আমি জানো, ইছলামে এনথ্রোপোমৰফিজমৰ দর্শনত বিশ্বাস নকৰে। তেতিয়াহ’লে ইছলামে কিয় কৈছে আল্লাহ্ৰ হাত আছে?
উত্তৰঃ (ডাঃ জাকিৰ নায়েকঃ)
এনথ্রোপোমৰফিজম মানে হ’ল পৃথিৱীত স্রষ্টাই এনেকোৱা ৰূপ লৈ আহে যিবোৰ সম্পর্কে মানুহৰ জনা আছে। যিহেতু স্রষ্টাই জীৱৰ ৰূপ লৈ আহে, সেয়ে মানুহে সেই জীৱৰূপী ঈশ্বৰক সম্মান দিব। কিন্তু ইছলামে এই ধৰণৰ দর্শনক বিশ্বাস নকৰে।
.
এনথ্রোপোমৰফিজমৰ ভিত্তি হ’ল এই বিশ্বাস যে, “আমাৰ সৃষ্টিকর্তা ইমান মহান, ইমান পৱিত্র, ইমান ধার্মিক যে তেখেতে মানুহৰ অসুবিধাসমূহ বুজিব নোৱাৰে; তেখেত ইমান পৱিত্র ও বিশুদ্ধ যে তেখেতে উপলব্ধি কৰিব নোৱাৰে (নাউযুবিল্লাহ্) যে, মানুহৰ কেনেকোৱা লাগে যেতিয়া দুঃখ পায় বা কোনো সমস্যাত পৰে। সেয়ে তেখেতে এজন মানুহ হৈ জানিব বিচাৰে যে, কোনটো মানুহৰ বাবে ভাল আৰু কোনটো বেয়া।
.
অন্য কথাত, স্রষ্টা ইমান পৱিত্র যে, তেখেতে মানুহৰ সীমাবদ্ধতাসমূহ উপলব্ধি কৰিব নোৱাৰে, সেয়ে তেখেত মানুহ হৈ সিহঁতৰ সীমাবদ্ধতাসমূহ জানিব বিচাৰে।
.
এই যুক্তিটো শুনিবলৈ খুব ভাল যেন লাগিব পাৰে। কিন্তু এজন মানুহে যদি এটা ভিচিআৰ তৈয়াৰি কৰে, উক্ত ভিচিআৰৰ সমস্যাসমূহ বুজিবলৈ কি তেখেতে ভিচিআৰ হ’ব লাগিব? অৱশ্যেই নহয়, বৰঞ্চ ভিচিআৰটোৰ তৈয়াৰিকাৰী হিচাবে তেখেতৰ নিজৰেই জনা থাকিব কিভাবে চলালে সমস্যাৰ সৃষ্টি হ’ব আৰু কিভাবে চলালে কোনো প্রকাৰৰ সমস্যা নোহোৱাকৈয়েই চলিব; আৰু সি ইয়াৰ বাবে এটা ব্যৱহাৰবিধি তৈয়াৰি কৰিব যাতে ব্যৱহাৰকাৰীয়ে এইটোক সঠিকভাবে চলাব পাৰে।
.
একেইভাবে আল্লাহ্ তা‘আলায়ে মানুহৰ বাবে সর্বশ্রেষ্ঠ ব্যৱহাৰবিধি দিছে, সেয়া হ’ল পৱিত্র কুৰ‘আন।
.
এতিয়া ভাবিব পাৰে, আল্লাহৰ যে হাতৰ কথা কোৱা হৈছে সেয়া মানুহৰ হাতৰ নিচিনা। বিশেষকৈ যিসকলে এই ক্ষেত্রত অভিযোগ কৰে সিহঁতে এনেদৰেই ভাবে।
.
পৱিত্র কুৰ‘আনৰ ছূৰাহ শ্বোৰাৰ ১১ নং আয়াতত কোৱা হৈছে-
“কোনো বস্তৱেই তেখেতৰ সাদৃশ্য নহয়”
অর্থাৎ আল্লাহ্ৰ সাদৃশ্য একোৱেই নাই। তেখেতে শোনে ও দেখে, কিন্তু সেই শোনা বা দেখা আমাৰ নিচিনা নহয়।
.
একেইভাবে ছূৰাহ ইখলাছৰ ৪নং আয়াতত কোৱা হৈছে-
“তেখেতৰ সমতুল্য কোনো নাই”
.
সেয়ে কুৰ‘আনত য’ত আল্লাহে হাতৰ কথা কৈছে তাত তেখেতে মানুহৰ হাতৰ নিচিনা কোনো হাতৰ কথা কোৱা নাই। আৰু সেয়া কেনেকোৱা সেই ক্ষেত্রত তেখেতেই ভাল জানে।
.
অন্যান্য ধর্মত এনথ্রোপোমৰফিজম বুলিলে মানুহ-ঈশ্বৰক বুজায়। ঈশ্বৰ যেতিয়া মানুহৰ ৰূপ লৈ জন্ম লয় তেতিয়া তেখেতৰ খোৱাৰ প্রয়োজন হয়।
অথচ পৱিত্র কুৰ‘আনৰ ছূৰাহ আনআমৰ ১৪ নং আয়াতত কোৱা হৈছে-
“তেখেতে খাদ্য দান কৰে, তেখেতক কোনেও খাদ্য দান নকৰে”
.
আকৌ মানৱৰূপী ঈশ্বৰৰ টোপনি যোৱাৰ প্রয়োজন হয়।
কিন্তু কুৰ‘আনৰ ছূৰাহ বাক্বাৰাহ’ৰ ২৫৫ নং আয়াতেত কোৱা হৈছে-
“আল্লাহ্ চিৰস্থায়ী, অবিনশ্বৰ, তেখেতৰ বিশ্রামৰ প্রয়োজন নহয়। তেখেত কেতিয়াও