↘
ডঃ জাকিৰ নাইকঃ আপোনাৰ ধর্ম কি ?
নাস্তিকঃ মোৰ কোনো ধর্ম নাই। মই কোনো সৃষ্টিকৰ্তাক বিশ্বাস নকৰো ।
ডঃ জাকিৰ নাইকঃ আপুনি নাস্তিক! সেয়েহেই আপোনাক অভিনন্দন।
নাস্তিকঃ কিয় ?
ডঃ জাকিৰ নাইকঃ কাৰণ আপুনি ইছলামৰ আধা শ্বাহাদা কৈছে(মানি লৈছে) আৰু সেইটো হ’ল “লা ইলাহা”=” কোনো প্ৰভু(মাবুদ) নাই” । আৰু মোৰ কাম হ’ল আপোনাক “ইল্লালহ”=” আল্লাহ অবিহনে” বিশ্বাস কৰোৱা। আৰু আপুনি মোৰ কামটো সহজ কৰি দিছে কাৰণ অন্য অমুছলিমক আগতে বিশ্বাস কৰোৱাব লগা হয় যে আপুনি যি সৃষ্টিকর্তাৰ উপাসনা কৰিছে সেইটো ভুল, তাৰ পাছত আচল সৃষ্টিকর্তাক বিশ্বাস কৰাব লগা হয়। আৰু আপুনি ভাবিছে এইয়া আকৌ কেনেকোৱা সৃষ্টিকর্তা যে নিজেই নিজেক ৰক্ষা কৰিব নোৱাৰে, এই সৃষ্টিকর্তাক মই বিশ্বাস নকৰো। সেয়েই আপোনাৰ ক্ষেত্রত মোৰ কাম সহজ। এতিয়া মই আপোনাক প্রশ্ন কৰিছৌ কওঁকছোন,
ডঃ জাকিৰ নাইকঃ ” ধৰক আপোনাৰ ওচৰত এনেকোৱা এটা বস্তু অনা হ’ল যিটো আগতে কোনেও দেখা নাই আৰু এই বস্তু সম্পর্কে সৰ্ৱপ্রথম কোনে আপোনাক ক’ব পাৰিব ?
নাস্তিকঃ যিজনে বনাইছে সি ক’ব পাৰিব ।
ডঃ জাকিৰ নাইকঃ আপুনি ঠিকেই কৈছে। এইবাৰ কওঁকছোন এই মহাবিশ্ব কেনেকৈ সৃষ্টি হৈছে ?
নাস্তিকঃ আধুনিক বিজ্ঞানে কয় “বিগ ব্যাং” ৰ মাধ্যমেৰে।
ডঃ জাকিৰ নাইকঃ আপুনি ঠিক কৈছে। কওঁকছোন বিজ্ঞানে সেইটো কিমান বছৰ আগতে প্রমাণ কৰিছে ?
নাস্তিকঃ ৫০,৬০ বছৰ আগতে।
ডঃ জাকিৰ নাইকঃ আপুনি জানেনে পৱিত্র কোৰআনত ১৪০০ বছৰ আগতে ছূৰা আম্বিয়াৰ ৩০ নম্বাৰ আয়াতত বিগ ব্যাং সম্পর্কে কোৱা আছে । এই তথ্য কোৰআনত কোনে লিখিছে ?
নাস্তিকঃ আগৰ বিজ্ঞানীসকলে ।
ডঃ জাকিৰ নাইকঃ কিয় বিজ্ঞানীসকলে ১৪০০ বছৰ আগতে প্রমাণ কৰা নাই ?
নাস্তিকঃ উত্তৰ নাই।
ডঃ জাকিৰ নাইকঃ ধৰি ললো বিজ্ঞানীসকলে । চন্দ্ৰৰ নিজস্ব পোহৰ নাই যিটো বিজ্ঞানে প্রমাণ কৰিছে কিছুদিন আগতে যিটো কোৰআনত ছূৰা ফুৰকানৰ ৬১ নম্বাৰ আয়াতত কোৱা আছে ১৪০০ বছৰ আগতে । কোনে লিখিছে এই তথ্য?
১৪০০ বছৰ আগতে কোনে লিখিছে পৃথিৱী ঘূৰণীয়া?
পৃথিৱী নিজ অক্ষৰ চাৰিওফালে ঘুৰিছে আৰু সূর্যও নিজ কক্ষপথত ঘূৰিছে, মহাবিশ্ব প্রতিনিয়ত সম্প্রসাৰিত হৈছে যিবোৰ মাত্ৰ কিছুদিন আগতেহে জানিব পাৰিছে।
আপুনি এই সকলোবোৰতেই ক’ব নেকি যে ১৪০০ বছৰ আগতে বিজ্ঞানীয়ে লিখিছে ?
তেতিয়াহ’লে আজিৰ বিশ্ব ১৪০০ বছৰ আগৰ মানুহ পালেহেঁতেন। যুক্তিসহ উত্তৰ দিব কোনে লিখিছে ?
নাস্তিকঃ যিজনে মহাবিশ্ব সৃষ্টি কৰিছে।
ডঃ জাকিৰ নাইকঃ আৰু তেখেতেই হ’ল সৃষ্টিকর্তা আৰু আমি তেখেতক আল্লাহ বুলি মাতো। ——
*আকৌ বহুত নাস্তিক আছে ইয়াৰ পাছতো ক’ব বিজ্ঞানী । মানে আমাৰ সমাজত এনে লোকো আছে যিসকলে ২+২=৫ ক’ব । যিমানেই বুজাৱক সিহঁতে ৪ নক’ব!