৰ নায়কে আল্লাহৰ কিতাব হ’বও পাৰে অথবা নহ’বও পাৰে বুলি কৈছে । যদি এই কিতাব আল্লাহৰ ফালৰপৰা পঠোৱা নহয়েই, তেন্তে কেনেকৈ এই কিতাবত এক আল্লাহ আৰু ৰছূল মুহাম্মাদ (ছঃ ) ৰ বিষয়ে ভৱিষ্যতবাণী কৰা হ’ল ? সেয়েহে ডাঃ জাকিৰ নায়কে এই কথা কৈছে । কিন্তু আমি বেদক আল্লাহৰ কিতাব বুলি ঈমান আনিব নোৱাৰোঁ ।

 ৫ নং অপবাদঃ ডাঃ জাকিৰ নায়কে হেনো কৈছে যে দুনিয়ালৈ চাৰি গৰাকী মহিলা নবী আহিছে আৰু তেওঁলোক  হ’ল— বিবি মাৰয়াম,বিবি আচিয়া,বিবি ফাতিমা,বিবি খাদিজা (ৰাঃ) ।

উত্তৰ : ডাঃ জাকিৰ নায়কে তেনে কথা কাহানিও ক’তো কোৱা নাই । বৰঞ্চ তেখেতে মহিলাই নবী হোৱাৰ বিৰুদ্ধেহে নিজৰ যুক্তি উপস্থাপন কৰিছে । এই সন্দৰ্ভত তেখেতে কৈছে— “যদি মহিলা নবী হ’লহেঁতেন,তেন্তে স্বাভাৱিকভাৱে গর্ভবতী হ’লহেঁতেন । তেনে ক্ষেত্ৰত মহিলাৰ পক্ষে কেইটামান মাহ নবুৱতৰ নিৰ্ধাৰিত দায়িত্ব পালন কৰাটো সম্ভব নহ’লহেঁতেন । যদি আপুনি নবী বুলি ক’লে আল্লাহৰ প্রিয় ব্যক্তি হিচাবে ধৰি লয় ,তেন্তে তেনে কিছু মহিলাৰ উদাহৰণ হ’ল—বিবি মাৰয়াম,আচিয়া,খাদিজা,ফাতিমা(ৰাঃ) ।” কিন্তু এই ক্ষেত্ৰত জাকিৰ নায়কে তেওঁলোকক নবী বুলি কেতিয়াও কোৱা নাই বৰঞ্চ আল্লাহৰ প্রিয় ব্যক্তি বুলিহে কৈছে ।
৬ নং অপবাদঃ ডাঃ জাকিৰ নায়কে হেনো কৈছে যে মহিলাসকলে হায়িজ-নিফাচৰ সময়ত পৱিত্ৰ কুৰআন তিলাৱাত কৰিব পাৰিব ।

উত্তৰ : এই কথা সৰ্বজনবিদিত যে হায়িজ-নিফাচৰ সময়ত কুৰআন তিলাৱাত কৰাটো সম্পূর্ণভাৱে হাৰাম ( নিষিদ্ধ)। ডাঃ জাকিৰ নায়কে ইয়াক কেতিয়াও জায়িজ,সিদ্ধ বুলি কোৱা নাই ।

 ৭ নং অপবাদ : ডাঃ জাকিৰ নায়কে হেনো কৈছে যে ঈদৰ দিনাখন জুম্আৰ নামাজ পঢ়িব নালাগে ।

উত্তৰ : এই সন্দৰ্ভত তেখেতে সঠিক কথাই কৈছে ।
ইয়াৰ সপক্ষে থকা হাদীছ :
১. আইয়াশ্ব ইবনে আবু ৰামলা আশ্ব-শ্বামী (ৰহঃ ) ৰ দ্বাৰা বর্ণিত,তেওঁ কয়–এবাৰ মুৱাবিয়া(ৰাঃ ) এ জায়িদ ইবনে আৰকাম (ৰাঃ ) ক কিছু প্ৰশ্ন কৰাৰ সময়ত মই তেওঁৰ ওচৰত উপস্থিত আছিলোঁ । তেওঁ সুধিলে– আপুনি ৰছূলুল্লাহ (ছঃ ) ৰ সময়ত একেই দিনাখন ঈদ আৰু জুম্আ অনুষ্ঠিত হোৱা দেখিছেনে ? তেওঁ ক’লে– হয় । তেওঁ পুনৰ জিজ্ঞাসা কৰিলে, তেখেতে কি ধৰণে সেয়া আদায় কৰিছিল ? তেওঁ ক’লে– নবী(ছঃ) এ প্রথমে ঈদৰ নামাজ আদায় কৰিছিল আৰু তাৰ পিছত জুম্আৰ নামাজ আদায়ৰ বেলিকা অৱকাশ প্রদান কৰি কৈছিল যে ব্যক্তিয়ে সেয়া আদায় কৰিব বিচাৰে, তেওঁ সেয়া আদায় কৰিব পাৰে ।(আবু দাউদ, নাচাঈ,ইবনে মাজাহ)
ইয়াৰ বাহিৰেও মুজতাহিদ ইমাম আবু হানিফা,মালিক,শ্বাফী,আহমাদ,ইছহাক (ৰহঃ) ৰ মাজত এই বিষয়ে ইখতিলাফ আছে । ইমাম আহমাদৰ মতে অর্থাৎ হাম্বলী ফিকাহ মুতাবিক ঈদৰ দিনা জুম্আৰ নামাজ পঢ়িব নালাগে ।

 ৮ নং অপবাদ : জাকিৰ নায়কে হেনো কৈছে যে ঈদৰ নামাজ ১২ তাকবীৰসহ আদায় কৰিব পাৰি ।
 উত্তৰ : ৰছূলুল্লাহ (ছঃ) এ ঈদৰ নামাজ ১২ তাকবীৰসহ  আদায় কৰিছিল ।(আবু দাউদ,হাদীছ নং-১১৪৯,১১৫০,১১৫১;মুচনাদে আহমাদ)।
ইমাম মালিক,শ্বাফী ,আহমাদ ইবনে হাম্বল(ৰহঃ) ৰ মতে ঈদৰ নামাজ ১২ তাকবীৰসহ আদায় কৰিব লাগে । মছজিদুল হাৰাম, মছজিদে নববী, চৌদি আৰবসহ পৃথিৱীৰ বিভিন্ন দেশত বাৰ (১২) তাকবীৰেৰে ঈদৰ চালাত আদায় কৰা হয় ।
 ৯ নং অপবাদঃ ডাঃ জাকিৰ নায়কে হেনো কৈছে যে তাৰাৱীহ নামাজ ৮ ৰাক‘আত ।

উত্তৰ : ডাঃ জাকিৰ নায়কে কৈছে যে তাৰাৱীহ নামাজ ৮ ৰাক‘আতো আদায় কৰিব পাৰি আৰু ২০ ৰাক‘আতো আদায় কৰিব পাৰি । উমাৰ (ৰাঃ ) এ ৮ ৰাক‘আত তাৰাৱীহ পঢ়িছিল (মুৱাত্তা ইমাম মালিক) আৰু ২০ ৰাক‘আত তাৰাৱীহ পৰৱর্তীকালত চালু কৰিছিল ।(ইমাম ইবনে তাইমিয়া আৰু ইমাম ইবনে কাইয়ুম)।
ৰছূলুল্লাহ (ছঃ) এ কৈছে : ৰাতিৰ  নামাজ দুই দুই ৰাক‘আতকৈ । ইয়াৰ ওপৰত ভিত্তি কৰি মালিকী মাযহাবৰ ইমাম মালিক (ৰহঃ) এ কৈছে, এশ বছৰৰো বেছি সময় ধৰি মানুহবিলাকে ৩৬ ৰাকা‘আত তাৰাৱীহ চালাত পঢ়িছিল । হাম্বলী মাজহাব অনুযায়ী তাৰাৱীহ নামাজ ৮ ৰাক‘আত । শ্রদ্ধেয় আলীমে দ্বীন মুহাম্মাদ বিন চালিহ আল উচাইমীন (ৰহঃ) এ ৮ ৰাক‘আতৰ মাচআলাক প্রাধান্য দিছে । এই ধৰণৰ মত পার্থক্যৰ সমাধানকল্পে শ্বাইখুল ইছলাম ইমাম ইবনু তাইমিয়্যা (ৰহঃ ) এ কৈছে, অধিক সংখ্যক ৰাক‘আত পঢ়াটোৱে  উত্তম। যদি কোনোবাই  কম সংখ্যক ৰাক‘আত পঢ়িব বিচাৰে, তেন্তে তেওঁৰ বাবে উচিত পৱিত্ৰ কুৰআন তিলাৱাত, কিয়াম, ৰুকু-চিজদাহ দীর্ঘ কৰা । তেওঁ আৰু কৈছে যে ,তাৰাৱীহ চালাতক কেৱল ৰাক‘আত সংখ্যাৰ ভিতৰত  সীমাবদ্ধ নাৰাখি সময় ব্যয়ৰ পৰিমাণেৰে মূল্যায়ন কৰা উচিত । কিয়নো ৰছূলুল্লাহ ছল্লল্লাহু আলাইহি ৱা ছাল্লামে কেৱল মাত্ৰ ১১ ৰাক‘আত চালাত আদায় কৰোঁতে প্ৰায় ৫ ঘণ্টা সময় অতিবাহিত কৰিছিল । ইয়াৰ বাদেও মুচনাদে আহমাদৰ চালাত অধ্যায়ত ৰছূলুল্লাহ (ছঃ) এ ৮ ৰাক‘আত তাৰাৱীহ চালাত আদায় কৰিছিল বুলি হাদীছ আছ ।
       
        আজি এইখিনি অনুবাদ আৰু সম্পাদনা কৰি ফেচবুকত এটা পোষ্ট দিলোঁ । পিছলৈ বাকীখিনি কৰিম ইনশ্বা আল্লাহ ।
( ✍✍… Nurul Haque)

Leave a comment