ডাঃ জাকিৰ নাইক কিয় এজন আলিম হ’ব নোৱাৰে?

ডাঃ জাকিৰ নাইক কিয় এজন আলিম হ’ব নোৱাৰে?
______________________________

১০০ খুন কৰিও নিজামুদ্দিন ডকাইত যদি আউলিয়া হ’ব পাৰে¸
তেন্তে ইলিম অৰ্জন কৰিও ডাঃ জাকিৰ নাইকে কিয় আলিম হ’ব
নোৱাৰিব? আফচোচ!!! ইমাম আবু হানিফাই কোনো মাদ্রাছাত
পঢ়িছিল নে? আলিমতো সেইজন যিয়ে কুৰআন হাদীছৰ উপযুক্ত ইলিম অৰ্জন কৰিছে। অথচ পীৰ হ’বলৈ কোনো প্রাতিষ্ঠানিক শিক্ষা বা কুৰআন হাদীছৰ জ্ঞানৰ দৰকাৰ নাই। বাপ-দাদাৰ শ্বিৰ্কী ও বিদাতি
শিক্ষা অলপ জনা থাকিলেই চলি যায়! ই বাপ-দাদাৰ পৰা বংশ-পৰম্পৰাৰ কাৰণে হৈ যায়। চিন্তা কৰক ডাক্তৰৰ ল’ৰা ডাক্তৰী নিশিকাকৈ ডাক্তৰ হ’ব নোৱাৰে। কিন্তু পীৰৰ ল’ৰাই কুৰআন হাদীছ নাজানি বা নিশিকিও পীৰ হ’ব পাৰে।

আমাৰ সমাজত অধিকাংশ ক্ষেত্রতে পৰিয়ালবোৰৰ সকলোতকৈ মেধাহীন বা অবাধ্য ল’ৰাটিক,
যাৰ শ্বয়তানী কোনেও কন্ট্রোল কৰিব নোৱাৰে বা যিয়ে স্কুলৰ
পঢ়া খৰচ দিব নোৱাৰে¸ অভিভাৱকে চিন্তা কৰে যে ল’ৰাজনক মাদ্রাছাত দিলে
হাফিজ বা আলিম হ’ব পাৰিলে খুব কম সময়ত আৰু কম খৰচত অর্থ
উপার্জনৰ ব্যৱস্থা হ’ব। মাদ্রাছাত ভৰ্তি কৰি দিলেই ডাঙৰ আলিম
হৈ যাব? এইটো ভুল ধাৰণা। হক্বপন্থী আলিম পাবলৈ হ’লে লাগিব ছহীহ নিয়ত। কাৰণ- সকলো নিয়তৰ ওপৰত নির্ভৰ্শীল (ছহীহ বুখাৰী: ১)।

যিয়ে সামান্য স্কুলৰ পঢ়া পঢ়িব নোৱাৰে সি কেনেকৈ কুৰআন
হাদীছৰ বিশাল জ্ঞান ভাণ্ডাৰ আয়ত্বৰ দ্বাৰা গৱেষণা কৰি
ৰেফাৰেন্সসহ সমাধান দিব? বৰং সি কষ্টৰ বলত তাক কণ্ঠস্থ কৰিব
পাৰে তাৰ মনত বুজাৰ ক্ষমতা নাথাকে আৰু কোনো ব্যক্তি বিশেষৰ কোৱা কথা বুলি বকি থাকে। সেইবোৰ কুৰআন হাদীছ সন্মত নে বিৰোধী নে কোনো
ছদ্মবেশী ইহুদীৰ ফতোৱা তাক বুজাৰ জ্ঞান নাথাকে। সি কোনো অমুছলিমক কি মুছলিম বনাব বৰং কুৰআন হাদীছৰ উপযুক্ত জ্ঞান নথকাৰ কাৰণে অমুছলিমসকলৰ বিভিন্ন শ্বিৰ্কী আকিদা নিজৰ মাজত ধাৰণ কৰে।

যুগে যুগে হক্বপন্থীসকলৰ হাতত ধৰি মানুহে দলে দলে ইছলামত প্রৱেশ কৰে¸ আনহাতে বাতিলসকলৰ হাতত ধৰি মানুহে দলে দলে শ্বিৰ্ক বিদাতত প্রৱেশ কৰে। এইটোৱেই সত্য।

আল্লাহে কুৰআনৰ প্রথম আয়াত নাযিল কৰি কয়- “পঢ়া তোমাৰ প্রতিপালকৰ নামত।”

মুহাম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- দ্বীনি ইলিম শিক্ষা কৰা প্রত্যেক মুছলিম নৰ-নাৰীৰ
ওপৰত ফৰজ। গতিকে সঠিক দ্বীনৰ ওপৰত চলাৰ কাৰণে প্রত্যেক মুছলিমৰ কাৰণে কুৰআন হাদীছ শিক্ষা কৰা আৰু তদানুযায়ী আমল কৰাৰ বিকল্প নাই। কিন্তু আমাৰ মৌলভীসকলে কুৰআন হাদীছ শিক্ষা কৰি তাৰ ওপৰত আমল
কৰা নিশিকি¸ শিকিছে তাৰ দ্বাৰা তাবিজ আৰু জৰা-ফুঁকাৰ ব্যৱসায় কৰা। আমাৰ মৌলভীসকলে ভয় কৰা উচিত সেই দিনক, যিদিনা আল্লাহে এদল আলিমক মাতি কব তোমালোকে দুনিয়াবী ফায়দাৰ কাৰণে আলিম হৈছিলা। এতিয়া
জাহান্নামৰ ফালে যোৱা। সেয়ে আমাৰ মৌলভীসকলে কথা কওঁতে এতিয়াৰ পৰা সাৱধান হোৱা উচিত।
আমি আলিমৰ দ্বাৰা, ইছলামক নিচিনো। বৰং ইছলামৰ দ্বাৰা, আলিমক চিনিম।

Leave a comment